ফটাঢোল

লটিঘটি- বাগ্মিতা ৰাজখোৱা বৰকাকতি(বাৰ্বী)

 শৈশৱত ঘটি যোৱা কিছুমান ঘটনা মনত পৰিলে হাঁহি ৰখাব নোৱাৰোঁ৷ কেতিয়াবা ভাৱ হয় ময়ো এনেকুৱা আছিলোঁনে! তাৰ মাজত বহুত কথা নিজৰ বহুত ভালকৈ মনত থাকে আৰু আন কিছুমান বেলেগে মনত পেলাই দিলেহে মনত পৰে৷ আজি তেনে এটা কথাই মনলৈ আহিছে যিটো মনত পৰিলে লাজতো পাওঁয়েই, নিজলৈ দয়াও ওপজে৷
 মোৰ মা-দেউতাৰ স্থায়ী ঠিকনা যদিও কামপুৰ আছিল মাৰ চাকৰিসূত্ৰে আমি কাৰ্বি আংলং আৰু নগাঁও জিলাৰ দাঁতিকাষৰীয়া বৈঠালাংছ’ নামৰ এখন সৰু ধুনীয়া ঠাইত বাস কৰিছিলোঁ৷ কামপুৰলৈ আমি বিহু, পূজা, পৰিয়ালৰ কাৰোবাৰ বিয়া-বাৰু, সকাম আৰু স্কুলৰ ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ শেষত যাবলৈ পাইছিলোঁ৷
 এবাৰ দেউতাহঁতৰ গাঁৱৰ খেলৰ পৰা ’মাঘী পূৰ্ণিমা’ত ’ভৰালী নামঘৰ’লৈ যাবলৈ ঠিক কৰিলে৷ পেহী, বৰমা, খুড়ী সকলোৰে লগতে আমাৰ মাৰ নামটোও হেনো লিষ্টত ধৰি থৈছে৷ মই তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ৷ ’ভৰালী নামঘৰ’ কি, ক’ত, কিয় বিখ্যাত নাজানিছিলোঁ যদিও ব্ৰহ্মপুত্ৰ আৰু কলিয়াভোমোৰা দলঙৰ বিষয়ে পাঠ্যপুথিত পঢ়িবলৈ পাইছিলোঁ৷ তাৰ মাজতে মা-দেউতাই কথা পাতি থকা শুনিছিলোঁ যে ’ভৰালী নামঘৰ’লৈ গ’লে একেবাৰে সেইফালে কলীয়াভোমোৰা দলংখনো হেনো চাই আহিব পাৰি, বেছি দূৰ নহয় তাৰপৰা৷ সেইটো বয়সলৈকে মোৰ কামপুৰৰ কপিলী নদীৰ ওপৰত থকা এখন গাড়ী পাৰ হ’ব পৰা সেই ঠেক পকী দলংখন আৰু বৈঠলাংছ’ৰ বৰপানী নদীৰ ওপৰত থকা তাতকৈ অলপ বহল দলংখনৰ বাহিৰে কোনো ডাঙৰ দলং দেখাৰ সৌভাগ্য হোৱা নাছিল৷ শ্ৰেণীত চাৰহঁতৰ মুখত ব্ৰহ্মপুত্ৰ আৰু তাৰ ওপৰত থকা দলঙৰ বিৱৰণ আমি মুখ মেলি মেলি শুনিছিলোঁ৷ সেয়েহে মাহঁতৰ কথা শুনি মোৰ ব্ৰহ্মপুত্ৰ নদী আৰু দলংখন চাবলৈ মনটো লপলপাই উঠিল৷
 এনেকৈ আলোচনা বিলোচনা চলি থাকোঁতেই নামঘৰলৈ যোৱা নিৰ্দিষ্ট দিনটো আহি চমু চাপিলহি৷ ’মা’ৰ লগতে আমিও স্কুলৰ পৰা ছুটী লৈ কামপুৰলৈ দুদিনৰ আগতেই ঢাপলি মেলিলোঁ৷ মোৰ সৰু ভণ্টিজনী তেতিয়া তেনেই সৰু, তাইক স্কুলত নাম লগাই দিয়াৰ বয়সো হোৱা নাছিল৷ সেয়ে মায়ে ঠিক কৰিছে যে তাইক নিজৰ লগত লৈ যাব৷ ইফালে আমাৰ দুজনীক আমাৰ বৰদেউতা খুড়াহঁতৰ ল’ৰা-ছোৱালীহঁতৰ লগত থৈ যাব৷ সেই বয়সত মোৰ প্ৰিয় খাদ্য আছিল কণী আৰু মেগী৷ সেয়ে মায়ে মোক আগদিনাই ৰাতি ফুচুলাই হাতত পইচা দিছে তাৰে কণী আৰু মেগী কিনি খাবলৈ৷ ৰাতি পুৱাল কি নুপুৱাল নামঘৰলৈ যাবৰ বাবে ঘৰৰ সকলো উঠি লৈ কাম বন কৰি গা-পা ধুই, সাজ-সজ্জা কৰি আজৰি৷ আমিও ইজনী সিজনীৰ পাছে পাছে ঘূৰি ফুৰিছোঁ কিজানি লগত যাবলৈ চান্স এটা পাওঁয়েই! মোৰ সৰু বৰদেউতাৰ ছোৱালীজনী মোতকৈ পাঁচ মাহৰ ডাঙৰ যদিও তাই আকৌ বৰমাৰ পেটমচা আৰু একমাত্ৰ ছোৱালী বাবে বৰমাৰ যেন তাইৰ প্ৰতি অকণমান দৰদো জাগিছে লগত লৈ যাবলৈ৷ তথাপি মোক থৈ যাব যিহেতু তাইকো থৈ যোৱা ভাল হ’ব বুলি ঠিক কৰিলে৷ মই মা-দেউতাৰ ডাঙৰ সন্তান হিচাপে সেই বয়সতে মোক মাহঁতে যথেষ্ট পৰিপক্ব বুলি ভাৱে আৰু কিছু ক্ষেত্ৰত আছিলোঁও অন্ততঃ আজিৰ যুগৰ ল’ৰা-ছোৱালীতকৈ৷
 যিকি নহওক, সময়ত গাড়ী আহি নামঘৰৰ সন্মুখত ৰেডি৷ নামঘৰটো আমাৰ ঘৰৰ একদম পোনে পোনে আছিল৷ লাহে লাহে এজনী দুজনীকৈ নামঘৰলৈ বুলি ওলোৱা মহিলাসকল আহি বাছ ভৰিলহি৷ মা, পেহী, বৰমাহঁতো বাছত উঠিলগৈ৷ মোৰ মনটোত যেন এইবোৰ দেখি শুনি কিবা এটা শোকে খুন্দা মাৰি ধৰিলে৷ যেতিয়া গাড়ী ষ্টাৰ্ট দিলে আৰু দুগুণে দুখ উপচি পৰিল৷ চকুৱে নাকে দুখৰ ভেঁটা ভাঙি দুগালেৰে যেন কপিলী নদীখনহে বৈ আহিল৷ আগ পিছ নাভাবি গাড়ীৰ পিছে পিছে বহুদূৰ দৌৰি দৌৰি আগবাঢ়ি গ’লোঁ৷ ঘৰত নোযোৱাকৈ থকা সৰু খুড়ী, দাদা বাহঁতে ইমান বুজাবলৈ চেষ্টা কৰিও মোৰ কান্দোন ৰখাব নোৱাৰিলে৷ বলিয়াৰ দৰে মাজে চোতালত পৰি লৈ ইফালে সিফালে বাগৰি বাগৰি কান্দিবলৈ লাগিলোঁ৷ নাকৰ পানী চকুৰ পানী একাকাৰ কৰি ইমানেই কান্দিলোঁ যে শেষত মোৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হোৱাৰ লগতে চিঞৰি চিঞৰি মাত ফাটি মাত নোলোৱা অৱস্থা হ’ল৷ মোৰ বিলাপ, বচন শুনি ওচৰ চুবুৰীয়াও গোট খালেহি৷ কেইজনমানে এইক গাড়ীত তুলি থৈ আহগৈ বুলি পৰামৰ্শ দিলে৷ ঘৰৰ মানুহবোৰ বিপাঙত পৰিল৷ এতিয়াৰ দৰে মোবাইল ফোনৰ সুবিধাও নাছিল যে কাৰোবাক ফোন কৰি মোক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ কথা কৈ গাড়ীখন ৰখাবলৈ ক’ব৷ শেষত মোৰ অৱস্থা দেখি একো উপাই নাপাই পৰিয়ালৰ খুড়া এজনে মই যেনেকুৱা অৱস্থাত আছিলোঁ তেনেকৈয়ে চাইকেলত তুলি ল’লে৷ আমাৰ গাঁওখনৰ পৰা কামপুৰ মেইন টাউনলৈ প্ৰায় তিনি কিলোমিটাৰ বাট৷ মোক সেয়ে খুড়াই চমু বাটেৰে নি নাৱেৰেই চাইকেলসহ নদী পাৰ কৰাই কোনোমতে গাড়ীখন ধৰি মোক উঠাই দি গোটেই ঘটনাৰ বিষয়ে মাহঁতক জনাই তেওঁ উভতি আহিল৷ সেইদিনা মোৰ দিন ভালেই আছিল নে মাৰ দিনেই বেয়া আছিল নেজানো মোৰ অৱস্থা দেখি মায়ে বৰ লাজ পালে যেন অনুমান হ’ল৷ বহিবলৈও ক’তো চিট নাই! মায়েও কোলাত ভণ্টিক লৈ আছে৷ দুজনমান পুৰুষ গৈছিল তেওঁলোকে এক্সট্ৰা মুঢ়া পাৰি বহি লৈছে আৰু দুজনমান থিয় হৈ আছিল৷ বুঢ়ী মানুহকেইগৰাকীৰ বাহিৰে প্ৰায় সকলোৰে কোলাতে এটা এটা সৰু পোৱালি৷ ইফালে গাড়ীত উঠি দেখিছোঁ মোতকৈ পাঁচ মাহৰ ডাঙৰ মোৰ সমনীয়া বৰদেউতাৰ ছোৱালীজনী বৰমাৰ কোঁচত বহি আছে৷ তাইক দেখি মোৰ আৰু দুখ লাগিল৷ তাইক যদি আনিব পাৰে মোক কিয় নোৱাৰে বুলি পেটে পেটে খঙো উঠিল৷ পিছত গম পালোঁ যে তাইক অনাৰ প্লেন হেনো আগৰেপৰাই আছিল, মোক দেখুৱাবলৈহে সেইবোৰ নাটক কৰি আছিল৷ বহু সময়লৈকে মোৰ উচুপনি আৰু নাকৰ শেঙুন ওলোৱা বন্ধ হোৱাৰ নাম নোলোৱা হ’ল৷ ইফালে মায়ে মোক দেখি দিয়া তিৰস্কাৰৰ চাৱনিয়ে বুকুত যাঠীৰে খুচি দিয়াৰ সমান কষ্ট দিলে৷ মাৰ ৰুদ্ৰমূৰ্তি দেখি মোৰ পেহীয়ে মোক নিজৰ কাষলৈ টানি নি অকণমান ঠাই উলিয়াই বহিবলৈ দি নাকৰ পানী, চকুৰ পানী মচি দি মনে মনে বহি থাকিবলৈ দিলে৷ পিছলৈ গাড়ীত গাই গাই যোৱা নাম, নেগেৰাৰ প্ৰকোপত দুখটো অকণমান পাতল হৈ আহিল৷
 এনেদৰে গোটেই বাট নাম গাই গাই আহি নামঘৰৰ সন্মুখত বাছ ৰখিলহি৷ মানুহবোৰ বাছৰ পোৱা নামি নামি কোনোৱে চাকি-ধূপ-তেল কিনিবলৈ গৈছে আন কোনোৱে ভৰি হাত ধুবলৈ দমকলৰ পাৰলৈ ঢাপলি মেলিছে৷ তেতিয়াৰ ভৰালী নামঘৰৰ অৱস্থা আজিৰ দৰে আটোমটোকাৰি নাছিল৷ পানীৰ সা-সুবিধা, শৌচাগাৰ এইবোৰৰ ব্যৱস্থা চকুত লগাকৈ দুখজনক আছিল৷ ময়ো মোৰ সমনীয়া বাজনীৰ লগত চকুপানী আৰু শেঙুনৰ চেঁকুৰাই কৰাল মৰা মুখ ধুবলৈ দমকলৰ পাৰ পালোঁগৈ৷ মুখ-হাত ধুই গাড়ীৰ ভিতৰলৈ আহি ওপৰত পিন্ধি থকা চুৱেটাৰ আৰু গৰম পেণ্ট খুলি দিয়াত যেতিয়া নিজৰ ফাপৰে ধৰা হাত-ভৰি, ঘৰত পিন্ধা পুৰণি ফ্ৰক, আধা পুৰণি হাৱাই চেণ্ডেল ওলাই পৰিল মোৰ অৱস্থা এক্কেবাৰে “ফাঁট মেলা বসুমতী পাতালে লুকাওঁ” যেন হ’ল৷ তথাপি একো উপাই নাপাই গাড়ীৰ পৰা নামি গৈ নামঘৰ সোমালোঁগৈ৷ এপাকত সুবিধা বুজি তাত মাহঁতে চাকি জ্বলাবলৈ অনা মিঠাতেলৰ পেকেটৰ পৰাই চেপি চেপি তেল উলিয়াই গোটেই মুখ, হাত-ভৰিত লগাই চিকচিকিয়া কৰি ল’লোঁ৷ পিছৰ সময়খিনি পেহীৰ কাষতে বহি গাত থকা পুৰণি চোলাটো ঢাকিবলৈ তেওঁৰ শ্বলখনকে গাত মেৰিয়াই জোপোকা মাৰি বহি থাকিলোঁ৷ দুখৰ কথা এইটো যে মোৰ মাৰ পৰা সেই দিনটোৰ গোটেই সময়খিনিত এষাৰো আদৰৰ মাত নুশুনিলোঁ৷ অৱশ্যে ইমানখিনি লটিঘটি হ’ল যদিও আবেলি উভতি আহোঁতে ব্ৰহ্মপুত্ৰ আৰু কলিয়াভোমোৰা দলংখন দেখি দিনটোৰ সমস্ত লাঞ্ছনা-গঞ্জনা পাহৰি মনটো ভৰি উঠিল৷
☆ ★ ☆ ★ ☆

10 Comments

  • ধূৰ্জ্জটি

    সাজোন কাচোন লৈ তাৰমানে সৰুৰে পৰা সচেতন আছিলা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ইচ বেচেৰীজনী। বৰ দুখ লাগিল অ

    Reply
  • Dulal S Ray

    ভালেই লাগিল

    Reply
  • Raktim Deka

    ভাল লাগিল

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • Happy

    Bhaal laagile pohi

    Reply
  • ৰিমঝিম ৰিমা

    চোতালত বাগৰি কন্দা দৃশ্য তো কল্পনা কৰি বিৰাট হাঁহিছোঁ😀 ভাল লাগিল পঢ়ি।আগলৈও পঢ়িবলৈ পাম বুলি আশা থাকিল

    Reply
  • HEMANTA KAKATI

    মানে তুমি সৰুৰ পৰাই খটৰনাক বস্তু আছিলা? ভাল লাগিল পঢ়ি বাৰ্বী

    Reply
  • Dr Partha Sararhi Bhuyan

    হা হা, সুন্দৰ বর্ণনা, যিয়েই নহওঁক তোমাৰ উদ্দেশ্য সফল হল।

    Reply
  • গীতাশ্ৰী

    খুউব হাঁহিলো

    Reply

Leave a Reply

Your email address will not be published.