ফটাঢোল

লিকলিকি – গীতাৰ্থী গোস্বামী

গধূলিৰ আৰতিৰ সময়৷ দ’লৰ পৰা ঘণ্টাৰ ধ্বনি ভাঁহি আহে। বতাহত কঁপি কঁপি সেই ধ্বনিয়ে ভৰাই তোলে ৰাজকাৰেং৷

: লিকলিকি, অ’ লিকলিকি, হঁয়ে ক’তনো মৰিলিগৈ?

ৰাণীমাৰ আটাহে ঘণ্টাৰ শব্দক ছেৰ পেলায়৷ মই নহ’লে এখন্তেকো শাঁতিত থাকিব নোৱাৰে ৰাণীমা৷

কৃশ শৰীৰটোৰ বাবেই আইতাই লিকলিকি বুলিছিল৷ গাত কাপোৰ লোৱাৰ আগতেই দেউতাই মোক ৰজাৰ ঘৰলৈ উচৰ্গা কৰিছিল৷ নিচেই সৰুতে ৰজাৰ ঘৰত দেউতাই মোক থৈ গৈছিলহি৷ দেউতা আছিল আহোম স্বৰ্গদেউৰ যুঁজাৰু বীৰ৷ যুদ্ধত ৰজাৰ কাষত থকা বীৰ সৈনিক। নিজে মৰিও স্বৰ্গদেউক কুশলে ৰাখিবলৈ বদ্ধপৰিকৰ মোৰ দেউতা৷ সেয়েহে মোৰো আগমন কাৰেঙলৈ। ৰাণীমাৰ সৰুসুৰা আলপৈচান ধৰাকে আৰম্ভ কৰি, লাহে লাহে মই নিজে নজনাকৈ ৰাণীমাৰ জীৱনৰ আশ্ৰয় হৈ পৰিলোঁ৷ আহোম ৰজা অহাৰ আগতে এই দেশত আমাৰ পূৰ্বজ ৰজা আছিল৷ এতিয়া সেইবোৰ বুৰঞ্জী হ’ল৷ এই লিকলিকি ৰাণীমাৰ প্ৰধান লিগিৰী হ’লগৈ৷ লিকলিকি নহ’লে ৰাণীৰ একো কাম নহয়। উশাহটোহে নিজে লয় ৰাণীমাৱে। সেইকাৰণেই মোৰ অলপ অহংকাৰ আছিল। আন লিগিৰী-লিগিৰাবোৰক মই শাসন কৰিছিলোঁ। সিহঁতে মোক মনে মনে হিংসা কৰিছিল৷ মই সেইবোৰ কথাত গুৰুত্ব দিয়া নাছিলোঁ৷ সুবিধা পালে ৰহদৈ, পমিলাহঁতে ৰাণীমাৰ আগত মোৰ দোষ বখানিছিল৷ ৰাণীমাই মোক কেতিয়াবা মৃদু ধমক একোটা দিছিল৷ পকা ঠেকেৰাৰ দৰে ৰাণীমাৰ মুখখন খং উঠিলে বৰ বিতোপন হৈ উঠিছিল৷ মোৰ হ’লে বৰ মৰম লাগিছিল৷

কেতিয়াবা মই ৰাণীমাৰ চুলিবোৰ লিৰিকি-বিদাৰি থাকিছিলোঁ৷ আৰাম পাই তেওঁ চকুহাল মুদি দিছিল৷ কেতিয়াবা তেওঁৰ হাতৰ-কাণৰ অলংকাৰবোৰ টেঙাৰে ঘঁহি ঘঁহি ধুই দিছিলোঁ। চিকচিকাই থকা অলংকাৰবোৰ ৰাণীমাই ঘূৰাই পকাই চাইছিল৷ সেইবোৰ তেওঁ কেৱল মোকহে চুবলৈ দিছিল৷ লিকলিকিৰ সমান অধিকাৰ কাৰেঙত কোনো লিগিৰীৰ নাছিল।

মই গৌৰৱবোধ কৰিছিলোঁ৷ দেউতাৰ বীৰত্ব আৰু বিশ্বাসযোগ্যতাৰ বাবেই ময়ো কাৰেঙত এক বিশেষ স্থান পাইছিলোঁ৷ সুখী আছিলোঁ মই৷ ৰাণীমা ৰাজসভাত বহিলে মই তেওঁৰ কাষতে আছিলোঁ৷ সভাত বিভিন্ন আলোচনা, বিচাৰ আদি হৈছিল৷ ৰাণীমাৰ লগত মই সকলো চাই আছিলোঁ৷ কেতিয়াবা ৰজাৰ কিছুমান বিচাৰ মোৰ মনঃপুত নহৈছিল৷ কেতিয়াবা কিছুমান ৰায় শুনি মন বৰ আনন্দিত হৈছিল৷ সেইবোৰ ৰজাৰ নিজৰ কথা৷ সেই কথাবোৰত ৰাণীমাৰো হাত নাথাকে।
ৰজাৰ বিশ্বাসী বৰপাত্ৰ গোঁহাই বৰ ধেমেলীয়া মানুহ আছিল৷ সভাত তেওঁ ধেমালি কৰি কৰি ৰজাৰ লগতে সকলোকে হঁহুৱাইছিল।

অকলে পালে মোক তেওঁ জোকাইছিল৷ ৰাণীৰ লগত থাকি থাকি ৰাণীৰ দৰে চেহেৰা হোৱা বুলি কৈছিল৷ মই লাজতে দুপদুপাই দৌৰ মাৰিছিলোঁ৷ দাপোনৰ আগত নিজকে চাইছিলোঁ।

বৰপাত্ৰ গোঁহাই দেউতালৈ মোৰ লাজ লাগিছিল৷ তেওঁৰ চাৱনিত মই বেলেগ ধৰণৰ এক কাতৰতা দেখিছিলোঁ৷ ৰাজসভাতো বেঁকাকৈ মোলৈ তেওঁ চাইছিল। মই তলমূৰ কৰিছিলোঁ৷ ৰাণীমা বা আন কোনেও কথাটোৰ ভূ নাপাইছিল। মই লিকলিকিয়া শৰীৰটোৰ ক’ৰবাত কিবাই বিন্ধা যেন পাইছিলোঁ৷ কাকো ক’ব নোৱাৰিছিলোঁ। মোৰ ভাগ্যৰ ওপৰত মোৰ অধিকাৰ নাছিল। মই কাৰেঙৰ লিগিৰী। মোৰ কপাল থিৰ কৰিব স্বৰ্গদেউ ঈশ্বৰ নাইবা ৰাণীমায়ে৷ তেওঁলোকৰ ইছাৰাতে চলিব মোৰ জীৱন ঘড়ী৷
কেতিয়াবা ৰাণীমায়ে ধেমালি কৰি কৈছিল- “তোক মই বিয়া হ’বলৈ নিদিওঁ৷ তোক বিয়া দিলে মোৰ কি গতি হ’ব?” আকৌ অলপ পাছতে কৈছিল- “তোক মই স্বৰ্গদেউতকৈও ধুনীয়া ল’ৰা চাই বিয়া দিম৷ মোৰ কাৰণে তোৰ জীৱনটো শেষ হ’বলৈ নিদিওঁ৷ কিছুদিনৰ পৰা মই আলেঙে আলেঙে তোলৈ পাত্ৰ চাই আছোঁ৷” ৰাণীমায়ে তেনেকৈ ক’লে লাজতে মোৰ মৰি যাবলৈ মন গৈছিল। মুখখন ঢাকি সেই ঠাইৰ পৰা আঁতৰি গৈছিলোঁ৷

আইচুদেউতাৰ গোমচেঙৰ লতা ফুলৰ বনকৰা মেখেলা বহুকেইখন আছে৷ তাৰে এখন পুৰণা মেখলা ৰাণীমায়ে মোক পিন্ধিবলৈ দিছিল এবাৰ। বিহু উৎসৱৰ সময়ত৷ মই আলফুলকৈ লৈ সামৰি থৈ দিলোঁ। আইচুৰ মেখলা মই কিসতে পিন্ধো?

ৰাণীমাৰ কাৰণে মই শুকান খৰিছা, শুকান ঔটেঙা, বগৰীৰ গুড়ি, জলকীয়াৰ কেঁচা চাটনি, শুকান গুড়ি এইবোৰ নিজহাতে তৈয়াৰ কৰিছিলোঁ৷ এইবোৰ পালে ৰাণীমাৰ ভাতমুঠি ভালকৈ পেটলৈ গৈছিল। মোৰ মনত শান্তি লাগিছিল।

মনে মনে বৰপাত্ৰ গোহাঁই দেউতালৈ আশা পালিছিলোঁ মই৷ সপোনত তেওঁক দেখিছিলোঁ৷ হৃষ্টপুষ্ট শৰীৰেৰে বহুৰাতি সপোনত মোক তেওঁ আঁকোৱালি লৈছিল। খোলাকৈ একো নক’লেও মই গোহাঁইদেউৰ মুখত মোৰ প্ৰতি চেনেহ দেখিছিলোঁ৷ বগাকৈ গোল মুখখনিৰে বৰ সুন্দৰ চেহেৰা তেওঁৰ৷ সপোন দেখাৰ অধিকাৰ মোৰ আছে। কেতিয়াবা ভাবিছিলোঁ ৰাণীমাক কথাষাৰ কৈ চাওঁ। কিজানি তেওঁ সহায় কৰেই! ক’ব নোৱাৰিছিলোঁ৷ লিগিৰীৰ বন্ধ মুখ৷ মুখ খুলি বিপদত পৰিবলৈ সত নাযায়৷

ৰাণীমা মৰমীয়াল আছিল। মোক তেওঁ বৰকৈ পচন্দ কৰিছিল। দেখাত লক্ষ্মী গোসাঁনীৰ দৰে হ’লেও ৰাণীমাৰ বয়স বাঢ়ি আহিছিল। সৰুসুৰা বেমাৰ লগ লাগিছিল। মই যিমান পাৰোঁ আলপৈচান ধৰিছিলোঁ৷ ঘানীৰ গৰম তেলেৰে গোটেই শৰীৰ মালিছ কৰিছিলোঁ৷ ৰাণীমাৰ কিবা হোৱা কথাটো মই সহ্য কৰিব নোৱাৰোঁ৷

আন সকলো ভাবনা একাষৰীয়া কৰি মই ৰাণীমাক আপদাল কৰিছিলোঁ৷ মই বেছি মৰমীয়াল আৰু বিশ্বাসী আছিলোঁ৷ সেয়ে কাৰো দুখ মোৰ সহ্য নহৈছিল। সৰুতেই মাতৃৰ বুকুৰ পৰা আঁতৰি আহি ৰাণীমাকে মাতৃৰ স্থান দি আহিছিলোঁ৷ ৰাণীমাৰ নৰীয়া বাঢ়ি আহিছিল। ৰাজ্যৰ সকলো বেজ-কবিৰাজৰ দ্বাৰা চিকিৎসা কৰোৱা হ’ল। ভাল হওক ছাৰি দিনে দিনে তেওঁৰ অৱস্থা বেয়ালৈ ঢাল খালে। এটা সময়ত তেওঁ পালেঙৰ পৰা উঠিব নোৱাৰা হ’ল৷ মই পাগলৰ দৰে ছটফটাই থাকিলোঁ। “লিকলিকি, লিকলিকি …….” দিনটোৰ বেছিভাগ সময় মোকে মাতি থাকিল ৰাণীমায়ে।

লাহে লাহে এদিন ৰাণীমাৰ মাত-বোল নোহোৱা হ’ল। মোৰ বৰ আখজা লাগিল। দিনটো তেওঁৰ এষাৰ মাতৰ বাবে উদভ্ৰান্তৰ দৰে বাট চাওঁ। নাই, ৰাণীমাৰ মাত আৰু নোলাল৷ এদিন পুৱা মোৰ হাততেই ৰাণীমায়ে শেষৰ উশাহটো ল’লে। মই ৰাণীমাক জীয়াই ৰাখিবলৈ বহুত চেষ্টা কৰিলোঁ৷ জোঁকাৰি জোঁকাৰি তেওঁৰ মৃত শৰীৰটো মই জীয়াই তুলিব খুজিলোঁ। প্ৰচণ্ড শোকত মৃতপ্ৰায় হ’লোঁ মই৷ লগৰ লিগিৰী-লিগিৰাবোৰে মোক শান্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিলে। এটা দিন মই প্ৰায় অচেতন হৈ থাকিলোঁ। দ্বিতীয় দিনাও ৰাণীমাৰ শৰীৰৰ কাষতে বহি থাকিলোঁ। তৃতীয় দিনা ৰাণীমাৰ মৈদামৰ দিন। স্বৰ্গদেউ শৱগৃহলৈ সোমাই আহিল।

: লিকলিকি, তোৰ অবিহনে ৰাণীমাওৰ দুহাত শূণ্য৷ তেওঁৰ লগত তই যাব লাগিব৷ নতুন সাজ পিন্ধি সাজু হগৈ যা৷

মই, এই লিকলিকিয়ে স্বৰ্গদেউৰ মুখলৈ ভেবা লাগি চাই ৰ’লোঁ৷ গোটেই জীৱন জুৰি দিয়া মৰমৰ বিনিময় এয়াই নেকি? মোৰ নিজৰ জীৱন? নিজৰ সপোনবোৰ? বৰপাত্ৰ গোহাঁইৰ লগত দেখা সপোনবোৰ? এতিয়া সেইবোৰৰ কোনো মূল্য নাই। ৰজাৰ আদেশ অমান্য কৰাৰ সাহস বা শক্তি একো নাই মোৰ৷ ৰাণীমাৰ লগত মোক মৈদামত জীয়াই জীয়াই ভৰাই দিব। নিজৰ আসন্ন মৃত্যু দেখি বৰ ভয় খালোঁ মই। এই সময়ত দেউতায়ো মোক সহায় কৰিব নোৱাৰে বুলি বুজিলোঁ। তেওঁ ৰজাৰ বিশ্বাসী সহচৰ। শক্তিমান যোদ্ধা৷ ৰজাৰ বাবে সৰ্বস্ব তেজিবলৈ সদা তৎপৰ৷ বৰ অসহায় অনুভৱ কৰিলোঁ মই৷ এয়া কেনে নিয়ম? আজীৱন উপহাৰ দিয়া বিশ্বাস আৰু সততাৰ বিনিময় মৃত্যুদণ্ড? ৰাজপৰিয়ালৰ বাবে এই মৃত্যু মৃত্যু নহয়, আত্মোৎসৰ্গ৷ মহা পূণ্যৰ কাম৷ মোৰ মৰিবলৈ অলপো মন যোৱা নাছিল৷ মৈদামৰ ভিতৰত অকনমান বতাহৰ বাবে ছটফটাই কৰুণ মৃত্যুৰ কথা ভাবি মই শিয়ঁৰি উঠিছিলোঁ। চকুপানীৰ ঠাই ল’লে শংকাই। সকাতৰে মই নেদেখাজনক প্ৰাৰ্থনা কৰিলোঁ৷ অহা জনমত লিগিৰী লিকলিকি কৰি যাতে স্ৰজন নকৰে মোক। লিগিৰীৰ সপোনৰ কোনো মূল্য নাই এই ধৰাত। দাসীৰ জীৱন নালাগে আৰু মোক৷

প্ৰাৰ্থনাই ক্ষোভৰ ৰূপ পালে। ক্ষোভ হিংসা হ’ল৷
টানি টানি মৈদামলৈ লৈ যাওঁতে মই সেয়েহে অত্যন্ত হিংস্ৰ চাৱনিৰে স্বৰ্গদেউলৈ চালোঁ৷ ৰজা আৰু বিষয়াসকলে মোৰ চাৱনিক গুৰুত্ব নিদিলে। মই তথাপি চাই ৰ’লোঁ একেই হিংস্ৰতাৰে। মৈদামত ভৰাই দিয়াৰ পাছতো তীক্ষ্ণ নখেৰে বেৰত আঁকূহি আঁকূহি আমৃত্যু ক্ষোভ উজাৰিলোঁ৷ মোৰ ক্ষোভ, আশা, বেদনা একো শেষ নহ’ল।

এতিয়াও চৰাইদেউত ঘূৰি ফুৰোঁ মই। মৈদামৰ বাহিৰত, ৰজাক বিচাৰি।

মৈদামৰ ভিতৰৰ পৰা ৰাণীমায়ে চিঞৰে,

: লিকলিকি, ক’তনো মৰিলিগৈ? আহ অ’ আই। তই নহ’লে যে মোৰ দিনতে এন্ধাৰ৷ লিকলিকি, লিকলিকি ……
☆★☆★☆

7 Comments

  • বিকাশ

    ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ইস্,গা টো কিবা সিৰসিৰাই গ’ল বা পঢ়ি।

    Reply
  • হেমন্ত কাকতি

    বৰ বেলেগ ষ্টাইলৰ গল্পটো৷ ভাল লাগিল৷

    Reply
  • জুৰী গোস্বামী

    বৰ সুন্দৰ তোমাৰ কলম ৷ শব্দ চিন্তা প্ৰকাশ সকলো সুন্দৰ ৷ উন্নত মানৰ এটি গল্প পঢ়ি আপ্লুত হ’লো

    Reply
  • Gitarthi Goswami

    আটাইলৈ ধন্যবাদ যাচিলোঁ

    Reply
  • কাবেৰী মহন্ত

    কিবা লাগি গ’ল ..
    সুন্দৰকৈ লিখিলে

    Reply
  • নীলাক্ষি দেৱী ডেকা

    আহোমৰ ৰাজত্বৰ এক কৰুণ ইতিহাস। মৈদামৰ ভিতৰত কিমান চাগে এনে কাহিনী পোত খাই আছে। সুন্দৰ লিখনি।

    Reply

Leave a Reply

Your email address will not be published.