ফটাঢোল

লটিঘটি – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

১) কুৰিয়াৰ কৰিবলগীয়া আছিল৷ অফিচৰপৰা অলপ আঁতৰতে ASTC কুৰিয়াৰ৷ কিন্তু কিছু ঠাইত ASTC য়ে কুৰিয়াৰ নপঠিয়াই বাবে ডাকঘৰৰ শৰণাপন্ন হ’ম বুলি ভাবিছিলো। কিন্তু তাৰো কাম-কাজ দুপৰীয়া দুই বজাতেই বন্ধ হয় বাবে সেইটোৰো মুদা মৰিল৷ কিয়নো, মই অফিচৰপৰা সন্ধিয়াৰ আগতে ওলাব নোৱাৰো৷ গতিকে এইবাৰ DTDC য়েই শেষ ভৰসা বুলি কালি আগবেলা কুৰিয়াৰ কৰিব লগাখিনি টালি-টোপোলা বান্ধি ওলালো৷ পুলিচ পইণ্ট পোৱাৰ পিছতহে লাগিল লেঠা৷ মই দেখোন DTDC ক’ত আছে চিনিয়েই নাপাওঁ৷ চৌফলীয়া ৰ’দত নিজৰ ওপৰতে খংটো উঠিল৷ নিজৰ চহৰৰ অফিচ, দোকান-পোহাৰকো চিনি নোপোৱা মানুহো থাকেনে! লাহেকৈ গুগ’ল মেপ উলিয়াই মাৰিলো DTDC Morigaon বুলি৷ হাতত টালি-টোপোলা সহিতে ৰ’দত জলক-তবক চকুৰে কি “চাৰ্ছ” কৰিছো ভালদৰে নাচালো৷ তাৰপিছত গুগল বাইদেউৰ “200 মিটাৰ টাৰ্ণ লেফ্ট, 100 মিটাৰ টাৰ্ণ ৰাইট”ক সাৰথি কৰি কৰি ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ চাৰিওফালে একে ঠাইতে দুবাৰমান ঘূৰিলো৷ এপাকত গুগুলে অফিচ এটাৰ সন্মুখত Finished বুলি কৈ সাৰ-সুৰ নোহোৱা হ’ল৷ স্বস্তিৰ দীঘল উশাহ এটা টানি অফিচটোৰ গেইট আৰু চাইনবৰ্ডখনৰ ফালে চাওঁতেহে দেখিলো…

“DTO Office”

ধৈ জিন্দেগী, ৰ’দৰ প্ৰকোপত DTDC নামাৰি DTO হে মাৰিছিলো মানে!

২) আগতে ফাকুৱাৰ দিনত ৰঙেৰে গুৰুলাগুৰুলকৈ খেলিলেও বোকা-পানী, গোবৰপানী, চৰুৰ তলৰ ছাই, ম’বিলৰ খেলাখনলৈ বৰ ভয় কৰিছিলো৷ গাঁৱৰ ঘৰবোৰত দৰজা-খিৰিকীবোৰ ধোবাং-বাংকৈ খুলি থোৱাই থাকে৷ ফাকুৱাৰ দিনা মুখ চিনিব নোৱাৰা দস্যুৰ দলটো পদূলিত থিয় দিলেই চিধাই লেট্ৰিন বা বাথৰুমত দৌৰি সোমাইছিলো৷ কাৰণ তাত এখনেই দৰজা৷ খিলিটো মাৰি ল’লেই খেলা খতম৷ খিৰিকীৰ ঝামেলাই নাই৷ ভয়ানক ৰঙবোৰৰপৰা বাছিবলৈ মোৰ বাবে সেইদিনা সেই সৰু ঘৰটোৱে উত্তম আছিল।

ফাকুৱাৰ বন্ধ বাবে ঘৰলৈ কালি আহি পাহাৰীয়া ফিৰিঙী জ্বলকীয়া দবাই খাই দিয়াত কালি সন্ধিয়াৰেপৰা সৰু ঘৰটোলৈ মোৰ অহা-যোৱা৷
ফলস্বৰূপে আজি মই সৰু ঘৰটোতে দিনটো বহি আছো প্ৰকৃতিৰ আহ্বানত আৰু ৰঙৰ কোবত মুখ চিনিব নোৱাৰা দাদাৰ লগৰ দস্যুৰ দল এটাই দৰজামুখতে ৰৈ আছে৷ যেতিয়াই মই ওলাম তেতিয়াই সিহঁতে মোক ৰঙ সানিব বোলে৷

ধৈ জিন্দেগী, এইজাকৰ কোবত মই শব্দৰে আৰু শান্তিৰে সিবিধো কৰিব নোৱাৰিম মানে এতিয়া!

☆★☆★☆

Leave a Reply

Your email address will not be published.