ফটাঢোল

লটিঘটি- দ্বীজেন তামুলী

খুবসম্ভৱ নব্বৈৰ দশকৰ কোনোবা এটা দিনৰ কথা৷ চাৰিওপিনে কেৱল আলফা আৰু আৰ্মিৰ গণ্ডগোল এফালে আলফাৰ বিচৰণ আনফালে আৰ্মিৰ তালাচী৷ য’তেই আলফাৰ সন্ধান পাই তাতেই ওলাই গৈ আৰ্মিসহিতে প্ৰাক্তণ আলফা। কৰায়ত্ত কৰি দুই এজনক হত্যা নকৰাও নহয় সমান্তৰালভাৱে দোষী নিৰ্দোষী ৰাইজৰ ওপৰৰত চলি থাকে অকথ্য নিৰ্যাতন৷ দুই এজনে আত্মসমৰ্পণ কৰি ৰাতি আৰ্মিৰ লগত আহি গাঁ‌ওখনৰ যিকেইঘৰ মানুহৰ ঘৰত ভাত খাই গৈছিল তেওঁলোকৰ ঘৰত উৎপাত আৰম্ভ কৰিলে৷ বোলে আলফাক কিয় ভাত দিয়া৷ এইফালে ৰাতি আহি দুজনমান ওলাব, 

: অ’ খুৰীদেউ আমি দিনটো ক’তো একো খাবলৈ পোৱা নাই আজিৰ সাঁ‌জ ইয়াতে খাওঁ দিয়ক৷

নিদিওঁ বুলিনো কয় কেনেকৈ? মুঠতে  “ঔ বুলিলেও মৰণ তৌ বুলিলেও মৰণ” টাইপৰ কথা আৰু৷ 

আমাৰ দৰে ল’ৰাবোৰক দেখিলেই আৰ্মিবোৰে কিবা ফটাঢোল বজোৱা দি বজাইহে এৰে৷ এই ভয় শংকাৰ মাজেৰে আমি এদিনো একোব নোখোৱাকৈ কিবাকৈ ফাঁ‌কে ফাঁ‌কে চলি আছিলোঁ৷ এদিন..তেতিয়া মই আমাৰ টেণ্ট হাউচৰ দোকানখনত ৰাতি থাকিবলগীয়া হৈছিল আমাৰ ওচৰৰ হোটেল এখনৰ ভাতৃসম ল’ৰা এজনৰ সৈতে। দুয়ো লগ লাগি সদায় দোকান ৰখা ডিউটি কৰিছিলোঁ৷ দুয়ো ভাত পানী খাই সদায় দোকানলৈ ৰাতি থকাৰ বাবে গৈ আছিলোঁ, বাৰিষাৰ বতৰ অলপ অলপ বৰষুণ দি থকা বাবে আমি ল’ৰাজনৰ ঘৰত টিভি চাই থাকোঁ‌তে দুয়োৰে ৰাতি বাৰ বাজি গ’ল৷ আৰু দুয়ো অলপ বৰষুণ কমিলত দোকানলৈ বুলি খোজ ল’লোঁ৷ দোকান পাবলৈ ২০০ মিটাৰমান থাকোঁ‌তে এটা কেঁ‌কুৰিত আমি দেখিলোঁ এখন মাৰুতি ভানত আৰ্মি আৰু আত্মসমৰ্পণকাৰী আহি আলফালৈ খাপ পিটিছিল৷ হঠাতে দুয়ো ৰৈ দি এঘৰ মানুহৰ চোতালেৰে ভিৰাই লৰ মাৰিলোঁ৷ আমাক হয়তো তেওঁ‌লোকে দেখা পোৱা নাছিল৷ মানুহ ঘৰৰ একেবাৰে বাৰীৰ পিছ পাই দেখিলোঁ‌ চাৰিফালে পানী আৰু পানী৷

মনতে ভাবিলোঁ‌ যিহেতু আৰ্মিৰ দলটোৱে আমাক দেখিলে আমাক নিশ্চয় পিছে পিছে খেদি আহিছে৷ ল’ৰাজনে সিহঁ‌তৰ গাঁ‌ৱৰ হেতুকে সকলো চিনি পাই আৰু পানীৰ মাজেৰে আগবাঢ়িলে ময়ো তেওঁ‌ক অনুসৰণ কৰি কৰি পানীৰ মাজেৰে খোজ ল’লোঁ ক’লৈ গৈ আছোঁ‌ হয়তো মই নাজানো৷ ল’ৰাজনে মাজে মাজে কয়,

 : দাদা তুমি মোৰ পিছে পিছে আহি থাকা৷

মই মাজতে ৰৈ দি কওঁ‌, 

: অ’ ভাইটি আমাক খেদি অহা নাই হা ৰ’বা আৰু তিতি-বুৰি যাব নোৱাৰোঁ৷

তেওঁ বৰ ভয়াতুৰো আছিল আৰু কৈছিল, 

: দাদা আহি থাকা তেওঁ‌লোকে আমাক পালে মাৰি পেলাব৷ আহা আহা মই চিনি পাওঁ‌ আহা৷

মুকলি পথাৰ কেৱল পানী আৰু পানী। ইফালে আৰ্মিৰ ভয় আনফালে সাপ  আদিৰ ভয়৷ ভূতটো আছেই। গৈ গৈ এডৰা বাঁ‌হনিত সোমাল তেওঁ আৰু লুঙলুঙীয়া বাট এটাৰে আগবাঢ়িল তেওঁ‌ আৰু  গৈ পাই গম পালোঁ‌ আমি তেওঁ‌লোকৰ ঘৰ ওলালোঁ‌৷

ঘৰ পাই দুয়ো ততাতৈয়াকৈ ভিতৰত সোমাইহে দেখিলোঁ‌ দুয়ো পিন্ধি থকা কাপোৰ সম্পূৰ্ণ ভাবে তিতি গৈছিল৷ তেওঁ‌লোকৰ কাপোৰ পিন্ধি কিবাকৈ ৰাতিটো কটাই পুৱাই ঘৰ ওলালোঁ৷

সেই দিনটোৰ লটিঘটিখন চিৰ জীৱনৰ বাবে স্মৰণীয় হৈ ৰ’ব৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.