ফটাঢোল

লাৱণ্যময়ী : ৰীতা লীণা সোণোৱাল

লাৱণ্যময়ী বৰুৱা!

কি সুন্দৰ নাম! বেলেগ নালাগে তেওঁ নামটোৰ প্ৰেমতেই বাৰে বাৰে পৰে। কেতিয়াবা ভতিজাকটোলৈ চাই তাৰ আদৱ কায়দাবোৰ অলপ শিকিবলৈ চেষ্টা কৰে। এই বয়সত কিছুমান কথা নুশুৱাই। তথাপিও তেওঁৰ উৎসাহ নকমে। মানুহজনীৰ ফটোখন চাই কল্পনাত বিভোৰ হৈ পৰে। ভতিজাকটোৱে এদিন সুধিয়েই পেলাইছে, “খুৰা তোমাৰ কি হৈছে দিনভৰ মোবাইলটো খুচৰি থাকা? ৰূমৰ পৰায়ে নোলোৱা হৈছা যে?”

তেওঁ বাকৰুদ্ধ হৈ পৰে। যি অৱস্থা তেওঁৰ যৌৱনৰ বেলিকা নহ’ল জীৱনৰ বিয়লি বেলাত সেই অৱস্থাই এতিয়া তেওঁক কাবু কৰি পেলাইছে। ভতিজা বোৱাৰীয়ে বাঢ়ি দিয়া ভাতকেইটা কোনোমতে গিলি তেওঁ ওলাই যায়। মনতে ভাবে তেওঁ বেলেগকৈ থাকিব। লাৱণ্যময়ী বৰুৱাৰ লগত একেলগে বৃদ্ধাশ্ৰমত থকাৰ কথা ভাবে। ভাবি ভাবি তেওঁ পাৰ্কখন পাৰ হৈ যায়। আবেলি কিছু সময় তেওঁ সদায় পাৰ্কলৈ আহি খোজ কাঢ়ে। আজিকালি খোজ কাঢ়ি কাঢ়ি তেওঁ ভাবত বিভোৰ হৈ পৰে।

কলেজ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা তেওঁৰ ছয় বছৰমানেই হ’ল। কলেজত গণিতৰ অধ্যাপক হিচাপে সুনাম আছিল তেওঁৰ। কিতাপৰ কোনো অংকই তেওঁক কোনোদিনে হতাশ নকৰিলে। এতিয়া তেওঁ হতাশ হৈছে লাৱণ্যময়ী বৰুৱা নামৰ সমাধানহীন অংক এটা লৈ। দেখাত সৰল অংকৰ দৰেই মানুহজনী কিন্তু ভিতৰখন বোধগম্য হোৱা নাই।

কেতিয়াবা তেওঁৰ কথাটো কাৰোবাৰ লগত ভাগ বতৰা কৰি ল’বলৈ মন যায়। শঙ্কৰ চৌধুৰী আহে, ৰবিন হাজৰিকাও আহে পাৰ্কলৈ খোজ কাঢ়িবলৈ। এই দুয়োজন তেওঁৰ নিকটতম বন্ধু। কিন্তু কম বুলি ভাবিও কোৱা নহয়। কিবা এক সংকোচে বাধা দিয়ে। তেওঁ লাৱণ্যময়ী বৰুৱাৰ মেচেজলৈ নীৰৱে অপেক্ষা কৰে৷

তেওঁ জনা মতে লাৱণ্যময়ী বৰুৱা ঘৰত অকলেই থাকে। তেওঁৰ দুয়োজন ল’ৰা ঘৰৰ বাহিৰৰ চহৰত থাকি চাকৰি কৰে। প্ৰথমে দুয়োজনৰে চচিয়েল মিডিয়াত চিনাকি। ইয়াৰ পাছত ইনবক্স, তাৰপাছত বৰ্তমান কথা-বতৰা হোৱাটচ এপতো চলে। লাৱণ্যময়ী বৰুৱাই তেওঁক ঘৰলৈ মাতিছে। তেওঁ সিদ্ধান্ত ল’ব পৰা নাই যে যাব নে নাযায়? তেওঁ ভতিজা ল’ৰা কঙ্কনক দিহিং নদীৰ সিপাৰে থকা ঘৰটোৰ কথা সোধে। সি অলপ সময় তভক মাৰি ৰয়। কঙ্কনে সেইফালেই চাকৰি কৰে কিন্তু সি ঘৰটো চিনি নাপায়। তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ মান নিলগত লাৱণ্যময়ী বৰুৱাৰ ঘৰ।

এদিন তেওঁ, মানে সুৰজিত দত্ত সাজু হ’ল লাৱণ্যময়ী বৰুৱাৰ ঘৰলৈ যাবৰ বাবে। কঙ্কনে সুধিছিল এবাৰ তেওঁক। তেওঁ নক’লে ক’লৈ যাব। দিহিংৰ কাষেৰে গাড়ীখন ঘূৰাই তেওঁ যাবলৈ ধৰিলে। লাৱণ্যময়ী বৰুৱাই দিয়া ঠিকনামতে তেওঁ ঘৰটো গৈ ওলালগৈ। পুৰণি অসম আৰ্হিৰ ঘৰ এটা। পদুলি মুখতে কামিনী কাঞ্চন এজোপা ফুলি আছিল। লাৱণ্যময়ী বৰুৱা ৰৈ আছিল বাৰাণ্ডাতে। মানুহজনীৰ মুখখন ফটোত দেখাতকৈ অনুজ্জ্বল। শেঁতা হাঁহি এটাৰে লাৱণ্যময়ী বৰুৱাই তেওঁক ভিতৰলৈ মাতিলে। ভিতৰৰ মানুহ বহা কোঠাটো দেখি তেওঁ অবাক হৈ গ’ল। কোঠাটোত থকা সকলোবোৰ বস্তুৱেই যেন এটা এটা যুগ পাৰ কৰি দিছে। আনকি কোঠাটোত থকা একমাত্ৰ কেলেণ্ডাৰখনো নব্বৈ দশকৰে। লাৱণ্যময়ী বৰুৱাই নব্বৈ চনৰ পৰা কেলেণ্ডাৰ সলোৱাই নাই। তেওঁ কোঠাটোৰ বস্তুবোৰ তন্ন তন্নকৈ চাবলৈ ধৰিলে। নব্বৈ দশকৰে এটা টেপ ৰেকৰ্ডাৰ। বজাই চালে তেওঁ। নাবাজিল। বস্তুবোৰ চাই থাকোঁতে তেওঁ পুৰণি এলবাম এটা পালে। সৰু ছোৱালী এজনী ওলাই আহিল যেন এলবামটোৰ পৰা। গোটেই এলবামটো ছোৱালীজনীৰ ফটোৰে ভৰা। সুৰজিত দত্তই ভাবিলে ছোৱালীজনী চাগে লাৱণ্যময়ী বৰুৱাৰেই জীয়েক। দেখাত মিল আছিল।

: কি চাইছে?

পাছফালৰ পৰা মাতটো শুনি সুৰজিত দত্ত থতমত খাই উঠিল।

: চাহ খাওক একাপ।

পুৰণি চীনা মাটিৰ বগা কাপ এটাত তেওঁলৈ চাহ একাপ আগবঢ়াই দিলে মানুহগৰাকীয়ে। প্লেট এখনত বগা সন্দেশ এটা আৰু থিন এৰাৰোট বিস্কুট দুখন। দত্ত আচৰিত হ’ল তেওঁতো এক উষ্ম আতিথ্য আশা কৰি আহিছিল লাৱণ্যময়ীৰ পৰা।

: ছোৱালীজনী?

: আছে। তাই শুই আছে।

: আপোনাৰ ছোৱালী?

: উম্

: আপুনি কেতিয়াও কোৱা নাছিল মোক তাইৰ কথা।

: তাই অলপ অসুস্থ।

সুৰজিত দত্ত উচপিচাই উঠিল। গোটেই পৰিবেশটোৱেই যেন সেমেকা।

: আপোনাৰ ল’ৰা দুজন?

: সিহঁত ইয়াত নাথাকে। দুয়োজনেই বেলেগ চহৰত থাকে৷

সুৰজিত দত্ত কোনোদিনাই কোনো নাৰীৰ প্ৰেমত নপৰিল। তেওঁ বিয়াও নাপাতিলে। ককায়েকৰ ল’ৰা ছোৱালী দুটা লৈয়ে জীৱনটো পাৰ কৰি দিলে। এই বয়সত লাৱণ্যময়ীৰ কথা ক’লে সিহঁতে বা কি ধৰণে লয়? তেওঁ অলপ দুবিধাত পৰিছে। তাতে তেওঁক লাৱণ্যময়ীয়ে কোৱাও নাছিল তেওঁৰ এগৰাকী কন্যা আছে বুলি।

: আপোনাৰ ছোৱালীজনীক এবাৰ চাব বিচাৰিছিলোঁ৷

লাৱণ্যময়ীয়ে তেওঁক কোঠা এটালৈ লৈ গ’ল। খালী বিছনা এখন সজাই থোৱা আছিল ধুনীয়াকৈ। বেৰত বিভিন্ন ধৰণৰ ফ্ৰেমত বন্ধাই থোৱা হাতৰ এমব্ৰইডেৰী। পঢ়া টেবুল এখনত এখন বহী খোলাকৈ পৰি আছিল। বহীখন চালে তেওঁ। তাৰিখটো লিখা আছিল তাত। উনত্ৰিশ এপ্ৰিল উনৈশ নব্বৈ চন। বহীখনত এটাও ধূলি মাকতি নাই কিন্তু পাতবোৰ সম্পূৰ্ণৰূপে মুগা বৰণৰ হৈ পৰিছিল। সুৰজিত দত্তই বুজি নাপালে লাৱণ্যময়ী আচলতে কোন চনত জীয়াই আছে। লাৱণ্যময়ীয়ে ক’লে,

: তাই নাই ইয়াত। অলপদিনৰ আগতে তাইক হস্পিটেলৰ পৰা মানুহ আহি লৈ গ’ল।

সুৰজিত দত্ত অবাক হৈ ৰৈ থাকিল।

: আপোনাৰ ল’ৰা দুজনৰ ফোন নাম্বাৰটো দিয়কচোন৷

লাৱণ্যময়ীয়ে দুটা নাম্বাৰ দিলে তেওঁক। লাৱণ্যময়ীৰ পৰা বিদায় লৈ সুৰজিত দত্ত ওলাই আহিল। ওলাই অলপ দূৰ অহাৰ পাছতহে তেওঁ মন কৰিলে লাৱণ্যময়ীৰ ঘৰৰ ওচৰে-পাঁজৰে তেনেকৈ কোনো মানুহৰ ঘৰ নাই। এক কিলোমিটাৰ মান অহাৰ পাছত সৰু দোকান এখন দেখিল তেওঁ। গাড়ীখন ৰখাই তেওঁ দোকানত সোমাল।

: লাৱণ্যময়ী বৰুৱাৰ ঘৰ…

প্ৰশ্নটো তেওঁ সম্পূৰ্ণ কৰিব নাপালেই দোকানিজনে তেওঁলৈ অবাক হৈ চালে।

: আপোনাকো পালে তাৰমানে?

: কি?

সুৰজিত দত্ত আচৰিত হ’ল।

: কেইদিনমানৰ আগতে আৰু এজন আহিছিল৷ সেইবাৰ নামটো বেলেগ আছিল..”কিৰণময়ী”।

: কি কয়?

সুৰজিত দত্তৰ মনটো উচপিচাই উঠিল।

: তেওঁৰ নাম আচলতে মমতাহে। মানুহজনী অকলশৰীয়া। দিনটো অলীক কল্পনা কিছুমানৰ মাজত জীয়াই থাকে। ল’ৰা-ছোৱালী কোনো নাই। মানুহজনে কেতিয়াবাই এৰি বেলেগকৈ ঘৰ পাতিলেগৈ। তেওঁ এতিয়াও সেই ১৯৯০ চনতে জীয়াই আছে। যিদিনাৰ পৰা তেওঁৰ মানুজন বেলেগ এগৰাকী তিৰোতা লৈ আতঁৰি গ’ল সেইদিনাৰ পৰা তেওঁ তেনেকৈয়ে থাকিল। মাজে মাজে কোনো সম্বন্ধীয় ভতিজা দুটা আহে বুলি গম পাওঁ।

: কিন্তু তেওঁৰ এলবামত সৰু ছোৱালী এজনীৰ ফটো দেখিছিলোঁ। তেওঁৰেই ছোৱালী বুলি ক’লে।

সুৰজিত দত্তৰ অলপ অশান্তি লাগিল।

 দোকানিজনে হাঁহিলে।

: গাঁৱৰে কোনোবা সৰু ছোৱালীৰ ফটো। আগতে নিজৰ বুলি কৈ বহুত মৰম কৰিছিল। ছোৱালীজনীও আঁতৰি গ’ল। মানুহজনী তেনেকৈয়ে থাকে অকলশৰে। কাৰো লগত মিলামিচা নাই। দিনটো ঘৰ চাফা কৰে, ৰাস্তা পদূলি সকলো সাৰি চিকচিকাই থয়। গাঁৱৰ কিবা সকাম নিকাম এটালৈ মাতিলেও নাহে। তেওঁৰ নতুনকৈ এটা চখ হৈছে। ফেচবুকত মানুহ চিনাকি হৈ কথা পাতা। নিজৰ অলীক কথাবোৰ শুনাই ঘৰলৈ মাতে। ভতিজাক দুটাই অকলশৰে থাকে বুলি চাগৈ ফেচবুক খুলি দিছিল। তেওঁ এতিয়া এইবোৰ কৰি থাকে।

সুৰজিত দত্তই গম পালে বেমাৰটো আচলতে মনৰ। তেওঁৰ পুৰণি বন্ধু এজন মানসিক চিকিৎসক৷ লাৱণ্যময়ী ওৰফে মমতাক এদিন লৈ যাব লাগিব তেওঁৰ বন্ধুৰ ওচৰলৈ। দোকানিজনৰ পৰা বিদায় লৈ সুৰজিত দত্ত ঘৰ অভিমুখে ওভতিলে।

☆ ★ ☆ ★ ☆

7 Comments

  • ডলী

    ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল ৰীতা

    Reply
  • পূৰ্ণময়ী

    তুমি যে লাৱণ্যময়ী অকলে এৰি নিদিয়া,তাৰ বাবে ধন্যবাদ ❤️

    Reply
  • Anonymous

    ভাল লখিলা👌👌

    Reply
  • বাগ্মিতা

    বিৰাট ভাল লাগিল হে ৰীতাবা!👌👌

    Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • Bandana Hazarika

    ভাল লাগিল … মানৱীয় অনুভৱৰে জীপাল সামৰণি 👌

    Reply

Leave a Reply

Your email address will not be published.