ফটাঢোল

লটি ঘটি-অসীমা এচ দত্ত

আগতে সৱতকে ভয় কৰোঁ বুৰঞ্জী পিৰিয়দটো। সেই পিৰিয়দত ছাৰৰ চকুলৈ দিনত বাট হেৰুৱা ফেঁচাৰ দৰে ট’ টকৈ চাই থাকোঁ। ছাৰে ভাৱে বহুত বুজিছে এই, গোটেই বুৰঞ্জীখন মোৰ চকুলেকে চাই ছাৰে বুজাই শেষ কৰে। হয়নে নহয় বুলি। ছাৰৰ চকু মোৰ চকুত পেটি গজাল মৰাদি মাৰি থয়। ময়ো মূৰ দুপিয়াওঁ। সিফালে মূৰৰ দুই ইঞ্চি ওপৰেৰে আকবৰে, বাবৰে, জাৱৰে গালেই হাইজাঁম্প মাৰি মাৰি যায়গৈ, মই চিত্ৰহাৰত চোৱা গানবোৰৰ লহৰত।

সেইহেনতো ইমান বুজা জহামালক লৈ ঘৰত বহুতৰ চিন্তা।

তেনেতে পৰিলোঁ প্ৰেমত শ্বাহৰুখ খানৰ। যদিও নাকটোৰে এভাজি হ’ব, তথাপি শ্বাহৰুখ খান বুলিলে পগলা আছিলোঁ তেতিয়া। পঢ়াত গাধ হোৱাৰ মেইন কাৰণ শ্বাহৰুখ খানেই বুলি ঘৰৰ সচেতন মহলে কয় তেতিয়া। ‘কুচ কুচ হতা হ্যে’ ৰিলিজ হোৱাৰ লগে লগে টিভিত দিয়া বিজ্ঞাপনকণকে চাই মূৰত থকা পঢ়াৰ, বিশেষকে অঙ্কৰ অৱশিষ্টকণো সদামৰল দাৰ সৈতে উৰাই পঠিয়ালোঁ।  দাদাই কয়, ডাঙৰ কেটেপা এখন আনি মোক বাটলুগুটিৰ দৰে বহুৱাই, শ্বাহৰুখ খানৰ ঘৰলৈ মাৰি পঠিয়াব, মই পৰিমগৈ বোলে শক্তিকাপুৰৰ ঘৰত। 

দে’তাই কয়, এলপি স্কুলৰ অঙ্কৰ মাষ্টৰটোৰ ওচৰত পৰাকে মাৰিবি  এইক।

সৈজন তাইৰ চোকা মহততে, অঙ্কৰ বহি চাই ঢেলপোঙা দিছিল প্ৰেছাৰ উকাই। কিয় মনত নাই, তাইক মৌখিকত সুধিছিল এবাৰ, এজোপা গছত পাঁচটা চৰাই পৰি আছিল,  তাৰে এটা মই গুলি মাৰি দিলোঁ কেইটা থাকিব  ক।  

তাই ক’লে, গছজোপা যদি আমাৰ ঘৰৰ, আপুনি বন্দুক লৈ সোমাবলৈ নেপায়, দে’তাই খেদিব। যদি হেৰিয়াহঁতৰ পিছফালৰ বাৰীৰ গছ, আপুনি গুলী মাৰিলে এটাও নমৰে।কাৰণ বন্দুক লৈ আপুনি যাওঁতেই, হেৰিয়াৰ জীয়েক ওলাই আহিবই আৰু আপুনি তাইক দেখিলে বুকু ঢপ ঢপ কৰি হাত কঁপাবই। ক’ৰপৰা চৰাই মৰিব, তাই আমাৰ হ’বলগা বাইদেউ বুলি সৱেই জানে ন। সেইজন মাষ্টৰ বিয়া নেপাতোঁতেই প্ৰেছাৰত আধামৰা। এইৰ উত্তৰতে চাগে প্ৰেছাৰ ষ্ট্ৰক হ’ল।

সৱ বাদ শ্বাহৰুখ খান মেইন মোৰ বাবে। এনেই কুচ কুচ হতা হ্যে বুলি পগলা। তাতে কিবা স্বৰূপত বিয়া এখনত দেখিলোঁ, সেইখনকে লগাই থৈছে। তেতিয়া ভিচিদি ভাড়ালে আনে খুব বিয়াবোৰত। কইনাৰ বিয়া। ৰাতি দৰা অহাৰ আগে আগে লগালে চিনেমা। দৰানো কেতিয়া কলতল পালেহি, কইনাৰ মাক বাপেক আৰু হোমৰ গুৰিৰ বামুণজনৰ বাহিৰে কোনেও গম নাপালে। সৱ ৰভাতলৰ টিভিত চিনেমা চাই কন্দা কটা। কইনাৰ ভণীয়েক মোৰ লগৰ। দুইজনী আগত বহি চাই আছোঁ। চিনেমাৰ কাজলৰ বিয়াৰ লগত, তাইৰ বায়েকৰ বিয়া তল পৰি গৈছে। চিনেমাত শ্বাহৰুখ খানৰ গতিটো, দুজনীৰ মাজত ক্ৰিম লগোৱা দুজপীয়া বিস্কুটখনৰ দৰে গতিটো চাই গভীৰ কৌতুহলত মই। কাৰ ভাগত পৰিব বাৰু ই! কাজল কান্দি কাটি গ’লগৈ ট্ৰেইনত। শোকে খুন্দা মাৰি ধৰিলে…এইজনীও মানে, মই হোৱা হ’লে ৰাণী মুৰ্খাজীৰ মেথা-চেথা ফালি দিলোঁহেঁতেন।  

তেনেতে মায়ে দে’তাক মোক নিবলে পঠিয়াইছিল। দে’তা মোক নিবলে আহি চিনেমাত বহি, শ্বাহৰুখৰ জীয়েক অঞ্জলীৰ দুখত চেদা মলিবলে লাগিল।  এইহেনজনী মাউৰা হ’ল দেহি!

 তাৰপিছত আহিল দাদা। 

: অ’ দে’তা আপুনিও চিনেমাত বহিলহি।

এই বুলি কওঁতেই দে’তাই  মোক এথাপৰ দি ‘এইহে বহুৱাই থৈছে’ বুলি মোক দোষী সজাই লৈ আহিল চোঁচৰাই।

ৰাতিতো আধা চোৱা চিনেমাৰ সিডোখৰ বিছনাত দেখুৱালে দে’তাই।দিনত য’ত যি কৰে সেইবোৰ সৱ ৰাতি সপোনত দেতাই প্ৰদৰ্শণ কৰে। ভায়েকক চাইকেল শিকোৱাৰপৰা গৰু এৰাল দিয়ালৈকে ৰাতি সকলো প্ৰদৰ্শণীমূলক ভাৱে ২৬ জানুৱাৰীৰ দিল্লীৰ ৰাজপথৰ দৰে বিছনাত প্ৰদৰ্শণ কৰে তেওঁ। গৰুলৈ ফৰ্মুঠিয়াই, এক্কেপাত চৰত ওচৰত শুই থকা মাৰ আগদাঁত দে’তাই শ্বহীদ কৰি থৈছে।

 সেইদিনাও ৰাতিটো অঞ্জলীক চিঞৰি দে’তাই বিছনা ভাঙো যেন কৰিছে। মা এক্কেজাঁপে উঠি দে’তাক জগাওক চাৰি কান্দোনত ভাঙি পৰিছে। অঞ্জলী আমাৰ গাঁৱৰ ছাতি ভাল কৰা গনেশৰ ঘৈণীয়েকৰ নাম। আমাৰ ঘৰতে কাম কৰে। মায়ে- ‘ওৱৱ বাপেৰে সেয়ে তাই ঘৰ মচি থাকিলে অথালি পথালি কৰি থাকে বস্তু বিচৰা চলেৰে’- বুলি কান্দি হিয়ালি জিয়ালি। মানে বাপেৰৰ লগত ভিতৰি তাইৰ লেটি পেটি।

সিফালে দে’তা অঞ্জলী বুলি তালফাল লগাই আঁঠুৱাত পাক খাই এটোপোলা হৈ পৰো পৰো। খুৰাই আহি গনেশৰ ঘৈণীয়েকৰ নামত এইজনে প্ৰাণ ত্যাগ কৰিব বুলি দে’তাক জগাই উঠালে।  মই গোটেই নাটকখন চাই বিছনাৰ চুক এটাতে বহি আছোঁ। ‘কঁপালত কি সম্পত্তিকেইটা মিলিল অ পৰভূ, চিনেমা চোৱাৰো শান্তি নাই, শোৱাৰো শান্তি নাই’- বুলি মায়ে ৰাতিয়েই ককায়েকৰ ঘৰলে ওলাইছে। দে’তাৰ মুখ নেচায়। দে’তাই একো ভূ-ভটং নেপাই “অঞ্জলীক মাতিলত মাৰৰ কিহ’ল”- বুলি চেদা মলিছে গপচত। দে’তাই ‘বৰ দুখ লাগে অ তাইলৈ’ বুলি চেদাত থাপৰ মাৰোঁতেই মা উঠিল ফেঁট তুলি। 

: হঅঅ কাইলৈপা তাই থাকিব মই যামগে হ’ব। বুঢ়াকালত সেইবোৰ সপোন। ননচেন (ননচেঞ্ছ)জনীক অহাম মই। কিহৰ দুখ তাইলৈ।

 দে’তা অবাক্টেড।  

: মাৰ চেচকে পগলা হ’লনি? 

তেনেতে আচল কেচটো বুজি দে’তাই মোৰ সহায় ল’বলে দৌৰি আহিল, 

: নকৱ কেলেই ঐ হেয়ামজাতি, অঞ্জলী ৰাহুলৰ জীয়েক বুলি।    

চিনেমা আধা চাবলে পোৱাৰ চুটতে ন’কলোঁ একো। অঞ্জলী গনেশৰ ঘৈণীয়েক হৈয়ে দুই বজামানলৈকে আমাৰ ঘৰত ওফৰি ফুৰিল। ছেণ্ডেলৰ ধমহ ধমহ খোজ, জোৰকে টিপা লাইটৰ চুইটছৰ শব্দ, চৰ চৰকে ওপৰৰপৰা গুৰৰ টিনত মুতা শব্দবোৰ হৈ মায়ে ঘৰৰ শুই থকাকো জগাই সুধিছে, 

: গনেশৰ শহুৰেক, মানে অঞ্জলীৰ বাপেকৰ নাম ৰাহুল নি?

বাবাদাই চিনেমা শেষ কৰি আহিলত খুৰাই আদালত বহুৱালত, ঘৰৰ শব্দবোৰ কমিল। হয় দে’তাৰ সপোনৰজনী চিনেমাৰ ৰাহুলৰ জীয়েক হে গনেশৰ ঘৈণীয়েক নহয়। মোৰ ওপৰত মুখেৰে নমতাৰ  পোতকতো দে’তাই পঢ়ুৱাওঁতে ভালকেই লৈছিল।

☆ ★ ☆ ★ ☆

6 Comments

  • Pranita Goswami

    হাঁহি মৰিছোঁ। অঞ্জলীয়ে ভাল লটিঘটিখন কৰিলে দেহি! সদায়ৰ দৰেই ৰসেৰে ভৰপূৰ।

    Reply
  • বন্দিতা জৈন

    🤣🤣🤣🤣হাঁহি হাঁহি মৰিছো। কিছু জমনি।

    Reply
  • চন্দন গগৈ

    বৈদ্য হাঁহিলো বাইদ’

    Reply
  • জিতু

    কিচ্নঅ

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    জমনি দেই৷

    Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক জমনি🤣🤣

    Reply

Leave a Reply

Your email address will not be published.