ফটাঢোল

লিটিকাই – উজ্জ্বল ফুকন

: নমস্কাৰ

মিচিকিয়া হাঁহিৰে কাষৰ চিটত বহি থকা মানুহজনে ক’লে৷ মুখত এক অবুজ উজ্জ্বলতা তেওঁৰ৷ যেন বহু দিনৰ আগৰ পৰা চিনি পাই বৰুৱাক৷ বৰুৱা মানে সত্যেন বৰুৱা৷ গুৱাহাটীলৈ গৈ আছে সোণাৰিৰ পৰা৷ কাইলৈ দিল্লীলৈ ৰাওনা হ’ব৷ মূৰৰ পৰা ভৰিলৈ মানুহজনলৈ চাই বৰুৱাই লাহেকৈ মুখৰ ভিতৰতে সঁহাৰি দিলে৷ সিজনে আকৌ মিচিকিয়া হাঁহিৰে মাত লগালে,

: আপোনাৰ ‘কাৰ’খনহে বাহিৰলৈ ওলাই আহিল৷ সেইখনকো ভিতৰতে থ’ব লাগিছিল৷ ‘কাৰ’ চলালেও বৰ প্ৰদূষণ হয় বুজিছে৷ তাতে আকৌ আজিকালি গাড়ী চলাবলৈ ভয়৷ চৰকাৰে এশ এবুৰি কাগজ পত্ৰ পৰীক্ষা কৰিবলৈ লৈছে৷ পেট্ৰ’লৰ খৰচৰ কথা নকওঁ দিয়ক৷ সেইখন বাহিৰলৈ উলিয়াই ভুল নকৰিব৷ কিন্তু ভিতৰত চলি থাকিলেও ধোৱাখিনি আপোনাৰ পিচপিনেদি ওলাব৷ সেইটো আকৌ ডাঙৰ সমস্যা হ’ব৷ হয় নে নহয় বাৰু?

বৰুৱাই একো বুজি নাপাই সিজনৰ ফালে অলপ সময় ভেবা লাগি চাই সুধিলে,

: কি ক’লে একো বুজি নাপালোঁ৷

: মানে আপুনি মোলৈ দিয়া নমস্কাৰৰ ‘কাৰ’খনহে মুখৰ বাহিৰলৈ ওলাই আহিল৷ ভিতৰত ‘নম’ই চাগৈ ভাষণ দি আছে৷ তেওঁকো উলিয়াই দিয়ক৷ তেওঁৰ ভাষণ শুনা নাপালে ৰাইজে বৰ বেয়া পাব৷ তেওঁক আপুনি মনৰ ভিতৰত ৰাখিলে তেওঁ আকৌ “মন কি বাত” আৰম্ভ নকৰিলেই হ’ল আৰু৷ কিন্তু আপোনাৰ মনৰ ভিতৰত থাকিলে তেওঁ কাৰ মনৰ কথা ক’ব? আপোনাৰ নে তেওঁৰ নিজৰ? আকৌ সমস্যা৷ ‘নম’ মানে বুজি পাইছে চাগৈ কাৰ কথা কৈছো৷

বৰুৱালৈ চাই সিজনে উত্তৰ দিলে৷ সিজনৰ কথা শুনি পিছৰ চিটত বহি থকা ল’ৰা দুজনেও হাঁহি হাঁহি আলোচনাত যোগ দিলে,

: ‘কাৰ’খন সুমুৱাই থোৱাই ভাল বুজিছে৷ কাৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ দাম কিমান কমিছে আপুনি গম পায়েই চাগৈ৷ ইক’নমি বোলা বস্তুটো একেবাৰে শেষ কৰি পেলালে৷

এজন ল’ৰাৰ মাত৷

: কেৱল গাড়ীয়েই নে? বাকী সকলোৰে অৱস্থা বেয়া দেখোন৷ পইচা ডুবিল আৰু আমাৰ বুজিছা৷ দাদাই ভাল কৰিছে কম খৰচ কৰিবলৈ শিকিছে৷ গাড়ীও নুলিয়াই আৰু শব্দও খৰচ নকৰে৷ ৰিচেছন আহিব পাৰে ভালেই কৰিছে৷ যি সময় আহি আছে খৰচৰ পৰা দূৰত থকাই ভাল৷ মইতো আজি ডাউনল’ড কৰিবলৈও যোৱা নাই৷ কালি ৰাতি মাংস খাইছিলোঁ সেয়েহে ঘপক কৈ উলিয়াই দিবলৈ বেয়া লাগে৷ থাকক আজিৰ দিনটো৷ কাইলৈ ভাবিম৷

আনজন ল’ৰাই ক’লে৷ তাৰ কথা শেষ ন’হলেই বাচখন গাত এটাত পৰি যিটো থেকেঁচা দিলে তাৰ আগদিনাৰ মাংসই ভিতৰত আৰ্তনাদ কৰি উঠিল৷ পেটটোত হেঁচি ধৰা দেখি লগৰটোৱে খিৰিকীখন খুলি দি ক’লে,

: তোৰ বৰ পেৰাটো খিৰিকীৰ ফালে মূৰ কৰি থ’৷ বৰ পেৰাত লাহেকৈ ইণ্ডিয়ান আইড’লৰ গান ওলাব পাৰে৷ সাৱধনৰ মৰণ নাই৷

বৰুৱাৰ কাষৰজনে ইতিমধ্যে তামোল এখন ভৰাই ল’লে৷ পিছ চিটৰ ল’ৰা দুজনৰ টকা পইচাৰ কথা শুনি সিহঁতৰ ফালে চাই ক’লে,

: মনি মেন৷ লক্ষ্মী দেৱীৰ পিছত দৌৰা মানুহ তোমালোক৷ লাগি থাকা।

: কি বলিয়া মানুহ হে আপোনালোক? পাগলৰ দৰে কি বকি আছে৷ চিনি পোৱা নাই …..

ম’বাইলটো বাজি উঠাত বৰুৱাই কথাষাৰ শেষ কৰিবলৈ নাপালে৷

: অ’ মই বৰুৱাই কৈছোঁ৷ দিল্লীত থাকোঁ৷ চৰকাৰী চাকৰি৷ হয় হয়, ঠিকেই ধৰিছে৷ মাজে মাজে লিখা মেলা কৰোঁ৷ ঠিক আছে৷ আজি ৰাতি ৯টা বজাত? মই গুৱাহাটীত নামিয়েই আপোনাক খবৰ দিম৷ নিশ্চয় লগ পাম ষ্টুডিঅ’ত৷ Thank you. Thanks a lot.

বৰুৱাৰ মুখত এক সন্তোষৰ হাঁহি৷

: সন্তোষ মোহন দেব

বৰুৱাৰ কাষৰ জনে লাহেকৈ ক’লে৷ পিছৰ ল’ৰা দুজনো চাপ খাই আহিল কথা শুনিবলৈ৷ বৰুৱাই একো বুজি নাপাই তেওঁলৈ চোৱা দেখি সিজনে ক’লে,

: কংগ্ৰেছী লীডাৰ আছিল৷ আপোনাৰ মুখখনৰ ভাৱ দেখি মনত পৰি গ’ল তেওঁৰ নামটো৷

বৰুৱাই উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে৷

: আপুনি বৰুৱা৷ দিল্লীত থাকে৷ চৰকাৰী চাকৰি৷ শুনিলোঁ এইমাত্ৰ৷ ভাল লাগিল৷

সিজনে আকৌ মাত লগালে৷ বৰুৱাই মূৰ দুপিয়াই হয়ভৰ দিলে৷

: মই বৰা৷ লটকন বৰা৷ ৰাইজে লটি বুলি জানে৷ সৰুবোৰে কেতিয়া লটিকাইটো লিটিকাই কৰি পেলালে নিজেই গম নাপালোঁ৷

সিজনে কৈ গ’ল৷

: টিলিকিআম

লিতিকাই হাঁহি এটা মাৰি আকৌ ক’লে৷

: কি টিলিকিআম?

বৰুৱাই খঙেৰে সুধিলে৷

: নহয় মানে মই ভাবিলোঁ আপুনি মনৰ ভিতৰতে মোৰ ঘৰ ক’ত সুধিছে৷ মোৰ ঘৰ যোৰহাট, টিলিকিআমত৷

লিটিকাই লাহেকৈ ক’লে৷

: লিটিকাই, তেওঁ ‘নম’ক মুখৰ ভিতৰত ভৰাই থৈছে৷ নমোৱে চাগৈ ইতিমধ্যে গৰগৰাই আছে ভিতৰত৷ আচলতে তেওঁ নমস্কাৰ দিব নালাগিছিল৷ দিল্লীত থাকে তেওঁ৷ ‘নমস্তে’ দিব লাগিছিল৷ তেতিয়া ‘নম’ ‘স্তে’ হৈ থকিল হয় মানে ৰৈ থাকিল হয়৷

পিছপিনৰ ল’ৰাজনে লিটিকাইলৈ চাই ক’লে৷

: হেৰৌ নমোৰ কথা বাদ দে মোৰ সিপাৰে কিবা স্তে অৰ্ডাৰ লগাব পাৰি নেকি?

আনটো ল’ৰাই পেটটোত ধৰি ক’লে৷ লিটিকাই বেগটো খুছৰি শুকান থেকেৰা অকণমান আগবঢ়াই দি ক’লে,

: এইটো চোবাই থাকা আৰু বতাহ লাহে লাহে এৰিবা৷ এইখিনিতে মানুহৰ ধৈৰ্যৰ প্ৰকৃত পৰীক্ষা হয়৷ মনটো ডাঠ কৰা৷ ধুমুহা আহিব৷ বানপানীৰ বলীয়া বানে মথাউৰিটো বাৰে বাৰে খুন্দিয়াব৷ কিন্তু তুমি মথাউৰি ভাঙিবলৈ নিদিবা৷

: আপোনাৰ ঘৰ টিলিকিআমত৷ মই কি কৰিব লাগে? নাচিব লাগে?

বৰুৱাই যেন তেতিয়াও টিলিকআমৰ পৰা ওলাই আহিব পৰা নাছিল৷

: নাচ-গান কৰি কিবা লাভ হ’ব জানো? ৰেলত হ’লে কোনোবাই কিবা দিলে হয়৷ বাচত কোনে দিব৷ তাহানিতে আমাৰ যোৰহাটৰ টিয়কত মেকুৰীয়ে গান গাইছিল৷ তাৰপিছত আৰু কাকো দেখা নাই বাচত গান গোৱা৷ মেকুৰী মানে এজন অন্ধ গায়ক আছিল৷ মই কিন্তু মগনীয়া বা ভিক্ষাৰী বুলি ক’বলৈ বেয়া পাওঁ৷ তেওঁ এজন ভাল শিল্পী আছিল৷

বৰুৱাই একো বুজি নাপাই লিটিকাইলৈ চাই থকা দেখি মেকুৰীৰ বিষয়ে এটা শাৰীত বুজাই দিলে লিটিকাই৷

: মেকুৰী কোন? এইবুলি মই সুধিছিলোঁ নেকি আপোনাক?

বৰুৱাই ঘোপাকৈ চাই লিটিকাক সুধিলে৷

: আকৌ কৈছো ‘মন কি বাত’৷ মানে অপুনি মনতে সুধা যেন লাগিল মোৰ৷

লিটিকাই লাহেকৈ ক’লে৷ কথাষাৰ শেষ ন’হলেই যিটো গোন্ধ নাকত লাগিল গোটেইকেজনে একেলগে নাকত ধৰিল৷ নাকত ধৰিয়ে লিটিকাই লাহেকৈ সুধিলে পিছপিনৰজনক,

: বিক্ৰম অৰবিটৰ পৰা ওলাই গ’ল নেকি হে?

সিজনে মূৰ জোকাৰিলে৷

: নাকত ধৰি আছা৷ ভাল কথা৷ কিন্তু মনটো এৰি নিদিবা৷

সিজনলৈ চাই লিটিকাই ক’লে৷

: সময়ে এই বতাহ কণো উৰাই লৈ গ’ল বুজিছে৷ সময় কাৰো বাবে নৰয়৷

অলপ সময় ৰৈ লিটিকাই আকৌ বৰুৱালৈ চাই ক’লে৷

বৰুৱাই এবাৰ লিটিকালৈ চাই আকৌ আনফালে মূৰ কৰিলে৷

: আপুনি বৰুৱা যদি হেমেন বৰুৱাৰ কিবা হয় নেকি বাৰু?

লিটিকাইৰ প্ৰ্শ্ন৷

: কোন হেমেন বৰুৱা?

বৰুৱাই সুধিলে৷

: থেঙালৰ হেমেন বৰুৱা আকৌ৷ চাহ বাগানৰ মালিক৷ অ’ আই আপুনি বৰুৱা হৈ তেওঁক চিনি নাপাই?

লিটিকাই আচৰিত হৈ সুধিলে৷

: নাপাওঁ, কিনো ডাঙৰ কথাটো হ’ল৷

বৰুৱাই খঙেৰে ক’লে৷

: মানে আপুনি যোৰহাটৰ নহয়?

লিটিকাই আকৌ মাত লগালে৷

: মইনো কেতিয়া ক’লো মই যোৰহাটৰ বুলি?

বৰুৱাই ওলোটাই সুধিলে লিটিকাইক৷

: অ’ আই বেয়া নাপাবহে৷ কিবা চিনাকি চিনাকি যেন লগা কাৰণেহে সুধিলোঁ৷ আপোনাক কিবা আমাৰ যোৰহাটৰ যেন লাগিছে দেখাত৷ সঁচা কৈছোঁ৷ তামোল এখন খাব নেকি?

এইবাৰ লিটিকাই তামোল এখন আগবঢ়ালে বৰুৱালৈ৷

বৰুৱাই হাত এখন দাঙি যি ধৰণে না কৰিলে লিটিকাইৰ ডেকাকালৰ নিলিমাৰ প্ৰেম প্ৰত্যাখানটো মনত পৰি গ’ল৷ এতিয়া দুটা মদগজ ল’ৰাৰ মাক নিলিমা৷ সিদিনা আহিছিল লিটিকাইৰ ওচৰলৈ “ডাঙৰটো বোলে অঙ্কত কেঁচা৷ অলপ শিকাই দিব লাগে৷” লিটিকাই অঙ্কত ভাল বুলি গোটেই অঞ্চলে জানে৷ লিটিকায়ে সেইদিনা তাইক কৈছিল,

“বহুত অঙ্ক সমাধান কৰিলোঁ বুজিছ৷ পিচে তইহে মোৰ গণিতখন জট লগাই গুচি গ’লি৷ এতিয়া তোৰেই পুতেৰক মই অঙ্ক শিকাব লাগে৷ তাৰ মুখখনত মই তোকহে দেখা পাম অ’৷”

পুতেকে মাকৰ পুৰণি অঙ্ক বুজি পাব বুলি নিলিমা আৰু নাহিল দ্বিতীয়বাৰ৷ লিটিকাই পাণখন হাতত লৈ বহু দেৰি ভাবি থকা দেখি পিছপিনৰ ল’ৰাজনে মাত দিলে,

: টোনৰ পৰা ওলোৱা বাণ আৰু তামোলৰ টেমাৰ পৰা ওলোৱা পান কেতিয়াও ঘূৰি নাযায়৷ মোকে দিয়ক পাণখন৷

লিটিকাই হাঁহি এটা মাৰি পাণখন আগবঢ়াই দিলে ল’ৰাটোলৈ৷

: হেম বৰুৱাৰ কিবা হয় নেকি বাৰু? আপোনাৰ দেউতা ন’হব৷ ককাদেউতা হ’ব পাৰে কিন্তু৷

লিটিকাই আকৌ সুধিলে বৰুৱাক৷

: নহয় হে৷ কোন হেম বৰুৱা?

বৰুৱাই অশান্তি পাই সুধিলে৷

: আমাৰ যোৰহাটৰে৷ একালৰ অসম সাহিত্য সভাৰ সভাপতি আছিল৷ কিবা এটা মিল আছে আপোনাৰ মুখখনৰ লগত৷ মই তেখেতৰ পুৰণি ফটো দেখিছোঁ৷

লিটিকাই বৰুৱাৰ মুখখন ভালকৈ আকৌ এবাৰ চাই ক’লে৷ বৰুৱাই বিশেষ একো সঁহাৰি নিদিয়াত লিটিকাই পিছপিনৰ ল’ৰা দুজনলৈ চাই ক’লে,

: যোৰহাটৰ যেন লগা নাই নে তেখেতক?

: ক’বলৈ বেয়া পাইছে চাগৈ৷ যোৰহাটৰ যেনেই লাগিছে কথা-বতৰাত৷

এজনে মাত লগালে৷

: তোমালোক নো ক’ৰ?

লিটিকাই সুধিলে৷

: আমি যোৰহাট, মাছৰহাটৰ৷

আনজনে পেটত এখন হাত থৈ লাহেকৈ ক’লে৷

: তুমি বেছি কথা ন’কবা৷ জোৰ পৰিব সিপিনে৷

লিটিকাই ক’লে৷ আনজনৰ হাতখন চেপা মাৰি ধৰি ক’লে,

: যোৰহাটৰ এখন হাট মোৰ পিছপিনে বহি আছে৷ আনখন কেনেবাকৈ মোৰ কাষত নেকি?

কেৰাহিকৈ চোৱা বৰুৱালৈ চাই অকৌ সুধিলে

: কেনেবাকৈ আপুনি বাৰু চৌকী হাতৰ নেকি?

ঘোপাকৈ চোৱা বৰুৱালৈ চাই লিটিকাই লাহেকৈ ক’লে

: মানে এওঁলোক মাছৰহাটৰ৷ আপুনি যদি কেনেবাকৈ চৌকীহাতৰ হয় তেন্তে সমগ্ৰ যোৰহাটখন দুখন হাতেৰে ধৰি থ’লোঁ হয়৷

: নহয় হে মই যোৰহাটৰ৷

বৰুৱাই বিৰক্ত হৈ ক’লে৷

: এহ বেয়া নাপাব৷ বাৰে বাৰে মনলৈ আহি আছে কাৰণে সুধিছোঁ৷

লিটিকাই ক’লে৷

: দ্বিপেন বৰুৱা৷ গান গাই যে

লিটিকাই আকৌ আৰম্ভ কৰিলে৷

: অ’ কি হ’ল তেওঁৰ?

বৰুৱাই সুধিলে৷

: একো নাই হোৱা হে তেওঁৰ৷ গানবোৰ ভাল লাগে তেওঁৰ৷

লিটিকাই লাহেকৈ ক’লে৷

: ব্ৰজেন বৰুৱা

অলপ সময় ৰৈ আকৌ লিটিকাইৰ মাতটো ভাঁহি আহিল৷

: অভিনেতা, পৰিচালক আছিল৷

পিছপিনৰজনে মাত লগালে৷

: ’ড° বেজবৰুৱা’ বিখ্যাত চিনেমা৷ মই চাইছোঁ সেইখন৷

বৰুৱাই মাত লগালে এইবাৰ৷

: আপুনি কিবা হয় নেকি তেওঁলোকৰ?

লাহেকৈ সুধিলে লিটিকায়ে৷

: নহয়৷ আৰু তেওঁলোকটো গুৱাহাটীৰ হে৷

বৰুৱাই বিৰক্তিৰে চাই ক’লে৷

: সেইকাৰণে সুধিছোঁ৷ আপুনি তাৰমানে গুৱাহাটীৰো নহয়৷ তেন্তে যোৰহাটৰ হ’বই লাগিব৷ দেখিলেই যোৰহাটৰ যেন লাগে আপোনাক৷

লিটিকাই ক’লে৷

: হেৰি কিমানবাৰ ক’ব লাগে হে মই যোৰহাটৰ নহয় বুলি৷

বৰুৱাই অসহ্য হৈ লিটিকাইক ক’লে৷ এইবাৰ পিছপিনৰ এজন উঠি আহি দুয়োজনলৈ চাই ক’লে

: ঠিক কৈছে লিটিকাই, যোৰহাটৰ যেনেই লাগিছে৷ এটা পৰীক্ষা কৰি চাওঁ নেকি?

: অ’ কৰি চাওঁকচোন৷ মিছা কৈছে যদি ওলাই পৰিব৷

লিটিকাই ক’লে৷

: কি মিছা কোৱা দেখিলে হে?

বৰুৱাৰ যেন এইবাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷

: এহ দাদা, খঙ নকৰিব৷ আপুনি হাতখনেৰে নাকটো এবাৰ মোহাৰি দিয়কচোন৷

ল’ৰাজনে বৰুৱাক ক’লে৷ আন কেইবাজন যাত্ৰীও এইবাৰ আগবাঢ়ি আহিল কি হৈছে চাবলৈ৷ বৰুৱাই উপাই নাপায় এখন হাতেৰে লাহেকৈ নাকটো মোহাৰি সকলোলৈ চালে৷

: কি পালে? মানে কিবা ওলাল নেকি?

ল’ৰাজনে সুধিলে৷

: কি দাল পাম হে?

বৰুৱাই খঙেৰে ক’লে৷

: হেঙুন?

পিছপিনৰ পৰা এজনে মাত লগালে

: নাক মোহাৰিলে সেইটোহে পাব৷

: নহয় হে বহুত যোৰহটীয়াৰ নাক মোহাৰিলে বুদ্ধি ওলাই৷ আপোনাৰ মানে নোলাল একো বুদ্ধি?

ল’ৰাজনে সুধিলে৷

: কিহৰ বুদ্ধিদাল ওলাব হে?

বৰুৱাই খঙেৰে ক’লে৷

: লিটিকাই এওঁৰ চান্স অলপ কম যোৰহটীয়া হোৱাৰ৷

ল’ৰাজনে লিটিকাইলৈ চাই ক’লে৷

: তথাপি মানে অলপ চান্স আছে৷ শেষ মুহূৰ্তলৈ আশা এৰি দিব নাপাই৷ তুমি যে একোৱেই নেৰিবা অলপ সময়৷ বেছি দূৰ নাই বোকাখাট পামগৈ৷

লিটিকায়ে সিজন ল’ৰালৈ চাই ক’লে৷ লিটিকাইৰ কথা শুনি বৰুৱাই খঙত মনৰ ভিতৰতে কিবা ভোৰভোৰাই থাকিল৷

: আপোনাক এটা কথা কওঁ৷ আপোনাৰ খঙ উঠিছে যদি খঙ ভিতৰত ৰাখি নথ’ব৷ খঙ ভিতৰত ৰাখিলেই হাই প্ৰেচাৰ হয়৷ হাই প্ৰেচাৰ হ’লে মানুহ বেছিদিন জীয়াই নাথাকে৷ আপুনি জানেই চাগৈ৷ হৃদৰোগত আক্ৰান্ত হৈ বৰ সোনকালে মানুহ মৃত্যুমুখত পৰে৷ দিল্লীত থাকে আপুনি৷ তাত ভাল ভাল ডাক্তৰক দেখাব পাৰিব৷ কিন্তু তথাপি পইচাৰ খৰচ আৰু দেহাও ঘূণীয়া হয় দিয়কচোন৷ সেয়েহে কৈছোঁ খঙবোৰ হাঁহিৰে মোহাৰি পেলাব৷ হাঁহি মহৌষধ বুজিছে৷ আপুনি হাঁহিটোও টিপি টিপি বেকাকৈ মাৰে৷ হাঁহিটো ভালকৈ মাৰিলে নো কি খৰচ হ’ব কওকচোন?

লিটিকায়ে বৰুৱালৈ চাই ক’লে৷

: হেঃ হেঃ হেঃ! হ’ব নে?

বৰুৱাই মুখখন মেলি সম্পূৰ্ণ দাত উলিয়াই হাঁহি দেখুৱালে লিটিকাইক৷

: কি কয় হে, আপোনাৰ দাঁত আছে দেখোন৷ মই আকৌ আপুনি মই দিয়া তামোলখন নোখোৱা দেখি ভাবিছিলোঁ আপোনাৰ দাঁত সৰিল চাগৈ৷ আজিকালি সৰু সৰু ল’ৰা ছোৱালীৰ দাঁতৰ সমস্যা হয় আপুনিতো তথাপিও ডাঙৰ৷ আপোনাৰ দাঁতকেইটা চাবলৈ ইমান বেমাৰৰ কথা ক’ব লগা হ’ল৷ ভাল লাগিল আপোনাৰ দাঁতকেইটা দেখি৷ লওক এইখন তামোল৷ এইবাৰ কিন্তু আপুনি না কৰিব নোৱাৰে৷ ন’হলে মই ক’ম কিন্তু “আছে গৰু নাবাই হাল৷ তেনে গৰু নথকাই ভাল”

লিটিকায়ে বৰুৱালৈ চাই ক’লে৷ বৰুৱাই কি ক’ব ভাবি নাপালে৷ তেওঁৰ হাতত দিয়া তামোলখন কেতিয়া তেওঁ মুখত ভৰালে নিজেই বুজি নাপালে৷

ইতিমধ্যে গাড়ীখন বোকাখাত পাইছিলহি৷ লিটিকিকাই লাহেকৈ উঠিল চিটৰ পৰা৷ পিছপিনৰজনো কুজা হৈ নামিল বাচৰ পৰা৷ লগৰজন লিটিকাইৰ শেষ কথাকেইটা শুনিবলৈ ৰৈ গ’ল৷ সিজন হোটেললৈ লৰ দিলে৷ মথাউৰি ভাঙো ভাঙো৷

: জেবি কলেজ৷ মানে জগন্নাথ বৰুৱা৷ এইজন ৰায় বাহাদুৰ আছিল৷ এওঁৰ কিবা হয় নেকি আপুনি? পৰি নমস্তে আৰু দেই তেতিয়া৷

বেগটো হাতত লৈ শেষবাৰৰ বাবে সুধিলে লিটিকায়ে৷

বৰুৱায়ো অশান্তি পাইছিল গোটেই ৰাস্তাটো৷ আকৌ নহয় বুলি ক’লে এই মূৰচোবোৱাটো আগলৈ তেওঁৰ লগত গৈ থাকিব বুলি হাঁহি হাঁহি উত্তৰ দিলে,

: অ’ মই যোৰহাটৰ৷ যোৰহাটতে জনম লৈছিলোঁ৷ তাতে পঢ়িছিলোঁ৷ তাতে ডাঙৰ হৈছিলোঁ৷ হ’ব নে এতিয়া?

বৰুৱাৰ কথা শুনি পিছৰ ল’ৰাজন আহি লিটিকাইৰ কাষ পালেহি৷

: ভাল কামোৰ দিলে দেই গোটেই ৰাস্তাটো৷ আগতেই সঁচা কথাটো কৈ দিয়া হ’লে ইমান শব্দ ইমান শক্তি খৰচ কৰিব লগা ন’হল হয়৷ কিন্তু এটা কথা কওঁ৷ জন্মৰ পৰা আমিও আছোঁ যোৰহাটত৷ আপোনাক কিন্তু কেতিয়াও দেখা মনত নপৰে৷ আপুনি আমাৰ মন ৰাখিবলৈ যোৰহাটৰ বুলি কৈছে যদিও মোৰ হ’লে আপোনাক কোনো পধ্যেই যোৰহাটৰ যেন লগা নাই৷ আৰু এটা কথা, আজিকালি বহুত মানুহে মিছাটো সঁচা কৰি দেখুৱাই৷ আপুনি প্ৰথমতে মিছা বুলি কৈ আছিল কিন্তু শেষত আপুনি নিজৰ সঁচাটোও মানুহৰ আগত মিছা বুলি ক’লে আৰু মানুহৰ মিছাবোৰ সঁচা বুলি মানি ল’লে৷ এয়া আমাৰ সকলোৰে বাবে ডাঙৰ শিক্ষা৷ আজিকালি বাতৰি কাকত নিউজ চেনেল সকলোৱে আমাক কিবা এটা সঁচা বুলি দেখুৱালৈ উঠি পৰি লাগে৷ কিন্তু আমি সকলোৱে নিজৰ বিবেক বুদ্ধি ব্যৱহাৰ কৰি শুদ্ধ অশুদ্ধ বিচাৰ কৰিব লাগে৷ ন’হলে মিছাই সঁচা হ’ব আৰু সঁচা ধোৱাচাঙত উঠিব৷

লিটিকায়ে বৰুৱালৈ চাই ক’লে৷ বৰুৱাই ভেবা লাগি চাই থকা দেখি লিটিকাই বাচৰ পৰা নামি অকৌ ক’লে,

: আৰু এটা কথা৷ মিছা কথাৰ ঠেং ছুটি৷ দিল্লী গৈ দুয়োটা ভৰি জুখি চাব৷

হাঁহি হাঁহি ৰাস্তা পাৰ হৈ লক্ষ্মী মিঠাই দোকানলৈ গৈ থকা লিটিকালৈ চাই বৰুৱাৰ মূৰটো ঘূৰোৱা যেন লাগিল৷ মনে মনে ভাবিলে,

: এইদালে পেয়া পুই খাই আৰু কাক চোবাব ঠিক নাই৷

☆ ★ ☆ ★ ☆

12 Comments

  • খুব ভাল লাগিল দেই৷

    Reply
  • সম্পূৰ্ণা

    উফ ৰাম! কিখন যে কৰিলে ঔ বৰুৱাক! 😂😂😂😂😂😂😂

    Reply
  • নৱনীতা ফুকন

    বৰ ভাল লাগিল পঢ়ি ৷

    Reply
  • ৰিণ্টু

    এইবোৰ কাৰণেই মই উজ্জ্বলৰ লেখাৰ ফেন।

    খুব ভাল লাগিল উজ্জ্বল

    Reply
  • Mitali

    উফ, কি জবৰ্দস্ত লেখা আপোনাৰ 👍

    Reply
  • কাবেৰী মহন্ত

    কি সাংঘাতিক লেখা! দিল খুচ

    Reply
  • আৰাধনা বৰুৱা

    ভাল লাগিল

    Reply
  • Anonymous

    উজ্বল দা, লেখা আকৌ আৰম্ভ কৰকনা৷ বৈদ্য মিছ কৰো৷

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    উজ্জ্বল দা! আপোনাৰ লেখাৰ আমি আজন্ম প্ৰেমিক! বহুত ধন্যবাদ দাদা!

    Reply
  • ঈশান

    কি দুৰ্দান্ত Wit ! তামাম উজ্জ্বল দা । সম্পাদকক অশেষ ধন্যবাদ এই লেখাটোৰ বাবে ।

    Reply
  • Bondita barkataky

    Borhia sumu. Bor bhal lagil.

    Reply
  • Sanidhya Baruah

    বঢ়িয়া 👍👏.
    ইমান কামোৰ খাইয়ো বৰুৱা ই বাছৰ পৰা যে জপিয়াই নিদিলে 😆

    Reply

Leave a Reply

Your email address will not be published.