ফটাঢোল

লটিঘটি: অসীমা এচ দত্ত

১৯৯৮ চনৰ কোনোবা এটা দেওবাৰৰ দুপৰীয়া..

: অ’ ফটৌ তোৰ ভাগৰ চেম্পু অকণ দে।

মোৰ সেই তেতিয়াৰ দিনৰ নীলা, ভাটৌঠোঁটীয়া ক্লিনিক প্লাছটো বৰ মৰমৰ। লুকুৱাই থওঁ সৱৰেপৰা। তেনেকুৱাতে নতুনকৈ আমাৰ ঘৰলে আনিছিল উজ্বালাটো। নীলৰ ঠাইত প্ৰথম  উজ্বালা ৰঙটো অলপ মিলে টেমা দুটাৰ, ক্লিনিক প্লাছৰ লগত।

মায়ে উজ্বালাতো বাহিৰত থৈ দিছিল। কিৰণদাই মোক চেম্পু খুজি নাপাই, সেইটোকে ক্লিনিক প্লাছ বুলি মূৰত সৰহকৈ বাকি, মূৰত পানী ঢালি যিমানে মোহাৰে সিমানে নীলাহে হয়।মুখে গায়ে নীলা গোটেইটো।

 : অ’ দাঙনবৌ চেচ মই। ময়িলোঁ।

 নীলা ৰং দাঁতলৈকে বিয়পিল, কন্দাৰ মহতত।

তেনেতে আহক গম গতি নোপোৱা দে’তা, কিৰণদাই টিউবেলৰ পাৰতে বহি কান্দি আছিল। দে’তাক দেখি উঠি দিলে, কিবা এটা কৰা।

দে’তা উভতি দে দৌৰ, কি বুলি এইটো। বাবাদাই ধুৱাই মেলি চফা কৰিলে।

“উজ্বালাটো ক’ত গাল, গছত লাগিছেনি উজ্বালা”- বুলি দে’তাই কিৰণদাক এমাহ বলকিলে।

আগৰে বিষ মৰা নাই, কলগেট বুলি আকৌ কিৰণদাই  ৰঙা ডিজাইনৰ বিষৰ মলমটো এলেপা আঙুলিত লগাই দাঁত ঘঁহি ঘঁহি ঘূৰি ফুৰিছে ভিতৰত।

ভিক্সৰ গোন্ধ ক’ত কি বুলি দে’তাই শুঙি ফুৰিছে। কিৰণদাই, কলগেটৰ গোন্ধ বুলি দাঁত নিকটাই দেখুৱাই,

: ভেজাল হ’ল এইটো আগৰটোৰ দৰে নহয় ককাইদেউ।

গোটেই দাঁতগাল হালধীয়া বিষৰ মলমত পোত গ’ল। দে’তাই অলগদ্ধ, কাৰ মূৰটো লগাইছ, মোৰ বিষৰ মলমটো দাঁতত লগাই চেচ কৰিলে, বুলি মাৰিবলে পীৰা দাঙিছে। তোৰ দাঁতকে সৰুৱাই থওঁ, নেলাগে ঘঁহিব।

চন ৯৮ :

 বন্ধ বাৰ এটাত..

: হৌ কিয়ন টিভিতো লগাই দে।

সদায়ে টিভিৰ পৰা পোন্ধৰ হাত দূৰত বহি, পেপাৰখন মেলি দে’তাই চিঞৰ ধৰে।

মায়ে কয়, “ঢেঁকী শালৰ বহনী মাৰিডাল দি দে বহি থকাৰপৰাই লগাই ল’ব বেলেষ্টাৰৰ পুতেকে”।

কিৰণদা সত সতকে আহে  হাতত পানী এমগ লৈ, জলকীয়া পুলিত দিবলে ওলাইছিল,

: ৰ’বা লগাইছোঁ।

সি লগালে টিভিটো, ডিঙি মেলি চাই ছবি ওলাইছেনে নাই। সম্ভৱ কিবা চিৰিয়েল দি আছিল তেতিয়া। তাত শ্মশানৰ চিনটো দেখুৱাই আছিল, ক্লজআপত দপদপীয়া জুইকুৰা।

টিভি লগাই, মুখৰ আগত ভমককে জুইকুৰা দেখি, ঘৰে-চৰে চেচ আজি বুলি টিভিটোত পানী মগ ঢালি দিয়ে কিৰণদাই। ককাইদেউ বাহিৰলে দৌৰ।

 দে’তাই কেচতো বুজিব পাৰি, “অ’ পাষণ্ড, তেজখোৱা কা মূৰটো কৰিলি” বুলি তাৰ পিন্ধা লুঙী টানি খুলি, টিভি মচিবলে ধৰে।

দে’তাই অফ কৰি পুনৰ লগাই টিভি। কিৰণদা দুহাত দূৰত, শ্মশানৰ পিছত ঘৰৰ কন্দা দৃশ্য টিভিত। ক্লজআপত কন্দা চিৰিয়েলৰ হিৰ’টো মুখৰ আগত টিভিত।

কিৰণদাই কয়,

: জুই লাগিছে ক’ৰবাত, গালকে মৰিল।

দে’তাই কৈছে,

: গোটগৰু তই পানী ঢলা তাৰ মূৰতে পৰিল চাগে সেয়ে কান্দিছে। বিয়ালে যাবলে ওলাইছিল চাগে সি।

মায়ে কাপোৰ এগাল টোপোলা বান্ধে, ঘৰলে যায়গে একেবাৰে, জধামূৰ্খ গালৰ লগত নেথাকে।

দে’তাই কয়,

: তই জ্ঞানৰ ভাণ্ডাৰটোৰ মাজলে বৰ যাবলে ওলাইছ যে, ভায়েৰে এজাহাৰ লিখিলেও মৰমৰ অচিদা বুলিহে লিখে।

সময় সলনি হ’ব পাৰে, আমাৰ ঘৰৰ মানুহ সলনি হ’ব, “য়ে নামুমকিন হ্যেয়”।

২০২০ ৰ অন্য এদিন……

আমাৰ মাৰ ঘৰত দুটা বস্তুৰ অভাৱ এতিয়ালৈ এটা টুথপেষ্ট সিটো চেম্পু।

এদিন দে’তাক সুধিলোঁ মই,

: কলগেট নানিলো‍ঁ, আপোনালোকৰটোকে দিয়ক।

দে’তাৰ নগদ উত্তৰ,

: কোনটোৰ দাঁত আছে আমাৰ ঘঁহিবলে। কলগেট নাই।

অলপ পিছত সুধিলোঁ,

: চেম্পু আছেনে?

দে’তাৰ উত্তৰ,

: পকা চুলি চাৰ্ফে ধুলেও কিডাল হানি। চেম্পুৱে ক’লা নকৰেতো! এদিন পেকেট চেম্পু লৈ ওচৰৰ বিললে গ’লোঁ, না চিকুটি এৰুৱাব পাৰিলোঁ, না দাঁত আছে কামুৰি ছিঙিবলৈ। শামুকৰ খোলাৰে যুঁজি এবেলা গ’ল, লাষ্টত নোখোলা পেকেটটোকে মূৰত বগৰাই সানি চুলি ধুই আহিলোঁ। এমাহ গ’ল তেনেকে এটা পেকেট। শেষত চেম্পুও বাদ দিলোঁ।

হ’ব বুলি ওলালোঁ সত্ৰলৈ। পিউৰ মুগা মেখেলা এখন পিন্ধি। পিন্ধা নহয় বৰকৈ, পিন্ধি লৈ তলফালে মনিপুৰী ডবা ড্ৰেছটোৰ দৰে হৈছে বুলি বুজিছোঁ। তাতে দে’তাই ক’লে,

: পানীলাওটোৰ দৰে হৈছ, ওপৰলে ক্ষীণ তললে গেৰেলী।

“এ হ’ব”- বুলি গ’লোঁ। গাড়ীৰ পৰা নামোতেহে গম পালোঁ, আগৰ কোঁচ তিনিটা মেলখাই লুঙীৰ দৰে সমান হৈ, পিনকো পাত্তা দিয়া নাই। গাড়ীৰ আঁৰত কোঁচ দি হাতেৰে চেপি চেপি সমানকে সত্ৰলে গ’লোঁ, খৰক খৰক খোজে প্ৰতি শব্দ। দে’তাই কৈছে,

: কৰতেৰে কটা শব্দৰ কি পিন্ধিলি এইখন, চেঁচা ইষ্ট্ৰিটো লৈ ফুৰিবি এইখনৰ লগত। য’তে নাম’ গাত পিহি ল’বি ইষ্ট্ৰিটো।

মাৰ মতে, “শকত আৱত থুলন্তৰজনী হৈছোঁ। ভাল হৈছে”।

বহিলো‍ঁ সত্ৰত, সেৱা কৰিবলে অলপ পিছত উঠি গৈছোঁ, মেখেলা কোঁচ খাই স্কাৰ্টৰ দৰে ওপৰ পালেহি, মুগা ৰঙৰ পেটিকোটে সেৱা লৈ ফুৰিছে গোটেইখন।

তাতে আকৌ দে’তাই কৈছে,

: তই মেখেলীৰ লগত মোৰ মদৰুৱা লুঙী পিন্ধিলিনি। জুইত গলা পিলাষ্টিক হ’লি তলপিনৰ পা।

নামঘৰত অত মানুহৰ আগত কি মেখেলা টানিম বুলি বহাতে চুঁচৰি দেলিভাৰি ঘঁৰিয়ালজনীৰ দৰে, গামোচাৰে ঢাকি বহিলোঁহি। খঙতে বহাতে টানি টুনি ল’লোঁ। উঠি দিলে আকৌ কোঁচবোৰ তিনিফাল হৈ বাইদৌ ভালনে বহুদিন দেখা নাই বুলি চাইদৰ মানুহলে মূৰ কৰে। সিফালে জ্বলাই আছে দে’তাই।

এপাকত কৈছে,

: গামাছা মেৰিয়াই ল, তোক ঠগিলে, মুগাত পিলাষ্টিক মিক্স এইখন।

 যাবলে উঠিবলৈ লৈ মাকে দেউতাকে দুকাষে থিয় কৰাই বাট ল’লোঁ।

মায়ে দে’তাক কৈছে, “পিউৰ মুগা এনে হয় জানো হেৰি”।

দে’তাই কৈছে,

: অ’ মই যে পিউৰ মুগা মেখেলা পিন্ধি বিহু নাচি নাচি তোক পালোঁ, সেয়ে মোকে সুধিছ?

মেখেলাখন মাক দি দিলোঁ, মায়ে ধুই ইষ্ট্ৰি কৰি বাধ্য কৰি পেলালে। বঢ়িয়া হ’ল। এতিয়া মাক খুজিলেও নিদিয়ে, কিহ’লে দিম বুলি ভেকাহি দিয়ে।

দে’তাক ক’লোঁ,

“খুজি দিয়কচোন”।

দে’তাই কয়,

“মোকো মুগাৰ চোলা এটা দিবি, মাৰক হ’লে দিব পাৰ”।

☆ ★ ☆ ★ ☆

7 Comments

  • Pranita Goswami

    মুঠতে কিৰণদা ধামাকা দেই। বৰ ৰস পালোঁ।

    Reply
  • Swapnali phukan singh

    কিৰণ দা চেলিব্ৰিটি । তামাম

    Reply
  • বন্দিতা জৈন

    😁😁😁মজা,,বিৰাট হাঁহিলো

    Reply
  • বৰ ভাল লাগিল 😂

    Reply
  • নাজিয়া হাচান

    খুবেই ভাল লাগিল। অভিনন্দন

    Reply
  • Anonymous

    হাঁহি মৰিছো অ 😂

    Reply
  • জিতু

    এএএ মজাআআআ।

    Reply

Leave a Reply

Your email address will not be published.