ফটাঢোল

লালগোল্লা -ঈশান জ্যোতি বৰা

                                      (১)

“শ্ৰাদ্ধৰ ভোজত ৰঙা মিঠাই খোৱাব পাৰি জানো?”

“হেৰৌ কোনে কৈছে নোৱাৰি বুলি !”

“আজিলৈকে কোনেও খুউৱা দেখা নাই৷ সবেই দৈ আৰু গোল্লা এটাহে দিয়ে৷”

“মানুহৰ নাম লালমোহন দিয়া দেখিছ জানো? তথাপিতো মাৰে তোৰ নাম ৰাখিছিল লালমোহন৷”

“কথাটো হয়৷”

“লালমোহনৰ চাইজটো জোখৰ কৰিবি আৰু৷ মানুহ সৰহ দেখি পাল মাৰি নথ’বি ৷ মাৰৰ আত্মা নহ’লে স্বৰ্গ গৈ নাপাবয়েই৷”

কথাটো হয়৷ মাক ঠিকে-ঠাকে গৈ স্বৰ্গত থিতাপি লোৱাৰ কথা ৷ গতিকে সিদ্ধেশ্বৰ তামূলীৰ সজোপদেশক পেংলাই কৰিব নোৱাৰি ৷ তাতে তেৰা হৈছে সিহঁতৰ খেলটোৰ আগশাৰীৰ মানুহ ৷ সিদ্ধেশ্বৰ তামূলীক সেৱা এটা জনাই সি পুনৰ খোজ ল’লে পানীৰাম বৰাৰ চুবুৰীটোলৈ ৷ সেইফালেও দহঘৰমান মানুহ মাতিবলৈ আছ ৷

‘সি’ মানে লালমোহন বৰকাকতি ৷ এতিয়া লালমোহন পানীৰামৰ ঘৰলৈ যাব ৷ সি গৈ পানীৰামৰ ঘৰ পায়গৈ মানে আমি মহাশয় বৰকাকতিৰ জীৱনৰ ওপৰত সাউতকৈ এপাক চকু ফুৰাই আহোঁ আহক ৷

                                      (২)

ল’ৰা-ছোৱালীৰ নামকৰণত পিতৃ-মাতৃৰ নিজস্ব চিন্তা, ৰুচিবোধ আৰু আদৰ্শৰ প্ৰভাৱ পৰে ৷ লালমোহনৰ ক্ষেত্ৰতো সেইটোৱেই হৈছিল ৷ লালমোহন খাই ভাল পোৱা তাৰ সাদৰী মাকজনীয়ে ল’ৰাৰ নাম ৰাখি দিলে-লালমোহন৷ পিতৃয়ে দধিমোহন নামটোৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও মাতৃয়ে ‘থওক হে’ বুলি ভৰ্ৎসনা কৰি সিংহিনীৰ দৰে গৰজি উঠিল ৷ পিতৃয়েও মুখৰ পৰা ওলোৱা নামটোক সেয়েহে ঘৈণীৰ ধমক শুনি ধোঁৱাচাঙত ততালিকে উঠাই থ’লে৷ অৱশ্যে এই অদ্ভুত, আদিম আৰু অগভীৰ নামটোৱে লালমোহন নামৰ কিশোৰজনৰ মনত পোনপ্ৰথমে কিছু পীড়া তথা পিৰপিৰণিৰ সৃষ্টি কৰিছিল আৰু ল’ৰাই সময় পালেই ‘কিনো নাম ৰাখিলে এইডাল’ বুলি ফেঁকুৰি-ফেঁকুৰি য’তে-ত’তে কান্দোনৰ এক অন্তহীন শৃংখল আৰম্ভ কৰি দিছিল ৷ পিছে নিয়তিৰ কি উদাৰতা ! লাহে-লাহে সিও মাতৃৰ দৰে লালমোহন নামৰ মিঠাইটিৰ ৰং, ৰস আৰু নান্দনিকতাৰ প্ৰতি তীব্ৰভাৱে আকৃষ্ট হ’ল আৰু তাৰ সোৱাদত আকণ্ঠ নিমজ্জিত হ’বলৈ কুণ্ঠাবোধ নকৰা হ’ল ৷ বৰঞ্চ নিজৰ নামটোক সি হনুমানৰ পাহাৰটোৰ দৰে সগৰ্বে দাঙি নাম-সচেতন সমাজখনত কঢ়িয়াই ফুৰিবলৈহে ধৰিলে ৷

আৰু ২০০০ চনত লালমোহন বৰকাকতিয়ে নতুনকৈ খোলা হোটেলখনৰ নাম ৰাখি দিলে ‘লালমোহন মিঠাই ভাণ্ডাৰ’৷ এতিয়া চাৰিআলিৰ এখন প্ৰখ্যাত মিঠাইৰ দোকান ৷ হোটেলৰ শুভাৰম্ভণী অনুষ্ঠানত মাকে লালমোহনক এটা কথা দঢ়াই দঢ়াই কৈ থৈছিল-‘চাবি কিন্তু পিতাই, মিঠাই যাতে তই কেতিয়াও ভেজাল নকৰ ৷ তোৰ নামটোৰ অৰ্থক তই যে অপমান নকৰ৷ গ্ৰাহকক নঠগিবি ৷ নহ’লে ৰৌ-ৰৌ নৰকত গেলি-পচি মৰিবি ৷ দেচোন, লাল  এটা দে ৷ সোৱাদ লওঁ৷’ লালমোহনে একে উশাহে শলাগি থৈছিল-‘হয় আই৷’ তাৰপিছত সি পৰম উদ্যমেৰে টিঙৰ পৰা এটা গোলাকাৰ ‘লাল’ অৰ্থাৎ লালমোহন উলিয়াই মাতৃলৈ অকৃপণ হেঁপাহেৰে আগবঢ়াই দিছিল ৷ মাকে ধীৰে ধীৰে মিঠাইটি খাই তাৰ ইতিবাচক সমালোচনাত পঞ্চমুখ হৈ পৰিছিল আৰু কৈছিল-‘সুন্দৰ মিঠাই ৷ সোৱাদকণ জোখৰ ৷  বহুতো লালত থকা চেক্‌চেকীয়া মিঠাটো ইয়াত নাই ৷ লাল হ’ব লাগে এনেকুৱা, যাতে জিভাত দিলেই পিচলি যায় ৷ চোবাই কষ্ট কৰি থাকিবলগীয়া নহয় ৷ তোক লৈ বৰ গৌৰৱ কৰিছোঁ পিতাই৷’

দুখৰ কথা ৷ লালমোহনৰ জীৱনত ইমান গভীৰভাৱে প্ৰভাৱ পেলোৱা সাদৰী, শুৱনি মানুহজনীৰ যোৱা সপ্তাহত মৃত্যু হ’ল ৷ দুখ-বিষাদ একাষৰীয়া কৰি লালমোহন এইকেইদিন ব্যস্ত হৈ পৰিছে শ্ৰাদ্ধ-দহাদিৰ যা-যোগাৰত ৷

                                     (৩)

সৌৱা, লালমোহনে গৈ পানীৰামৰ ঘৰৰ দুৱাৰত টোকৰটো দিছেগৈ ৷

“অ’ লাল !”-দুৱাৰ ঠেলি সিপিনৰ পৰা পানীৰাম আৰু পিছে পিছে ঘৈণীয়েক ওলাই আহিল৷

“হয় ককাইদেউ ৷ গমতো পাইছেই..অহা শুকুৰবাৰ মাৰ সকাম..”-মাতটো থোকাথুকি হ’ল লালমোহনৰ ৷

এইকেইটা শব্দ মুখলৈ আনিলেই মানুহটো ক’ব নোৱাৰাকৈয়ে বৰ গহীন হৈ পৰে ৷ বাৰেপতি হাঁহিমুখীয়া মাকজনীৰ আঙুলিত ধৰি খোজ কাঢ়ি ফুৰা দিনবোৰৰ কথা মনলৈ আহে ৷

“শুনিছোঁ৷ শুনিছোঁ ৷ আমি বৰ ভাল পাইছোঁ৷”

“কি শুনিছে ককাইদেউ !”

“সকামৰ বোলে যা-যোগাৰ ডাঙৰেই কৰিছ৷ ভাল কৰিছ, বুইছ ভাল কৰিছ ৷ মাৰে তোক ইমান মৰম কৰিছিল, ইমান আলহ-উদহকৈ ৰাখিছিল ৷ এতিয়া মাৰজনী সকামটোও একেবাৰে নিয়াৰিকৈ পাতিব লাগে৷ নহ’লে মাৰে স্বৰ্গত গৈ দুখ পাব৷”

“হয় ৷ সিদ্ধেশ্বৰ খুৰাই ক’লে বোলে ৰাইজে সকামত গোল্লা আৰু দৈ কিমান খাব ! এইবাৰ অলপ বেলেগ কিবা এটা হ’লে ভাল৷ সেয়ে তেখেতে মোৰ নামটোকে খোৱাবলৈ কৈছে৷”

“মানে লালমোহন ! ঠিকেই আছে, ঠিকেই আছে৷ আমি বেয়া নোবোলোঁ৷”

“ভাল বুজিছা..ভাল৷”-কাষতে থকা পদ্মাৱতী বৌয়ে লালমোহনৰ প্ৰসংগত মাত লগালে-“আমাৰ ইহঁতকেইটাও লালমোহন বুলিলে পাগল৷ তাতেই তোমাৰ হোটেলৰ লালমোহনে ত্ৰিভুৱন পোহৰাই আছে৷ কিন্তু সৰু চাইজৰ লালমোহনটো বেয়া পায় ৷ মুখত দিলেই নাইকিয়া হৈ যায় ৷ পাৰিলে ডাঙৰ চাইজৰ লালমোহনটোকে খোৱাবা৷ মানে পোন্ধৰটকীয়াটো৷”

“মই চিন্তা কৰি আছোঁ ৷ ভাল বাৰু এতিয়া৷ আহোঁ তেনেহ’লে৷”

সকলোৰে পৰা কিছু সমৰ্থন আদায় কৰি আৰু কিছু নতুন চিন্তাৰ যোগাৰ কৰি লালমোহনে পানীৰামৰ ঘৰৰ পৰা বিদায় লয়৷

এই যে সিদ্ধেশ্বৰ খুৰা, এই যে পানীৰাম ককাইদেউ ! এই যে সমাজৰ মানুহবোৰ ! সকলো ইমান চিন্তিত তাৰ মাকৰ শ্ৰাদ্ধটোক লৈ ! মাক ঠিকে-ঠাকে গৈ স্বৰ্গ পাবনে নাপায়, তাক লৈ ! ঘৰলৈ ওভতনিৰ পথত লালমোহনে কথাবোৰ মনৰ মাজতে আনি পাগুলে ৷ অৱশ্যে ৰাইজে বেয়া পোৱাৰ কথাই নাই৷ কাৰণ ভোজৰ সমস্ত যা-যোগাৰ সি খুব আটোমটোকাৰিকৈয়ে কৰিছে ৷ চামগুৰি বিলৰ প্ৰকাণ্ড ৰৌ মাছৰ হিচাপটো মাক ঢুকোৱাৰ ছয়দিনৰ পাছতেই সি আকবৰক দি থৈছে ৷ বৰবজাৰৰ চিনাকি বেপাৰী নজৰুল আৰু বাহাৰুলক ক’লা দাগ নথকা ফুলকবি, পাত কম থকা বন্ধাকবি, চেনিৰ সমান মিঠা ৰঙালাও, চালাদৰ কাৰণে গাজৰ, বিলাহী আৰু বিটৰ কথা কৈ থৈছে৷ সিহঁতে সকামৰ আগে-আগে সেইবোৰ আনি পৌছাই দিব৷ চাউলৰ কাৰণে সি প্ৰথমে পুৰণা আইজঙ চাউলৰ কথা ভাবিছিল যদিও শেষমুহূৰ্তত বাণীকান্ত বৰদেউতাই ক’লে যে-‘বহুদিন জহা চাউলৰ গোন্ধ পোৱা নাই অ’৷ পাৰিলে..’৷ সেইগতিকে লালমোহনে বিশ কেজি জহা চাউলৰ ফৰমাইচ হ’লছেলাৰ বৃন্দাবন দোকানীৰ ওচৰত দি থৈছে ৷ দালি থাকিব তিনিখন ৷ মচুৰ, মাটি আৰু বুটৰ ৷ মাটিদালিত ঔ-টেঙা কাটি টুকুৰা-টুকৰকৈ পেলাই দিয়া হ’ব ৷ মচুৰ দালিত অকণমান মছলা থাকিব ৷ কিছুমান ভকতে আজিকালি মছলা দিয়া দালি ভাল পায় ৷ ডাঠকৈ প্ৰস্তুত কৰা বুটৰ দালিত দুটামান তেজপাত ওপঙি থাকিব ৷ সৰু-সৰুকৈ আলু কাটি দিয়া হ’ব ৷ সিপিনে জামুগুৰিৰ পৰা আহিব মালভোগ আৰু অমৃতসাগৰ কল, তিনিচুকীয়াৰ পৰা আহিব কমলা, নাৰিকল আহিব নলবাৰীত থকা মোমায়েকৰ বাৰীৰ পৰা, নগাঁও ডায়েৰীৰ পৰা আহিব খাঁটী ডাঠ ক্ৰিম, আৰু সীতাজখলাৰ পৰা আহিব নিৰ্ভেজাল দৈ ৷ এতিয়া লালমোহনটো ক’ৰপৰা অনা যায় ?

                                     (৪)

পিছদিনা লালমোহন পুনৰ মানুহ মাতিবলৈ ওলাই যায় ৷ কালি গাঁৱৰ এটা ফাল মাতি শেষ হ’ল ৷ আজি এইটো ফালে মাতিলেই মানুহ মতা কামটো শেষ হয়৷ লগতে সকলোৰে আগত উত্থাপন কৰিব লাগিব ‘লালমোহন-প্ৰসংগ’৷ কাৰণ এটা নতুন পৰম্পৰাৰ আৰম্ভ হ’বলৈ গৈ আছ ৷

প্ৰথমেই গৈ সি সদানন্দ কলিতাৰ ঘৰত সোমাল ৷ কলিতা খুৰা আগচোতালতেই বহি আছিল ৷ তেওঁৰ লগতে বহি আছে মিহিৰাম আৰু চক্ৰধৰ ৷

“তই বোলে সকামত লালমোহন খুউৱাৰ কথা পাঙিছ !”

“আপোনাক কোনে ক’লে ?”-কোনোধৰণৰ সৌজন্যসূচক কথাৰ পাতনি নেমেলাকৈয়ে চিধাই লালমোহনৰ প্ৰসংগ উলিওৱাত লালমোহন আচৰিত হ’ল ৷

“কালি দোকানত সিদ্ধেশ্বৰ আৰু পানীৰামে খুব ফিতাহি মাৰি আছিল ৷ বোলে-লালমোহনে আমাৰ কথামতেই এতিয়া সকামত লালমোহন খোৱাব৷”

“কথাটো হয় ৷”

“কি কথাটো হয় ! আমাৰ সমাজত মোৰ কোনো মূল্যয়েই নাই নেকি? তই কেৱল সিহঁতৰ কথামতেই লালমোহন খোৱাম বুলি সিদ্ধান্তটো লৈ ল’লি ৷ আমাৰ এইটো ফালৰ মানুহৰ কোনো ৰায়েই ন’ললি৷ তোৰ মাৰৰ মই কাণসমনীয়া বন্ধু আছিলোঁ৷ তোক মই এইখন-এইখন হাতেৰে কোলাত লৈ পিঠাগুৰি জলপান খোৱাইছিলোঁ৷ পাহৰি নাযাবি৷”-সদানন্দ কলিতাই অতীতৰ স্মৃতি-পুখুৰীত খননকাৰ্য চলাই কেইটামান আৱেগিক তথ্য লালমোহনৰ সমুখত দাঙি ধৰে৷

“তই কিন্তু আমাক বৰ অপমান কৰিলি দেই ! কালি বৰ লাজ পালোঁ ৷ আমিতো ভাই তোৰ লগৰীয়া আছিলোঁ৷”-লালমোহনৰ লগত একেলগে অষ্টম শ্ৰেণীলৈকে পঢ়া মিহিৰামে মিহি মাতটোৰে মতপ্ৰকাশ কৰিলে৷

“এনে দম্ভালি অ’ সিহঁতৰ ! কিনো চাবা ! আমি কিন্তু লালমোহন নাখাওঁ ৷ চিধাচিধি কথা ৷-” মিহিৰামৰ লগে-লগে থকা চক্ৰধৰে নিজৰ ৰায় শুনাই দিয়ে৷

“আপুনি খং নকৰিব খুৰাদেউ ! আপোনালোক তিনিজনৰ কাৰণে বেলেগকৈ অইন মিঠাই এটাৰ ব্যৱস্থা কৰিম৷”-হতচকিত আৰু বিমৰ্ষিত মনেৰে লালমোহনে সদানন্দ কলিতাক উদ্দেশি কয় ৷ সি অলপ অপ্ৰস্তুতো হ’ল৷ তৎমুহূৰ্ততে তাৰ মনলৈ আহিল-সি মাক মৰাৰ ভোজ পাতিছে নে মাকে পুনৰ জন্ম লোৱাৰ উৎসৱ

পাতিছে !

“এটা ৰসগোল্লাৰে কাম নচলিব৷ আমাৰ এইফালৰ কোনো মানুহেই লালমোহনত মুখেই নিদিয়ে ৷ সবেই ৰসগোল্লাহে খাব৷ কালি ৰাতি আমি সিদ্ধান্ত ল’লোঁ৷”-কঠোৰ মাত এটাৰে সদানন্দ কলিতাই কথাটো কৈ পঢ়ি থকা কিতাপখনত দৃষ্টি নিবদ্ধ কৰে ৷

“ঠিক আছে৷ খুৰাদেউ ৷ এতিয়া আহোঁহে৷”

সদানন্দ কলিতাৰ কৰ্কশ কথাকেইটাই লালমোহনক বিবুদ্ধিত পেলায় ৷ বুকুৰ ভিতৰৰ পৰা উজাই অহা দুখ এটাই লালমোহনক খুন্দা মাৰি ধৰে৷ তাৰ মাকলৈ মনত পৰে ৷ বৰকৈ৷

ব্যাখ্যাহীন শোক এটাৰে অভিভূত হৈ সি এখোজ-দুখোজকৈ ওলাই আহে৷ তাৰপিছত এঘৰ-দুঘৰকৈ বাকী থকা মানুহকেইঘৰকো সকামলৈ নিমন্ত্ৰণ দিয়ে৷ সদানন্দ কলিতাৰ কথাটো হয়, এইফালৰ ৰাইজে ৰসগোল্লাহে খাব৷ লালমোহনক আটায়ে ‘বয়কট’ কৰিছে ৷

দুপৰবেলালৈ তাৰ মানুহ মাতি হয়গৈ৷ ডাঙৰ কামটো শেষ কৰি সি পিছে ঘৰলৈ নাযায় ৷ তাৰ মৰমৰ হোটেল ‘লালমোহন মিঠাই ভাণ্ডাৰ’ৰ পিনেহে খৰখোজেৰে যাবলৈ ধৰে৷

                                   (৫)

সদ্যপ্ৰয়াত দীৰ্ঘেশ্বৰী বৰকাকতিৰ আজি মৎস্যস্পৰ্শ ৷ ভোজ ৷ গাঁৱৰ কেউপিনৰ পৰা মানুহ আহি ভোজস্থলী দলদোপ-হেন্দোলদোপ কৰি ৰাখিছে ৷ লালমোহন বৰকাকতি আছেগৈ পিছপিনে, ৰন্ধনশালাত দেউৰিসকলৰ লগত ৷ ইতিমধ্যে ৰাইজৰ আগে-আগে পৰি থকা পাতত ভাত, দাইল, ভাজি দিয়া হৈছে ৷ ভাজিৰ পৰা ধোঁৱা ওলায়েই আছে৷ জহা চাউলৰ মন উতনুৱা কৰা গোন্ধয়ে পৰিৱেশটোক এক অনন্য মাদকতা দিছে ৷ সিপিনে দোনাত দিয়া হৈছে মচুৰ নাইবা বুটৰ দালি৷ মাটিৰ দালি ‘কমন’ আইটেম৷ কোনোবাই এটা দোনাতে দুখন দালি ল’লে সোৱাদ নষ্ট হ’ব বুলি দুটা দোনাৰ ‘ডিমাণ্ড’ কৰিছে ৷ দিছে ৷ যিয়ে যি বিচাৰিছে, তাকেই দিছে ৷

ভকতৰ পৰা অনুমতি পাই ৰাইজে খাবলৈ ধৰিলে ৷ জহা চাউলৰ সোৱাদ ঠিকেই আছে ৷ বুটৰ দালিত কেৱল নিমখ  এচামুচ কম হ’ল৷ মাটিৰ দালিত ঔ-টেঙাকণে এক বিমল ৰসানুভূতিৰ সৃষ্টি কৰিছে ৷ ৰাইজে টপালি-টপালি মাটি দালি খাইছে ৷ ভাজিত ফুলকবিৰ পৰিমাণটো বেছি হৈছে বুলি ৰামেশ্বৰ খুৰাই সমালোচনা পাতনি মেলিছিল যদিও চুক এটাৰ পৰা বুদ্ধেশ্বৰ ভূঞাই ‘নাই নাই ৰঙালাওৰ মিঠা গুণটোৱে তাক বেলেন্স কৰি ৰাখিছে’ বুলি উচ্চস্বৰে কৈ দিয়াত ফুলকবি-বিতৰ্ক তাতেই শেষ হ’ল৷ সকলোতকৈ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন হ’ল গাজৰ-বিলাহীৰ চালাদকণ৷ ৰাইজে হেঁপাহ পলুৱাই দুই-তিনিবাৰকৈ খাইছে ৷ আনহাতে মছলাবিহীন পাপৰ চোবোৱাৰ ‘মৰক-মৰক’ শব্দটোৱে গোটেই ভোজঘৰটোতেই এক সাংগীতিক তৰংগৰ মৃদু অনুৰণন তুলিছে ৷ নেমু টেঙাবোৰ অপৈণত ৷ কিন্তু তাৰো ৰস ৰাইজে চেপি-খুন্দি উলিওৱাত সফল হৈছে আৰু দালি অথবা ভাজিত তাৰ ৰস চিটিকাই এক বিচিত্ৰ স্বাদ নিজাববীয়াকৈ প্ৰস্তুত কৰি লৈছে ৷ সিপিনে দোনাৰ দালি শেষ হওঁ-হওঁ হওঁতেই ৰৌ মাছৰ প্ৰকাণ্ড টুকুৰাৰ সৈতে মাছৰ জোল আহিল ৷  “মাছৰ জোলকণ ফেণ্টাছটিক হৈছে অ’ লাল৷”- ইংৰাজী ভাষাৰ নামত এই এটা শব্দকে আয়ত্ব কৰি থোৱা আগশাৰীৰ ভকত বিজন বৰদেউতাই আনন্দতে জপিয়াই উঠিল ৷ কিন্তু তেওঁৰ এই মন্তব্য শুনিবলৈ সেই ঠাইত লালমোহন নাছিল ৷

লালমোহন বৰকাকতীৰ প্ৰৱেশ ঘটিল অলপ পিছতহে ৷ হাতত এটা বাল্টি ৷ বোধহয় তাতেই মিঠাইটো আছে ৷ কাৰণ, পাতৰ সমুখে-সমুখে দৈৰ বাটী একোটা দি যোৱা হৈছে যদিও মিঠাই উপাদানটো তাত নাই ৷

ঠিকেই ৷ লালমোহনে মিঠাই দিবলৈ আৰম্ভ কৰিছে ৷ ভোজঘৰৰ একে পশ্চিম দিশটোৰ পৰা-য’ত কাণসমনীয়া মিহিৰাম বহি আছে, তাৰপৰা সি মিঠাই দিবলৈ আৰম্ভ কৰিছে ৷ মিঠাই দি দি সি পূবফালে থকা সিদ্ধেশ্বৰ বৰদেউতাৰ ওচৰ পাইছিলহে, তেনেতে পানীৰাম খুৰায়ে মাতটো দিলে-

“হেৰৌ, এইটো কি মিঠাই খোৱালি অ’? অকণ মিঠা, অকণ টেঙেচীয়া ৷ ”

“অঁ, তাকেই ৷ অকণ বগা, অকণ ৰঙা ৷”-সদানন্দ কলিতাই অদ্ভুত মিঠাইটো লিৰিকি-বিদাৰি একো উৱাদিহ পোৱা নাই৷

“সোৱাদটো বেয়া লগা নাই৷ পিছে নামটোহে জানিব নোৱাৰিলোঁ৷”-মিঠাইটোত একামোৰ মাৰি চক্ৰধৰে অসহায়বোধ প্ৰকাশ কৰিলে ৷

মিঠাইটোৰ আকাৰ আৰু আকৃতি ৰসগোল্লাটোৰ নিচিনা ৷ লালমোহনটোৰ নিচিনাও ৷ ওজনো সিমানেই ৷ পিছে ৰঙটোহে অদ্ভুত ৷ এটা ফালে বগলীৰ দৰে বগা, আৰু আনটো ফালে সেন্দূৰৰ দৰে ৰঙা ৷

“ৰাইজ! এইটো এটা নতুন মিঠাই৷”

অৱশেষত লালমোহনে মুখ খুলিলে৷

“কি?”-একেলগে পাঁচ-ছটামান কণ্ঠ বিভিন্ন ঠাইৰ পৰা ওফৰি আহিল৷

“মানে ৰাইজ ৷ যেতিয়া গাঁৱৰ এটা ফালে ৰসগোল্লা আৰু এটা ফালে লালমোহন খাম বুলি কোৱা মানুহৰ উজান উঠিল, তেতিয়া মই নিৰুপায় হৈ গ’লোঁ ৷ কাৰণ, অতবোৰ মানুহৰ কাৰণে ভাগে-ভাগে মিঠাই কিনিবলৈ গ’লে মোৰ তলি উদং হ’ব ৷ সেয়ে ৰাতি শোৱাৰ আগত মোৰ সৰগলৈ গৈ থকা মাজনীকে সুধিলোঁ-বোলোঁ, এতিয়া কি কৰোঁ?”

“তাৰপিছত?”-কোনোবা এজন পাঠকে তীব্ৰ উৎকণ্ঠাৰ বলি হৈ সুধিলে ৷

“আচৰিত কথা ৷ ৰাতি মায়ে মোক সপোনত দেখা দিলে ৷ আৰু ক’লে যে-অনবৰতে খাওঁ-খাওঁকৈ থকা খাৱৰীয়া কিছুমানৰ কাৰণে তই ইমান চিন্তা কেলৈ কৰিছ? এটা কাম কৰ, ৰূপহী বজাৰৰ পৰা সস্তাতে তুল‌্তুলীয়া ৰঙা বিলাহী পাবি৷ লগতে কপাহৰ দৰে বগা হৈ থকা মিঠা আলুও পাবি ৷ লৈ আহ ৷ সেই দুয়োবিধ উপাদান চেপি-খুন্দি, পিটিকি-সানি লগ লগাই দেচোন ৷ দেখিবি, এফালে ৰঙা আৰু এফালে বগা বৰণ লৈ এটা অদ্ভুত মিঠাইৰ সৃষ্টি হৈছে ৷ সোৱাদৰ কাৰণে দুইচামুচমান চেনি দি দে ৷ এইটোক ‘লালগোল্লা’ বুলি কোৱা হয় ৷ আমাৰ সৰগত খুবেই চলে ৷ যিয়ে লালমোহন ভাল পায়, সি মিঠাইৰ ৰঙাকণ খাব ৷ আৰু যিয়ে ৰসগোল্লা ভাল পায়, সি মিঠাইটোৰ বগাকণ খাব৷”

“এইবোৰ কি গছৰ ওপৰত গৰু উঠা কথা কৈছে ! আৰু তই আমাক খাৱৰীয়া বুলিবলৈ সাহ কৰিলি কেনেকৈ?”-সিদ্ধেশ্বৰ তামূলীকে ধৰি কেইবাজনো প্ৰথম শাৰীৰ ভকত থিয় হৈ গৰজি উঠিল৷

“মই ক’ত কৈছোঁ? সৰগলৈ গৈ থকা মায়েহে মোক সপোনত কৈছে ৷”-লালমোহনে সবিনয়ে জনালে ৷

“পেংলাই কৰিছ?”

“নাই কৰা ৷ সকলোৰে সুবিধা হোৱাকৈ ‘লালগোল্লা’ নামৰ এই মিঠাইটোহে প্ৰস্তুত কৰিছোঁ৷ আৰু ৰাইজ, কি জানেনে?”

“কি?”

“আজিৰেপৰা এই ‘লালগোল্লা’ নামৰ মিঠাই আপোনালোকৰ মৰমৰ হোটেল ‘লালমোহন মিঠাই ভাণ্ডাৰ’তো উপলব্ধ হ’ব৷”-লালমোহনে গৌৰৱেৰে আনুষ্ঠানিক ঘোষণাটো কৰিলে ৷

“থৈ দে তোৰ মিঠাই৷ মই এই স্থান এতিয়াই ত্যাগ কৰিলোঁ৷”

সিদ্ধেশ্বৰ তামূলী বহাৰ পৰা উঠি পদূলি পালেগৈ ৷ মুখত এক অস্ফূত ভোৰভোৰনি ৷ তেওঁৰ লগে লগে উঠি গ’ল পানীৰাম খুৰা, সদানন্দ কলিতা ৷ লালমোহনে আঁতৰৰপৰাই তেওঁলোকৰ দৈৰ বাটীকেইটালৈ চালে ৷ দেখিলে, লালগোল্লাটো দৈৰ কাষত নাই ৷ তাৰমানে আটাইকেইজনে লালগোল্লাৰ সোৱাদ লৈহে ভোজগৃহ ত্যাগ কৰিছে ৷

লগেলগে এক যুদ্ধজয়ী হাঁহিয়ে লালমোহন বৰকাকতিৰ মুখমণ্ডল উজলাই তুলিলে ৷

——————————————–০০০০০০০০০০০—————————————–

দোনাঃ কল-পটুৱাৰে সজা হয় ৷ ভোজ-শ্ৰাদ্ধাদি সামাজিক অনুষ্ঠানবোৰত দালিৰ দৰে পনীয়া বস্তু দোনাত দিয়া হয়৷

☆ ★ ☆ ★ ☆

22 Comments

  • গীতিকা শইকীয়া

    আমি সততে দেখা সমাজখনৰ বৰ সুন্দৰ বৰ্ণনা দিলা। খুব ভাল লাগিল পঢ়ি।

    Reply
    • ঈশান

      অশেষ ধন্যবাদ বাইদেউ ।

      Reply
  • জাহ্নৱী

    বঢ়িয়া

    Reply
  • Anonymous

    বৰ সাৱলীল উপস্থাপন।ভাল লাগিল।

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    এইয়াই আমাৰ সমাজৰ বৰমূৰীয়া সকল! সাংঘাতিক!

    Reply
    • ঈশান

      আন্তৰিক ধন্যবাদ 🙂

      Reply
  • Anonymous

    গল্পটোৱে বাস্তৱ ছবি এখন দাঙি ধৰিছে।

    Reply
  • মানসী বৰা

    গল্পটি পঢ়ি ভাল লাগিল ।অতি উচ্চমানৰ ব্যংগ ।

    Reply
  • SANKAR JYOTI BORA

    তামাম দিলাহে৷বঢ়িয়া৷

    Reply
  • নীলাক্ষি দেৱী ডেকা

    ইমান সুন্দৰ ব্যঙ্গ! মুগ্ধ হলোঁ পঢ়ি।

    Reply
  • ঈশান

    আন্তৰিক ধন্যবাদ 🙂

    Reply
  • Mridul Nath

    অতি উচ্চ মানৰ বেংগাত্মক লেখা,সমাজখন প্ৰতিফলিত হৈছে। খুব ভাল লাগিল।

    Reply
    • ঈশান

      উৎসাহিত হ’লোঁ। ধন্যবাদ 🙂

      Reply
  • কমল তালুকদাৰ

    বাস্তৱ ছঁবি , সুন্দৰ ব্য়ংগ ৷

    Reply
  • Jyotshna Rani Das

    বাস্তৱ ছবি….ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.