ফটাঢোল

লাই হালে জালে-মাধুৰীমা ঘৰফলীয়া

গাঁও দুখনৰ ঠিক সীমাতে জানটো। এক কথাত ক’বলৈ গ’লে জানটোৱেই গাঁও দুখনক ভাগ কৰিছে। হওঁতে প্ৰধান পথত জানৰ ওপৰত পকী দলং এখন আছে যদিও লাহেশ্বৰী, ৰূপালীহঁতৰ দৰে জানটোৰ আশে পাশে থকা মানুহবোৰে ইপাৰ সিপাৰ হ’বলৈ ঘৰৰ কাষতে সাঁকো সাজি লৈছে। মানুহবোৰে বিশেষ দৰকাৰ নহ’লে সকলোবোৰ আহ-যাহ সাঁকোৰেই কৰে। এডোখৰ বাট ঘূৰি-পকি পকী দলঙেৰে যাবলৈ এলাহ কৰে। 

খৰালি কালত একাঁঠুমানহে পানী ভাৰ বৈ লৈ থকা জানৰ পাৰটো গৰু ছাগলীৰ আদৰ নোপোৱা ঘাঁহ-বনেৰে ভৰি থাকে। মাজে মাজে ক’লা কচু। জানৰ পাৰত গজা এই কচুবোৰৰ সোৱাদ গাঁৱৰ আন ঠাইত পোৱাতকৈ বেছি। ছোৱালীজনীয়ে ডাল কচুৰে ৰন্ধা জোলকণ খাই বৰ ভাল পায়। গতিকে তাই স্কুলৰপৰা অহাৰ আগে আগে কচু কেইডালমান বিচাৰি আনো বুলি লাহেশ্বৰী আহি জানৰ পাৰ পালেহি।

হাতৰ মুঠিৰে এমুঠি কচু হোৱাৰ আগতেই বাঁহফলা চিঞৰ এটাত লাহেশ্বৰীৰ হাতখন ৰৈ গ’ল। মূৰ তুলি চাই দেখিলে জানৰ সিপাৰে ৰূপালী। হাতত ভলুকা এছাৰি এডাল। সেই এছাৰি ডালৰ জোকাৰণিত জানৰ চিলচিলীয়া পানীৰে দুপদাপকৈ লাহেশ্বৰীৰ নতুন গৰুজনী এইপাৰ হৈছে।

: কিমানবাৰ কৈছোঁ গৰু পুহিছ যদি এৰাল দি ৰাখ। কোনোবাদিনা পাউণ্ড সোমোৱালেগৈ পাবি মজা।

: পথাৰত ধান-চান নথকা এনেকুৱা মুকলি দিনত কাৰ গৰু এৰাল দিয়া দেখিছ তই?

ৰূপালীৰ চিঞৰত সমান উষ্মাৰে নহ’লেও খঙেৰেই লাহেশ্বৰীয়ে সুধিলে।

: বেলেগৰ গৰুৰ হিচাপ ল’ব নালাগে নিজৰজনীলৈ চা। তোৰজনীৰ দৰে চটাই পাখৰী গৰু আৰু এই অঞ্চলতে আছেনে? কিনি আনিছেও আনিছে নেজ কটা গৰু! গভাইত চোৰ নহ’লে নেজ কাট খাইনে? পৰহি ডলাত মেলি থোৱা সিজাই থোৱা শিলিখাসোপা খালে। আজি ল’ৰাটোলৈ ৰান্ধি থোৱা ভাতখিনি চৰু উদঙাই খাই আহিছে! ইমানেই অত্যাচাৰী!

এইবাৰ লাহেশ্বৰীয়ে একো মাত নামাতিলে। কথাটো নোহোৱাও নহয়। এইজনী গৰুৱে তাইক পানী পানী খুৱাইছে। পিচে তাইক মনে মনে থকা দেখি অলপো অনুতপ্ত হোৱা নাই বুলি ভাবি ৰূপালী আকৌ জকজকাই উঠিল,

: যেনে মালিক তেনেহে গৰু! মালিকেও লোকৰ ঘৰ উছন কৰে গৰুৱেও সেইটো কৰে,

ধপং…

চপৰা এটা খহি পানীত হোৱা শব্দৰ ভয়ত নে ইয়াৰ পাছত হ’ব লগা কাজিয়াৰ শব্দ প্ৰদূষণৰ ভয়ত জানত মাছলৈ বুলি জোপ লৈ থকা বগলী  দুটামান ধপধপাই উৰি গ’ল। আনফালে হাতৰ কচু দলিয়াই মেখেলা কোঁচাই সাঁকোডালত ধৰি লাহেশ্বৰী দপদপাই উঠিল,

: কি কলি কি কলি, তোৰ ঘৰ আমি উছন কৰিলোঁ। সদায় সদায় যে তোৰ একেটাই কথা। পিচে এইটো উত্তৰ নিদিয় কিয় তোৰ সেই জহনীত যোৱা মতাটোৰ নিজৰ কি একো চিন্তা ভাৱনা নাছিল?

: আছিল আছিল সি নাযাওঁ বুলিয়েই কৈছিল কিন্তু তোৰ জহনীত যোৱা মতাটোৱেহে টানি আঁজুৰি নিলে। উহঃ উছন কৰিলে মোৰ ঘৰখন!

: উছন কেৱল তোৰেই হোৱা নাই মোৰো হ’ল।

সাঁকোডালক সাক্ষী কৰি দুয়োজনী শোক আৰু খঙত জ্বলি উঠিল। 

হয়, উছন দুয়োখন ঘৰৰ ঘাই শিপাডাল হৈছিল। দুয়ো অন্তৰংগ বান্ধৈ গাঁৱৰে বিয়া এখনত দৰাঘৰীয়া হৈ কইনা আনিবলৈ গৈছিল। ৰূপালীৰ মানুহজনক যাবলৈ দিবলৈ মন নাছিল পিচে বন্ধুৱেকে জোৰ কৰাত তাইৰ কথা নৰজিল। ঘূৰি আহোঁতে সেইখন দৰাঘৰীয়া গাড়ীৰ সকলোবোৰৰ নিথৰ দেহটোহে ঘূৰি আহিছিল। গাড়ীখনে ৰৈ থকা ট্ৰাক এখনত খুন্দা মাৰিছিল। এজনো বাচি থকা নাছিল। বিয়াঘৰখনৰ লগতে দুয়োখন গাঁও মৰিশালিৰ দৰে হৈ পৰিছিল বহুদিনলৈকে। তাৰ পাছত এটা যুগ পাৰ হ’ল। সেইসময়ত স্কুলত পঢ়ি থকা লাহেশ্বৰী, ৰূপালীৰ ছোৱালীজনী আৰু ল’ৰাটোৱে এতিয়া নিজেই স্কুলত পঢ়ায়। কিন্তু সেইকুৰা জুই এতিয়াও দুয়োৰে বুকুত জ্বলি আছে। লাহেশ্বৰীয়ে পাহৰোঁ বুলি ভাবিলেও ৰূপালীয়ে নিদিয়ে। তাইৰ মতে তাইৰ মানুহজনক লাহেশ্বৰীৰ গিৰিয়েকেহে নি মাৰিলে। 

কাজিয়াখন আৰু কিমান সময় চলিলহেঁতেন ঠিক নাই। বাইক এখন ৰূপালীৰ ঘৰৰ চোতালত ৰ’লহি। লাহেশ্বৰী আৰু ৰূপালীৰ পাছৰ প্ৰজন্ম সোণমনি আৰু নিপু বাইকৰপৰা নামিল। দুদিনমান হ’ল সোণমনিৰ স্কুটিখন কিবা এটা বেয়া হৈ গেৰেজত পৰি আছে গতিকে নিপুৰ বাইকতে এইকেইদিন অহা যোৱা কৰিছে। দুয়োটাৰ স্কুল দুখন ওচৰা ওচৰি। অৱশ্যে ওচৰত নোহোৱা হ’লেও নিপুৱে তাইক অনা নিয়া কৰি দিলেহেঁতেন। দেউতাক দুজন ঢুকুৱাৰ পাছত ঘৰদুখনৰ মাজত অহা ফাঁটটো সিহঁত দুটাৰ মনৰ মিলে বহুখিনি নোহোৱা কৰিলে। দুয়োজনী মাকৰো এই মিলক লৈ অকনো আপত্তি নাই। কেনা মাথো মানুহদুজনৰ কথা ওলালেহে লাগে। বাকী সকলোতে ফৰকাল।

নিপুৰ চকুলৈ নোচোৱাকৈয়ে যাওঁ বুলি কৈ গহীন গহীনকৈ সাঁকোৰ কাষ পোৱা সোণমনিয়ে সাঁকোৰ দুয়ো মূৰে ৰৈ থকা মানুহদুজনীলৈ চালে। ইতিমধ্যে বাইকৰ শব্দ শুনি দুয়োৰে মাত বন্ধ হৈছিল তাতে সমুখত সোণমনিক দেখি দুয়ো ভেচভেচীয়া হৈছিল। ছোৱালীজনীক লাহেশ্বৰীয়ে নহয় ৰূপালীয়েও সমীহ কৰে। তাইৰ শান্ত সৌম্য ৰূপটোৱে জুই একুৰাকো ঠাণ্ডা কৰি দিব পাৰে।

: আহি পালা মা?

খংবোৰ সামৰি ৰূপালীয়ে সুধিলে।

: ওঁ। নিপু ভোকত আছে চাগে বৰমা, মুখখন শুকাই আছে ।

: পুৱা একোকে খাই নগ’ল সি। পেটটো ফুলি থকাৰ দৰে লাগিছে বুলি কৈছিল।

: হুমমম…এতিয়া ভাল হ’ল চাগে। মই যাওঁ।

কথাষাৰ কৈ সোণমনি সাঁকোত উঠিল।  ইটো পাৰে থকা মাকৰ চকুলৈ চাই একো নকৈ ঘৰলৈ বুলি আগবাঢ়িল।

কাজিয়া শেষ হোৱা যেন পাই বগলীবোৰো উভতি আহিল। চৰাই এখিনি সোণমনিৰ বুকুতো উৰি ফুৰিছে। চিঞৰ বাখৰ কৰি, ঢপলিয়াই যেন সকলোবোৰ বিশৃংখল কৰি পেলাব।

পুৱা নিপুৰ মুখখন দেখিয়ে বুজি পাইছিল অভিমানত মন ভৰাই থৈছে সি। তাই একো নক’লে আৰু ক’বই বা কি? বুজন হোৱাৰ বয়স কেৱল তাইৰে হোৱা নাই তাৰো হৈছে। এনেকৈ সৰু সৰু কথাতে ওফোন্দ পাতিলে তাই সদায় চম্ভালি থাকিব নোৱাৰে।

কথাটো আৰম্ভণি হৈছিল এমাহমানৰ আগতে। সোণমনিৰ ভাল বন্ধু অংকুৰে হঠাতে তাইক বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। অথচ অংকুৰ বুলিয়ে নহয় সোণমনি আৰু নিপুৰ মাজৰ সম্পৰ্কৰ কথা সকলোৱে জানে। তথাপি অংকুৰে সেইটো প্ৰস্তাৱ আগবঢ়োৱাত তাই খিলখিলাই হাঁহি উঠিছিল। তাক ধেমালিকৈয়ে কৈছিল, 

‘ভাবি চাওঁ ৰ’বা’।

পিচে অংকুৰে ধেমালিকৈ ভবা নাছিল। দুদিনমানৰ পাছত তাৰ মাকক সিহঁতৰ ঘৰলৈ পঠালতহে তাই চেতনা আহিল। অংকুৰক সকলোবোৰ কথা ভালকৈ বুজাই দিলে। সি বুজি পালে কিন্তু ঠেহ লাগিল নিপুৰ। তাৰ মতে সকলোবোৰ কথা জানিও সি কিয় তাইক বিয়াৰ কথা সুধিব? কিবা এটা সুবিধা পাব লাগিব? 

সোণমনি আচৰিত হৈ গৈছিল তাৰ কথা শুনি। মনৰ খং মনতে সামৰি তাক বুজাবলৈ চেষ্টা কৰিছিল যে সিহঁতে এতিয়ালৈকে বিয়াৰ কথা ভবা নাই বাবেই হেনো সি সুধি চাইছিল কিজানি তাই বেলেগ কিবা ভাবিছে। আৰু বহু আগৰেপৰা সি তাইক ভালপাই বাবে এবাৰ সেইটোও জনাবলৈ মন গ’ল হেনো!

নিপুৰ খং নকমিল। বন্ধু বন্ধু বুলি আশে পাশে ঘূৰি ফুৰি সি যে সেইটো ভাবি আছিল তাই আজিলৈকে একেবাৰেই ভূ নাপালে নে তাক জনোৱাৰ ইচ্ছা নকৰিলে!

সোণমনিয়ে আৰু একো নক’লে। এবাৰ তাৰ চকুলৈ চাই মৌন হৈ ৰ’ল। স্কুটিখন বেয়া হোৱাত সি অনা নিয়া কৰিছে তাই নিৰৱে অহা যোৱা কৰিছে। ঠেহ এৰা, খং এৰা বুলি কথা এষাৰো কোৱা নাই।

সোণমনিৰ নিৰৱতাই নিপুক জ্বলাই নিছে।

ৰাতি ভাত খাবৰ সময়ত নিপুৱে মাকলৈ চাই সুধিলে,

: তুমি আৰু খুৰীয়ে সদায় সেই একেটা কথাকে লৈ কাজিয়া কৰি থাকিম বুলি ভাবিছা নে কি?

মাকে নিপুৰ চকুলৈ চালে, বগলীৰ মুখত থকা মাছ এজনীৰ দৰে তাৰ চকুহাল থৰ হৈ আছিল। তেওঁ চকুহাল আনফালে ঘূৰালে।

একেষাৰ কথাকে সোণমনিয়েও মাকক সুধিলে,

: তোমালোকে আৰু কিমান দিন কাজিয়া লাগিম বুলি ভাবিছা?

মইতো আৰম্ভ নকৰোঁ বুলি ক’বলৈ লৈয়ো লাহেশ্বৰী ৰৈ গ’ল। 

ছোৱালীজনী কষ্টত আছে। মানুহজনৰ নিথৰ শৰীৰটো সপোনত দেখা পালে তাইৰ যেনেকুৱা কষ্ট হয় ঠিক সমপৰিমাণৰ কষ্টত চাগে। তললৈ মূৰ কৰি লাহেশ্বৰী তামোল কাটিবলৈ লাগিল। তামোলত ব্যস্ত হৈ পৰা মাকলৈ চাই সোণমনি বাহিৰলৈ ওলাই আহিল। নিপুলৈ ফোন লগালে।

: ও কোৱা।

ফোনটো ধৰিয়ে মাত লগালে সি। সেই মাতত অভিমান আছিল নে নাই তাই মন নকৰিলে।

: কথাবোৰ ইমানতে সামৰোঁ নিপু। সৰু সৰু কথাক লৈ যদি এনেকৈ আমি যুদ্ধ কৰি থাকিব লগা হয় পাছৰখিনি সময় বৰ কষ্টদায়ক হ’বগৈচোন। তাতে মা আৰু বৰমাৰো দেখোন শেষ নোহোৱা অভিযোগ!

: কিন্তু..

: কিন্তু বুলিবলৈ আৰু কি আছে কোৱা? ভালপোৱাৰে কেৱল সম্পৰ্ক এটাক জন্ম দিব পাৰি তাক জী ৰাখিবলৈ হ’লে বুজাবুজি, বিশ্বাস লাগে, যিটো তোমাৰ মোৰ বা আমাৰ দুয়োটাৰে জীৱনৰ সৈতে জড়িত থকা মাক দুগৰাকীৰ মাজতো বহুত কম আছে যেন লাগিছে। এনেকৈ নোৱাৰি নিপু, মই নোৱাৰোঁ আৰু তুমি সেয়া জানা।

ফোনৰ দুয়োপাৰে মাতবোৰ ৰৈ গ’ল। কাণ উনাই তামোল কাটি থকা লাহেশ্বৰীৰো হাতখন ৰৈ গ’ল।

পিছদিনা মূল পথৰে টেম্পোত উঠি স্কুললৈ যাবলৈ বুলি ওলোৱা সোণমনি ঘৰৰপৰা ওলোৱাৰ লগে লগে লাহেশ্বৰীও ওলাল। ৰূপালীৰ ঘৰৰ চোতালৰপৰা বাইকৰ ধোঁৱাৰ গোন্ধ মাৰ নাযাওঁতে তাই গৈ সিহঁতৰ চৰাঘৰ পালেগৈ। দুয়োজনী মানুহ তাতে লেপেটা খাই বহিল। এবঁটা তামোল শেষ হোৱাৰ পাছত লাহেশ্বৰী ঘৰমুৱা হ’ল।

: ব’লচোন ব’ল, অকণমান সময়ৰ বাবে সিহঁতৰ ঘৰৰপৰা আহোঁ। লাহেশ্বৰীৰপৰা বৰ দৰকাৰী বস্তু এটা আনিব লাগে।

এসপ্তাহমানৰ পাছৰ গধূলি এটাত ৰূপালীয়ে নিপুক লগ ধৰিলে। 

: কাজিয়া লাগিবলৈও উৰি যাবা আৰু দৰকাৰী কামটোও তাতে ওলায়। একেবাৰে অৰ্থ নাইকিয়া মানুহ তোমালোক।

মুখেৰে মাকক ভোৰভোৰালেও নিপুৰ মনটোও এইকেইদিন আঁতৰি থকা সোণমনিৰ কাষলৈ ঢপলিয়াই আছিল। গতিকে বেছি না-নুই নকৰি টৰ্চটো লৈ মাকক আগবঢ়াই নিলে।

আনফালে মাক পুতেকক গধূলি-বেলিকা দেখি সোণমনি থকা ঠাইতে থিয় হৈ ৰ’ল। অৱশ্যে নিপুক হাড়ে হিমজুৱে চিনি পাই বাবে বৰ বেছি আচৰিত নহ’ল। সোণমনিয়ে যতনাই দিয়া চাহৰ কাপকেইটা মাজত লৈ চাৰিও ঘূৰণীয়াকৈ বহিল। প্ৰথমে মাত দিলে ৰূপালীয়ে,

: বুজিছ আমি দুজনীয়ে কাজিয়া লাগোঁ, চিঞৰ বাখৰ কৰোঁ, এইবাবে নহয় যে আমি ইজনীয়ে সিজনীক সহ্য কৰিব নোৱাৰোঁ। আমি মাথো সেই সময়খিনিক দোষাৰোপ কৰিহে কাজিয়া লাগোঁ।

কথাৰ আৰম্ভণি দেখি নিপু আৰু সোণমনিয়ে ইটোৱে সিটোলৈ কৌতুহলেৰে চালে।

: ইজনীয়ে সিজনীৰ প্ৰতি কিবা বেয়া ভাব থকা হ’লে ইঘৰৰ পাকঘৰত ৰন্ধা বস্তুটো সিঘৰৰ পাকঘৰ নাপাইগৈ! আমি কাজিয়া লাগোঁ বুলিয়ে তহঁত দুটাই মন বেয়া কৰিব নালাগে নহয়।

এইবাৰ লাহেশ্বৰীয়ে ৰূপালীৰ ৰৈ যোৱাখিনি ক’লে। তাকে শুনি নিপু মিচিকিয়াই উঠিল।

: তাৰমানে তোমালোকে কাজিয়া লাগিলে আমি ফূৰ্তি পাব লাগেনে কি? 

: নালাগে। সেইবুলি মন বেয়া কৰিবও নালাগে। বাৰু এতিয়াৰপৰা আমি দুজনীয়ে কাজিয়া নকৰোঁ। এনেও কালিলৈ পৰহিলৈ দুয়োখন ঘৰ এখন হৈ পৰিব। আমি কাজিয়া লাগি থাকিলে শতৰুৱে চলহে পাব। নে ক’ লাহেশ্বৰী?

ৰূপালীয়ে লাহেশ্বৰীলৈ চোৱাত তায়ো সন্মতিৰে মূৰ জোকাৰিলে।

: কিন্তু আমি বিয়াৰ কথা ভবা নাই …আমি মানে সোণমনিয়ে….

নিপুৱে খপজপকৈ ক’লে।

: মই ভবা নাই বুলি কেতিয়া ক’লোঁ।

চাহৰ কাপকেইটা উঠাই লৈ সোণমনিয়ে কেৰাহিকৈ তালৈ চাই ক’লে। মুখত জান-নিজান হাঁহি এটা বিৰিঙাই তাই পাকঘৰত সোমালগৈ। 

এইবাৰ নিপুৰ থৰ হোৱাৰ পাল।

ফোনত টুংকৈ শব্দ এটা হ’ল। মেছেজ অহাৰ শব্দ। খুলি চালে, সোণমনিৰ মেছেজ। 

‘এখন যুদ্ধৰ আঁৰত এখন শেষ হ’ল যেনিবা। তোমাৰখন শেষ হ’ল নাই নাজানো, কৰিবা সোনকালে। তিনিটা অবুজনক লৈ ফুৰিব নোৱাৰোঁ মই। তুমি বুজন হোৱা, তাৰপাছত দুয়োটাই সেই তামোল খাই সেলেঙি লগাই থকা দুটিক লৈ ফুৰিম। হেলাৰঙে।’

মেছেজটোৰ পৰা চকু আঁতৰাই পাকঘৰৰ ফালে চালে, ভৰদুপৰীয়া বাঁহতলৰ পুখুৰীৰ কাৱৈ টিলিকাই পানীৰপৰা মুখ উলিওৱাৰ দৰে পাকঘৰৰপৰা মুখখন উলিয়াই সোণমনিয়ে তালৈ চাই বিজুলীৰ দৰে হাঁহি এটা মাৰি আকৌ লুকাই পৰিল। এইবাৰ মুখখন মাক দুজনীৰ ফালে ঘূৰালে। আঙুলি মূৰত দিন-বাৰ হিচাপ  কৰি শুভ দিন-বাৰ বিচৰাত ব্যস্ত দুয়ো। সাঁকোৰ দুয়োমূৰে ৰঙা চকুৰে ইজনীয়ে সিজনীলৈ চাই থকা মুখ দুখনৰ সামান্যও ছাঁ নাই তাত। সুখৰ লহৰ এটাই পলকতে তাৰ মনটো ভৰাই তুলিলে। ঠিক, ঠিক ভৰ বাৰিষাৰ পানীয়ে বুকুলৈকে খালী হৈ থকা জানটো ভৰাই তোলাৰ দৰে!

☆ ★ ☆ ★ ☆

2 Comments

  • কাবেৰী মহন্ত

    সুন্দৰ সুন্দৰ উপমাৰে মনোমোহা এক কাহিনী! বিৰাট ভাল পালোঁ মাধুৰীমা

    Reply

Leave a Reply

Your email address will not be published.