ফটাঢোল

লেবেল-ৰূপজ্যোতি নাথ

তাৰ আচল নামটো আছিল অখিল হালৈ৷ পিছে ৰাইজে তাৰ নামটোৰ পিছত এটা নতুন উপাধি লগাই দিলে৷ তাৰ পিছৰ পৰাই সৰুৰ পৰা ডাঙৰলৈ সকলোৱে তাক দেখিলেই সি নুশুনাকৈ কয়- ঐ সৌটো চা, অখিল লেবেল আহিছে৷ আৰম্ভণিতে “হালৈ” উপাধিটো গুছি “লেবেল” হৈছিল৷ লাহে লাহে মানুহৰ মুখত অখিল নামটো‍ও হেৰাই শেষত ৰ’লগৈ “লেবেল৷ ” অখিল এতিয়া লেবেল নামেৰেহে প্ৰখ্যাত৷ হয় পিছে, ৰাইজে তাক লেবেল উপাধি দিয়াৰ যুক্তিযুক্ত‍তা নথকাও নহয়৷ জীৱনত আজিলৈকে চাগে সি কোনো এটা কথাও বঢ়াই নোকোৱাকৈ থাকিব পৰা নাই৷ এক‍ক দহ কৰি কোৱাটো তাৰ চৰিত্ৰ‍ৰ এটা মুখ্য উপাদান৷ সেয়ে তাৰ নাম লেবেল৷ এদিনীয়া মানুহে তাৰ কথা শুনি মুখ মেলি ৰৈ যাবলৈ বাধ্য হ’ব৷ ইমান সুন্দৰ আৰু বৈচিত্ৰ্যপূৰ্ণভাৱে কথাবোৰ ক’ব যে শুনোঁতাই বিশ্বাস নকৰি উপায় নাই৷ কোনো এটা ঘটনাৰ দিন, তাৰিখ, কি খাইছিল, কি পিন্ধিছিল, লগত কোন আছিল ইত্যাদি নিজৰ জীৱনত ঘটি যোৱা অতীতৰ কথা কিছুমান ইমান সলসলীয়াকৈ আনৰ আগত ব্যাখ্যা কৰে, শুনিলে এনে লাগে যেন সকলো কালিহে ঘটিছিল৷ কথাবোৰ বঢ়াই কয় যদিও তাৰ বন্ধুৰ সংখ্যাও কিন্তু বৰ কম নহয়৷  সন্ধিয়াৰ ৰঙীন পানীয়টুপি নাখালে আকৌ সি থাকিবই নোৱাৰে৷ নিজৰ স্থায়ী উপাৰ্জনৰ পথো নাই যেতিয়া ইটো-সিটোক মেনেজ কৰি হ’লেও সি কেনেবাকৈ কামফেৰা কৰে৷
ঃ ঐ পঞ্চাশ টকা হ’ব নেকি? ভাই চা না মানিবেগ খালি হৈ গ’ল বে৷ মাত্ৰ চল্লিশ টকা আছে৷ ব’ল এটা কোৱাৰ্টাৰ মাৰি আহোঁ৷ টকা দুহেজাৰ আছিল, ফাডাৰে নিলে বে৷ পেঞ্চন পালেই তিনিহেজাৰ কৰি সৰকাম বাপ্পেকে৷
 কোৱাৰ্টাৰটো খাই লোৱাৰ পিছত তাৰ মুখত যিকোনো কথা আখৈ ফুটাদি ফুটে৷
ঃ ১৯৯৮ চনৰ কথা৷ তেতিয়া মই ইঞ্জিয়াৰিঙৰ ষ্টুডেণ্ট৷ পিকনিক এটালৈ বুলি ওলালোঁ নহয় লগৰ পাঁচজন মিলি৷ স্কৰপিঅ’খনৰ মাজৰ ছিট‍ত মই, প্ৰাঞ্জল আৰু প্ৰদীপ৷ পিছত ৰিদীপ আৰু অঞ্জন৷ গাড়ীৰ চকা ঘূৰাৰ পৰাই চুৰু হৈ গ’লোঁ নহয়৷ ৰয়েল ষ্টেগৰ ছয়টা ফুল গাড়ীতেই খটম৷
ঃ কি ক’ বে সঁচাই? নাস্তা কি আছিল পিছে?
ঃ ধুৰ নাস্তাৰ কথা বাদ দে না, পানীৰ বটলেই খুলিব থাকিল৷ ৰানিং গাড়ীৰ ভিতৰত সেইচব কোনে কৰি থাকে বে৷ চবৰ ভাগতে এটাকৈ সপি দি ডাইৰেক্ট গিলি দিলোঁ৷ ড্ৰাইভাৰটো আধা খায়েই বেহুচ৷ মই বোলো চা এইফালে মোক দে৷
ঃ ভাই তোক মানিছোঁ দেই৷ পিছে ইঞ্জিয়াৰিং কৰিও তোৰ এই দশা হৈ থাকিল যে? জব নাপালি নেকি?
ঃ আবে ভাগ্য বেয়া দোস্ত৷ মাডাৰ‍ে মোক এৰি থাকিব নোৱাৰে৷ গতিকে পঢ়া বাদ দি হোষ্টেল এৰি গুছি আহিলোঁ৷
ঃ ধেৎ‍তেৰি বৰ বেয়া লাগিল৷ চিভিল ইঞ্জিনিয়াৰিং আছিল নেকি অ’?
ঃ নহয় অ’.. কম্পিউটাৰ ইঞ্জিনিয়াৰিং৷ প্ৰাইভেটকৈ পঢ়িছিলোঁ৷ এবছৰীয়া ক’ৰ্চ আছিলটো৷ আৰু ছমাহ থাকিব পাৰিলেই আজি মই লাখটকীয়া চাকৰি কৰি থাকিব পাৰিলোঁহেঁতেন৷ পঢ়ি থাকোঁতেই কিমান যে ডাঙৰ ডাঙৰ কোম্পেনীয়ে মাতি আছিল! এতিয়াও দুখ লাগে বে৷
 মাজতে লেবেলৰ এক্সিডেণ্ট হৈ ভৰি এখনত আঘাত পালে৷ হস্পিতালত খবৰ ল’বলৈ যোৱা বন্ধুক উদ্দ্যেশি তাৰ কথা-
ঃ আবে মোবাইলত আই.এপ.এলৰ খেল চাই ৰাস্তাৰে খোজকাঢ়ি গৈ আছিলোঁ৷ কেতিয়া বাইকে আহি খুন্দিয়ালে গমেই নাপালোঁ বে৷
ঃ পিছে এতিয়া ভাল পাইছা নে?
ঃ পাইছোঁ দোস্ত, বহুত আৰাম পাইছোঁ৷ আবে এয়া কি এক্সিডেণ্ট! এবাৰ কি হ’ল জানা, ৯৮ চনৰ ডিচেম্বৰ‍ৰ কথা৷ মই আকৌ তেতিয়া ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ৷ হাত‍ত নকিয়াৰ স্কীন টাট্চ্ মোবাইলটো লৈ অনলাইন গেম খেলি খেলি দীঘলী পুখুৰীৰ পাৰত সন্ধিয়া খোজ কাঢ়ি আছোঁ৷ ক’ৰপৰা জানো প্ৰকাণ্ড জে.চি.বি এখন আহি হঠাতে মোৰ ভৰিৰ ওপৰেদি উঠি গ’ল৷ গেমত মাথা মাৰি থাকোঁতে একো গমেই নাপালোঁ৷ গাড়ীখন যোৱাৰ পিছতহে কট্‌ক‍কৈ উঠা শব্দ এটা শুনি ভৰিলৈ চাই দেখো মোৰ চাৰিহাজাৰ টকীয়া বিটল শ্বুযোৰ ফালি গৈছে৷ ভাগ্যে সেইযোৰ পিন্ধি আছিলোঁ, নহ’লে ভৰিখন চিঙি যোৱাটো সেইদিনা একদম খাটাং আছিল৷
ঃ কি ক’ বে! ৯৮ চন আৰু স্কিন টাট্চ মোবাইলত অনলাইন গেম?
ঃ ধুৰ তহঁতে কি বুজিবি সেইচব৷ সেইকাৰণে কওঁ অলপ বাহিৰলৈ গৈ চা না, দুনিয়াখন কিমান পাইছেগৈ৷
 গাঁৱৰ পথাৰত বান আহিছে৷ বানৰ সতে অহা সৰু-বৰ মাছ ৰাইজে উছাহেৰে ধৰিছে৷ আন‍ন্দ-উছাহৰ মাজতে হঠাতে এটা বেয়া খবৰে ৰাইজক মৰ্মাহত কৰি তুলিলে৷ সৰুধনৰ সৰু ল’ৰাটো বানৰ সোঁত‍ে উটুৱাই লৈ গ’ল৷ চাৰিওফালে হুৱা-দুৱা লগাৰ মাজতে লেবেলে ল’ৰাৰ বাপেক‍ক সান্তনা দিছে-
ঃ সৰুধন কা, তই চিন্তা নকৰিবি না৷ চব ঠিক হৈ যাব৷ তই তাক ঠিকে-ঠাকে ঘূৰাই পাবি চাবি৷ আবে এয়ানো কি বৰ ডাঙৰ কথাটো হ’ল! এবাৰ কি হ’ল জানা, ১৯৯৮ চন, তেতিয়া মই ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ৷ লগৰ পাঁচজনৰ লগত গ’লোঁ নহয় এদিন পিকনিকলৈ বুলি৷ গাড়ীতে খাই-বৈ একদম ফিটিং৷ পিকনিক স্পটত গৈ ভৰিখন নদীত ধুই লওঁ বুলি যাওঁতেই শিলত পিছল খাই হঠাতে খৰস্ৰোতা নদীখনত পৰি গ’লোঁ নহয়৷ আবে এয়া বানৰ কিবা সোঁত নেকি? সেই নদীৰ সোঁতেই কিন্তু বেলেগ আছিল৷ নদীত পৰাৰ একমিনিটৰ ভিতৰতে মই একমাইলৰ বেছি দূৰ পালোঁগৈ৷ ভাগ্য ভাল পানীত তল পৰা নাছিলোঁ৷ এনেদৰেই পুৰা ছয় দিন বুজিছা, পুৰা ছয়দিন মই উটি গৈ গৈ একেবাৰে ব্ৰহ্মপুত্ৰত পৰিছিলোঁগৈ৷ ভাগ্যে ডিচেম্বৰ মাহ কাৰণে ব্ৰহ্মপুত্ৰত পানী কম আছিল৷ নহ’লে সেইবাৰ মই মৰাটো একদম খাটাং আছিল জানানে..৷
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.