ফটাঢোল

শকত আৰু ক্ষীণ (মূল: এণ্টন চেখভ) – ভাবানুবাদ: ৰাজশ্ৰী শৰ্মা

দুজন বন্ধু, এগৰাকী শকত আৰু আনজন ক্ষীণ। দুয়ো এবাৰ নিক’লাভস্কি ৰে’ল ষ্টেচনত মুখামুখি হ’ল। শকত মানুহজনে এইমাত্ৰ ষ্টেচনতে দুপৰীয়াৰ আহাৰ কৰি উঠিছিল। তেওঁৰ তেল লাগি থকা ওঁঠ দুটা বৰকৈ জিলিকিছিল তেতিয়া। তেওঁৰ গাৰ পৰা আঙুৰেৰে বনোৱা দামী শ্বেৰী আৰু ফ্লিউৰ’ দে’ অৰেঞ্জী নামৰ দামী পাৰফিউমৰ সুবাস বিয়পি পৰিছিল।

সেই সময়তে আকৌ ক্ষীণ মানুহজনো আহি ৰে’লৰ পৰা নামিছিল মাত্ৰ। তেওঁৰ দুয়োখন হাততে ডাঙৰ ভ্ৰমণৰ লেডাৰৰ মোনা, টুপী থোৱা ঘূৰণীয়া বেগ আৰু বিভিন্ন ধৰণৰ সৰু বৰ মোনাৰে ভৰ্ত্তি। ফলত হাত দুখন প্ৰায় নেদেখা হোৱাৰ দৰেই। তেওঁ আকৌ গোন্ধাইছিল ভজা গাহৰি মাংস আৰু খুন্দা কফিৰ দৰে। তেওঁৰ পত্নীগৰাকী, এটা দীঘল থুতৰিৰে এগৰাকী ক্ষীণ মহিলা। এটা চকু বেয়া হোৱা ওখকৈ ল’ৰা এজনো মানুহজনৰ পিছফালে লুকাই আছিল।

“প’ৰফাইৰী,” – হঠাতে শকত মানুহজনে ইজনক দেখি চিঞৰি উঠিল। “এয়া তুমিয়েইনে? মোৰ মৰমৰ বন্ধু! বাপৰে, কিমান বছৰৰ মূৰত দেখিছোঁ তোমাক।”

“হে ভগৱান” – ক্ষীণ মানুহজনেও উৎফুল্লিত হৈ চিঞৰি উঠিল। “মিশ্বা- মোৰ বন্ধু! ইয়ালৈ আকৌ ক’ৰপৰা আহিলি তই?”

দুয়ো বন্ধুৱে ইজনে সিজনক মৰমেৰে সাৱটি ধৰিলে, তিনিবাৰ চুমা খালে আৰু চলচলীয়া চকুৰে দুয়ো দুয়োকে চাই ৰ’ল অলপ সময়। নিশ্চিতভাৱে দুয়ো ফূৰ্তিত ক’ব নোৱাৰা হৈ পৰিছিল।

“মৰমৰ বন্ধু মোৰ!” – আকৌ এটা চুমা খোৱাৰ পিছত ক্ষীণ মানুহজনে আৰম্ভ কৰিলে। “একেবাৰে নভবাকৈ লগ পালোঁ ভাই তোক। বিৰাট ভাল লাগিছে। আহচোন, ওচৰৰ পৰা ভালদৰে এবাৰ চা মোক। এতিয়াও আগৰ দৰেই ধুনীয়া আৰু সুঠাম হৈ আছোঁ দেখিছ। একেবাৰে সেই তেতিয়াৰ দৰে মহিলাবোৰৰ মন মুহিব পৰাকৈ সুন্দৰ- সুঠাম দেহৰ অধিকাৰী হৈ আছোঁ মই। হেঃ হেঃ, ভগৱানৰেই কৃপা ভাই।

বাৰু ক’চোন, কেনে আছ তই? কিবা ভাল কামত লাগিছনে? বিয়া বাৰু একা? মোক দেখিছয়ে নহয়, বিয়া কৰালোঁ। এয়া মোৰ পত্নী- প্ৰসিদ্ধ লুথেৰান প্ৰথা বিশ্বাসী ভেনচেনবাখ্ পৰিয়ালৰ জীয়ৰী।”

নাফানেইলে কিবা এটা ভাবিলে আৰু তাৰ পিছত দেউতাকৰ পিছফালে আকৌ লুকাল।

“বাহ, বৰ ভাল কথা। আৰু কোৱাচোন কি খবৰ তোমাৰ?” -শকত মানুহজনে আগ্ৰহেৰে সুধিলে, “তুমি কিবা চাকৰি কৰি আছানে? কি পদবীত আছা এতিয়া?”

“মই? কি ক’ম বন্ধু! যোৱা দুবছৰ ধৰি মই অফিচ এটাত কেৰাণী হিচাপে আছোঁ। দৰমহা অলপ কম, কিন্তু সেইটো একো ডাঙৰ কথা নহয়। এই কেইবছৰতে কিছু গণ্য মান্য ব্যক্তি হৈ উঠিছোঁ আৰু। মোৰ পত্নীয়ে গানৰ স্কুল চলায় আৰু মই চিগাৰেট থোৱা কাঠৰ বাকচো বনাওঁ।

সেইবোৰ মই এটাত এক ৰুবলকৈ বিক্ৰী কৰোঁ। যদি কোনোবাই দহটা বা তাতোকৈ বেছি কিনে, তেন্তে অলপমান কম কৰি দিওঁ বাৰু। এনেকৈয়ে চলি আছোঁ আৰু। ইমানদিনে কেৰাণী হিচাপে আছিলোঁ, এতিয়া ইয়ালৈকে বৰবাবু হিচাপে বদলি হৈ আহিছোঁ। এতিয়াৰপৰা ইয়াতে চাকৰি। তোৰ ক’চোন, ক’ত কি কৰি আছ?এতিয়ামানেতো ক’ৰবাত অফিচাৰ হৈ গলি কিজানি! নে কি কৱ?”

“নহয় অ বন্ধু, তাতকৈ অলপ ওপৰলৈ যাব লাগিব।”- স্বাস্থ্যৱান মানুহজনে ক’লে, “মোৰ সংসদীয় সচিবলৈ পদোন্নতি হৈছে। দুটা মেডেলো পালোঁ।”

ক্ষীণ মানুহজন লগে লগে সেইপিনেই থৰ লাগিল। মুখখনো শেতা পৰি গ’ল। পিচে তেওঁ সোনকালেই নিজৰ বিকৃত হৈ পৰা মুখখনত জোৰকৈ হাঁহি এটা বিৰিঙাবলৈ সক্ষম হ’ল। হঠাতে এনেকুৱা লাগিছিল যেন তেওঁৰ চকু মুখেৰে জুইৰ ফিৰিঙতি হে ওলাইছে। তেওঁ সংকুচিত হৈ পৰিল, হাত দুখন টানকৈ খামুচি ধৰিলে, কি ক’ব, কি নক’ব লাগি তেওঁ অসহজভাৱে ইফালে সিফালে চাবলৈ ধৰিলে। তেওঁৰ হাতত থকা লেডাৰ বেগ, টুপীৰ মোনা, বাকচ- সকলোবোৰ যেন এইমাত্ৰ খহি পৰিব হাতৰ পৰা!

তেওঁৰ পত্নীৰ দীঘলীয়া থুতৰিটো আৰু যেন বেছি দীঘল হৈ পৰিল; আৰু নাফানেইলে দেউতাকৰ পিছফালৰ পৰা ওলাই আহি গোটেই চেহেৰাটো দেখুৱালেহি। তাৰ চোলাটোৰ আটাইকেইটা বুটামো মৰা আছিল এতিয়া।

“হে মহামান্য, সৌভাগ্য মোৰ! শৈশৱৰ বন্ধু আৰু এতিয়া ইমান ডাঙৰ সন্মানীয় ব্যক্তি হৈ পৰিল। হে– হে–!”

“হেই হেই ,ৰ’বাহে!”- শকত মানুহজনে অসহজ বোধ কৰি ক’লে। “এইটো আকৌ কি সুৰ লগাইছা? তুমি আৰু মই সেই সৰুকালৰে বন্ধু, ইমান কাৰ্য্যালয়ৰ দৰে সৌজন্যতা দেখুৱাবলৈ নালাগে নহয় মোক।”

“হে প্ৰভু, ক্ষমা কৰিবা। কি যে কয় আপুনিও মহাশয়।” – ক্ষীণ মানুহজনে আগতকৈও বেছি সেপ ঢুকি ঢুকি হাত মোহাৰিব ধৰিলে।

“আপুনি যে ইমান আগ্ৰহেৰে আমাৰ দৰে সাধাৰণ মনুষ্যৰ লগত এইকণ কথা পাতিছে, তাতেই আমি অতিকৈ গৌৰৱান্বিত, ধন্য মানিছোঁ আজি নিজকে।আপোনাৰ সহৃদয়তা যেন ডিঙি শুকুৱা তৃষ্ণাত সতেজকৰ চৰ্বত হে…..
– এয়া মহোদয়, এয়া মোৰ পুত্ৰ নাফানেইল আৰু এয়া মোৰ পত্নী লুইজে- একধৰণৰ লুথেৰান বংশৰ ছোৱালী বুলিয়েই ধৰক।”

শকত মানুহ গৰাকীয়ে প্ৰতিবাদ কৰি কিবা এটা ক’ব ওলাইছিল। কিন্তু তেওঁৰ বন্ধু ক্ষীণ মানুহজনৰ চকু-মুখত এনেকুৱা এটা ঈৰ্ষা, ধুৰ্ত্তালী আৰু বিদ্ৰুপৰ ভাৱ প্ৰকাশ পাইছিল যে তেওঁৰ মনটো মৰি গ’ল।

সচিবগৰাকী এইবাৰ ক্ষীণ মানুহজনৰ পৰা অলপ আঁতৰি থিয় দিলে। এৰা এৰি হোৱাৰ সময়ো হৈ আহিছিল, তেওঁ এইবাৰ নিজৰ হাতখন কৰমৰ্দনৰ বাবে আগবঢ়াই দিলে।

ক্ষীণ মানুহজনে কেৱল তিনিটা আঙুলিহে চুলে, নিজৰ গোটেই শৰীৰটো আগপিনে হাওলাই দিলে আৰু এজন চীনা মানুহৰ দৰে চকু কোঁচ খুৱাই হাঁহিলে: “হে– হে– হে–“

পত্নীগৰাকীয়ে সৌজন্যতাৰ হাঁহি এটা মাৰিছিল। নাফানেইলে এবাৰ নিজৰ ভৰিখন খজুৱাইছিল আৰু তাৰ পিছত নিজৰ মূৰৰ টুপীটো খুলি তেওঁক অভিবাদন কৰিলে।

-তিনিও কিন্তু মনেৰে সুখী হোৱা নাছিল।

☆ ★ ☆ ★ ☆

11 Comments

  • Nilakshi Devi Deka

    সুন্দৰ ভাবানুবাদ ৰাজশ্ৰী। প্ৰথম এইটোৱেই পঢ়িলোঁ। 😊

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ অনুবাদ

    Reply
  • কমলা দাস

    সুন্দৰ অনুবাদ । ভাল লাগিল পঢ়ি

    Reply
  • ৰামানুজ

    সাংঘাতিক ভাৱানুবাদ.. শেষৰ বাক্যটোৱে কৈ গ’ল সাহিত্য ৰ সৃষ্টি কি ভিন্ন ধৰণেও হব পাৰে

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালো দাদা

      Reply
  • ডলী তালুকদাৰ

    সুন্দৰ অনুবাদ।

    Reply
  • HEMANTA KAKATI

    বৰ ভাল লাগিল মাইনা৷ এণ্টন চেকভ মোৰ প্ৰিয় গল্পকাৰ!

    Reply
  • Anonymous

    Iman Sundar translation , excellent dei dear Rajashree.

    Reply

Leave a Reply

Your email address will not be published.