ফটাঢোল

শালিকা আৰু মোৰ মৰম – ববিতা বৰুৱা

পথাৰৰ মাজৰে যোৱা পকী আলিটোৰে মই বাসন্তীৰ লগত গৈ আছোঁ। পশ্চিম আকাশত ৰান্ধনী বেলিটো, পথাৰৰ মাজৰ আঁ‌হতজোপাত চৰাইবোৰৰ কিৰিলি, এজাক কোমল বতাহ, বতাহত ভাহি আহিছে মাটি চহোৱা বোকাৰ গোন্ধ। এটা সুন্দৰ আবেলি……… এই সুন্দৰ আবেলিটোৰ মজা লওঁ বুলি বাসন্তীৰ বেগ অলপ কমাই দিলোঁ।

মোৰ বাবে তুমি আজৰি নিছিঙিবা
তোমাৰ পদূলিৰ ৰজনীগন্ধা।

গানটো গুন গুনাই লাহে লাহে আগবাঢ়িলোঁ। অলপ দূৰৰ পৰা দেখিলোঁ ৬/৭ জনমান ল’ৰাই লগহৈ আম গছ এজোপাৰ তলত বহি কিবা কৰি আছে (ওচৰ পাই গম পালোঁ আম খায় আছিল)। অইন দিনা হোৱা হ’লে সিহঁত কেইটাক জোকালোঁ‌ হয় কিন্তু আজি একেবাৰে মুড নাই। বোপাইহঁত আজি তহঁতৰ ভাগ্য ভাল বুলি মনতে ভাবিলোঁ।

কিন্তু এয়া কি মই ল’ৰা কেইটাৰ কাষ পোৱাত বাসন্তীৰ গতি শ্ল’ হৈ গ’ল কিয়?

উম্মাহ হ হ হ হ হ হ হ…………

আটাইকেইটা ল’ৰাই একেলগে মোৰফালে ঘূৰি থৰ লাগিল। কি হ’ল একো ধৰিব নোৱাৰিলোঁ। আগবাঢ়িব লৈ ৰৈ গ’লো। কোনোবা এজনে যেন মোক ৰখিবলৈ ইংগিত দিছে। গ্লাছখনত দেখিলোঁ‌। ঘূৰি চাই দেখিলোঁ এজন বয়সীয়াল মানুহ। লাহেকৈ ছাইডত স্কুটিখন ৰখাই সুধিলোঁ, “আপুনি মোকে মাতিছে, খুৰা?”

“অ অ তোকে কৈছু ৰোখবাক লেগি।”

“হয় কওঁকচোন মোক কিয় ৰখালে?”

“তন্ধে এই গাড়ী চলো আপি মাখা মহা ধুৰন্ধৰ। কিয়া যি এই মাক বাপাক গেলাই আকোখান গাড়ী কিনি দেই। এন্ধোৰ কি গাড়ী চলো উৎপাত চাবা যেন উৰে হে যাবো।”

একো ধৰিব নোৱাৰি মুখৰ ফালে চাই লাহেকৈ সুধিলোঁ, “খুৰা, আপুনি এইবোৰ কি কৈ আছে মই একো ধৰিব পৰা নাই। মইতো একো কৰা নাই। স্কুটি স্পীডত চলোৱা নাই, ৰং ছাইডত যোৱা নাই। আপুনি মোক এনে কিয় ৰখাইছে। আৰু এনেকৈ কৈছে যে!”

“চাও এ তাইৰ কথা ………তই এই আপাকেটাক কিয় জকেছা। মই দেইখচু নহয় তই সেন্ধোৰ ফালে চাই মুখখান জুঙা কোৰি দিছা। কি দিছা মই দেখা নাই বুলি ভাবছা। আপী চোলি হৈ এংকে আপা জকো লাজ নাপা।”
খা বাপ্পেকে ভীমকলটো!

“অ খুৰা, আপুনি ভবাৰ দৰে মই তেনেকুৱা একো কৰা নাই। মই স্কুটিখন শ্ল’ কৰি সিহঁ‌তৰ ফালে চাই মুখখন জোঙা কৰি চুমা দিয়াটো হয় কিন্তু মই সিহঁত কেইটাক দিয়া নাই নহয়।”

“তই তেইতা হোলি কাক দিছা তে। সেন্ধোৰ বাইহৰে এতে কুনি আছে আৰু।”

“খুৰ‍া, এই যে শালিকীযোৰ দেখিছে মই সিহঁতহালকহে মৰম দিছোঁ।”

আটায়ে মোৰ ফালে যেনেকৈহে চালে ফাট মেলা বসুমতী পাতালে লুকাওঁ!

☆★☆★☆

Leave a Reply

Your email address will not be published.