ফটাঢোল

লটিঘটি আৰু মই – ভূপালী দেৱী

মই আৰু লটিঘটি এটা মু্দ্ৰাৰ ইপিঠি সিপিঠি যেন ৷ এটাই আনটোক এৰি থাকিবয়েই নোৱাৰে ৷

                            

                               (১)

এদিন কি হ’ল কলেজ যাবলৈ সময় হৈছে, মই বোলো গাটোকে অলপ তিয়াই আহোঁ‌৷ ঠাণ্ডাৰ দিন৷ সেইবুলি বাথৰুমত সোমাই চিঞৰি চিঞৰি গান গাই গাটোত কিবাকে পানী ঢালি আছোঁ। পানী গাত পৰিছেনে বাথৰুমৰ বেৰত পৰিছে তাৰ কোনো ঠিকনা নাই৷ তেনেতে  ভিতৰৰপৰা মায়ে মাত লগালে, 

: এইটো পাগল হ’ল নেকি ও কেনেকৈ টেটু ফালি মৰিব ধৰিছে৷ 

মই বাথৰুমৰপৰাই উচ্চ স্বৰত ক’লোঁ,

: পাগল হোৱা নাই ৰ’বা চিঞৰি চিঞৰি গান গাই গা ধুলে ঠাণ্ডাৰ প্ৰকোপতো হেনো অলপ কমকৈ লাগে৷ 

সেইবুলি কৈ বাথৰুমৰপৰা হাতত বাল্টিটো লৈ ওলাই আহোঁতে পৰিলোঁ‌ নহয় চিৰিৰপৰা, ভাবক ঠাণ্ডাৰ দিন কি অৱস্থা হ’ব পাৰে কঁকালৰ৷ ইফালে সিফালে চাই কাকো নেদেখি ঘপকৈ উঠি চিধা হ’লোঁ‌৷ বাল্টিৰ শব্দ শুনি দেউতাই ভিতৰৰপৰা দৌৰি আহি সুধিলে, “

: পৰিলি নেকি?

মই ক’লোঁ, 

: দেউতা নাই পৰা ৰ’বা হাতৰ পৰা বাল্টিটোহে পৰিল। 

নিজে পৰা বুলি কেনেকৈনো কওঁ বাৰু, অলপ আগতে টেটু ফালি গান গাই থকা ছোৱালীজনী৷ ইজ্জতৰো কথা আছে নহয়; অলপ লাজো লাগে দিয়কচোন। 

সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী আছিলোঁ যদিও তেতিয়া আমাৰ কলেজ ইউনিফৰ্মযোৰ দিয়া নাছিল৷ ইপিনে কঁকালৰ বিষ আৰম্ভ হ’ব ধৰিলে। তথাপিও কিবাকৈ চুৰিদাৰ এযোৰ গাত সোমোৱাই ভাতকেইটা কাণে-মুখে গুজি কলেজলৈ বুলি ওলালোঁ৷ দৌৰাদৌৰিতে গেটখন খুলি ওলাই আহোঁতে দিলোঁ‌ নহয় সাপ(ঢোৰা সাপ) এডালৰ নেজত গচকি৷ সাপডালেও মোৰ ফালে কেৰাহিকৈ চাই ভাবিলে পুৱাই পুৱাই কাৰ পাল্লাতনো পৰিলোঁ‌। পিচে আচৰিত কথা কি জানেনে সাপডালেও মোৰ কলেজলৈ দেৰি হোৱা বুলি জানি একো নকৰি মনে মনে গুচি গ’ল৷ ময়ো ভয়ত পেপুৱা লাগিছিলোঁ যদিও সাপডালে একো নকৰি গুচি যোৱাত খোজ আগবঢ়ালোঁ পিচে সেইদিনা মোৰ দিনটোৱেই বেয়া আছিল৷ কেইখোজমান যোৱাৰ পিছত হঠাৎ ভৰিলৈ চকু যোৱাত খঙে চুলিৰ আগ পালে, দুয়োখন ভৰিতে দুযোৰ বেলেগ চেন্দেল৷ সেইদিনা আৰু কলেজলৈ যোৱা নহ’ল৷

                          

                                  (২)

সৰস্বতী পূজা মানে ল’ৰা ছোৱালীবোৰৰ একপ্ৰকাৰৰ ‘ফেশ্বন শ্ব’৷ বিশেষকৈ ছোৱালীবোৰৰ কাৰণে৷ পূজালৈ গৈ ধূপ দুডালমান জ্বলাই লাগি গ’ল কোনে কি কাপোৰ পিন্ধিছে৷ ডিঙিত কি পিন্ধিছে, হাতত কি পিন্ধিছে ইত্যাদি ইত্যাদি চোৱাত৷ ময়ো ইয়াৰ ব্যতিক্ৰম নাছিলোঁ। তেতিয়া চাগৈ মই অষ্টমমান শ্ৰেণীত পঢ়ি আছিলোঁ। আগদিনাৰপৰাই গাত তত নাই কাইলৈ সৰস্বতী পূজাত কি কাপোৰ পিন্ধি যাম ডিঙিত কি পিন্ধিম এইবোৰ ভাবি। মাৰ আলমিৰা খুলি এযোৰ এযোৰ কৈ কাপোৰ চাই শেষত পাটৰ কাপোৰ এযোৰকে পিন্ধি যাম বুলি থিৰাং কৰিলোঁ। মায়ে কিন্তু আগতীয়াকৈ সকিয়নি এটা দি নোথোৱা নহয় “যদি কাপোৰযোৰ বেয়া কৰি আন তোৰ কিন্তু পিঠি দুফাল হ’ব৷” ময়ো মাক একদম নিচিন্ত হৈ থাকিবলৈ ক’লোঁ৷

পূজাৰ দিনাই পুৱাই গা-পা ধুই ঘৰৰ মন্দিৰত সেৱা জনাই সাজোন কাচোনত লাগি গ’লোঁ। মায়ে কাপোৰযোৰ পিন্ধাই আকৌ এবাৰ ৰাতি দিয়া সকিয়নিটো মনত পেলাই দিলে৷

দহমান বজাত লগৰ এজনীৰ লগত স্কুললৈ গ’লোঁ‌। কিবাকৈ ধূপ দুডালমান জ্বলাই সৰস্বতী মাক সেৱা জনাই লগৰ দুজনীমানৰ লগত ফটো উঠিম বুলি ষ্টুডিঅলৈ গ’লোঁ‌৷ ৰাস্তাটো পাৰ হওঁতে পৰিলোঁ‌ নহয় উজুতি খায়। উঠি দেখোঁ‌ মাৰ মৰমৰ কাপোৰযোৰৰ মেখেলাখন ফালিল৷ মোৰ দেখিয়েই মাৰ সকিয়নিটো কাণত মাইকত গান বজাদি বাজি উঠিছিল৷ মায়ে আহি যেন ডিঙিটোতে চেপা মাৰি ধৰিছে৷ নিজকে ঠিকচে গালি পাৰিছিলোঁ “সৰস্বতী পূজাত মাকৰ মেখেলা চাদৰ পিন্ধে। চা এতিয়া পূজা৷ আজি মাৰে মুখেৰে পূজা ওলায়হে এৰিব তোৰ৷”

ঘৰলৈ গৈ কাপোৰযোৰ ভালকৈ জাপি মায়ে নেদেখাকৈ আলমিৰাত সোমাই থলোঁ৷ এমাহমান পিছত আমাৰ ওচৰতে বিয়া এখন আছিল। মই স্কুলৰপৰা আহি মাক সুধিলোঁ,

: মা তুমি বিয়ালৈ নগ’লা?

মায়ে দাঁত মুখ চেপি “তোক, তোৰ আজি পিঠি ফালিহে এৰিম। তোৰ কাৰণে আজি মই বিয়ালৈ যাব নোৱাৰিলোঁ। ইমান ধুনীয়া কাপোৰযোৰৰ কি গতি কৰিলি তই৷ তোক আজি ভাত নিদিও। নালগে তই ভাত খাব৷”

মই মূৰতো তল কৰি একান্ত বাধ্য জীয়ৰীৰ দৰে গালিবোৰ শুনি আছোঁ আৰু ইপিনে পেটটোৱে ভাত লাগে ভাত লাগে বুলি পেনপেনাব ধৰিছিল। লাহেকৈ মাত দিলোঁ,

: মা মোৰ ভোক লাগিছে।

অলপ পিছত খং ৰাগ পাহৰি মায়ে ধুনীয়াকৈ ভাতৰ কাঁহী আনি মোৰ আগত থৈ ক’লে,

: ও খাই লৈ অলপ জিৰাই ল’গৈ। মই মেখেলাখন পিকো কৰিব দি আহোঁ।

এইবোৰেই হ’ল মাকৰ মৰম। সন্তানে যিমান ভুল কৰিলেও সকলোবোৰ পাহৰি ক্ষমা কৰি আকোঁৱালি লয়৷

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.