ফটাঢোল

লুচি : সুস্মিতা দাস।

ওপজাৰে পৰা চিনাকি যিটো সুৰ, সেই সুৰৰ শব্দত সাৰ পাই যায় তাই। টোপনি নাভাঙে। মাক সোমাই আহিছে কোঠাটোলৈ নিঃশব্দে। সেয়া মাকৰ দুহাতৰ চাৰিপাত মিহি খাৰুৰ জুনজুননিৰ শব্দ। অভ্যাসবশতঃ চকুদুটা অকণমান মেলি ৱাল ঘড়ীটোলৈ চাই, সময় পাঁচ বাজি দহ মিনিট। অইন দিনাৰ দৰে আজি মাকে তাইক নজগায়। খিৰিকীখন খুলি দি, ফেনখন বন্ধ কৰি কোঠাটো সাৰি নিয়ে তেওঁ। যাবৰ পৰত ফেনখন অন কৰি ফেনৰ স্পিড কমাই তিনিলৈ আনে৷ আঁঠুৱাখনো লাহেকৈ খুলি জাপি থয়। শোৱক তাই আজি অলপ দেৰিলৈ। যিহেতু আজি দেওবাৰ।

আঁঠুৱাখন খুলি দিয়াত তাই উশাহ পালে। আঁঠুৱা লগাই শুবলৈ বেয়া পালেও গোটেই নিশা মহৰ গান শুনাৰ ভয়ত আঁঠুৱা ল’বলৈ বাধ্য। খিৰিকীখনেৰে অহা মিঠা বতাহ আৰু আঁঠুৱা নোহোৱাকৈ অহা ফেনৰ বতাহে টোপনিক হেঁচা মাৰি ধৰে নতুনকৈ। বাগৰ এটা সলাই শুই দিয়ে তাই। আজি ব্যস্ততা নাই। যিহেতু আজি দেওবাৰ।

ঘড়ীৰ কাটাই সাত বজাৰ সংকেত দিয়ে। বাবু, মাইনা দুয়ো উঠে লৰালৰিকৈ। ৰংগোলী দিবৰ হ’বই এতিয়া, চন্দ্ৰকান্তা, ডানাসুৰ, এলিচ ইন ৱণ্ডাৰলেণ্ড, ডাক টেইলছ চাবলৈও আছে। ব্ৰাছডাল লৈ দুয়ো পাকঘৰ পায়গৈ। মাক ব্যস্ত। মাকে অইন দিনাৰ দৰে আজিও মূৰ আঁচুৰিবলৈ সময় পোৱা নাই। সময় পোৱা নাই মানে তেওঁ তিতা চুলি নফণিয়াই। গামোছাৰে তিতা চুলিখিনি পিছফালে বান্ধি থৈছে। তিতা চুলিৰ পৰা ভাঁহি অহা সুগন্ধিতে গম পায়, তেওঁ আজি চুলি ধুইছে। চেম্পুৰ গোন্ধটো মাইনা, বাবু দুয়োৰে চিনাকি। হেল্লো ওৱান। সিহঁতে ওপজাৰে পৰা এইটো গোন্ধৰ লগত অভ্যস্ত। মা মা গোন্ধাই চেম্পুটো। কেতিয়াবা দেউতাকে হেল্লো ২ বা ৩ আনে ভুলতে। পিছদিনা মাকে চেম্পুৰ বটলটো সলাবলৈ যায়।

মায়েনো কি কৰিছে চাই দুয়ো, ঠিকেই, মাকে পাহৰা নাই। ৰাতিয়েই সিহঁত দুয়োৰে প্ৰিয় সেউজীয়া মটৰ তিয়াই থৈছে মাকে। মানে আজি লুচি আৰু মটৰৰ ঘুগুনিৰ ওপৰত কেঁচা পিয়াঁজ সৰুকৈ মিহি মিহিকৈ কটা, তাকো গৰম গৰম!

এনেকুৱা নহয় যে সিহঁতে অকল দেওবাৰেহে লুচি খাবলৈ পায়। মাকে স্কুলৰ পানীখোৱা ছুটীত খাবলৈও টিফিনত লুচি দিয়ে মাজে মাজে কিন্তু সেয়াতো ফুলা লুচি হৈ নাথাকে। বাবুক টিভিত ওলোৱা ‘চানড্ৰপ’ ৰিফাইনৰ ল’ৰাটোৱে খোৱাৰ নিচিনা ফুলা ফুলা লুচি লাগে। আটা, ময়দা সমানে সমানে মিহলাই, নিমখ আৰু ঘিঁৰ ‘ময়ান’ দি টানকৈ আটা মাৰি মাকে ‘তৃপ্তি’ ঘিঁৰে লুচি ভাজে। ৰিফাইন নচলে ঘৰত। মাইনাৰ মাকৰ পাকঘৰত সৱফালে হালধীয়া ‘তৃপ্তি’ৰ টেমা বিৰাজমান, চেনি, নিমখ, আটা, ময়দা, দালি, চুজি, মটৰ আৰু কত যে কি! আচৰিত হয় মাইনা, মাকৰ দেখোন কেতিয়াও ভুল নহয় কোনটো কিহৰ টেমা উলিয়াবলৈ। সঠিক চিনি পায়। কোনোদিনে টেমাবোৰত সিহঁতে স্কুলৰ বহীবোৰত মৰাৰ লেখিয়াকৈ লেবেল মাৰি নথয়, চিনি উলিয়াবলৈ। দেউতাকেহে পাকঘৰত সোমালে হাঁহাকাৰ লগায়।

“কাম কম হাল্লা বেছি”

বাবুয়ে মাইনাক কয়।

হয়, কথাটো মিছা নহয়। মাইনায়ো ভাবে। মাকে দেউতাকক পাকঘৰত সোমাবলৈ নিদিয়ে সাধাৰণতে, কিন্তু মাকে “কুকুৰৰ গু গছকিলে” দেউতাকে পাকঘৰ চম্ভালে আৰু বাবুৰ ভাষাত “কাম কম হাল্লা বেছি” হয় সেইকেইদিন।

“মাও যে কি মানুহ! ইমান যে কুকুৰৰ গু গছকে৷”

মানে সিহঁতে স্কুলত গ’লে মাকেও ফুৰিবলৈ যায়। নহ’লে সিহঁতৰ ঘৰততো কুকুৰ নাই মাকে গু গছকিবলৈ!

বাবু, মাইনাই আলোচনা কৰে। দেওবাৰে এই কুকুৰৰ গু গছকাৰ কাৰবাৰবোৰ নাথাকিলে ভাল পাই দুয়ো। নহ’লে চিৰা গাখীৰ খাব লাগে।

ৰংগোলীৰ শেষৰ ১০ মিনিট নাচাই দুয়ো। কে এল চাইগলৰ গান লগাই এংকৰ উধাও হয়। টিভিটো বন্ধ কৰি দুয়ো খাবলৈ বহে। মাকে দুয়োকে দুখন দুখন লুচি দিয়ে, দেউতাকে চাৰিখন মাকে তিনিখন। পেট ভৰে, মন নভৰে, মাকলৈ চাই, মাকে এখন ফুলা লুচি আধা আধা কৰি দুয়োকে দিয়ে।

: দুপৰীয়া মাংস ৰান্ধিম, বেছিকৈ খালে দুপৰীয়া মাংস কেনেকৈ খাবি?

মাকে কয়। সন্তুষ্ট হয় দুয়ো মাকৰ কথাত।

সময়বোৰ আগবাঢ়ে, সলনি হয়। আজিকালি মাইনাই লুচি ভাজে মাকে বেলি যায়। অকলে চম্ভালিব নোৱাৰে তেওঁ। বাবুটো যে আৰু! কেইখন খাই সি নিজেও নাজানে। মাকে কয়, এইটো বয়সত হেনো শিল খালেও হজম হয়। হ’ব পাৰে, মাইনাই ভাবে। তাইৰো দেখোন ঘনাই ভোক লাগে। মাকে নতুন সৰু লোহাৰ কেৰাহী এখন কিনি আনিছে লুচি ভাজিবলৈ। ডাঙৰ কেৰাহীত বহুত তেল খৰচ হয়। এসোপা ঢালিলেও তলিতে লাগি থাকে। এইখন ভাল। অলপ তেলতেই আধা কেৰাহী ভৰ্তি হৈ যায়। আজিকালি মাকে ৰিফাইন তেল ব্যৱহাৰ কৰে, ‘তৃপ্তি’ বন্ধ হোৱাৰ পৰা। মাইনাই মন কৰে আজিকালি মাকে ফুলা লুচি নাখায়। মাইনা, বাবু আৰু দেউতাকক দিয়ে খাবলৈ। মাকৰ লুচিবোৰ মচমচীয়া পুৰি হে হয়। “মায়ে ভাল পাই চাগৈ খাবলৈ” তাই ভাবে। কিন্তু নহয়, দেউতাকেও চাগৈ ভাল পাই মচমচীয়া পুৰি খাবলৈ। মাকক অকলে খাবলৈ নিদিয়ে। দুয়ো ভগাই লয় সমানে।

: সৱ ভাল বস্তুবোৰ মাহঁতে খায়, আমাক নিদিয়ে৷

বাবুৱে আক্ষেপেৰে কয়।

: কিয় ক’লি তেনেকৈ?

: ইচ, দেখা নাই, আমাক ফুৰিবলৈ গ’লে অকণমানি ফ্ৰুটিটোহে খুৱায়, নিজে হ’লে ইমান ডাঙৰ মেৰিণ্ডা আৰু থামছ আপ খায়।

বাবুৱে হাতেৰে মেৰিণ্ডাৰ আকাৰ দেখুৱায়।

: আৰু সেই যে গোল্ডস্পটটো, চকুৰেও দেখা নাপালোঁ।

বাবুৱে আক্ষেপেৰে কয়।

বাবু, মাইনা পাকঘৰত ব্যস্ত। ৰমেন খুড়াহঁত আহিছে। মাক, দেউতাক, খুড়া খুড়ী খোৱা টেবুলত। দুয়ো বিধে বিধে জা-জলপান, চাহৰ যোগাৰ কৰি কৰি আলহীৰ কথাবোৰ শুনি আছে। মেট্ৰিক দি ফলাফলৰ বাবে অপেক্ষা কৰা বাবু, মাইনাৰ আজিকালি পাকঘৰত ফুল টাইম ট্ৰেইনিং চলি আছে মাকৰ চোকা নিৰীক্ষণত।

খুড়ীয়ে, বাবুৱে সজাই দিয়া লুচিত একামোৰ মাৰি কৈ গৈছে,

: জানে বাইদেউ, বিয়াৰ পিছত এওঁৰ বন্ধু এজনৰ ঘৰত ফুৰিবলৈ গৈছোঁ প্ৰথমবাৰ। এওঁকতো জানেই কেনে কথাচহকী মানুহ। কথা পাতি আছোঁ, গৃহিণী ভিতৰৰ পৰা ওলাই অহা নাই। বহুসময় পাৰ হ’ল। মাজে মাজে গৃহস্থও ভিতৰ সোমাই যায়। গৃহিণী ওলাই নাহে হে নাহে। এনেতে আমাৰ এওঁ উচ্চস্বৰত চিঞৰিলে, “ওলাই আহক হে বৌ, চিনাকি হওঁ আগতে, লুচি ভাজি পিছে পৰে কৰিলেও হ’ব”। প্ৰায় লগে লগেই বৌগৰাকী ওলাই আহিল। হাতত চাহৰ ট্ৰে। ৰঙা চাহ আৰু দুখন দুখন থিনএৰাৰোট বিস্কুট। আমাৰ এওঁৰ কথা নাজানো মোৰ পিচে ‘ফাঁট মেলা বসুমতী পাতালে লুকাওঁ’। আমাৰ এওঁ কিবা লুচি খাবলৈহে মানুহৰ ঘৰলৈ যোৱা যেন লাগে।

: আমাৰ বাবুও মানুহৰ ঘৰলৈ লুচি খাবলৈহে যায় অ’ খুড়ী,

মাইনাই খোঁচ মাৰিলে বাবুক।

: ইচ, নিজে যেন ঠাণ্ডা পানীহে খাবলৈ যায়, কথা ক’বলৈ আহে,

লাজ পায় বাবুৱে।

বাবু মাইনাৰ ৰিজাল্ট ওলায়। শুভাকাংক্ষীৰে ভৰি পৰে ঘৰখন। দেউতাকে মিঠাই আনে। নিজৰা বাইদেৱে চাৰি কেৰাহী ঘুগুনি উপযাচি ৰান্ধে। মাকে লুচি ভাজে। নিজৰা বাইদেৱে বিলায়।

কথাবোৰ, সময়বোৰ, কেলেণ্ডাৰবোৰ সলনি হয়। মাইনা মানে মৃণালিনী, ডা° মৃণালিনী, মিছেছ কাশ্যপ আৰু পখীৰ মাক হয়। বাবুকো আজিকালি মানুহে বব্ৰুবাহন লহকৰ বুলিহে জানে। ইঞ্জিনীয়াৰিং কলেজৰ অধ্যাপক হয় বাবু। ল’ৰা ছোৱালী পঢ়ুৱায়।

চোতাল সলনি হয়, কথাবোৰ একেই থাকে। শাহুবিহীন ঘৰৰ সৰু বোৱাৰী হয় মাইনা। একমাত্ৰ জাকৰ মৰমৰ ‘নাওমান আপী’। টোপ এটা পৰিবলৈও নিদিয়ে। ঘৰৰ চাৰিওফালে তেওঁৰ হাতৰ স্পৰ্শ বিদ্যমান। মাইনাই পাচলি কাটিবলৈ পাচলি বিচাৰি অনা মানে চৰুত তেওঁৰ ভাত আঞ্জা উতলে। সাইলাখ চিলনীৰ জীয়েক। ঘৰ সংসাৰৰ, সন্তানৰ লেঠা সামৰি চাকৰিলৈ যায়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কোচিং চেণ্টাৰতো বিনামূলীয়াকৈ পঢ়ুৱায়। গধূলিও একে ক্ষিপ্ৰতাৰে কাম সামৰে। ৰ’ লাগি চাই ৰয় মাইনাই৷

শেষৰ লুচিবোৰ ভাজিবলৈ কেৰাহীত নতুনকৈ তেল নাঢালে জায়েক পূৰৱীয়ে।

: লনী, নতুন তেলৰ পেকেটটো আনাচোন,

নন্দেকক মাতে মাইনাই৷

: ধেই, কি কৰা, নালাগে অ’ নাওমান আপী, ইমান তেল সদায় সদায় কিয় খৰচ কৰা?

পূৰৱীৰ মৃদু আপত্তি।

: হে দেৱী অন্নপূৰ্ণা, লুচি ভজা তেলৰ পইচাখিনি সাঁচি আপুনি “এণ্টালিয়া” নাসাজালিলেও হ’ব।

মাইনাই জোকাই পূৰৱীক। খুক খুককৈ হাঁহে লনীয়ে৷

: অ’ হাঁহিচম্পা আইদেউ, আহা, অলপ সহায় কৰা পাকঘৰত, আজি বাইদেউৰ ৰেষ্ট ডে।

মাইনাই লনীক মাতে।

: ইমানো বেয়া দিন পৰা নাই দেই মাইনা বৌ যে দুগৰাকী নবৌৰ একমাত্ৰ ভগ্নীয়ে পাকঘৰত সোমাব।

: অ’ আই, মানে, আমাৰ বেয়া দিন পৰিছে।

মাইনাই সোধে।

: অঁতো, নহ’লে কিয় বিয়া হৈছিলা।

লনীৰ সৰলতাত হাঁহি দিয়ে মাইনা-পূৰৱীয়ে৷

লনী ঘৰখনৰ প্ৰাণ। তাই আছে বাবেই মাইনা, পূৰৱী নিচিন্তে চাকৰিলৈ যাব পাৰে নীল আৰু পখীক এৰি। মাইনাৰ নাইট ডিউটি থাকিলে পখীক লনীয়ে সাধু শুনায়। নীল-পখীৰ পঢ়াৰ তদাৰক কৰে, সিহঁতৰ স্কুলৰ পেৰেণ্টচ, টিচাৰ মিটিঙত ভাগ লয়। সিহঁত দুটাৰ লগত তায়ো ডাঙৰ হ’ব নোৱাৰে ককায়েক বৌৱেকৰ চকুত।

বন্ধবাৰবোৰত বৌৱেকহঁতৰ সময়বোৰ লনীৰ বাবে। তাইক পাৰ্লাৰ নিব লাগিব, চিনেমা দেখুৱাব লাগিব আৰু তাইৰ সপ্তাহটো জমা হৈ থকা কথাবোৰ শুনিব লাগিব। বন্ধবাৰত ঘৰৰ দায়িত্ব ককায়েকহঁতৰ। সিদিনা তাই ভতিজাকহঁতক নপঢ়ুৱায়, স্কুটিত উঠাই নুফুৰায় আৰু সাধুও নুশুনায়। হিংসাতে লনীয়ে বিমলা পেহীকো দেওবাৰে ছুটী দিয়ে। সেইদিনা ৰন্ধা বঢ়া আৰু নীল, পখীৰ দায়িত্ব ককায়েকহঁতৰ।

: মই নীল, পখীক সপ্তাহৰ গোটেইকেইদিন চম্ভালোঁ। বৌহঁতে পাকঘৰ, চাকৰি চম্ভালে। তহঁতেতো একো গমেই নাপাৱ সূৰ্য কোনফালে ওলায়, গতিকে দেওবাৰে অলপ সংসাৰৰ মজা ল’চোন। Why should girls have all the fun.

বুজে পূৰৱী-মাইনাই। সিহঁত দুজনীক সকাহ দিবলৈয়ে ঘৰৰপৰা উলিয়াই লৈ যায় লনীয়ে। কি মন্ত্ৰ পঢ়াই থৈছে নীল-পখীক নাজানে দুয়ো জায়েকে, কিন্তু কোনোদিনে সিহঁতে লগত যাম বুলি আমনিও নকৰে। বন্ধৰ দিনবোৰ জায়েক ননদৰ একান্তই ব্যক্তিগত।

: তাইৰ মনটো সদায়েই সৰল হৈ থাকক,

মাইনাই প্ৰাৰ্থনা কৰে।

তিনিবছৰীয়া পখীয়ে মাকক খাৰু পিন্ধিবলৈ খাটনি ধৰে। মিউজিকটো ভাল লাগে তাইৰ হেনো। মাক ঘৰত থাকিলে তাইকো ৰাউণ্ড ৰাউণ্ড ফেট ফেট লুচি লাগে। পেহীয়েকে শিকাই ক’বলৈ। গধূলি এনেই ৰাস্তাত খোজকাঢ়িবলৈ ওলাই গ’লে পখীয়ে মানুহৰ ঘৰ এটা দেখুৱাই মাকক কয়,

: মা, ব’লানা সেইটো ঘৰলৈ যাওঁ, লুচি খাম, তোমাক চাহ দিব মোক গাখীৰ বৰ্নভিটা দিব।

হাঁহি উঠে মাইনাৰ। কি যে হ’ব এইজনীৰ!

: পি গৈছিলতো, সৰু থাকোঁতে,

পখীয়ে কয়৷

লনীৰ বিয়া। বৌৱেকৰ ব্যস্ততাৰ শেষ নাই। ঘৰখনৰ শেষ বিয়া, আয়োজনৰো অন্ত নাই। হাজাৰ ব্যস্ততাৰ মাজতো মাতিবলৈ গৈছে লনীৰ বেষ্ট ফ্ৰেণ্ডক। লনীৰ মতে বৌৱেকহঁতে নিজে গৈ মাতিবই লাগিব। এইবাৰ নীল পখীও ওলাল। এইকেইদিন সিহঁতে পেহীয়েকৰ লগ নেৰাই হৈছে। এনেও কৰবীৰ মাকে মাতিয়েই থাকে সিহঁতক তেওঁলোকৰ ঘৰলৈ। তেওঁ আহিয়েই থাকে, বৌৱেকহঁতৰহে ক’তো যোৱা নহয় বৰকৈ। কৰবী সখী হ’ব লনীৰ। কৰবীৰ মাকৰ হেঁপাহৰ অন্ত নাই। ভাল ল’ৰা এটা কৰবীৰ বাবে লনীৰ বিয়াতেই চাব বুলি মনে মনে ভাবি থৈছে তেওঁ।

ভালেমান সময় বহিব লগা হ’ল কৰবীৰ ঘৰত। মাকে এৰিয়েই নিদিয়ে। এটা সময়ত চাহ দিলে। সেমেকা মিল্ক বিস্কুট আৰু শুকান বুট ভজাৰে। বৰ তৃপ্তিৰে সেইখিনি খোৱাত লাগিল নীল আৰু পখী।

: ভোকত আছিল চাগৈ দুয়ো,

পূৰৱীয়ে মনতে ভাবিলে৷

: আহকচোন, মোৰ নতুন ঘৰলৈ খুড়ী, লালচাহ আৰু থিনএৰাৰোট বিস্কুটেৰে চাহ খুৱাম।

কৰবীৰ ঘৰৰ পৰা ওলাই আহিয়েই যথেষ্ট উষ্মাৰে ক’লে লনীয়ে। লাজ পাইছে তাই। তাইৰ অনুৰোধতহে বৌৱেকহঁত আহিছিল কৰবীৰ ঘৰলৈ।

: আই মোৰ, এইৰ নতুন ঘৰ যাওঁ যাওঁ লাগিলেই এতিয়াৰ পৰাই

পূৰৱীৰ কথাত জিভা কামোৰে লনীয়ে।

বুকু সুদা কৰি যাবলগীয়া ছোৱালীজনীৰ সান্নিধ্যৰে উমাল হৈ পৰে গধূলিটো।

ওপজা ঘৰখনলৈ মাইনাৰ মাকে এআঁচল মৰমেৰে লখিমী আদৰে। বাবুৰ কইনা লনীক। ঘৰৰ পৰাই ঠিক হোৱা সম্পৰ্কটোক লৈ লনীৰ উৎসাহৰ অন্ত নাই।

: Just imagine ডাঙৰ বৌ, কেনে happening life হ’ব মোৰ, বৌৰ ভায়েকে বৌৰ নন্দেকক ৰান্ধি বাঢ়ি খুৱাব, বৌৱে নন্দেকক বৌ বুলি মাতিব, ভাবিয়েই দিল গাৰ্ডেন গাৰ্ডেন হৈ যায়।

: হয় ন?

পূৰৱীয়ে মান ধৰা কাপোৰখিনি সামৰে। বুকুখন কোনোবাখিনিত বিষায়। বাৰ বছৰীয়া আছিল লনী তাই বিয়া হৈ আহোঁতে এইখন ঘৰলৈ। পূৰবীৰ বিয়াৰ ছমাহ পিছতেই দেউতাকো মাকৰ নিচিনাকৈ গুচি যোৱাত লনীক মাকৰ মৰমৰে ডাঙৰ কৰিছে পূৰবীয়ে। তাইৰ বাবেই নীলকো দেৰিকৈ আনিছিল পৃথিৱীলৈ।

কষ্ট, খুবেই কষ্টকৰ, ছোৱালীৰ মাক হোৱাটো! কোনেও নুবুজে। মায়া লগাবলৈকে ছোৱালীবোৰৰ জন্ম হয়। সেমেকি উঠা দুচকু মচি লয় পূৰবীয়ে। দুখ কৰাৰ সময় নাই এতিয়া তেওঁৰ হাতত। বহুত কাম পৰি আছে।

আঠমঙলা যোৱাৰ পিছত আটাইবোৰ আহিছে লনীক চাবলৈ। জিঞ্চ টপ, চৰ্টছ পিন্ধা ছোৱালীজনীক চোকা ৰঙা মেখেলা-চাদৰ, খোলা চুলিৰ সলনি কলডিলিয়া খোপা আৰু ৰঙা ফোঁটৰে বোৱাৰী ৰূপত দেখি বুকু ভৰি উঠিল পূৰৱীৰ। সঁচাকৈয়ে ছোৱালীজনী ডাঙৰ হ’ল, আনৰ হ’ল! নীল আৰু পখীৰ পিচে কৌতূহলৰ অন্ত নাই। ককাক আইতাকক ব্যতিব্যস্ত কৰি তুলিছে।

: পিৰ হাজবেণ্ড পেহাহে হয় ন আইতা? আমাৰ ক্লাছৰ ঋষভে কৈছে নহয় মোক। ট’ বাবু মামা, পেহাহে হ’ব ন?

নীলৰ কৌতুহলৰ শেষ নাই।

: মামাৰ ৱাইফকতো মামী কয় ন ককা? আমি কি পিক এতিয়া মামী ক’ম নেকি?

পখীৰো সমস্যা ডাঙৰ৷

আঁতৰি আহে মাইনা তাৰপৰা। বাবুৰ নতুন কোঠাত গোটেইবোৰে আড্ডা দিছে। পূৰবীলৈ চালে তাই। আজি মনটো তেওঁৰ ভালেখিনি মুকলি। এইকেইটা দিন কান্দিয়েই কটাইছে তেওঁ। ধেমালিতে বৰজনাকে কৈছে,

: এতিয়া ল’ৰা ছোৱালীৰ হোমৱৰ্ক, পিটিএম, ফুৰা চকা সৱ দুইজনীৰ মূৰত ওপৰত পৰাৰ বাবে কান্দোন ওলাইছে অ’ ভাইটি বৌৱেৰৰ। ইমান বছৰে কম আজাদীত আছিলনে! স্পা, চেলোন, চিনেমা, নাটক কম ঘূৰিলেনে? এতিয়াহে আচল fun ওলাব জীৱনৰ।

ভায়েকে হাঁহে। পূৰৱীৰ কান্দোন বাঢ়ে।

পাকঘৰলৈ যায় মাইনা। ওপজা ঘৰৰ পাকঘৰ। কিবা এটা অনামী সুগন্ধি নাকলৈ চাপি আহে। শৈশৱৰ চিনাকি ওপজা ঠাইৰ সৌৰভ। এতিয়াও তাই ইয়াতে নিজকে বিচাৰি পায়। সৌখিনিতে পুৰণি ডাইনিং টেবুলখন আছিল। ফল্ডিং ডাইনিং। দেউতাকে এৰিয়াৰ এটা পোৱা টকাৰে কিনিছিল। তাই আৰু বাবু চাৰিজনীয়া টেবুলখনৰ মুখামুখিকৈ বহিছিল। খাওঁতে ভৰিৰে ইটোৱে আনটোক খুঁচি থাকিছিল। গালি খালে চকুৰে ইনচাল্ট কৰিছিল ইটোৱে আনটোক মাক দেউতাকৰ অলক্ষিতে। গেচৰ কাষতে আছিল কাঠৰ সৰু মিটচেফটো। দুপৰীয়া মাকে ভাত ঘুমটি মাৰিলে দুয়ো এভ্ৰিডে, পাউদাৰ গাখীৰ, বিস্কুট উলিয়াই আনে। অজানিতে হাঁহি উঠি গ’ল মাইনাৰ। যেন সৌ সিদিনাৰহে কথা। এভ্ৰিডেৰ টেমাটোৰ পৰা শুকান গাখীৰ এচামোচ উলিয়াই আনি বাওঁহাতৰ তলুৱাত লৈ চেলেকি খোৱাত লাগিল আপাহতে। নাই লনীয়ে নেদেখিলে। তাই একান্তমনে লুচি বেলি আছে।

লনীৰ ওচৰ চাপি যায় মাইনা। আটাখিনি দেখিয়ে গম পালে মাইনাই, পানী বেছি হৈছে। লনীয়ে বেলিব পৰা নাই। লুচিবোৰ অবিভক্ত কামৰূপ জিলাৰ মেপৰ ভাঁজ লৈছে।

: আইদেউ চাওঁ আঁতৰা, মই কৰোঁ

: নালাগে বৌ, মই পাৰিম।

লনীয়ে কৰে যদি কৰক ভাৱত মৃদু আপত্তিৰ সুৰত ক’লে।

শুকান গাখীৰ চেলেকি আঠা আঠা হোৱা হাতখন ভালদৰে ধুই ল’লে মাইনাই। হাতখন মচি শুকান ময়দা অলপ লৈ আকৌ মথিলে আটাখিনি। এইবাৰ টান হ’ল। সৰু সৰু বল বনালে, প্ৰতিটো বল চেপেটা কৰি সামান্য তেল সানি ৰুটি বেলিলে। লনীয়ে একান্ত মনে চাই আছে। বাবু সোমাই আহিল পাকঘৰলৈ। পিছে পিছে পূৰৱী।

: এইখিনি ভাজি যা বাবু৷

চকুৰ ইচাৰাৰে বাবুক ভাজিবলগীয়াখিনি দেখুৱালে মাইনাই। বাবুৱে ভাজি গ’ল। লনীয়ে ভজা লুচিখিনিলৈ চকু ফুৰালে বাবুৱে। ছয়খন আছে খৰাহিটোত। এইখিনিক লুচিতো কোনো কাৰণতেই ক’ব নোৱাৰি, পুৰি বুলিলে পুৰিৰ অপমান হ’ব, পাপড়ি বুলিলে পাপড়িৰ অভিমান জাগিব আৰু নিমকি বুলিবলৈ হ’লে শ্বেপটো নিমিলে।

“ভালেমান দিনলৈ ৰান্ধনী বাবটো অক্ষত থাকিব।”

মনতে ভাবিলে বাবুৱে। লনীলৈ চালে আঁৰচকুৰে। ইমান সপ্ৰতিভ কথকী ছোৱালীজনী তাৰ লগত সহজ হোৱা নাই এতিয়াও। চকু তুলি নাচায় তাই। লাজ কৰে। সময় লাগিব তাইক নতুন পৰিবেশত খাপ খাবলৈ, তাৰ বুকুত, জীৱনত মিলি যাবলৈ। সেইকাৰণেই সি ভাল পায় এৰেঞ্জড মেৰেজ। নতুন হৈ পৰে পুৰণি জীৱনটো, মায়া হৈ ধৰা দিয়ে কথাবোৰ, সময়বোৰ।

সকলোকে চাহ দি লনীও খাবলৈ বহিল ককায়েক বৌৱেকহঁতৰ লগত। মাইনাই বিলাই আছে সকলোকে। লনীয়ে ভজা ছয়খন লুচি ছয়খন প্লেটত সজালে। লনীয়ে সেইখিনি কাকো দিব খোজা নাছিল। ককায়েকহঁতে ভনীয়েকৰ কাৰুকাৰ্যৰ ফটো তুলিলে। ফেচবুকত তাইক টেগ কৰিব হেনো। একো কোৱা নাই লনীয়ে। ঘৰত হোৱা হ’লে………

: বাবু, মনত আছেনে, সৰুতে তই যে কৈছিলি সৱ ভাল ভাল বস্তুবোৰ মাহঁতে খায়, আমাক নিদিয়ে, আজিৰপৰা সৱ ভাল ভাল বস্তুৰ ভাগ লনীৰ লগতে তয়ো পাবি ওৰেটো জীৱনলৈ। আজিয়েই আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলোঁ৷

মাইনাৰ কথাত সকলোৱে হাঁহিলে একেলগে সজোৰে। মাইনা বিয়া হোৱা দিন ধৰি বাবুৰ কথা, তাইৰ কথা ৰস লগাই লগাই সকলোকে কৈছিল বাবে সৱেই জানে সিহঁতৰ শৈশৱৰ কথা।

বাপেক মাকৰ হাঁহি শুনি নীল পখী দৌৰি আহিল হাঁহিৰ ভাগ ল’বলৈ। বাবুৱে দুয়োকে কোঁচত তুলি লয়। লনীয়ে সকলোকে চালে এবাৰ, লগতে প্লেটত থকা ফুলা আৰু নুফুলা লুচিবোৰলৈও। বুজিলে তাই, শিকিলে তাই বিবাহিত জীৱনৰ প্ৰথমটো আদিপাঠ। ফুলা লুচিয়ে চকু, জিভা আৰু পেট তৃপ্ত কৰে, নুফুলাখিনিয়ে মন ভৰাই তোলে, সম্পৰ্কবোৰ, মানুহবোৰক বান্ধি ৰাখে এডাল নেদেখা অদৃশ্য সোণালী সূতাৰে আজীৱন।

☆ ★ ☆ ★ ☆

3 Comments

  • প্ৰদীপ বৰা

    বিভিন্ন প্ৰজাতিৰ ৰুটি/লুচি/পুৰি খাই আমনি লাগি গ’ল দেই

    Reply
    • সুস্মিতা দাস

      অসুবিধাৰ বাবে দুঃখিত

      Reply
  • #দীপ্তি

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.