ফটাঢোল

লাঞ্ছিত আৰু শোষিত লেখক- হেমন্ত কুমাৰ কাকতি

পৃথিৱীৰ মহান কবি সাহিত্যিকসকলৰ সৃষ্টিৰাজী সদায় স্বতঃস্ফূৰ্তভাবে ওলাই আহি পাঠকৰ হৃদয় দখল কৰে৷ কিন্তু আমাৰ দৰে কম প্ৰতিভাধাৰী মনুষ্যই যদি কিবা গল্প, কবিতা বা অন্যান্য শিল্প কৰ্ম আদিৰ সৃষ্টি কৰিব খোজে, তেনেহ’লে সেয়া বলপ্ৰয়োগ অবিহনে সম্ভৱ নহয়! কিবা এটা লিখিবলৈ আপোনাৰ যদি বলপ্ৰয়োগ কৰিব লগা অৱস্থা হৈছে তেনেহ’লে বুজিব সেয়া আপোনাৰ সময়ৰ অপচয়ৰ বাহিৰে একোডাল নহয়৷ সেই সময়ত আপুনি অন্তৰ্আত্মাৰ ‘আৱাজ’ শুনি ‘ইম্মিদিয়েট’ সকলো সামৰি থৈ দুপৰীয়া বা ৰাতিলৈ কি খাব, ঘৰখনত চাউল দাইল কিবা আছেনে নাই সেইবোৰ চিন্তা কৰক! কি ক’লে? আপুনি খোৱা লোৱাৰ প্ৰতিও উদাসীন? হেৰি, জীয়াই থাকিবলৈতো কিবা খাব লাগিবই না৷ কমচেকম মানুহজনীৰ গালি খোৱাৰ পৰা বাচিবলৈ হ’লেও পাকঘৰটোত কি কি টেমা আছে, কোনটো খালি হৈছে, বা কোনটো টেমাত চাহপাত আৰু কোনটোত চেনী ৰাখে সেইটোৱেই জানি থওক৷ সেইটোত বিশেষ বল প্ৰয়োগ কৰিবলগীয়া একো নাই৷ মানে ব্ৰেইনটোক পুৰা ৰেষ্টত ৰাখি চকু দুটা আৰু হাত ভৰি দুখনৰ সঞ্চালন অলপ কৰিলেই হ’ল৷

বাৰু, কি কৈ আছিলোঁ? অ’ কলাৰ সৃষ্টি৷ ক্ৰিয়েটিভিটি৷ আচলতে আবোল তাবোল বকি থকাতকৈ মূল কথাটোলৈ আহোঁ৷ মোক এটা লেখাৰ দৰ্কাৰ! চলে বলে কৌশলে ‘লেখা’ এটা লাগেই৷ বিহু সংখ্যা মেগাজিন ‘ভয় খাই অসম’ৰ বাবে লেখা এটা লাগে বুলি সম্পাদক মহোদয়ে দাবী ধমকি দি থৈছে৷ লেখা নেপালে ফেচবুক, হোৱাটচএপত আনফ্ৰেণ্ড, ব্লকৰ পৰা গৈ কথা ঘৰত আহি পিটন দিয়ালৈকে হৈ যাব পাৰে৷ আগৰ দুজন সম্পাদকে লেখা নেপাই ব্লক কৰিয়েই ক্ষান্ত থকা নাই, সিদিনা ৰাস্তাত দেখিও মুখখন ঘূৰাই দিলে৷ সিহঁতেতো বুজি নেপায় যে মই আজিকালি শেষ হোৱা টুথপেষ্টৰ টিউবটোৰ দৰে হ’লোঁ৷ ৰোড ৰোলাৰেৰে চেপিলেও ‘মাল’ নোলায়৷ কি কৰিব, কিবা কুক্ষণত যোৱা বছৰ মেগাজিনত বহুত সন্তৰ্পণে লোকৰ পৰা চুৰি কৰি অনা লেখা এটা দি বাঃ বাঃ কমাইছিলোঁ৷ সেইটোৱে মোৰ কাল হ’ল৷ সেইদিনটোৰ বিষয়ে এদিন গণকক মাতি দেখাওঁতে কৈছিল সেই শনিবাৰটো হেনো দুশ বছৰৰ পিছত এবাৰেই আহিছিল৷ সেইদিনা শনি, মঙ্গল আৰু কেতুৰ মিলন হোৱাৰ লগতে ৰাহুৰো সংযোগত চতুৰ্পাপ দৃষ্টি মোৰ জন্ম নক্ষত্ৰত পৰিছিল৷ পিচে মই এইবোৰত বিশ্বাস নকৰি হাঁহি উৰুৱাই দিছিলোঁ৷ আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ যে কি কুগ্ৰহৰ প্ৰভাবে মোক নিজৰ অজানিতে টানি লৈ গৈছিল৷ একে লগৰ দুৰ্জয় মহন্ত, পিণ্টুমনি ভট্টহঁতে কি সুখত দিন কটাইছে৷ না কোনোবাই লেখা লাগে বুলি আমনি কৰে না মাহৰ শেষত লেখা দিয়াৰ টেনচন লয়৷ এয়া মালিক পক্ষৰ শোষণ নহয় যদি কি? আচলতে মোৰ মায়ে প্ৰায়েই কৈছিল, আমাৰ ল’ৰাটো (মানে মই) বৰ বুৰ্বক বুলি৷ কোনো দিন ফাঁকি মাৰিবলৈ নিশিকিলোঁ হেনো৷ মাৰ কথা শুনিয়েই নিজকে শুধৰাবলৈ জীৱনত ফাঁকিৰ ওপৰি ফাঁকি দিলোঁ যদিও এইবাৰ যে এনেকৈ ফচিম ভবা নাছিলোঁ৷

আচলতে লেখাটো পঢ়ক নপঢ়ক কিন্তু এই যে লাইক কমেণ্ট আৰু লাভ ৰিয়েকচন এসোপা দি ফেচবুকৰ পাত যে ভৰাই পেলাই, তাৰ সুখ কি বুজিব দুৰ্জয় মহন্তহঁতে৷ এবাৰ ভাইটি কবিজিত কলিতাই কৈছিল-

“বুজিছে দাদা, এই যে আপোনাৰ লেখাটোত কেবাগৰাকী সুন্দৰীৰ লাভ ৰিয়েকচন পৰিল, লগে লগে আপোনাৰ মনটো কোনোবা দূৰ দিগন্তলৈ  উৰি নেযায় নে? মইতো একেবাৰে গোৱাৰ সাগৰৰ তীৰৰ পৰা হলেণ্ডৰ টিউলিপৰ বাগিছালৈ উৰি ফুৰোঁ৷ তাৰ পিছত কিছু সময়লৈ কল্পনাৰ সাগৰত আপুনি নাচি বাগি থাকিব সুন্দৰীৰ লগত কিবা এটা হিন্দী চিনেমাৰ গীতৰ তালে তালে৷”

মই বোলো হেৰা, আমি আকৌ উৰিবলৈ সময়ে নাপাওঁ নহয়, সেই নাচগান চলিলেই ল’ৰা বা ছোৱালী বা মানুহজনীয়ে কেটেংকৈ মাত দিবই৷ ঘৰখনত দেখোন এশ এটা অথন্তৰ নুগুচেই, ক’ত কল্পনা কৰিবলৈ স্কোপ আছে?

সেইবোৰকে শাস্ত্ৰই মায়া মোহ বুলি কৈছে৷

মায়ামোহৰ কথা কওঁতে মনত পৰিল, সেই যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এগৰাকী আছিল, চাৰিওফালে হাতীয়ে হাতী কৰি পেলাইছিল, তেখেতৰ কথা বতৰা বৰকৈ নুশুনা হ’লোঁ দেখোন! শুনিমনো ক’ৰ পৰা? টিভিটো চাবলৈ ভাগ্য হ’লেহে! টিভি কিনাৰ দুদিন পিছতে ৰিমোটটো যি হস্তগত কৰিলে তাৰ পিছৰ পৰা ৰিমোটটো মাথো হস্তান্তৰ হয় মাক আৰু জীয়েক এই দুই মহাশক্তিৰ মাজত, আৰু মই কংগ্ৰেচ আৰু বিজেপিৰ মাজত দিল্লীৰ ক্ষমতাৰ গাডী হস্তান্তৰ হোৱাত অৰবিন্দ কেজৰীৱালৰ দৰে দূৰৰ পৰাই চাই হা হুমনিয়াহ কাঢ়ি থাকোঁ৷ আচলতে ইহঁত “সব মিলে হুৱে হেই জী”৷ মানে মাক-জীয়েক, শাহুৱেক বোৱাৰীয়েক সব মিলে হুৱে হেই৷ পিচে অলপ সুবিধাবাদী ৰাজনীতিবিদৰ দৰে ময়ো সেই সময়খিনিৰ সদ ব্যাবহাৰ কৰোঁ মোৰ ভিতৰত ‘শুই আছে’ বুলি ধৰি লোৱা ‘সৃজনীশীল’ মানুহজনক বিচাৰি, কিজানিবা কোনোদিন কিবা বিচাৰি পাওঁৱেই৷ পিচ চন্দ্ৰমোহন পাটোৱাৰী কেতিয়াবা মুখ্য মন্ত্ৰী হ’লেও মই যে লিখক হ’ব নোৱাৰিম সেই জ্ঞান প্ৰাপ্তি প্ৰায় হৈ গৈছে৷ বিজ্ঞানীসকলে মঙ্গল গ্ৰহত পানীৰ সন্ধান পালেও মোৰ ভিতৰত সেই ‘প্ৰতিভা’ বোলাজনীক আজিলৈ বিচাৰি নেপালোঁ৷

যেতিয়া ৰাইজৰ ধুনীয়া ধুনীয়া কবিতাবোৰ মোৰ টাইম লাইনত ভাঁহি আহিবলৈ ধৰে, মই আত্মবিভোৰ হৈ মাথো চাই থাকোঁ৷ বিশেষ বুজি নেপালেও  শব্দ কিছুমানকে শিকিবলৈ চেষ্টা কৰোঁ, যাতে ময়ো এদিন কবিতা লিখিলে তাত সেইবোৰ সুমুৱাই দি ‘বিশেষ’ কিবা এটা লিখি বাঃ বাঃ ল’ব পাৰোঁ৷ কিন্তু বলধ গৰুৰ গাখীৰ জানো চেপিলে ওলাব? আৰু চেপিবনো ক’ত? বেছি পিটিলে হয়তো মুখেৰে তেজবমি কৰিব কিন্তু গাখীৰ নোলায়৷ ইমানখিনি জ্ঞান অৰ্জন কৰাৰ পিছতো লিখি উলিয়াইছিলোঁ কবিতা এফাঁকি৷ শুনে যদি কওঁ-

“দূৰ আকাশত তুমি ফুলা এজোপা জোন আৰু তৰাৰ ফুল
কিয় মোক আমনি কৰা, এয়া নহয় জানো তোমাৰ ভুল?
হালধীয়া চৰাইজাকে দুৱৰি বনত কিয় বগাই বাৰে বাৰে
তুমিও সাৱধান হোৱা, অ’ত ত’ত নুঘূৰিবা লগত যাৰে তাৰে৷”

এইভাগি লিখি উঠিয়েই ফেচবুক ৱালত পোষ্ট কৰোঁতে এঘণ্টাত ‘ৱাও’ ৰিয়েকচন আহিছিল ২৭ টা, ‘লাভ’ দিছিল ৩২ টাই৷ লাইকৰ সংখ্যা নগনিলোঁৱেই৷ কিন্তু দূৰ আকাশৰ তৰা আৰু লোকৰ ‘লাভ ৰিয়েকচন’ গণি থাকোঁতে ঘৰত যে তীব্ৰ ‘ডিচলাইক’ৰ সন্মুখীন হ’ব লগাত পৰিছিলোঁ সেই কথা মনত পৰিলে দুনাই কবিতাত হাত দিবলৈ সাহস নহয়৷ কবিতাতো বাদেই, বহুদিন বাক্য এটাও লিখিবই পৰা নাই৷ পিচে অস্তিত্ব বোলা বস্তুটো জাহিৰ নকৰিলেও জানো হ’ব? অস্তিত্বৰ সংকটতকৈ ডাঙৰ সংকট পৃথিবীত নাই৷ নিজৰ ঢোল নিজে নিপিটিলে কোনে পিটিব? সেয়ে বোলো মবাইলটো লৈ বহোঁ৷ পিচে কি ক’ম, যেতিয়াই ফোনটো লৈ কিবা মনোযোগেৰে বহোঁ, ক’ৰ পৰা জানো ফোনটো বাজিবলৈ ধৰে৷ পাকিস্তানৰ লগতে চাইনাই পৰাদি এওঁৰ চকুকেইটাও তাতেই পৰে৷ মিহিকৈ ডায়লগ এটা উৰি আহে, “মোৰতো ফোন চুবলৈ ভাগ্যই নাই৷ এতিয়া ভাত এগাল বনাবলৈ আছেই নহয় খকুৱামখাৰ বাবে!”
মই বোলো মোৰ কপালখন দেখিছানে? দিনে দিনে বহল হৈ গৈ আছে! মানে ভগবানে সুখ সমৃদ্ধি সকলো মোৰ কপালতে লিখি দিওঁতে তোমালৈ পাহৰিলে৷

পিচে তাতকৈ বেছি আগবাঢ়িলেও বিপদ কি ধুমুহাৰ গতিত আহি ঠেকেছি পেলাব জানোৱেই, গতিকে অলপ পৰিস্থিতি চম্ভালিবলৈ ক’লোঁ বোলো এইবাৰ মেগাজিনৰ বাবে কিবা এটা লিখিব লাগেহে৷ বৰ কামোৰ সম্পাদক এগৰাকী ওলাইছে, নিলিখিলে জীনা হাৰাম কৰি ৰাখিছে৷

এওঁ বোলে কিয় তুমিয়েই লিখিব লাগে? দুৰ্জয় মহন্তই লেখা দিলে জানো? পিণ্টুমনি ভট্ট আৰু ববিনাহঁতে দিলে নেকি? লংকেশ ভাগৱতীয়ে লিখা দিলে নে? সিহঁতক হ’লে কামোৰ দিব নোৱাৰে৷ তোমাক হোজা পাই সবেই হেঁচা মাৰি ধৰে৷ বিচ বছৰ আগৰ মাতৃৰ সেই একেই অৱলা নাৰীৰ ৰূপটো তেতিয়া তেওঁৰ মুখত প্ৰতিফলিত হয়৷ মই মনে মনে ভাবোঁ, হে অবোধ বালিকা, তুমি কি বুজিবা মই কিমান গভীৰ পানীৰ মাছ৷ মুখত এক নিৰ্বোধ বালকৰ অভিব্যক্তি আনি দিনটোৰ সোতৰ নম্বৰ মিছা কথাটো কৈ পেলাওঁ- বোলো সিঁহত সবেই ২০ তাৰিখে দি আজৰি, মইহে একো এটা লিখিব পৰা নাই৷ ট্ৰিকটোৱে কাম কৰে৷ তাৰ পিছত মই সংসাৰৰ ঝামেলাৰ পৰা মুক্ত হৈ যাওঁ৷

যি নহওক, বেছি লেকচাৰ দি আমনি নকৰোঁ, কিবা এটা লিখিবলগীয়াটো খাটাং৷ লাইক কমেণ্টৰ চিন্তা বাদ দি নিজৰ জীৱন ৰক্ষাৰ বাবে হ’লেও লিখিব লাগিব৷ নহ’লে এইবাৰৰ সম্পাদকে নেৰাটো খাটাং৷ কৰোনাই নেমাৰিলেও সম্পাদকৰ শেলে থকাসৰকা কৰাৰ আগতে মই যাওঁগে, কিবা এটা লিখোঁগৈ৷

‘গুড বাই’ জনোৱাৰ আগতে কথা এটা ক’বলৈ পাহৰিছিলোঁৱেই, বোলো সামাজিক দুৰত্ব অৱলম্বন কৰি থাকক, সাৱধানে থাকক৷
☆ ★ ☆ ★ ☆

15 Comments

  • অভিজিত কলিতা

    বঢ়িয়া লাগিল দাদা। ৰসে চৌ চৌ

    Reply
    • HEMANTA KAKATI

      ধন্যবাদ অভিজিত৷

      Reply
  • chandana sharma

    তাকেই ন, হোজা পাই আপোনাকে সকলোৱে কামোৰ দিয়ে। পিছে কামোৰ খাই হ’লেও যি লিখিলে পঢ়ি ভাল লাগিল ভিনিহি।

    Reply
    • HEMANTA KAKATI

      ধন্যবাদ মাইনু৷

      Reply
  • ৰিণ্টুমণি

    পিণ্টুমনি ভট্টয়ে কেতিয়াও নিলিখে দেই। আপোনাকে হোজা বুলি কামুৰি থাকিব সদায়, সেইটো ধুৰুপ।

    বঢ়িয়া লাগিল দাদা

    Reply
  • abhijit goswami

    ভাল লাগিল দাদা.. নাম কেইটা দিছে আৰু পাই 😎 😎 😎

    Reply
  • Bornali S Mudoi

    ভাল লাগিল দেই

    Reply
  • বৰ ভাল লাগিল। বেছ ৰসালকৈ লিখিলে।

    Reply
  • Anonymous

    😢😢😢😢

    Reply
  • নয়নমণি দত্ত

    এইটো তামাম লিখিলে দেই

    Reply
  • HEMANTA KAKATI

    পঢ়ি চোৱা সকলোকে ধন্যবাদ জনালোঁ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হোজা মানুহকে হেঁচা মাৰি ধৰে৷ কিন্তু ভূমিষ্ঠ মালটো ভালেই লাগিল৷

    Reply
  • আদিত্য বৰঠাকুৰ

    বলপ্ৰয়োগৰ কথাষাৰে অন্তৰাত্মা চুই গ’ল, দাদা ।

    Reply
  • মানসী বৰা

    ইমান ৰস লগাকৈ লিখিছে..মোৰযে কৰ’নাৰ বাদে মনৰ পৰা একো চিন্তাই নোলোৱা হৈছে দাদা..

    Reply

Leave a Reply

Your email address will not be published.