ফটাঢোল

শিক্ষক চিৰিজ- সুকুমাৰ গোস্বামী

স্কুলীয়া দিনৰ অন্য এক আতংকৰ নাম আছিল আফটাৱ ছাৰ। পঞ্চম আৰু ষষ্ঠ শ্ৰেণীত আমাৰ শ্ৰেণী শিক্ষক আছিল। যিদৰে অংকৰ বাঘ সেইদৰে খঙত সিংহ। আফটাৱ ছাৰে কাক, ক’ত, কিয়, কেতিয়া বখলিয়াই দিয়ে সেইয়া ‘দেৱ না জানন্তি’।

আগনিশা বিখ্যাত চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰয় গুৰুতৰ ভাবে অসুস্থ হৈ চিকিৎসাধীন হৈ থকাৰ খবৰ ৰাতিপুৱাৰ সকলোবোৰ বাতৰি কাকতৰ মুখ্য বাতৰি আছিল।

আমাৰ  ষষ্ঠ শ্ৰেণীৰ প্ৰথম ক্লাছ অংকৰ। জুন জুলাইৰ গৰমৰ দিনত বাইহাটা চাৰিআলিৰ পৰা চাংসাৰিলৈ ১১ কিলোমিটাৰ ৰাস্তা চাইকেল চলাই অহা ছাৰ সদায় টিঙিৰিটুলা হৈ ক্লাছত সোমায়। অলপ ইফাল-সিফাল কৰিলে ৰক্ষা নাই। ছাৰে সকলোকে মিঞা বুলি মাতে। বিশেষ কণ্ঠেৰে ‘ঐ মিঞা’ বুলি যাৰ চকুৰ ফালে চাই আঙুলিয়াই দিয়ে সেইদিনা তাৰ ৰক্ষা নাই। ছাৰে আকৌ যিজনক পিটিব সেইজনকে কমন ৰূমৰপৰা চেকনিডাল আনিবলৈ পঠিয়ায়। মানে ভুক্তভোগীয়ে নিজৰ পচন্দৰ চেকনিৰে মাৰ খোৱাৰ বিশেষ অফাৰৰ সুবিধা ছাৰৰ ক্লাছত পোৱা যায়।

অ’, কি কৈ আছিলোঁ! সত্যজিৎ ৰয় ডাঙৰীয়া গুৰুতৰ ভাৱে অসুস্থ হৈ আছিল। ছাৰে ক্লাছত সোমাই সকলোকে উদ্দেশ্যি সুধিলে,

: সত্যজিৎ ৰয় গুৰুতৰ ভাৱে অসুস্থ বুলি তহঁতে গম পাইছ নে?

প্ৰথম বেঞ্চত বহা আমিকেইটাই আজি ছাৰৰ মুড ভাল যেন পাওঁ বুলি ভাবি পৰম উৎসাহেৰে সমস্বৰে ‘জানো ছাৰ’ বুলি উত্তৰ দিলোঁ।

“হমমমমম মিঞা, পঢ়া শুনাৰ ধাণ্ডা নাই, চিনেমাৰ খবৰ ৰখাত ওস্তাদ  তহঁত”।

: ঐ মিঞা যা বেট এডাল লৈ আহ

বুলি হুকুম দিলেই।

মাৰ খাই  ইজনে সিজনৰ মুখলৈ চাই উত্তৰ দি ভালেই কৰিলোঁ নে বেয়াই কৰিলোঁ বুলি ভাবি থাকিলোঁ।

এইবাৰ শ্ৰেণীৰ বাকীবোৰৰ ফালে চাই ছাৰে পুনৰ একেটা প্ৰশ্নই দোহাৰিলে। আমাৰ দুৰ্দশা দেখি সিহঁতে বাৰু কিয় জানো বুলি ক’ব! গতিকে অৱধাৰিত ভাৱে গোটেইমখাই  সমস্বৰে “নাজানো ছাৰ”- বুলি চিঞৰি উঠিল। দুজনমানে আকৌ “কোন সত্যজিৎ ৰয় ছাৰ”- বুলি অতি বিনয়েৰে ছাৰক প্ৰশ্ন কৰি প্ৰিয়ভাজন হোৱাৰো চেষ্টা কৰিলে।

: ঐ ঐ ঐ ঐ মিঞা, যা যা আৰু দুডাল বেট লৈ আহ, ইহঁতৰ পঢ়া শুনাৰতো ধাণ্ডা নায়েই দেশ দুনিয়াৰ যে খবৰ ৰাখিব লাগে সেইটো কাণ্ডজ্ঞানো নাই। মহা মস্কিল।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.