ফটাঢোল

লটি-ঘটি – ডলী তালুকদাৰ

চাহ বাগানত থকা সময়খিনি মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। চাহ বাগানত কিছুমান এনেকুৱা ৰসাল অভিজ্ঞতা বা লটি-ঘটি হৈছিল যিবোৰ কাহিনী মনত পৰিলে মোৰ আজিও হাঁহি উঠে।

আমি পাৱৈ চাহ বাগানত থকাৰ সময়ৰে কথা। এইখন বাগানত কিছুমান এনেকুৱা মানুহ লগ পাইছোঁ যে কেতিয়াবা যদি মোৰ কোনো কাৰণত বাকীবোৰ স্মৃতি মগজুৰ পৰা লুপ্ত হৈ যায় তথাপিও এওঁলোক বা সেই লটি-ঘটিবোৰ কেতিয়াও লুপ্ত নহয়।

আমি বাগানলৈ অহাৰ ছমাহ মান পিছতে এজন সহ -পৰিচালকে নতুনকৈ জইন কৰে। আমাৰ কাষৰ বাংলোটোত দত্ত উপাধিৰ মেনেজাৰজনে নববিবাহিতা পত্নীৰ লগত থাকিবলৈ আহিল। সেই সময়ত মোৰো বিয়া হোৱা বেছিদিন হোৱা নাছিল। ন কইনা নহ’লেও পুৰণি কইনাও হোৱা নাছিলো।

মানুহজন কামলৈ যোৱাৰ পিছত অকলে থাকিব লাগে কাৰণে মোৰ লগ এজনী অহাত ভালেই পালো মই। ছোৱালীজনীও বৰ ভাল আছিল। সোনকালে আমি দুয়োটা পৰিয়ালৰ মাজত ভাল বন্ধুত্ব হ’ল। ঘৰৰ নিচিনা হ’লোঁ আমি। এই দত্তৰ লগত হোৱা লটি-ঘটি আজি মই ক’ম সকলোকে।

দত্তৰ ঘৰ ডিব্ৰুগড়ত হোৱা বাবে ঘৈণীয়েক প্ৰায়ে যায় ঘৰলৈ। কিন্তু দত্তই মন কৰিলে পত্নী ঘৰত যোৱা সময়ত এটা ঘটনা প্ৰায়ে ঘটে সিহঁতৰ। প্ৰথমতে একো নাভাবিলেও পিছলৈ কথাটো দত্তই মন কৰিলে। আৰু এদিন আমাৰ ঘৰত আহি কথাটো ক’লে। প্ৰথমতে আমিও আচৰিত শুনি ঘটনাটো। আৰু অলপ পিছত সকলোৱে হাঁহিব ধৰিলো।

কথাটো হ’ল দত্তৰ মাংস বহুত প্ৰিয়। মাংস নোহোৱাকে দত্তই ভাত নালাগে ৰাতিপুৱা ব্ৰেকফাষ্টো নাখায়। মুঠতে তিনিও সাজতে মাংস লাগিব। দত্তৰ ঘৈণীয়েক যেতিয়া ঘৰলৈ যায় দত্তই ৰান্ধনিজনক ৰাতি মাংস ৰান্ধিলে থৈ দিবলৈ কয় আৰু পুৱাৰ আহাৰত ৰুতি বনালে লগত খাবলৈ। ঘৈণীয়েক থাকিলে চব্জী বনাব দিয়ে কিন্তু দত্তই অকলে থাকিলে মাংসৰেই খায়। সেইমতে ৰান্ধনিজনে থৈ দিয়ে।

কিন্তু এবাৰ ঘৈণীয়েক ঘৰলৈ যাওঁতে  দত্তই মাংস  খাবলৈ গৈ চায় যে মাত্ৰ দুপিচ আছে। তেওঁৰ মনত আছে ৰাতি চাৰি টুকুৰা থৈছিল কিন্তু এতিয়া দুটুকুৰা যে? ৰান্ধনিজনক সোধাত ক’লে, ছাৰ  মই   ফ্ৰীজত যেনেকে আছে তেনেকৈয়ে গৰম কৰি দিছোঁ। আপুনি খোৱা বুলি ভাবিছোঁ। পিছদিনাও একে গতি। সেইদিনা ৰাতি দত্তই নিজে হিচাপ কৰি থ’লে। ছয় টুকুৰা আছে। ৰাতিপুৱা ছয় বজাত কামজাৰিত গৈ দহটা বজাত ব্ৰেকফাষ্ট কৰিব আহি দেখে তিনি টুকুৰা মাংস দিছে তেওঁক ৰুতিৰ লগত। ৰান্ধনিজনক সোধাত ক’লে যে সি ফ্ৰীজৰ ভিতৰত থকা টিফিনত তেনেকৈয়ে পাইছে। লগতে তাক সন্দেহ কৰিবলৈ মানা কৰিলে।

তেনেতে ৰান্ধনিক সহায় কৰা বেহেৰাজনৰ অলপ সন্দেহ হ’ল। আৰু সি দত্তক ক’লে, ছাৰ! আপুনি ৰাতিপুৱা ছয় বজাতে বাগানত কামজাৰী চাবলৈ যায়। আৰু আমিও আঁঠ বজাতহে আহোঁ। বাইদেউও ঘৰত নাই গতিকে তেতিয়ালৈ চকীদাৰহে থাকে। আৰু সিতো ভিতৰত বাচন ধোৱা, আপোনাক চাহ বনাই দিয়া কাম কৰেই। গতিকে সিয়ে খায় নথয়তো?

দত্তৰো গাত লাগিল কথাটো। মাংস খোৱাত আপত্তি নাই কিন্তু জুঠা কৰি থ’লে ভাল নালাগে। গতিকে এইবাৰ চোৰ ধৰিমেই বুলি সেইদিনা ৰাতি আকৌ হিচাপ কৰি মাংস থলে টিফিনত ভৰাই। পিছদিনা ৰবিবাৰ আছিল। সেইবাবে ৰাতিপুৱা চকীদাৰজনক ক’লে যে মোৰ ভোক লাগিছে আৰু ৰান্ধনি আঁঠটাতহে আহিব গতিকে তই মোক ৰুতি বনাই দে।

চকীদাৰজনে ৰুতি বনালে আৰু তেতিয়া দত্তই মাংসখিনি গৰম কৰি দিবলৈ ক’লে। সি মাংসখিনি আনি দিলে আৰু আগৰ দৰে কমি থকাত তাক দত্তই সোধাত প্ৰথমতে নাজানো বুলি ক’লে। কিন্তু দত্তই ক’লে মই ৰাতি চাৰি টুকুৰা থৈছিলোঁ আৰু ফ্ৰীজৰ ভিতৰত তইয়ে ভৰাইছিলি। এতিয়া কেনেকে কমি গ’ল?

চকীদাৰে সেমেনা সেমেনী কৰি ক’লে,

: ছাৰ এঠীয়ে খালে চাগৈ?

: এঠীয়ে খালে? এইটো কি বস্তু?

চকীদাৰে ক’লে,

: ছাৰ এঠী নাজানে আপুনি? এঠী মানে সেই যে বেৰত বগাই ‘টিকটিক’ সেইটো আকৌ।

দত্তৰ মুখ মেল খায় গ’ল তাৰ কথা শুনি। এঠী মানে টিকটিক! আৰু টিকটিক মানে জেঠী। সেই জেঠীয়ে মোৰ ভাগৰ মাংস ফ্ৰীজৰ ভিতৰত থকা টিফিনৰ পৰা উলিয়াই খায় আৰু চাৰি টুকুৰা মাংসৰ দুটুকুৰা খায়, দুটুকুৰা মোলৈ থয়। তাৰপিছত আকৌ টিফিনৰ ঢাকনি বন্ধ কৰি ফ্ৰীজত থৈ দিয়ে।

চকীদাৰৰ কথা শুনি দত্তৰ মূৰ ঘূৰাই গ’ল আৰু দত্তৰ কথা শুনি আমাৰ মূৰ ঘূৰাই গ’ল।

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published.