ফটাঢোল

লাইফ অন ৰেন্ট – ৰঞ্জু শৰ্মা

‘ভাড়া’ বুলি ক’লেই বহু কথাই মনলৈ আহে। ঘৰভাড়া, গাড়ীভাড়া, টেন্টৰ সামগ্রী ভাড়া ইত্যাদি ইত্যাদি। পিছে এইবোৰত এতিয়া একো নতুনত্ব নাই। সময় আৰু যুগৰ পৰিৱর্তনৰ লগে-লগে এতিয়া এই ভাড়া প্রথাটোৱেও বহুখিনি উন্নতি কৰিলে। আচলতে এক নতুন যুগৰে সূচনা কৰিলে বুলিও ক’ব পাৰি।

মোৰ সৰু মামাৰ কথাটোকে ধৰা হওঁ‌ক। মামা মানুহজন অৱসৰপ্রাপ্ত লগতে এতিয়া সম্পূর্ণ অকলশৰীয়া। এনেই তেওঁ যথেষ্ট সুখী যদিও মাজে-মাজে অকলশৰীয়া হোৱা দুখটোৱে উক্ দিয়ে। তেতিয়াই তেওঁ জিঅ’টো লৈ বহে। তাৰ পিছত এবেলা স্মার্ট চিটিৰ পৰা আৰম্ভ কৰি মনুসংহিতালৈ, উগাৰি-উগাৰি ভাগৰি নপৰালৈ গৰম-গৰম কথাৰ খিচিৰি পকাই থাকে। বিৰক্ত হৈ এদিনাখন মামাক ক’লো,“তোমাৰ এই জ্ঞানবোৰ বিনামূলীয়াকৈ ফোনে-ফোনে বিতৰণ কৰি থকাতকৈ পেপাৰে-পত্রই লিখিবাচোন, দেশৰ লগতে দহৰো উপকাৰ হ’ব”।

গহীনকৈ হাঁহি এটি মাৰি মামাই ক’লে,“অমুক শইকীয়াক চিনি পাৱনে?”

: পাওঁ‌তো । কিছু লিখে দেই মানুহটোৱে!

: মিছেচ তমুক ভৰালী?

: আৰে মামা, ভৰালী বাইদেউক চিনি নাপাম নেকি! কথা কোৱা । সাহিত্যৰ জগতখনত তেওঁ মোৰ গুৰুৰ লেখীয়া। একেবাৰে একলব্য আৰু দ্রোণাচার্য্য টাইপ ৰিলেচন ।

পৰম সন্তুষ্টিৰ হাঁহি মাৰি মামাই পুনৰ ক’লে..

: হেৰৌ বুর্বক, কোন জামানাত আছ’ তই? তেওঁলোকৰ লিখাবোৰ আৰু মই যে এই বকি থাকো সেইবোৰৰ মাজত তই কিবা এটা ওতঃপ্রোত ধৰণৰ মিল দেখা নাইনে?
——
: আমাৰ দৰে অখ্যাত ৰাইটাৰে কাকতে-পত্রই লিখি আজিলৈকে কেইটকা অর্জা দেখিছ? এনেকৈ পোৱা কমিছনখিনিৰে অন্তত প্রতিমাহে মোৰ তামোল চিগাৰেটৰ খৰছখিনি ওলাই থাকে। যুগেটোৱেই তেনেকুৱা বুজিছ । উচিত মূল্যৰ বিনিময়ত মন-মগজু, বুদ্ধি বৃত্তি সকলো ভাড়াত পোৱা যুগ।
হেল্ল’…হেল্ল’….মিলি, মিলি ঔ.. আছ’নে তই?
ফোনটোৰ সেইটো ফালৰ পৰা মামাই টেটুফালি আছে,.. এইফালে মই জিভা বাহিৰলৈ উলিয়াই, কোৱাৰিৰে লেলাৱতি বোৱাই শ্ব’কড কন্ডিচনতে ফ্রিজ হৈ ৰৈ আছো।

আচলতে ভাৱি চালে মামাৰ কথাবোৰ একদম ঠিক। প্রস্তৰ যুগ, লৌহ যুগ, এলুমিনিয়াম যুগ, স্টীল যুগ , প্লাষ্টিক যুগ, এটা এটাকৈ যুগবোৰৰ পাৰ হৈ যোৱাৰ পিছত লেটেষ্ট চলি থকা যুগটোৱেই হ’ল ৰেন্ট যুগ। বাচন-বর্তন, বিচনা, চোফা, কুলাৰ, এচি, হিটাৰ, গেছ লাগ বুলিলেই সকলো বস্তু ভাৰালৈ পোৱা সময় এতিয়া।

সেইদিনা হঠাৎ পুৰণি বান্ধৱী এগৰাকী লগ পালো। পদোন্নতি লৈ আমাৰ চহৰলৈ নতুনকৈ আহিছে। একালত তেওঁ কেৰিয়াৰ গঢ়াত লাগি থাকি বিয়াৰ কথা নাভাবিলে। এতিয়া আৰু বয়সো নাই । অকলশৰে থাকিয়েই হেনো ভীষণ সুখী তেওঁ। এদিনাখন হঠাৎ বান্ধৱী উধাতু খাই আহিল বোলে ডাঙৰ বিপদ। ঘৰৰ মালিকে ঘৰ খালী কৰিবলৈ কৈছে। কাৰণ?..সেই চোচাইটিত অবিবাহিত পুৰুষ বা মহিলাক ঘৰ ভাড়ালৈ দিয়া নিয়ম নাই। প্রথমতে মিছাকৈ সেন্দুৰ অকণ লৈ, হাজবেন্ড দুই তিনিমাহ পিছত আহিব বুলি কৈ কিছুদিন কটালে পিছে ছমাহমানৰ পিছতো যেতিয়া গিৰিয়েক আহি নোলাল, মালিকে বুজিলে সেইজনাৰ অস্তিত্য আচলতে ভার্চুৱেল। তাৰ পিছতেই ফটোৱা জাৰি হ’ল.. হয় অ’ৰিজিনেল হাজবেন্ডক হাজিৰ কৰোৱা হওঁ‌ক নহয় এসপ্তাহৰ ভিতৰত ফ্লেট খালী কৰি যাওঁ‌ক।

বান্ধবীৰ সমস্যা, মোৰ সমস্যা। দিন ৰাতি একাকাৰ কৰি মেজিকব্রিক, ও.এল.এক্স.ত ঘৰ বিচাৰি ফুৰিলো। পিছে নাই, সকলোতে কন্ডিশ্বন একেটাই। তাৰ কেইদিনমান পিছত বান্ধৱীৰ পৰা খৱৰ আহিল– নতুন ঘৰ এটা ভাড়ালৈ ল’লে, এদিন যাব লাগে। মইও সোধো নোসোধোকৈ সুধিলো, “কেনেকৈ মেনেজ কৰিলা?”

:..আৰে কোন জামানাত আছাহে তুমি? প্রয়োজনত আজিকালি শহুৰ, শাহু, ল’ৰা-ছোৱালী, হাজবেন্ড সকলো ভাড়াত পায়। আহাচোন দেখিবা।..

হেল্ল’…..মিলি, মিলি…। বান্ধৱীয়ে সৌপিনে টেটুফালি আছে।

এইফালে কোৱাৰিৰে লেলাৱতী বোৱাই মই আকৌ এবাৰ শ্বকড কন্ডিশ্বনত পালোগৈ।

কথাতো আচলতে নোহোৱাও নহয়। সৰু মামাই কোৱাৰ দৰে এতিয়াও চাগে মই পুৰামাত্রাই এই জামানাৰ লগত সাঙোৰ খাৱ পৰা নাই। যেনেকৈ মোৰ আইতা পৰা নাছিল। এবাৰ টি-২০ চলি থকা সময়ৰ কথা। টিভিৰ পর্দাত খেল চলি আছে, কোহলী – ধোনী আদিকৈ যোদ্ধাসকলে পূর্ণগতিত বল কোবাই আছে, টিভিৰ ভিতৰে-বাহিৰে ৰাইজ নিজৰ নিজৰ পক্ষৰ সমর্থনত চিঞৰ-বাখৰ, ৰিঙি-টিকি চলাই আছে। এপাকত কোহলীয়ে মাৰিলে এটা বাউন্ডাৰী, লগে লগে পর্দাত জিলিকি উঠিল চাৰি পাঁ‌চজনীমান নৃত্যৰতা স্বল্পবসনা গাভৰু। জিলিকা-জিলিক কিছুমান জোকাৰি-জোকাৰি সংগীতৰ তালে-তালে জঁ‌পিয়াই-জঁ‌পিয়াই কি যে স্ফূৰ্তি সিহঁতৰ! ছোৱালীকেইজনীৰ স্ফূৰ্তি দেখি চকু দুটা বহলকৈ মেলি আমাৰ আজলী আইতাই কৈ উঠিল..

“আইয়ৈ দেহি, ককায়েকহঁ‌তৰ খেল চাই ভনীয়েককেইজনী স্ফূৰ্তিত ক’ব নোৱৰা হৈছে অ পাই! কেনেকৈ ফৰিঙটোৰ দৰে জঁ‌পিয়াই-জঁ‌পিয়াই নাচিছে চোৱা।”

আইতাৰ কথা শুনি আমিবোৰ প্রায় বেহুচ। cheerleaders .. ইত্যাদি কঠিন শব্দ আইতাই বুজি নাপায়, সেয়েহে কোনোবা এজনে তেওঁ‌ক চমুকৈ বুজাই থ’লে ..“আইতা সেইকেইজনী ভাড়াতীয়া ভনীয়েক । স্ফূৰ্তি কৰিবলৈকে মাতি আনিছে”।

“হৰি হৰি প্রভু, কি নো যুগ আহিল, স্ফূৰ্তি কৰিবও মানুহ ভাৰাত পায়নে?”..মনতে ভোৰভোৰাই সেইখিনিৰ পৰা আইতা আঁ‌তৰি গ’লগৈ।

আইতাই হয়তো নাজানে কেৱল স্ফূৰ্তি কৰিবলৈকে নহয়, আজিকালি দুখ কৰিবলৈও মানুহ ভাড়াত পায়। প্রয়াত হাজৰিকাদেৱৰ ‘ৰুদালি’য়ে সেই তেতিয়াই মনত কিবা এক অবুজ ভাৱনাৰ সাঁচ বহুৱাই থৈছিল। বাৰে বাৰে মনলৈ একেটাই কথা আহিছিল, সঁচাকৈয়ে বাৰু বেলেগৰ দুখত কান্দিব পৰা মানুহ পাইনে?.. কেইবছৰমান আগতে জয়চালমেৰ যাওঁ‌তে নিজ চকুৰে‘ৰুদালি’ দেখিছিলো। কেইটামান মাথোঁ‌ টকাৰ বিনিময়ত জমিদাৰ বংশৰ শৱদেহৰ ওচৰত নিজৰ পুৰণি শোক সোঁ‌ৱৰি-সোঁ‌ৱৰি এতিয়াও সেইবোৰে হিয়া ঢাকুৰি কান্দে। তাৰে বহুতেই হয়তো মৃত মানুহজনক চিনি পোৱাটো দুৰৈৰ কথা কেতিয়াও তেওঁৰ দর্শনো নহয়। আসঃ! কি যে এই বিচিত্র পৃথিৱী! এই পৃথিৱীত কান্দিবলৈও মানুহ ভাড়াত পোৱা যায়।

বিদেশত গৈ থিতাপি লোৱা সন্তানৰ অকলশৰীয়া বৃদ্ধ পিতৃ-মাতৃৰ সেৱা সুশ্রুষা কৰিবলৈ, তেওঁলোকৰ লগত সময় কটাবলৈ, কথা পাতিবলৈ আনকি মনে-মনে বহি থাকি কেৱলমাত্র তেওঁলোকৰ কথা শুনি থাকিবলৈও ভাড়ালৈ আজিকালি মানুহ পোৱা যায়। মানুহৰ স্বভাৱগত জৈৱিক তাড়না পুৰণ কৰিবলৈ যেনেকৈ ভাড়ালৈ মানৱদেহ পোৱা যায়। হাস্পতালৰ আই.চি.ইউ.ৰ মৃত্যুশয্যাত আপোনাৰ কোনোবা আপোন জীৱনৰ ক্ষণ গণি পৰি আছে অথচ আপোনাৰ ৰৈ থাকিবলৈ সময় নাই, কোনো কথা নাই আপোনাৰ হৈ আপোনাৰ আত্মীয়ৰ কেয়াৰ ল’বলৈকো ভাড়ালৈ মানুহ পাই যাব। ডাঙৰ-ডাঙৰ চহৰসমূহত আজিকালি এইবোৰ জনপ্রিয় ব্যৱসায়।

মুঠতে বর্তমান চলি থকা যুগটোৱেই হ’ল ‘ভাড়া যুগ’। এই যুগত এমুঠি সুখৰ হাঁহি, এটোপা আনন্দৰ চকুপানী আৰু জীয়াই থাকিবলৈ অকন নির্মল উশাহৰ বাহিৰে বাকী সকলো বস্তু ভাড়াত পোৱা যায়। ‘লাইফ অন ৰেন্ট।’

☆★☆★☆

5 Comments

  • Rintumoni Dutta

    সুন্দৰ লেখা, ভাল লাগিল পঢ়ি

    Reply
  • parishmita

    মজ্জা

    Reply
  • Prasenjit Goswami

    ভাল হৈছে নতুন গল্প এটা ওলাব চাগে জীৱন ভাড়া লোৱা লৈ।

    Reply

Leave a Reply

Your email address will not be published.