ফটাঢোল

লটিঘটি — অসীমা এচ দত্ত

এবাৰ হলত চিনেমা চাবলৈ গৈছিলোঁ‌ তেজাবখন, এলপিতে তেতিয়া। বেলকনিত বহিও, মই তাৰো ওপৰ কনিত বহিছিলোঁ‌। মানে দুখন চকীৰ হেণ্ডেলত ভৰি দি, চকীৰ ওপৰত আউজি লোৱাখিনিত বহিছিলোঁ‌। মোৰ বহিবলৈ চিট নাই। এফালে কিৰণদা, আনফালে অন্য এজনী মানুহ। অনিল কাপুৰৰ ফাইটিঙত কিৰণদাই “মাৰ মাৰ” বুলি ঢকা মাৰি দিয়ে মই লুটী খাই পৰোঁ‌। এপাকত মাজৰ হেণ্ডেলত নবহি মানুহজনীৰ সিফালে হেণ্ডেলত বহিলোঁ‌গৈ মানুহজনীয়ে বহ বুলি কিৰণদাৰ ফালে চাপি দিলে। সেইকোবত ফাইটিঙত কিৰণদাৰ চৰটো মানুহজনীৰ গাত পৰিল।

অনিল কাপুৰো চিনেমাৰ পৰ্দাত ফাইটিং কৰিবলৈ বন্ধ কৰি ৰৈ দিলে……বেলকনিৰ ফাইটিঙত। মানুহজনীয়ে কাক মাৰিলি বুলি কিৰণদালে চোঁচা মাৰি আহিল, কিৰণদাও চেলেঞ্জিং মুডত। চিনেমাৰ ফাইটিঙত মানুহজনীৰ গা উতলিয়ে আছে। তেনেকুৱাতে ওচৰতে বহা ভদ্ৰ মানুহ এটাই দুইটাকে বুজাই, মানুহজনীৰ চকীত নিজে বহি, মানুহজনীক নিজৰখন দিলে চুকলে। মানুহজনে ইংৰাজীত বুজাইছিল। দ্বন্দ্ব কৰা দুইটাই ইংৰাজী শুনি, একো নুবুজিও চাইদত বহিল, গভীৰ কথা কৈছে বুলি। কিৰণদাই মোক সুধিছে …

: ফটৌ এখেতে কি ক’লেনো …।

মই বোলো, “নাজানো নহয়। মইচোন ৰঙ বিৰঙী কেলেণ্ডাৰ থকা মানুহৰ ঘৰলেকে নেযাওঁ দেতাৰ লগত। তাত থকা ইংৰাজী শব্দবোৰ সুধে বাবে। এবাৰ সুধিছিল ৰালচন টায়াৰৰ কেলেণ্ডাৰ এখন দেখুৱাই ……কি লিখিছে ক। আখৰবোৰ ডিজাইনত আছিল, আৰটো বিৰ দৰে দেখি তথাপি ক’লো জোঁটাই। বালচন তিৱাৰী। ঠাচকে দি কৈছিল, ৰালচন টায়াৰ অলগদ্ধ! মই একেটা চৰতে আধা মুতি, তাকে অসমীয়ালে অনুবাদ কৰি অধিক চোকা বুজাবলে গৈ আৰু এচৰ সিফালে লৈ থকাকনো গোটেই মুতি, কেলেণ্ডাৰ থকা মানুহৰ ঘৰলে জিন্দেগীত নেযাওঁ বুলি প্ৰতিজ্ঞা কৰিছিলোঁ‌। ৰাল চন মানে ,ৰালৰ পুতেক চাগে ন দেতা। সুধিবলে পালোঁ‌হে……যাৰেই পুতেক নহওক, শব্দত ধ্যান দিবি গোটগৰু, লগালগ নগদ আৰু এচৰ।”

হলৰ ভিতৰত কিৰণদাই মোৰ কথাটো বৰ বহল হ’ল বাবে গুৰুত্ব নিদি “অঁ” বুলি চিনেমাত ধ্যান দিলে।চিনেমাত মাধুৰীক কিডনেপ কৰোঁ‌তেই। চুকত বহা মানুহজনী ধউউমকে পৰিল। চিনেমাত মাধুৰী পৰিল বুলি জুপি থাকোঁ‌তেই আমি, মানুহজনী জাঁ‌প মাৰি উঠি আহিল,

: চকীটো ভগা ঐ বাল, ইংৰাজী মৰা লাটচাহাব, মোক ঠগি আৰামত ইয়াত বহিলিহি। উঠ মোৰ চিট পা হেয়ামজঁটা। তোৰ চকীটো ভগা বাবে, ঠগি মোৰখন ল’লি।

সেইকোবত মানুহজনে বুজাবলে নেপালে আমাক। পিছত বহাসোপাই বেলকনিৰপৰাই ৰাম খেদন দিলে, ক’ৰ এইজাক কাউৰী বহিলহি, নিজৰো শান্তি নাই, আমাকো আমনি। ফলত আমি হলেই ত্যাগ দিলোঁ‌। মানুহজনীয়ে হলৰ বাহিৰতো দ্বন্দ্বৰ মোচন এটা লৈছিল কিৰণদাৰ লগত। চোঁচা মাৰি আহিছিল,

: নৰকী, তোৰ কাৰণে মাধুৰীৰ এক দুই তিনিখন চাবলে নেপালোঁ‌।

(মানে হিট চঙটো এক দৌ তিন। তেতিয়া বেছি বজা গানেৰেহে চিনেমাৰ নামাকৰণ জিভাত। পিছে আমি দ্বন্দ্ব নকৰি গুছি আহিলোঁ‌। মই চাইকেলৰ হেণ্ডেলৰ পৰা কৈ থৈ আহিছোঁ‌,

: হ’ব ইয়াৰ পিছত মাধুৰীৰ অ আ ক খখন লাগিব সেয়া চাব।

কেইদিনমান পিছত গম পালোঁ‌, মানুহজনী ওচৰৰ গাঁৱৰে। কিৰণদাক য’তে দেখে তেখেতে ঢোৰা কাউৰীৰ দৰে চোঁচা মাৰি আহে, হেৰামী তোৰ কাৰণে মাধুৰীৰ এক দুই তিনিখন চাবলে নেপালোঁ‌। এই যুঁজ চলি থাকিল বহু দিনলৈ হলৰ বাহিৰতো। ডাইলগ সেইটো কৈয়ে খেদে তেওঁ…। কিৰণদায়ো মই শিকোৱা মতে অ আ ক খখন চাব বুলি কৈ পলায়।

☆★☆★☆

7 Comments

  • মানসী বৰা

    হাঃ হাঃ..কিছু হাঁহিলো দেই..মজা লিখিলে

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
  • abhijit goswami

    হা হা হা মজা লাগিল বা 🤣 🤣 🤣

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ!

    Reply
  • মন্দিৰা

    হা হা। মজা লাগিল।

    Reply
  • জিতু

    হাঃ হাঃ

    Reply
  • সংগীতা

    😃😃 হাঁহিলোঁ দেই

    Reply

Leave a Reply

Your email address will not be published.