ফটাঢোল

শকত হোৱাৰ হেপাঁহ আৰু এটা আধৰুৱা সপোন – সুকুমাৰ গোস্বামী

টিভিত ইণ্ডিগো পি ইউ এনামেল নামৰ ৰং কোম্পানীটোৰ বিজ্ঞাপনতো দেখুৱাই পোৱালিক আজিকালি শ্ৰীমতীয়ে ভাত খুৱায়। ভালদৰে নাখালে এইটোৰ দৰে কাঁইট ওলোৱা অৱস্থা হ’ব বুলি কলে সিও টপক টপক কৈ ভাত কেইটা গিলি মাকক সকাহ দিয়ে। ঘটনাৰ পটভূমি বোধকৰোঁ ১৯৯৬ চন মান হ’ব, সেইসময়ত মোৰো চেহেৰাৰ অৱস্থা ইণ্ডিগো পি ইউ এনামেলৰ বিজ্ঞাপনত ওলোৱা সেই কেটেঙাটোৰ দৰেই আছিল। নিজৰ চেহেৰা তোক লৈ ভীষণ হীনমন্যতাত ভোগো। শকত হোৱাৰ কিবা এটা ফলপ্ৰসূ উপায় বিচাৰি হাবাথুৰি খাই ফুৰোঁ আৰু যিয়ে যিটো কয় সেইটোৱেই কৰি চাওঁ, কিন্তু ফল হে নাপাওঁ।ইয়াৰ মাজতে বন্ধু ধৰ্মেন্দ্ৰই খবৰ আনিলে যে শকত হোৱাৰ এক ৰামবান দৰৱ আৱিষ্কাৰ হৈছে আৰু পল্টন বজাৰৰ এখন বিশেষ দৰৱৰ দোকানত সেই দৰৱ উপলব্ধ। দোকানৰ নাম সংগ্ৰহ কৰি সময় বিলম্ব নকৰি যথা স্থানত উপস্থিত হলো আৰু ফাৰ্মাচিষ্ট জনক আমাৰ প্ৰয়োজনৰ বিষয়ে অৱগত কৰিলোঁ। তেওঁ যিটো দৰব আনি আমাৰ আগত ৰাখিলে সেইটোৰ নামটো দেখি হে তবধ মানিলো.. দৰবৰ নাম ‘পুৰুষ জীৱন’। নামটো দেখি অলপ সন্দেহ হল , এইটোৱেই সেইটো দৰব নে আন কিবা হে! অলপ ইতস্ততঃ কৰি বুঢ়া ফাৰ্মাচিষ্ট জনক সুধিলোঁ বোলো খুৰা এইটো শকত হোৱা দৰৱটোৱেই নে আন কিবা? নামটো দেখোন কিবা খেলিমেলি লাগিছে?

খুৰাই আমাক আশ্বস্ত কৰিলে যে নামটো অলপ গণ্ডগোলীয়া হ’লেও দৰৱ কিন্তু আমি বিচৰাটোৱেই। এইকেইদিন হেনো এইবিধ দৰৱ বিক্ৰী কৰি কৰি তেওঁলোকৰ খাৱন শোৱন বন্ধ হোৱাৰ পৰ্যায় পাইছে ,মানে ইমানেই বিক্ৰী। তেওঁৰ কথা শুনি আমিও আশ্বস্ত হলো আৰু শকত হোৱাৰ সপোন সাৰ্থক হল বুলি ধাৰণা কৰি এমাহৰ জোখাৰে দৰৱ কিনি আনিলোঁ।

সেইদিনা ৰাতিৰ পৰাই বাকচত থকা বিধান মতে দৰৱ লোৱা আৰম্ভ কৰিলো। শুনা মতেই ফলাফল, এসপ্তাহৰ ভিতৰতে দৰৱৰ সুফল দেখিবলৈ পোৱা গ’ল। বাটে ঘাটে মানুহে কোৱা আৰম্ভ কৰিলে “স্বাস্থ্যটো দেখোন ভাল হৈছে অ তহঁতৰ কি খোৱা কৰিছ?” আমাৰ ৰেডীমেড উত্তৰ “জিম যোৱা আৰম্ভ কৰিছোঁ আজিকালি”। তাৰ মাজতে আন এজন চাপৰ বন্ধুৱে আকৌ ওখ হোৱা দৰৱ এপালিও টপ আপ কৰি ললে। এমাহ মানৰ ভিতৰতে ৰাইজৰ প্ৰশংসা শুনি শুনি আমাৰ আত্মবিশ্বাস তুংগত। এজনী,দুজনীয়ে আকৌ মোক অজয় দেৱগণৰ দৰে দেখি বুলি কোৱাও অাহুকাণে পহুকাণে শুনিলোঁ। সেই দিনাৰ পৰা চাল-চলন-,কথাবতৰা,বেশ ভূষা আদিৰ ক্ষেত্ৰতো অজয় দেৱগণক অনুসৰণ কৰাৰ পূৰ্ণ প্ৰয়াস আৰম্ভ কৰিলোঁ। নিজৰ চেহেৰাটোক লৈ ইমান দিনে মনতে পুহি ৰখা হীনমন্যতা আতৰাব পাই ধন্য মানিলো যদিও অন্তৰৰ নিভৃত কোণত এটা ভয়ে ঘৰ বান্ধিলে। দৰৱ এৰি দিয়াৰ পাছত যদি চেহেৰাটো আকৌ পাম যোৱা বেলুনৰ দৰে হয় তেতিয়া কি হব!

বিধান মতে দৰৱ এমাহ খাব লাগিছিল যদিও অন্তৰত বাহ লোৱা ভয়টোৰ কাৰণে এমাহৰ সলনি তিনিমাহ খালোঁ। ইতিমধ্যে আগতে অজয় দেৱগণ বুলি কোৱাবোৰে এতিয়া মোৰ ফুলা লুছিৰ দৰে মুখখন দেখি বোন্দা মেকুৰী বুলিও কবলৈ আৰম্ভ কৰিলে। ময়ো ভাবিলোঁ এইবাৰ বেছিয়েই হৈ গল.. বাদ দিব লাগিল এতিয়া মৰমৰ ‘পুৰুষ জীৱন’। ১৮ বছৰত কৰিব নোৱাৰা কাম ‘পুৰুষ জীৱনে’ তিনি মাহত কৰি দেখুৱালে। ইতিমধ্যে আমাৰ সফলতাৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ আন বহুতেই ‘পুৰুষ জীৱনৰ’ শৰন ললে। ১৮ বছৰ বয়সতে আমি যে আমাৰ সফলতাৰে আন ১০ জনক অনুপ্ৰাণিত কৰিব পাৰিছিলোঁ সেইটো ভাবিলে আজিও গৰ্বত বুকু ফুলি উঠে।

দৰৱ এৰি দিলোঁ যদিও ইতিমধ্যে অজয় দেৱগণৰ আত্মা মোৰ আত্মাৰ লগত বিলীন হৈ গৈছিল। এখন চিনেমাকে ১১ বজাৰ আৰু ২ বজাৰ দুয়োটা দৰ্শনীতে চাওঁ আৰু পাৰ্যমানে তেওঁৰ দৰেই বেশ ভূষা পিন্ধাৰ চেষ্টা কৰো।

বেশ ভূষাৰ ক্ষেত্রত প্ৰধান প্ৰতিবন্ধক আছিল পিতা, তেওঁ কোনো কাৰণতেই ছাত্ৰ অৱস্থাত জিনছ পিন্ধাৰ সমৰ্থন নকৰে। জিনছ হেনো আমেৰিকাৰ গৰখীয়া বোৰৰ পোছাক আছিল, কঠিন পৰিস্থিতিত কৃষিকৰ্ম আৰু পশুপালনৰ উপযোগী কাৰণে হে সেই দেশত ইয়াৰ প্ৰচলন হৈছিল। গতিকে আমেৰিকাৰ কৃষক, পশুপালকে পিন্ধা পোছাক যদি আধুনিক ফেচন হয় তেন্তে গাঁৱৰ গৰখীয়া কেইটাই পিন্ধা গামোচা খনো আধুনিক ফেচন।পিতাৰ অকাট্য যুক্তিৰ আগত মোৰ অজয় দেৱগণ হোৱাৰ সপোন মৰহি যাব খোজে।

মইও এৰি দিয়া ভকত নহয়, ঘৰৰ আলমাৰিত উপনয়নত উপহাৰ হিচাবে পোৱা দুটা মান ভমকা ফুলীয়া কামিজ আৰু ডাঙৰ ডাঙৰ চেক থকা পেণ্টৰ কাপোৰ আছিল আৰু তাৰ মাজৰ পৰা সোণালী ৰঙৰ কামিজ আৰু ক’লাত বগা চেক থকা পেণ্টৰ কাপোৰ এটা বাচনি কৰি সেই সময়ত আমাৰ অঞ্চলৰ বিখ্যাত নাথ টেইলৰিংত হাজিৰ হ’লোঁ।

অৱশ্যে জোখ মাপ কৰাৰ সময়ত পিতা লগত নাছিল , নহলে নাথ টেইলৰিঙৰ মালিক স্বৰ্গীয় পাখি ৰাম নাথক কামিজৰ যিটো ডিজাইনৰ কথা কৈছিলোঁ সেইটো পিতাই শুনিলে হয়তো কলেজৰ পৰাই নাম কটাই দিলে হেতেন। সেই যে মনোজ প্ৰভাকৰ , কপিল দেৱ হঁতে ফুলো নহয় হাফো নহয় ধৰণৰ কামিজ কেইটা পিন্ধি ক্ৰিকেট খেলা দেখিছিলো ঠিক সেইটো ডিজাইন মই সোণালী ৰঙৰ ভমকা ফুলীয়াটোত দিয়াৰ পৰিকল্পনা কৰি থৈছিলোঁ৷

কিন্তু পাখি ৰাম নাথ ডাঙৰীয়াই তেনেকুৱা পৰীক্ষা নিৰীক্ষা কৰি পিতাৰ গালি শুনিব নোৱাৰে বুলি চাফ কথা কৈ দিলে। উপায় নাই তথাপিও এটাৰ ঠাইত দুটা পকেট থকা কামিজ পিন্ধাৰ সপোন সাৰ্থক কৰিলোঁ৷

এইবাৰ আহিল পেণ্টৰ মাপ দিয়াৰ সময়। সেই সময়ত বিৰাট ফেচনত আছিল পেৰেলেল পেণ্ট … পেণ্টৰ তল আৰু ওপৰ দুয়োটা সমান । তল ফালে যিমান বহল সিমানেই স্মাৰ্ট। নতুন পেণ্ট চিলোৱা বুলি গম পালে ইটোৱে সিটোক সোধে “তলত কিমান দিলি ? “

মই পৰিকল্পনা কৰি আছিলোঁ তলফালে ২০ ইঞ্চি মান বহল পেণ্ট এটা পিন্ধি বন্ধু মহলৰ মাজত আলোৰণৰ সৃষ্টি কৰিহে এৰিম।

কিন্তু পিতাৰ ভয়ত পাখি ৰাম নাথ ডাঙৰীয়াই সেইটোও হব নিদিলে। বাদ বিবাদৰ পাছত ১৭.৫ ইঞ্চিত হিচাব চূড়ান্ত কৰা হ’ল৷

যি কি নহওক, এৰা ধৰাৰ মাজেৰে হ’লেও প্ৰায় মনেবিচৰা ধৰণে এযোৰ কাপোৰ লোৱাৰ ইচ্ছা পূৰণ হব যেন ভাব হল। জিনছ নহলেও সেই সময়ত ফেচনত থকা চেক পেৰেলেল পেণ্ট এটাৰ যে গৰাকী হব পাৰিম সেইটো নিশ্চিত হ’ল। যথা সময়ত নতুন কাপোৰ খালাচ কৰিলো আৰু উপযুক্ত সময়ত পৰিধান কৰিবৰ বাবে চৰম উৎকণ্ঠাৰে ৰৈ থাকিলো।

কম দিনৰ ভিতৰতে সেই শুভক্ষণ আহিল। পিতাৰ লগত বিয়া এখনলৈ যোৱাৰ প্ৰস্তাৱ আহিল, ময়ো ভাবিলোঁ আজিয়েই হৈ যাওঁক। পিতাই বিয়ালৈ যাবৰ কাৰণে প্ৰস্তুত হৈ বাৰাণ্ডাত খবৰ কাগজ পঢ়ি আছে আৰু মই নতুন পোছাক পিন্ধি আইনাৰ সন্মুখত।

মোৰ হিচাবত সকলো টিপ টপ কিন্তু পিতাৰ কথাটো কব নোৱাৰি গতিকে delay technique প্ৰয়োগ কৰিলো। আশা কৰা ধৰণে বাহিৰৰ পৰা পিতাৰ মাত শুনিলো “হ’ল নে তোৰ ?”.. অ হৈ গ’ল বুলি কৈ মই স্কুটাৰ ষ্টাৰ্ট কৰাৰ শব্দলৈ অপেক্ষা কৰিলোঁ। বাহিৰত বাজাজ চুপাৰৰ চিনাকি শব্দটো শুনাৰ লগে লগে মই দৌৰি গৈ পাছফালৰ আসন গ্ৰহন কৰিলোঁ৷

বাৰান্দাৰ পৰা স্কুটাৰত উঠা সময়ছোৱাৰ উৎকণ্ঠাৰ তুলনা প্ৰথম চিগাৰেট খাই ঘৰ সোমোৱা দিনৰ উৎকণ্ঠাৰ লগত ৰিজাব পাৰি। ভাবিলোঁ পিতাই এতিয়া দেখা নাপালেই হয় আৰু। মাজ বাটত দেখিলেতো আৰু ঘৰলৈ ঘুৰাই লৈ নাহে।

স্কুটাৰ আহি জপনা মুখ পালে, মই ভাবিলোঁ হয়তো পিতাই দেখা পোৱা নাই অথবা ভমকা ফুলীয়া পিন্ধাত কোনো আপত্তি নাই। হ’ব লাহে লাহে জিনছ পিন্ধাৰো সেউজ সংকেত পাই যাম।

কিন্তু এইয়া কি তেওঁ দেখোন স্কুটাৰ খন চিধাই চলাব এৰি এপাকত ঘুৰাই লৈ পুনৰ চোতাল পালেহি। মই ভাবিলো কিবা দৰকাৰী বস্তু এৰি থৈ গল বোধকৰোঁ !

পিতা ঘৰৰ ভিতৰলৈ সোমাই গ’ল আৰু মই ঘূৰি অহালৈ অপেক্ষা কৰিলোঁ একেবাৰে নীতি শিক্ষাত পঢ়া কাছাবিয়াঙ্কাৰ দৰে

কিন্তু এইয়া কি?? মুখেৰে কিবা ভোৰভোৰাই তেওঁ দেখোন আকৌ ঘৰত পিন্ধা পোছাক যোৰ পিন্ধি বাৰাণ্ডাত পুনৰ খবৰ কাগজ পঢ়িব ধৰিলে । স্কুটাৰ উভটি অহাৰ শব্দ শুনি ইতিমধ্যে মা ঘৰুৱা কামকাজ বাদ দি দৌৰি আহিল । ঘটনাৰ ওৰ নাপায় মাই অৱশেষত পিতাক সুধিয়েই দিলে – “বিয়ালৈ যাব এৰি কিয় আকৌ খবৰ কাগজ লৈ বহিল?”

খবৰ কাগজত মুৰতো গুজি স্বাভাৱিক স্বৰত পিতাই উত্তৰ দিলে – “আমি বিয়া খাবলৈ গৈছিলোঁ নে পুতেৰাক চাৰ্কাছত ভৰ্ত্তি কৰাবলৈ গৈছিলোঁ ? এই জোকাৰৰ পোছাক পিন্ধি বিয়া খাবলৈ যাব ওলোৱাটোৰ লগত মই নাযাওঁ, তুমি যদি কোৱা কোনোবা চাৰ্কাছ দলতে ইয়াক নাম লগাই দি আহোঁ । ইমান হেঁপাহেৰে পিন্ধা কাপোৰ যোৰক বাৰু বহুৱাৰ পোছাকৰ লগত তুলনা কৰিব লাগে নে! বৰ দুখ পালোঁ কিন্তু উপায় নাই, বাপ বাপ হতা হে অউৰ বেটা বেটা। আচলতে চোতালৰ পৰা পদূলিলৈকে সেই পথ চোৱাত পিতাই পৰৱৰ্তী পদক্ষেপৰ পৰিকল্পনা কৰি আছিল কিজানি আৰু ভাবি চিন্তি মুন্না ভাইৰ দৰে গান্ধীগিৰি ফৰ্মুলা প্ৰয়োগ কৰিলে।

এতিয়া আৰু কি কৰিম !সুৰচসুৰীয়া কৈ ভিতৰ সোমাই গ’লোঁ আৰু তেওঁ ভাল পোৱা ধৰণৰ মাৰ্জিত পোছাক এসাজ পিন্ধি কাষত থিয় দিলোঁ। মাৰ নেৰানেপেৰা প্ৰচেষ্টাত অৱশেষত বিয়ালৈ যোৱাটো হৈ উঠিল বাৰু কিন্তু আজিৰ প্ৰজন্মই এজন উদিত তাৰকা হেৰুৱালে। অজয় দেৱগণ হব নোৱাৰিলেও ৰাজকুমাৰ দাক টক্কৰ দিয়াটো নিশ্চিত আছিল।

☆★☆★☆

6 Comments

  • Rimjhim Borthakur

    হাঃহাঃ মজা

    Reply
  • Anonymous

    বেলেগ জমালা দেই।অজয় দেৱগণ হোৱা আশাত চেঁচাপানী পৰিল।।😀😀

    Reply
  • HEMANTA KAKATI

    ধেত তেৰি! যা তা মানে৷ মোৰো বেলবটম পিন্ধা দিনবোৰ মনত পৰি গ’ল৷ কি যে ষ্টাইল আছিল আমাৰ৷ কাৰ কিমান বহল হব তাকে লৈ কিমান যে কি কৰিলো৷ মজা লাগিল দেই লিখাটো সুকুমাৰ

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল পঢ়ি

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা।

    মজা।

    Reply

Leave a Reply

Your email address will not be published.