ফটাঢোল

লজ্জা-ৰামানুজ গোস্বামী

২০০৬ চনৰ ঘটনা। চাকৰিসূত্রে মই দুৰ্গাপুৰত থাকোঁ। ভাড়াঘৰ। লগত মোৰ খুড়াৰ ল’ৰা এজন, নাম নৱজিত। জিত বুলি মাতোঁ। 

মই আছিলোঁ টাটা টেলিচাৰ্ভিছৰ জ্যেষ্ঠ অভিযন্তা, সি আকৌ একেটা কোম্পানীৰে তৃতীয় পাক্ষিক এজেঞ্চি এটাৰ হিচাপ পৰীক্ষক। আমাৰ বয়সৰ পাৰ্থক্য প্ৰায় দহ বছৰ হেতুকে সি মোক অলপ সমীহ কৰিলেও মাজে মাজে ওস্তাদী লেকচাৰ মাৰিবলৈ পাহৰা নাছিল। কোম্পানীৰ চৌহদত যদিও টাই মাৰি চিনিয়ৰ ইঞ্জিনীয়াৰৰ লেবেল বজাই ৰাখিছিলোঁ, কোম্পানীৰ বাহিৰত, অৰ্থাৎ ভাড়াঘৰটোত মোৰ থকা-মেলাৰ অৱস্থা জুনিয়ৰ টেকচিয়ানৰ সমকক্ষতকৈ অধোগতিতহে আছিল।

দিন-ৰাতিৰ ভোজন সদায় বাহিৰত, সিয়ো, ময়ো। সি মাজে মাজে নিজাববীয়াকৈ বনাই খোৱাৰ কথা কয়, কিন্তু সেইফেৰা মোৰ সাধ্যৰ বাহিৰত বাবে সঁহাৰি নিদিলোঁ। এইদৰে হোটেল-ফুটপাথত ব্ৰেকফাষ্টৰপৰা নিশাৰ সাঁজ খাওঁতে খাওঁতে এবাৰ দুয়োটাৰে গা অলপ বেয়া হ’ল। সি সিদ্ধান্ত দিলে বোলে ষ্টভ কিনি আলু-দালি-সিদ্ধভাত খোৱাটোৱেইহে যুগুত। মোৰপৰা পইচা লৈ ষ্টভ, কেৰাহী, থালি-বাতি কিনি কেৱল মাত্র তাৰ উদ্যমতে আমাৰ নৈমিত্তিক ভোজন পৰ্ব ঘৰৰ মজিয়াতে আৰম্ভ হ’ল।

উদ্যম বেছিদিন নিটিকিল। লাহে লাহে পুনৰ পুৰি-ভাজি, চ্চিকেন পোলাওৰ সোৱাদৰ খকত ষ্টভ, কেৰাহী আদি নিলম্বিত হৈ পৰিল।

এদিন দুপৰীয়া জিতক লগ পালোঁ। সি অফিছৰ কামত, মই দিবাভোজনৰ উদ্দেশ্যে গমনৰত। লগ পালোঁ বাবে হোটেলত ভাতো দুয়ো একেলগেই খালোঁ। মূৰ্গী মাংস আছিল তেনেই সেৰেকা, ভোজনবিলাসী সি দুখেৰেই ক’লে, 

: বৰ্ত্তা বৰমাই (মোৰ মা-দেউতা) মই থকা অৱস্থাত আপুনি এনে খানা খোৱা বুলি জানিলে মোকে শাও দিব। দিয়ক দিয়ক, এক চ টকা। আজি ৰাতি মা-মছলা, নহৰু পিয়াঁজ সৰ্ব্বস্ব নিম, নিজে বনাম মাংচ…

এইখিনিতে ক’ব লাগিব যে সেইসময়ত ৩০ টকাত আমি ৪০০ গ্ৰামমান মূৰ্গী কিনিছিলোঁ সম্ভৱ।

কথা মতেই কাম। সন্ধ্যা সি মাংস সহ যাৱতীয় সকলো আনিলে। মই বহুদিনৰ মূৰত বাচনকেইটা ধুলোঁহি। সি মহা উদ্যমেৰে মাংস ধুই মছলা পিচি, পিয়াঁজ-নহৰুৰে লোভনীয়কৈ মাংস মঠিলে। গ্ৰেভী নে জোল তাৰো মিটিং চলিল। কথাৰ মহলাত দেৰীও হৈছিল। চাউলো ধুই প্ৰেচাৰত ভৰালে। সি মোক জিৰাবলৈ কৈ কল্পনীয় সুস্বাদু মাংস ৰন্ধনত নামিল। প্ৰাৰম্ভণিতেই সি ষ্টভ জ্বলাই ক্ষন্তেক পিছতে নিৰানন্দৰে ঘোষণা কৰিলে,

: অ’ দেদা তেল নাই!

: কি?

: চাওক …মই ষ্টভ ওলোটাই দিলোঁ… এটুপিও নাই!

: কৰিবি কি?

দুয়োটা এইবাবেই উপায়ন্তৰ যে একমাত্র কেৰাচিন  তেল পাবপৰা প্ৰতিষ্ঠান ‘পেটেলাৰ দোকান’খনো সন্ধ্যাই বন্ধ হয়। বৰ দুখ লাগিল, মাংসখিনি পেলাই দিয়াৰ বাদে গত্যন্তৰ নাই! না ফ্ৰিজ, না পিছদিনা পুৱা কেৰাচিন তেল কিনি আনি বনাবপৰা ব্যৱস্থা। অফিছ আৰম্ভ হয় ৯.৩০ ত, পেটেলাই দোকান খোলে ১০ টাত। সাতে-সোতৰই মিলাই মই তাক ‘পুনঃ মুচিক ভৱঃ’ নীতি সোঁৱৰাই বাহিৰত খাবলৈ ওলাবলৈ ক’লোঁ। তাৰ সেমেকা মন ঘূৰাবলৈ মই তাক বিখ্যাত  ‘খাৱা-দাৱা’ নামৰ ৰেষ্টুৰেণ্টলৈ যোৱাৰ কথাও ক’লোঁ। কিন্তু তাৰ মুখ নুজ্বলিল।

কিবা চিন্তাত থাকি সি হঠাতে চিঞৰি উঠিল,

: দেদা এটা উপায় আছে, আপুনি no নক’ব কিন্তু। বিদ্যা শপত, কওক ধৰ্ম যুধিষ্ঠিৰ নেদেখাও বুলি…

: কচোন,

: দাদা, যাদবে চাবিটো কুঁৱাৰপাৰৰ ক’ত থৈ যায় মই জানো, তাৰ ষ্টভৰ পৰাই তেল লৈ আনো..

: ধেৎ, তাৰ চাবিটো থোৱা জেগাটো তই জান বুলি য়াদৱে জানে নেকি?

: জানে… সিয়েই দেখাইছিল।

: ট’ কেঞ্চেল। সি গমেই পাব আমি অনা বুলি। কিন্তু জিত, তাতকৈ বেয়া কথা হ’ব যে সিও ৰাতি আহি ভাত বনায়হি, আমি তেল আনিলে ৰাতি সি ভাত বনাই খাব কেনেকৈ? তদুপৰি মাছ মাংসত য়াদৱে সাত জাঁপ মাৰে, তাক আমাৰ মাংস দিবও নোৱাৰিম!

: ৪০০ গ্ৰাম মাংস আৰু কি তিনিভাগ কৰেহে? না না..মাংচ আমিয়েই খাম।  সিও বাহিৰত খাই আহিব পাৰে, চান্স আছে। তেতিয়া ৰাতিপুৱা মই পেটলাৰপৰা অনা কেৰাচিন আনি সি যোৱাৰ পিছত ভৰাই দিম, দিনত সি নাৰান্ধেই…

: ধেই বুৰ্ব্বক! আনিলে মাত্র সন্দেহ কৰিব, আকৌ ভৰাই থৈ আহিলে চোৰটো তই বুলি কনফাৰ্ম হ’ব। ইজ্জত শেষ হ’ব, না না বাদ দে এইসৱ ফাল্টু বুদ্ধি…

সিও নাচোৰবান্দা। ইমান কষ্টকৈ মঠা মাংসখিনি এৰি যায় কোন সতে। এই যে মই য়াদব বোলা বিহাৰী ল’ৰাজনৰ কথা কৈছো‍ঁ, যাক জিতে যাদব বুলি মাতে, সি আমাৰ একেটা ঘৰৰে কাষৰ কোঠাটো এৰি অন্য কোঠা এটাত আমাৰ দৰেই ভাড়া থাকে। জিত আৰু য়াদৱৰ ঘনিষ্ঠতাও আছে, দুয়ো সমবয়সীয়া। তাৰ মতে সি য়াদৱ… জিতৰ মতে সি যাদব। কাৰণ অসমৰ পেপাৰত মোলায়েম সিং যাদব, লালু যাদব, পাপ্পু যাদব হে লিখে… সেয়ে সি “ইয়াদও” নকৈ “জাদপ” হে ক’ব, সেয়া জিতৰ যুক্তি। মই য়াদব বোলোঁ।

এইখিনিতে মনত পৰোঁতেই অভিজ্ঞতাপুষ্ট কথা এটা কওঁ। জীৱনত তিনিজন বিহাৰী ল’ৰাৰ লগত একেলগে থকা-খোৱাৰ সৌভাগ্য হৈছে।উপলব্ধি কৰিছিলোঁ এওঁলোক বহুত অতিথিপৰায়ণ, আমি অসমতেই আলহীক ভগৱান দেখোঁ বুলি যি ফুটনি মাৰোঁ, সেয়া সমান্তৰাল বা এখোপ ওপৰত বিহাৰীৰ মাজত দেখিছোঁ। এই য়াদৱ বোলা ল’ৰাজনে কোঠাত চাহ বনালে মোলৈ লৈ আহিছিল এপিয়লা, ৰুটি ভাজি ৰান্ধিলে মই যদি ৰূমত থাকোঁ, মোক সাদৰেৰে দিছিল। ঘৰৰপৰা অনা থেকুৱা, বুন্দিয়া আদি মোক খুৱাইছিল। তেনেহেন ল’ৰা এটাৰ লগত এই অসুৰটোৱে এনে কাণ্ড কৰিব খোজাটোক মনেৰে মানিবপৰা নাছিলোঁ। অৱশ্যে অতিমাত্রা মাংসলোভে যেন মোৰ সততাৰ তৰোৱালখন এক কলপটুৱাৰ তৰোৱাললৈ ৰূপান্তৰিত কৰিছিল, যিখন তৰোৱালক জিতৰ চৌৰ্য্য কাৰ্য্যপন্থাৰূপী তীখাৰ তৰোৱালে ঘটুৱালে, যাৰ ফলত মই পদূলিত “য়াদৱ আগমনকাৰী ইঙ্গিত”লৈ পৰ্য্যৱসিত হ’লোঁ আৰু মাংস আস্বাদনৰ বাবে বাকী থকা একমাত্র অনৈতিক প্ৰক্ৰিয়াটো জিতে সংঘটিত কৰিলে।

বহুদিনৰ মূৰত সুন্দৰকৈ এসাঁজ ঘৰুৱা খানা খাই জিতক শলাগৰ শৰাইখন দি শুই পৰিলো‍ঁ। কিছু পলমকৈ য়াদৱ অহাৰ আগেয়ে জিতেও লাইট বন্ধ কৰিবলৈ ততাতৈয়া কৰি থাকিল।

পুৱা ৮.৩০ মান বজাত কোঠাৰ তলা লগোৱা শিকলিডালেৰে কোনোবাই টুকুৰিয়ালে। কোন সোধাৰ বা উমান লোৱাৰ আগেয়েই কণ্ঠস্বৰ আহিল, 

: ভৈয়াআ…. দৰৱাজা খুলিয়ে..। 

গা-ধুবলৈ সাজু হোৱা জিতে একে কোবে আগদিনাৰ মাংসৰ হাড় আৰু চুৱাবোৰ জোতাৰ পেকেট এটাত ভৰাই নিমিষতে বিছনাত জঁপিয়াই শুই পৰিল। শয্যাশায়িত ধুৰন্ধৰটোৰ চকু বেৰৰ দিশে!

: ভৈয়া…

দৰৱাজা খুলি দিলোঁ। তাৰপৰা অপমান পোৱাতকৈ ভাবিলোঁ কথাখিনি বহাই লৈ বুজাই ক’ম। কিন্তু ই কি! তাৰ হাতত এখন ষ্টিলৰ থালত দুটা ধুনীয়াকৈ সজোৱা বাতি, ওপৰত ধুনীয়া দুখন ৰঙীন প্লেটেৰে ঢাকি আনিছে।

: আপ দোনো কে লিয়ে ক্ষীৰ লায়া হুঁ ভাইয়া…

তাৰ সেই কথাষাৰ আৰু মিচিকিয়া হাঁহিটোৱে মোৰ গালত যেন চাটৌপকৈ মাৰিলে। এইবাৰ সি ৰংমনেৰে জিতক জগাব ধৰিলে… 

: অৰে উঠ’ হিৰো… তুমকো ত’ ক্ষীৰ খানা হি পৰেগা! 

লজ্জা… লজ্জা… লজ্জা! এই সৰল ল’ৰাটোৱে আমাৰ কাৰনামাক কিদৰে লজ্জানত কৰিছেহি ক্ষীৰ খুৱাই, বোলে যেন হেৰৌ চোৰৰ দল, খা, মুখ মিঠা কৰ। কালি ইমান ভাল কাম কৰিলি মোৰ লগত।

 ধেই! এই পাষণ্ডটোৰ লগত পৰি মইনো কিয় আত্মসন্মান খেদালোঁ বাৰু!

য়াদৱ কিন্তু সহজ হ’ল। ইলাচী, লং, কাজু দি যে সি আমাক স্পেচিয়েল ক্ষীৰ খুৱাব পাৰিছে তাৰ হেনো খুব ভাল লাগিছে। সি হেনো ৰাতিয়েই খালে! আমাক হেনো ৰাতি কষ্ট হ’ব বুলি নুঠাই পুৱাহে দিলেহি। সি সহজভাৱে কথা কৈ আছে, অথচ এটা শব্দৰেও আমাক আক্ৰমণ কৰা নাই। কিন্তু সি মোক সি বহি থকা অৱস্থাতেই ক্ষীৰখিনি খাবলৈ কুটুৰিলে। নিজে আগদিনা ৰুটি কিনি আনি বনোৱা ক্ষীৰৰ লগত খোৱাৰ কথাও ক’লে। মই তাৰ ব্যৱহাৰত অধৈৰ্য্যই হৈছোঁ। শেষত যেনিবা পাক লগাই কেনেকৈ পায়স বনালে সুধিলোঁ। সি অলপ ৰৈ মোক ক’লে,

: আইয়ে মেৰে চাথ।

মই তাৰ কোঠালৈ গ’লোঁ। যি কয় ক’ব। জিতক দোষ দি দায় নাসাৰোঁ, ময়ো দায়ী; অকপটে কৈ দিম।

কোঠাত সোমাই সি ট্ৰাংক এটা কায়দাৰে খুলিলে। মেৰাই থোৱা হাই ভল্টেজৰ কেবোলৰ জাপটো উলিয়াই, কাৰ্টুনত থোৱা হিটাৰ এটা দেখুৱাই ক’লে,

: জিত কো মত বোলিয়ে….মালকিন কে চাথ গপ মাৰতা হেই ….বোল দেগা…

অলপ হাঁহি সি হিন্দীতেই ক’লে,

: এই মালিক মহা যক্ষ, জানেইচোন! আমাক হিটাৰত ৰান্ধিব হাক দি থৈছে, মই হিটাৰটো কিনি অনাৰ পিছত বুঢ়াই কোঠাৰ হিটাৰৰ পইণ্ট কাটি দিছে, বিল বাঢ়িব হেনো। সেয়েহে ৰাতি সৱ শোৱাৰ পিছত মই এই কেবোলডাল ডাইৰেক্ট বুঢ়াৰ মিটাৰত এমূৰে ভৰাই থৈ আহোঁ, এইমূৰে ভাত দালি শেষ কৰি ৰাতিয়েই দিনৰ বাবেও বনাই লওঁ। সেয়েহে দিনত গৰম ভাত খাবলৈ নাপাওঁ। জিতক নক’ব কিন্তু, বুঢ়ীৰ লগত তাৰ আড্ডা…

: তেন্তে তই ভাই ষ্টভটো…?

: দিখাৱা, ইয়াক মই হাতেই নিদিওঁ। এনেয়ে বুঢ়াক সন্তুষ্টি দিবলৈহে সি লাং খাই পৰিহে থাকে!

জিত নামৰ B.Sc (এদিনীয়া) চোৰৰ কথা ভাবি, এই M.Sc (মাহ যোৰা কাৰ্য্যসূচী) চোৰৰ আগত মোৰ সঁচাই লাজ ভাঙি গ’ল।

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published.