ফটাঢোল

লিমাৰিক-ধৰ্মজ্যোতি ভট্টাচাৰ্য

                       ১
সোণটোৱে হাঁহি আছে ঘোটা ভাং খাই
আঁৰ চকুৰে মন্দিৰলৈ অহা ছোৱালীলৈ চাই
ব’ম ব’ম ভোলানাথ
নাখালে দেহা নপৰে শাঁত
ছোৱালীয়েও মাৰিলে বেটাক চকুৰ টিপৰ জাঁই৷
                    ২
চিলিম টানি ভাস্কৰৰ কি যে বিলাই
মূৰত ধৰিলে বেটাৰ মনিপুৰী খাই
ৰাষ্টা বুলি খাল পালে
মাজ ৰাতি হাল বালে
লগৰটোৱেহে ঘৰলৈ তাক নিলে চোঁচৰাই৷
                  ৩
মনিষা গ’ল মন্দিৰলৈ বহু আশা মনত
বাবাৰ নামত শৰাই দিলে শুভ লগনত
হে প্ৰভু মহাদেৱ
তোমাক কৰিছোঁ সেৱ
ফেঁচাই কুৰুলিয়াই যেন মোৰ নন্দন কাননত৷
      ☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.