ফটাঢোল

শনি-ভোজন – প্ৰণীতা গোস্বামী বৰঠাকুৰ

: হেৰৌ কাইলৈ পুৱাতে মগনীয়া এজন চাবিহঁক ঔ।

বৰুৱাই প্ৰায় চিঞৰিয়েই ক’লে কথাখিনি। ঘৰৰ সকলোৱে বুজি পালে যে, কাইলৈ পুৱাৰপৰা এটা ব্যস্ত দিন আৰম্ভ হ’ব তেওঁলোকৰ।

আবেলি –

 : হেৰা, মোনাটো দিয়া, কাইলৈৰ বাবে বজাৰ কৰি আনো আজিয়েই।

ঘৈণীয়েক মিনতিৰ ফালে চাই চাৰ্টটো পিন্ধি পিন্ধিয়েই ক’লে বৰুৱাই।

বৃত্তিত চৰকাৰী চাকৰিয়াল বৈকুণ্ঠ বৰুৱা এজন ধাৰ্মিক মানুহ। কথাই-বাৰ্তাই মানুহজন ভলভলীয়া। কথা ক’লে গোটেইখন গমগমাই যায়। সৰুকৈ কথা কোৱা মানুহ তেওঁৰ অপছন্দ। পূজা-পাৰ্বনত তেওঁৰ অটল বিশ্বাস। পুৱা গোঁসাই সেৱা কৰি ধূপ-ধূনা জ্বলাই চন্দনৰ ফোঁট এটি কপালত আঁকি দিনৰ এঘাৰমান বজাত অফিছমুখী হয় তেওঁ। চোতালত চাইকেলখনৰ পেডেলত এটা ভৰি থৈ পুনৰ এবাৰ সূৰ্যলৈ চাই সেৱা এটি কৰিহে যাত্ৰা আৰম্ভ কৰে। ঘৰখনৰ সকলোৱে তেওঁক অলপ সমীহ কৰি চলে। নহ’লে কিবা কথাত অসন্তোষ হ’লে যিটো চিঞৰত গালি বৰ্ষিবলৈ ধৰে, ওচৰৰ সাতখন গাওঁ নহ’লেও কমেও সাতঘৰেতো শুনেই। সেই ভয়তে ঘৰৰ বাকী তিনিওটি প্ৰাণীয়ে অলপ চাই-চিতি চলে। আজি পুৱা গোঁসাই ঘৰৰপৰা ওলায়ে কোৱা কথাখিনিয়ে ডাঙৰ মাইনা আৰু ভণ্টীক সচেতন কৰি দিলে যে, কাইলৈ ঘৰৰ আগেদি এজনো মগনীয়া সাৰি যাব নোৱাৰিব।

বছৰেকত এবাৰ তেওঁ ঘৰৰ সকলোৰে সোঁৱৰণী দেখুৱায়। এইবছৰ তেওঁৰ অলপ বেয়া দিন চলিছে। শনিবাৰে ক’লা বস্তুৰে এজন ভিক্ষাৰীক খুৱাবলৈ দিহা দিছে। কথাষাৰ কোৱাও আজি বহুদিন হ’ল। দৈনন্দিন কামৰ তাগিদাতে হওক বা বৰকৈ গুৰুত্ব নিদিয়াৰ বাবেই কামফেৰা কৰাগৈ হোৱা নাছিল। যোৱাটো সোমবাৰে তেওঁৰ অফিছৰ প্ৰমোচনৰ লিষ্টখন ওলাল। তেওঁৰ লগৰ দুজনমানৰ নাম সোমাল! আৰু এখন লিষ্ট ওলাব হেনো! সেইদিনাই তেওঁ ঠিক কৰিছিল, “শনিবাৰে এজনক ভাতসাজ খুৱাই দিব লাগিব।” সেইভাবি তেওঁ আগতীয়াকৈ শনিবাৰটো ছুটি লৈ থৈছে।

কাইলৈ শনিবাৰ। মাটিমাহ,  মাগুৰমাছ,  তিল,  বেঙেনা আদিৰে ভাতসাজ ভালকৈ ৰান্ধি খুৱাব লাগিব। পালে গৰৈ মাছৰ পোৰা পিটিকা অকণো দিব লাগিব। সকলো তেওঁ নিজেই কৰিব। মিনতিয়ে যোগাৰহে কৰি দিব। বাহিৰতে জুই ধৰি বা ষ্ট’ভতে ৰান্ধিব লাগিব। ষ্ট’ভটো বা ভালে আছেনে নাই! মনতে সকলো ঠিক কৰি ল’লে তেওঁ।

পুৱাৰেপৰাই বৰুৱা যোগাৰত লাগি পৰিল। গাটো তিওৱাৰ আগতেই খৰি-খেৰ গোটাই,  ষ্ট’ভটোৰ ফিটা,  তেল আদি ঠিক কৰি ল’লে। ৰন্ধা ঠাইকণো পানী অকণ চটিয়াই মোহাৰ এটা মাৰি থৈছে। বাকী মাছটো বচা,  পাছলি কাটি দিয়া,  চাউল-দাইল ধুই দিয়া কামবোৰ মিনতিয়ে সময়মতে কৰি দিব। ডাঙৰ মাইনা-ভণ্টী গেটৰ সন্মুখত। চকু-কাণ দুয়োৰে সজাগ। ঘৰখনৰ দৈনন্দিন কামবোৰো আজি অলপ খেলি-মেলি হৈছে। “এজন মগনীয়াক ভাত এসাজ খুওৱা” কামটোৱে আজি প্ৰাধান্য পাইছে। সময়মতে কামবোৰ ঠিকেই আগবাঢ়িছে। গোঁসাই ঘৰৰপৰা ওলাই খালি চাহ একাপ খায়েই বৰুৱা নিজৰ কামত লাগি গৈছে। বৰুৱানীয়ে যথাসময়ত তেওঁ বিচৰাৰ আগতেই বস্তুৰ যোগান ধৰিছে।

দিনৰ বাৰ বাজিল। বৰুৱাৰ প্ৰায় সকলো ৰন্ধা কাম হৈ গৈছে। মগনীয়াজনক খুৱাই দক্ষিণাটো দি পদুলিমূৰলৈকে আগবঢ়াই থৈ,  বাচন-বৰ্তনসোপা ধুই পুনৰ গাটো ধুইহে তেওঁ নিজৰ দুপৰীয়াৰ সাজটো খাব পাৰিব। মিনতিয়ে চুলে আকৌ গা-মূৰ তিয়াই গা ধুব লাগিব! নালাগে,  তেওঁৱেই সামৰি থ’ব।

নাই, বাৰ বাজি গ’ল, এজনো মগনীয়াৰ দেখা দেখি নাই! বৰুৱাৰ ধৈৰ্য টুটি আহিছে।

: অলপ ওলাই গৈ চাই আহগৈচোন অ’।

ডাঙৰ মাইনালৈ চাই ভেকাহি মাৰি চিঞৰি উঠিল তেওঁ।

সঁচাকৈ আজি এজনো খোজনীয়া আহিব নাপায়নে! মনটোৱে কান্দি উঠিল মিনতিৰ।

: মানুহজনে আজি অতদিনৰ মূৰত নিজৰ বাবে কিবা এটা কৰিছে, তাকো ভগৱানে চকু মেলি নাচায়।

মনতে গুণগুণাই উঠিল মিনতিয়ে।

: নাই দেউতা,  বহু দূৰলৈকে চাই আহিলো। এজনো নেদেখিলো।

ডাঙৰ মাইনাই দৌৰি আহি ফোপাই ফোপাই ক’লেহি দেউতাকক।

: কিহে বৰুৱা,  এই ভৰদুপৰীয়াখন গেটৰ মুখত ৰৈ কাক চাই আছে?

সন্মুখেদি পাৰ হৈ যোৱা গণেশ ডেকাই অলপ ৰৈ সুধিলে। বৰুৱায়ো সকলো বিৱৰি ক’লে। লুক-ঢাক কৰা মানুহ নহয় তেওঁ।

: আজিকালি ভিক্ষাৰী বিচাৰি ক’ত পাব?  যিকেইটা মিঞাই আগতে ভিক্ষা বিচাৰি আহিছিল,  সেইকেইটা এনআৰচি (NRC )ৰ বাবে হয়তো পলাল, নহ’লে ক’ৰবাত থিতাপি ল’লেগৈ আৰু বাকী এই ‘এনৰেগা’  আঁচনিয়ে মগনীয়া,  হাজিৰা কৰা লোক, সকলো লোপ পোৱালে নহয়! য’ত এচাপৰ মাটি খান্দিলেও এশ টকা পায়, ভিক্ষা কৰি এমুঠি চাউল বা ভঙনীয়া পইচাকেইটা নিবলৈ কেলেই আহিব!

ডেকাই অলপ হাঁহিয়েই ক’লে কথাখিনি।

হয়তো। বৰুৱাই তেতিয়াহে ভাবিলে কথাখিনি। অলপ দিনৰপৰা খুজিবলৈ অহা লোকৰ সংখ্যা বহু কমিল। কেৱল সেই বহী এখনত কিবা-কিবি লিখি সাহায্য বিচাৰি অহা কেইজনৰ বাদে;  যিকেইজনক বৰুৱাই  কাহানিও গুৰুত্ব দিয়া নাই। কোনোবাজনক দুটকা/পাঁচটকা নযছাকৈও থকা নাই অৱশ্যে। ডেকাক সেইখিনিতে বিদায় জনাই বৰুৱা ভিতৰত সোমাল।

মনটো কিবাখন লাগিল। ভবা কামবোৰো হৈ নুঠে দেখোন! বৰুৱাই লাহে লাহে ৰন্ধা ঠাইডোখৰৰ ওচৰ চাপি গ’ল। ৰন্ধা বস্তুবোৰ সযতনে ঢাকি থোৱা আছে। মিনতিয়ে পানীৰ ঘটি আৰু তামোলৰ বঁটাটোও যতনাই থৈছে কাষত।

বৰুৱাক একেথৰে ৰৈ চাই থকা দেখি মিনতিয়ে মাত লগালে, –

: হেৰি, গাটোকে তিয়াই আহকগৈ যাওক;  একোতো খোৱাও নাই আজি,  ভোকো লাগিব পায়।

স্বামীৰ বিষাদভৰা মুখখন সহ্য কৰিব পৰা নাই তেওঁ। কালিৰেপৰাই কমখন উথপ-থপাই আছিলনে তেওঁ।

 “কালিয়েই কোনোবা এজনক কৈ থৈ অহা হ’লে” – মনতে ভাবিলে মিনতিয়ে।

 : হেৰা,  ভাতখিনি ময়েই খাই থওঁ দিয়া,  তোমালোকে ভিতৰত ৰন্ধাখিনিকে খোৱা। মোৰ ‘শনি’ মোৰ লগতে থাকক দিয়া।

 বৰুৱাই কালৈকো নোচোৱাকৈয়ে কৈ উঠিল।

“ঈশ্বৰে যি কৰে ভালৰ বাবেই কৰে হে” – মনতে আওঁৰালে তেওঁ।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.