ফটাঢোল

লুুপ্তপ্ৰায় সামাজিক পৰম্পৰা আৰু ৰং ধেমালি -দ্বিজেন তামুলী

আমাৰ সমাজত এনে কিছুমান উৎসৱ-পাৰ্বন আৰু সামাজিক পৰম্পৰা আছিল (হয়তো চেগাচোৰোকাকৈ ঠাই বিশেষে দুই এটা চলি আছে) এই উৎসৱ-পাৰ্বনসমূহ লুপ্তপ্ৰায় অৱস্থা হ’বলৈ ধৰিছে৷ উৎসৱ-পাৰ্বন সামাজিক পৰম্পৰা ৰীতি-নীতিৰে চহকী আমাৰ এই সমাজখন ক’ৰবাত যেন দুখীয়া হৈ যোৱাৰ অনুভৱ এটা হয়৷ 

এনে কিছুমান উৎসৱ আৰু সামাজিক পৰম্পৰা গাঁওবোৰত প্ৰচলিত আছিল যিবোৰত গাঁৱৰ মহিলাবোৰ লগ হৈ হাঁহি-ধেমালিৰে পালন কৰা পৰিলক্ষিত হৈছিল৷ এই অনুষ্ঠানবোৰত এনে এগৰাকী মহিলা আছিল তেওঁৰ ধেমেলীয়া কাম-কাজে অনুষ্ঠানটি আৰু আকৰ্ষণীয় কৰি তুলিছিল৷

আমাৰ গাঁওখনৰ মহিলাবোৰে অনুষ্ঠিত কৰা এটা অনুষ্ঠান আছিল “দেৱী পূজা”। শাৰদীয় দুৰ্গা পূজাৰ নৱমীৰ দিনা ৰাতি এই অনুষ্ঠানটো পালন কৰা হৈছিল৷ ই মূলতঃ এক নাৰীকেন্দ্ৰিক অনুষ্ঠান য’ত পুৰুষসকলৰ অংশগ্ৰহণৰ সুবিধা ইয়াত নাছিল৷ আমি চেমনীয়াবোৰৰ হ’লে একো বাধা নাছিল৷ এই যে “যাহা খুচি তাহা যাৱ” টাইপ৷

মহিলাবোৰে নৱমীৰ দিনা ৰাতি কলৰ সৰু ভুৰ এখন সাজি তাৰ ওপৰত ৰংচঙীয়া কাগজৰে মন্দপ আকাৰৰ এটা বেদী সাজি বিভিন্ন ফুলেৰে সজাই পৰাই স্থাপন কৰি লৈ বিভিন্ন দেৱীৰ গীত-মাতেৰে মুখৰিত কৰিছিল৷ চাহৰ যোগাৰ কৰোঁতাই চাহৰ যোগান ধৰে আৰু ৰং-ৰহইছ কৰোঁতাই ৰং-ৰহইছ আৰু পুৱা ভক্তিভাবেৰে দেৱীক গাঁৱৰ ৰাজহুৱা পুখুৰীত বিসৰ্জন দিছিল৷ 

চেঙেলীয়াবোৰে শিলগুটিৰে দেৱীক আক্ৰমণ কৰি প্ৰতিযোগিতা পাতি গালি খোৱাটোও পৰম্পৰা বুলিয়েই ধৰক৷

এই সমস্ত অনুষ্ঠানটি গাঁৱৰ এগৰাকী মহিলাই গধূলি হোৱাৰে পৰা ৰং-ধেমালিৰে নতুন মাত্ৰা প্ৰদান কৰিছিল৷ তেওঁ গধূলি হোৱাৰ লগে লগে লংপেণ্ট-চাৰ্ট পিন্ধি মূৰত টুপি মুখত বিড়ি আৰু বিভিন্ন সঁজুলি লৈ সকলোৰে লগত একেধাৰে হাঁহিৰ খোৰাক যোগাই গৈছিল। এই সহজ সৰল এই মহিলাগৰাকীৰ কিছুমান ভংগীমা আজিও মনত পৰিলে হাঁহি উঠে দুই এটা পুৰুষ ভংগীমাত মহিলাসকলক তেওঁ ব্যতিব্যস্তয়ো কৰিছিল৷

এই লোক সংস্কৃতিৰ অংগস্বৰূপ এই অনুষ্ঠানসমূহ বৰ্তমান সমাজৰ মাজৰ পৰা নাইকিয়া হোৱাৰ উপক্ৰম হোৱাৰ উপৰিও লুপ্তপ্ৰায় অৱস্থা হৈছে সেই নিৰলস হাঁহি-ধেমালিবোৰ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.