ফটাঢোল

লিমাৰিক- অভী পার্থসাৰথি বৰুৱা

 (১)
পুত্ৰমোহত অন্ধ আছিল এখন দেশৰ ৰাণী,
গণতন্ত্ৰত বিলাইছিল নিজ পৰিয়ালৰেই বাণী,
সেই ৰাণীৰেই ছিগিল হাত,
বাগিচাত মেলিলে পদুম পাত,
পদুমৰ পাতে আনে আকৌ ভেদাভেদ টানি।

(২)

মঙলবাৰে মঙহ নাখায় কপালত বৰ-ফোঁট,
মুখৰপৰা বৈ আহে মিঠা মাতৰ সোঁত,
নুগুচে মুখৰ ভক্তি,
জাতি-মাটিৰ চুক্তি,
পৰিৱৰ্তনৰ সোঁতত উটি যায় মিত্ৰজোঁট।

(৩)
ভাষাৰ চলে ৰাজনীতি জাতিৰ চলে বেপাৰ,
ৰাইজৰ তেজৰ জুতি লৈ ৰজাই মাৰে উগাৰ,
সাহিত্যৰো চলে বেচা-কিনা,
সংস্কৃতিও হয় বৰ্ণহীনা,
জাতিৰ অৰণ্য কান্দোনত বাৰু পাবনে কোনোবাই সাৰ!

(৪)

তেজৰে কামলাপতি, দুপৰৰ টোপনি,
নহ’লে হেৰাব যে নিজৰেই খোপনি,
বিদেশীয়ে ঘৰ ভাঙে,
ৰজা হ’বলৈ পাঙে,
কৈ থলোঁ পাছত নুজুৰিবা বিননি।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.