ফটাঢোল

লোকেল ট্ৰেইন-পৰীশ্যামলী ভূঞা

এবাৰ মুম্বাইৰ লোকেল ট্ৰেইনত উঠাৰ কথা ভাবিলোঁ। লগৰী হিচাপে ঘৰুৱা কামত সহায় কৰি দিয়া সহায়কাৰী গৰাকীক বাচি ল’লোঁ। লোকেল মানুহ। ট্ৰেইনৰ লগত অভ‍্যস্ত। গতিকে তাইৰ লগতে যাত্ৰা কৰিলে সুবিধা হ’ব বুলি ট্ৰাই কৰি চাবলৈ যথাসময়ত ষ্টেচনত পৰ দিলোঁগৈ।

নিৰ্দিষ্ট সময়ত ট্ৰেইন আহি পালেহি। উঠোঁ বুুলি আগবাঢ়িব লওঁতেই দেখিলোঁ মানুহে মোক উঠাইহে দিলে। পাছফালৰ পৰা অহা জাক এটাই মোক উঠাই লৈ আহিল। যেন ভূণ ভূণাই থকা মাখিৰ ডাঙৰ জাক এটাহে। জাকটোৰ দ্বাৰা সহায়হে হ’ল। বিনা কষ্টত ডাঙৰ দূৱাৰেদি ভিতৰ পালোঁগৈ। কেতিয়ানো ভিতৰ পালোঁহি তলকিবই নোৱাৰিলোঁ। যিয়েই হওক সেইজাকক মনে মনে এতিয়া ধন্যবাদ এটাহে যাচিলোঁ নহ’লে চাগে বাট বিচাৰি বিচাৰি ট্ৰেইনখনেই এৰিলোঁহেঁতেন। বেচৰী মোৰ সহায়ীকাগৰাকী, তাই ইমান দেৰি মোক ইমানবোৰ সতৰ্কতা মূলক কথা কৈ থকা স্বত্বেও আমাৰ হাত দুখন পূৰণ চিনৰ দৰে বান্ধ খাই থকাৰ বাবেহে এৰা এৰি নোহোৱাকৈ এখন চিনেমাৰ চিন হ’বলৈ কোনোমতে বাকী থাকিলগৈ। পিচে সেয়াই সকলো নহয়, ভিতৰতো লাগিল আচল পয়মাল। তাইৰ বেগটো ক’ত? ৰচীডাল ঠিকেই কান্ধত। পিছে বেগটোহে কোনফালে…! তিনিটাকৈ কঁকাল ফালি ফালি হেঁপিয়াই হেঁপিয়াই শেষত বেগৰ উদ্ধাৰ হ’ল। মোৰো মুখত পানী আহিল।

বেগটো পালোঁ – ফূৰ্তিত দুয়ো দুয়োৰ মুখলৈ চাবলৈহে পালোঁ পাছফালৰ পৰা বিকট চিঞৰ এটা আহি কাণতে পৰিলহি…..

 ….”ঔ মূৰটো নলৰাব, আপোনাৰ চুলিৰ সেই জোঙা কাঁটাডালে মোৰ মুখত খুচিছে”….

 বুজিলোঁ মোৰ চুলিৰ পাছফালে দুখন মুখ। ঘূৰি চাবলৈ সাধ‍্য নাই।…. কাষতে থকা আৰু তিনি চাৰিখনমান মুখ নেওচিব পাৰিলেহে! ইফালে আকৌ চকুৰ আগতে আৰু দুটা চকু।

“লেডিজৰ ডবাত উঠিলেই এনেকুৱাই হয় জানেনে”– কাণতে সহায়ীকা গৰাকীয়ে ফুচফুচাই দিলে। ময়ো বুজিলোঁ হয় লোকেল ট্ৰেইনত সকলোৰে লগত ময়ো এতিয়া এটা মূৰ্ত্তি হৈ আগবাঢ়িব লাগিব।

ট্ৰেইনৰ ভিতৰত যেন এসোপা  মূৰ্তি। লৰ চৰ নাই । এসোপা মহিলাৰ মূৰ্ত্তি। আৰু প্ৰচন্দ গতিত ট্ৰেইনখন। মানুহৰ নিজৰ জীৱনতকৈও বেছি মোহ এই লোকেল ট্ৰেইনৰ প্ৰতিহে। নিজতকৈও বেছি বিশ্বাস ভাজন এই লোকেল ট্ৰেইখনহে। গতিকে বহিবলৈ ঠাই বিচৰা মানে পানীত ডুবা মানুহে নাও এখন বিচৰি থকাৰ দৰেহে। যিহ’লেও বতাহৰ বেগত গন্তব‍্যস্থান পাবলৈ থিয় দিবলৈ ঠাই অকণ পোৱাটোৱেই বহুত ভাগ‍্য। গাড়ীৰে গ’লে একঘণ্টাৰ লক্ষ্যস্থান ট্ৰেইনৰ বাবে দহ মিনিটৰ কথা। যদিও ডবাৰ ভিতৰত চাৰিওফালে অক্সিজেনৰ অভাব,  ভৰিৰ ঢিলা ছেণ্ডেল আৰু চুলিৰ খোপা আদিবোৰ খুলি যোৱাৰ সম্ভাবনা,  হ’লেও কি হ’ব, এয়া যে লাইফ লাইন।

“কেনেকুৱা লাগিছে তায়ি?”– তাই মাজতে মোক সুধিলে। তায়ি মহাৰাষ্ট্ৰৰ ভাষাত বাইদেউ।

“ভাল লাগিছে বব..ৰৰ.. মজা, নতুন অভিজ্ঞতা যে”, তাইলৈ নোচোৱাকৈ চকু তললৈ কৰিয়েই উত্তৰটো দিলোঁ। সন্মুখলৈ চাবলৈ যে মন নাই! চকুৰ আগতে দহটামান চকুৰ পিটপিটনি।

হঠাত চাৰিওফালে সাগৰত জোৱাৰ ভাটাৰ সৃষ্টি হোৱাৰ দৰে উঠিল। বতাহত গছবোৰ হালি জালি উঠাৰ দৰে উঠিল। তাই মোক কাণতে জনালে,

“আগত ষ্টেচন আহি আছে, এই সকলো নামিব।”

“কি ষ্টেচন!  মই ভালদৰেই আচৰিত হ’লো।”

ট্ৰেইন চলিবলৈ লোৱাৰ দুই মিনিট নগ’লেই ষ্টেচন এটা আহিলেই?  চাৰিওফালৰ পৰা ছোৱালী,  বোৱাৰীবোৰে খপজপাই উঠি দুৱাৰ মুখ পালেহিয়েই। আগৰ ষ্টেচনটোৰ প্লেটফৰ্মটো বোলে বাওঁফালে আছে সকলোৰে মাজত কোৱা-কুই চলিল।  সেইফালেই ঢলটো বৈ আহিল। কাষতে থকা দুৰ্বল পাতল ছোৱালী, বোৱাৰীবোৰক বাদ দি বাকী সুস্থ পুষ্ট মহিলাসকলেহে নিজৰ ঠাইতে খোপনি পুতি থাকিল। বাকীসকলৰ ভাগ‍্যত যেনেকৈ পাকঘূৰণি খাবলগীয়া লিখা আছে খাইছে আৰু! এপাক দুপাক কোনোৱে তিনিপাকো।

আমি দুয়োজনীয়েহে ভালদৰে খোপনি পুতি ল’লোঁ। বাকীবোৰক লক্ষ্য কৰি মনে মনে হাঁহিছোও। কাৰ বেগ কাৰ ওচৰত? কাৰ শাৰীৰ আঁচল কাৰ ওচৰত? প্ৰত‍্যেকেই যেন ৰীলে-ৰেচৰ বাবে সচেতন। খৰখেদাকৈ  নামিব লাগিব, নহ’লে যে নামিবলৈ পোৱাৰ আগতেই বাহিৰৰ পৰাও এচাম উঠি আহিব। ইটোতকৈ ইটো চৰা। তাতোকৈও এখোপ চৰা ট্ৰেইনৰ ড্ৰাইভাৰ কেইজন। খপজপাই যে আগবাঢ়িবই লাগিব। নহ’লে লাইফ লাইনৰ মূল‍্যই বা ক’ত হৈ ৰ’ব?

ষ্টেচন পালেহি। ডবাৰ ভিতৰত মৃদু ভূমিকম্প এটা বৈ গ’ল। আমি খালী চিট পাই বহি ল’লোঁ। পিছে বহিলেও কি হ’ব নামিবৰ যে হ’বই। আৰু দহ মিনিটত আমাৰ ষ্টেচন পাবহিয়েই। বহা ঠাইৰ পৰা মানুহ ফালি উঠি অহাতকৈ দুৱাৰৰ কাষেই ভাল। কিছুদূৰ বহি খপজপাই উঠি আহি দুৱাৰৰ কাষ পালোঁহি। সুবিধাজনক ঠাই চাই থিয় দি ৰ’লোঁ, যাতে পটককৈয়ে নামিব পাৰোঁ।

এক মিনিট… দুই মিনিট …

আমাৰ ষ্টেচন পালেহিয়েই। হে ভগৱান এতিয়া নমাৰহে চিন্তা। ঠাইখন নামিবলগা ছোৱালী বোৱাৰী আদহীয়া মানুহে ভৰি পৰিল। ভালদৰে ধৰি নাথাকিলে আগলৈ মহতিয়াই নিব এতিয়া। ট্ৰেইন ৰোৱাৰ আগতেই সেই বহল ডাঙৰ দুৱাৰমুখৰ কাষ পামগৈ। অলপ পিছুৱাই গৈ পাছফালে ৰ’লোঁগৈ। পিছে এতিয়া সেই ঠাইৰ পৰা নামিব পাৰিম নে নাই সেয়াহে সন্দেহ হ’ল। উঠি অহা মানুহখিনিয়েতো ঠেলা মাৰি আহিব। নে নামিব নোৱাৰি পাছৰ ষ্টেচনেই পামগৈ নেকি?

যিমান পাৰো নিজকে সম্ভালি আছোঁ। আৰু নোৱাৰি আৰু! ইমান ঠেলা-হেঁচা।  আটাইসোপাৰেই একেজাপে নমাৰ প্ৰস্তুতি। যেন বাঘে হৰিণা ধৰাৰ চোপ।

“সোণকালে নামিব লাগিব নহ’লে উঠি অহা সোপাই ঠেলি আমাক আকৌ পিছফাল পোৱাই দিবগৈ”…

আটাইবোৰ দেখি এতিয়া হুচ হেৰাবলৈহে বাকী।

মোৰ সহায়ীকা গৰাকীয়ে মোৰ হাতত আকৌ ক্ৰচ চিনৰ দৰে ধৰি আকৌ আপাতকালীন সুৰক্ষাৰ নীতি শিক্ষাবোৰ এবাৰ দি গ’ল। দুয়ো সাজু হ’লোঁ। নাই, নামিবই লাগিব। তাকো লগে ভাগে। পাছৰ ষ্টেচনত গৈয়ো নমাৰ মন নাই। এৰা এৰি হৈ এজনী থাকি যোৱাৰো মন নাই। কোনোমতেই বাহিৰৰ মানুহজাকক ভিতৰলৈ আহিব দিব নোৱাৰি। আমিয়েই নামিব লাগিব। শাৰীৰ আচল কঁকালত গুজি  বেগটো ডিঙিতে উলমাই তাই যুদ্ধৰ বাবে সাজু।

“হাত নেৰিব তায়ি”– তাই আকৌ এবাৰ সোঁৱৰাই ক’লে। কলিজাখন মোৰ দুৰু দুৰুকৈ কঁপি উঠিল। যেন,

এক.. দুই ..তিনি ..

জাম্প ……

পিচে,  ইমানবোৰ তৈয়াৰী স্বত্বেও নামিবলৈ গৈ বুকুখন ভবাতকৈয়ো  বেছিকৈয়েহে চিৰিং কৰি উঠিল, হায়! তাইৰ দীঘল বেণীডাল কাৰোবাৰ বেগৰ ৰচীত লতা বগোৱাদি বগালে।  টানিছেহে টানিছে, নাই নোলায়। আমাতকৈও চিন্তিত বেচেৰী বেগৰ গৰাকী। চুলিকোচাটো এৰি দিব নোৱাৰি, যদি হয় বেগটোৱেই দানৰ পাত্ৰ হ’ব। একো তলকিবই নোৱাৰিলোঁ পাছফালৰ পৰা এনে এটা হেঁচা আহিল ভেড়াছাগলীৰ এটা ডাঙৰ জুমৰ দৰে  কেনেকৈ  বেণীয়ে বেগে আটাইসোপা একেলগে প্লেটফৰ্মটোত ভৰি দিলোঁহি ভাবিবলৈ সময়েই নাপালো‍ঁ। তললৈ আহিহে অনুভৱ কৰিলোঁ আমিবোৰ ট্ৰেইনৰ বাহিৰত। প্ৰথমবাৰলৈ জীৱনৰ প্ৰতি মোহ এটা জাগি উঠাৰ দৰে লাগিল। লোকেল ট্ৰেইনে “জীৱন জীয়াই থকাৰ সংগ্ৰাম”- কথাষাৰ প্ৰথমবাৰলৈ বুজাই তুলিলে। আমি ঘূৰিবৰ বাবে আকৌ ইখন ট্ৰেইনৰ অপেক্ষাত প্লেটফৰ্ম সলাবলৈ আগুৱাই গ’লোঁ।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    সাংঘাটিক অভিজ্ঞতা। ৰস লগাকৈ লিখিছা, ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.