ফটাঢোল

শিল্পীৰ পৃথিবীত কুশল ডেকা-অভিজিত ডেকা

জীৱন আৰু জাগতিক ঘটনা- প্ৰৱাহেই নাটকৰ বিষয়- বস্তু বা আধাৰ বুলিব পাৰি৷ এই জীৱন আৰু জাগতিক বিষয় দুটাৰ পৰিসৰৰ ব্যাপকতাই নাটকৰো ব্যাপ্তি আৰু ই ইমানেই বিশাল যে পদ্ধতিগত কৌশলৰ দ্বাৰাহে ইয়াৰ অধ্যয়ন আৰু জ্ঞান লাভ সম্ভৱ৷ নাটক কেৱল মনোৰঞ্জনৰ আহিলাই নহয়, নাটক কেতিয়াবা দাপোন, কেতিয়াবা প্ৰতিবাদী কণ্ঠৰ এক মাধ্যম অথবা এখন প্ৰতিচ্ছবি, যি বিভিন্ন আৰ্থ- সামাজিক পৰিস্থিতি আৰু সমস্যাকো প্ৰতিফলিত কৰে৷ সেয়ে নাটকৰ ক্ষেত্ৰখনৰ সৈতে জড়িতসকলৰ সামাজিক আৰু সাংস্কৃতিক ভূমিকা আৰু দায়বদ্ধতা যথেষ্ট গুৰুত্বপূৰ্ণ৷

অসমৰ নাট্যক্ষেত্ৰৰ এটি পৰিচিত নাম কুশল ডেকা৷ পৰিচালক, নাট্যকাৰ, অভিনেতা, স্ক্ৰিপ্টৰাইটাৰ হিচাপে নাটকৰ প্ৰায় আটাইকেইটা দিশতে সুনিপুণতাৰ পৰিচয় দি নাট্যকলাৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শ্ৰীযুত ডেকাৰ কথাৰেই, ” মই নিজকে নাট্যকাৰ অথবা ভাল পৰিচালক বুলি নামানো | তাৰোপৰি নাট্যকাৰ হিচাপে স্বীকৃতি পাবলৈ বৰ্তমানলৈকে মোৰ নিজা কোনো মৌলিক সৃষ্টি হোৱা নাই | যি কৰিছো নাট্যৰূপ, অভিযোজনা অথবা অনুবাদহে মাথোঁ | অৱশ্যে শিশু উপযোগী দুই এখন মৌলিক নাটক নিলিখা নহয় | তাৰে দুই এখন অসমৰ উপৰিও অসমৰ বাহিৰটো মঞ্চস্থ হৈছে | তাৰোপৰি মোৰ বহু কেইখন নাটক ইতিমধ্যে অসমৰ বাহিৰত একাধিকবাৰ মঞ্চস্থ হৈছে | ‘কাঠফুলা’ বৰ্তমানলৈকে অসমৰ বাহিৰত ১০ বাৰৰ ওপৰত মঞ্চস্থ হৈছে | তাৰোপৰি মোক ২০১২-১৩ বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ তৰফৰ পৰা নাট্যক্ষেত্ৰত ‘চিনিয়ৰ ফেল’শ্বিপ’ প্ৰদান কৰিছে৷” উল্লেখযোগ্য যে, নাট্যজগতৰ কেইবাটাও সন্মানীয় পুৰস্কাৰ লাভ কৰা শ্ৰীযুত ডেকাই ২০০২বৰ্ষৰ জ্যোতিৰূপাৰ উত্তৰ- পূৰ্বাঞ্চলৰৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, অসম নাট্য সন্মিলনৰ একাধিক কৰ্মশালাত অংশগ্ৰহণ আৰু প্ৰশিক্ষণ লাভ কৰি বিশ্বনাথ চাৰিআলিৰ উপৰি কাষৰীয়া অঞ্চলসমূহতো নাট্যচৰ্চাৰ লগতে এটি সাংস্কৃতিক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে তথা নাট্যপ্ৰতিভাসমূহক ভৱিষ্যতে পেশাদাৰীভাৱে কাম কৰিবলৈ এখন ক্ষেত্ৰ নিজস্বভাৱে গঢ়ি তুলিব পৰাকৈ গঢ় দিয়াৰ উদ্দেশ্যৰে ২০০৫চনত জন্ম দিয়ে সাংস্কৃতিক নাট্যানুষ্ঠান ‘বৰ্ণম’ৰ৷ তেখেতৰ আশাশুধীয়া প্ৰচেষ্টাত আজি ‘বৰ্ণম’ৰ বৰ্ণিল যাত্ৰাই এক অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে৷ এনে এজন নাট্যপ্ৰাণ ব্যক্তি শ্ৰীযুত কুশল ডেকাৰ সৈতে এয়া এক চমু আলোচনা আগবঢ়োৱা হৈছে৷

১/ নাটকৰ ক্ষেত্ৰখনৰ লগত আপুনি কেতিয়াৰ পৰা আৰু কিদৰে জড়িত?

কুশল ডেকা:  সৰুতে দেউতাৰ চাকৰি সুত্ৰে অস্থায়ী ভাবে বাস কৰা চৰকাৰী নিগমৰ বাসভৱনৰ ঠিক সন্মুখৰ পথাৰ খনত অনুষ্ঠিত হোৱা ভ্ৰাম্যমান থিয়েটাৰ আৰু সেই সময়ত আমাৰ আৱাসস্থলীৰ পৰা নাতি দুৰৈত অবস্থিত চতিয়াৰ নিলীমা ভৱনত বিভিন্ন সময়ত চতিয়া নাট্য সমাজে আয়োজন কৰা নাট্য প্ৰযোজনাই মোৰ কনমানি বয়সৰ মনটোক থিয়েটাৰৰ মায়াময় পৰিবেশ আৰু ভাৱৰীয়াৰ সদায় দেখি থকা ৰূপটোক সলনি কৰি ৰহস্যজনক ভাবে নতুন ৰূপ প্ৰদানে ক’ব নোৱাৰাকৈ মোৰ মনোজগতত ক্ৰিয়া কৰি সেই ৰহস্যময় জগত খনৰ প্ৰতি তীব্ৰ আকৰ্ষন গঢ়ি উঠিছিল | মোৰ শিশু মনোজগতত ওখ ৰংগমঞ্চখন, মঞ্চটোক আঁৰ কৰি ৰখা আঁৰ কাপোৰখন (যিখন কাৰোবাৰ নিৰ্দেশত মোৰ অজানিতে মঞ্চখন খুলি দিয়ে বা ঢাকি ধৰে), মঞ্চটোত মোৰ দৃষ্টিৰ অলক্ষিতে আৰি থোৱা পোহৰৰ সামগ্ৰী সমুহে যেতিয়াই ইচ্চা পলকতে যিকোনো ৰং সমগ্ৰ মঞ্চতে বুলাই দিব পাৰে, এই আটাইবোৰে মোৰ মনত তেতিয়াই যাদুকৰি অনুভৱ কঢ়িয়াই আনিছিল | যিয়ে পিছলৈ অৰ্থাৎ ডেকা কালত সেই মঞ্চৰ ৰহস্যৰ উৎস বিচাৰি নাট্যক্ষেত্ৰখনত জড়িত হৈ পৰিবলৈ বাধ্য হৈছিলো

২/ নাটক কিয় ভাল পায়?

কুশল ডেকা:  নাটক কিয় ভাল পাওঁ… এইটোৱেই মোৰ বাবে সময়ে সময়ে সহজ আৰু সময়ে সময়ে জটিল ৰূপত নিজকে কৰা প্ৰশ্ন | নাটকৰ জড়িয়তে মই নিজকে নিজে চাব পাৰো৷ মোৰ সপোনবোৰ হাত বুলাব পাৰো | চৰিত্ৰৰ প্ৰতি ন্যায় প্ৰতিষ্ঠাৰ মাজেৰে যুক্তি, সত্য আৰু বাস্তৱৰ মুখা- মুখি হোৱাৰ সময়ত নিজকে পৰিশোধিত ৰূপত গঢ়াৰ সুযোগ হয়তো কোনো কলাতেই ইমান গভীৰ ভাবে নাথাকিব, যিটো নাটকত মই পাওঁ | সেয়ে ভাল পাওঁ |

৩/ ‘বৰ্ণম’ৰ বিষয়ে অলপ ক’বনে?

কুশল ডেকা:  নাটক কৰিবলৈ অবিৰাম হেঁপাহ জন্মাৰ সময়ত লগ হৈছিলোঁ বিশ্বনাথ চাৰিআলিৰ সেই সময়ত সজীৱ হৈ থকা বিভিন্ন নাট্যানুষ্ঠানৰ সৈতে | কিন্তু সেই অনুষ্ঠানৰ বহু সংখ্যকেই কেইদিনমান বা কেইমাহৰ বাবেহে জন্ম হৈছিল | এখন বা দুখন নাটকেই তেনেবোৰ অনুষ্ঠানৰ শেষ সীমা | কেৱল নাটককলৈ দীৰ্ঘম্যাদী আচনিৰ কথা ভাবি পেশাদাৰী মনোভাবেৰে নাট্যশিল্পৰ লগত নিজকে জড়িত কৰাৰ লগতে আন বহুতকে যাতে নাটকৰ জড়িয়তে তেওঁলোকৰ জীৱনটো উদযাপন কৰি পাৰে তাৰে লক্ষ্য আগত ৰাখি ২০০৫ চনৰ ২৫ আগষ্ট তাৰিখে বিশ্বনাথ চাৰিআলিত ‘বৰ্ণম’ নামেৰে কেৱল মাত্ৰ নাটকৰ অনুষ্ঠান গঢ় লৈ উঠিল | সেই দিনটোৰ আজি পৰা আজি পৰ্যন্ত বৰ্ণমে নিৰবিচ্ছিন্ন ভাবে নাটকৰ কামতে নিমজ্বিত হৈ আছে | বৰ্ণম’ প্ৰথম নাট্য অনুষ্ঠান আছিল কেশৱ মহন্তৰ কবিতা ‘সোনজিৰা মাহীৰ হাঁহি ৰ আধাৰত নাট্যৰূপ | মঞ্চ সজ্জা আছিল সম্পূৰ্ণ প্ৰাকৃতিক আৰু আলোকেৰে উদ্ভাসিত কৰিছিলে সূৰ্যদেৱতাই | ইয়াৰ পাছতে বৰ্ণমে সজাই গ’ল ইটোৰ পাছত সিটো কাৰ্যক্ৰমনিকা | ২৪টাকৈ শিশু নাট কৰ্মশালাৰ লগতে শিশু নাট প্ৰযোজনা | সদৌ অসম একাংক নাট প্ৰতিযোগিতাত অংশগ্ৰহন কৰি ‘অবাটৰ নাট’ৰ জড়িয়তে সকলো শিতানতে অসমৰ প্ৰায় বোৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয় | অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত আয়োজন কৰা ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় নাটসমাৰোহত বৰ্নম সগৌৰৱে আমন্ত্ৰিত হৈ ‘কাঠফুলা, সপোন বিভ্ৰান্তি আৰু কেচাঁইখাঁটি, ইপাৰ সিপাৰ দুয়োপাৰ, এটা গাধৰ মৃত্যুত, পুতলা ঘৰ, ঈশ্বৰ আৰু এজন চোৰ, চৰনদাস চোৰ, উলংগ ৰজা, অম্বিকা গাথা, অপৰাজিত আৰু শিশু নাট ‘বাদচাহৰ পাঠশালা’ আদি নাটক প্ৰদৰ্শিত হৈ ভুয়শী লাভ কৰিবলৈ সক্ষম হয় | ইয়াৰ উপৰিও বৰ্নমে একেৰাহে চাৰিবাৰ ৰাষ্ট্ৰীয় আৰু যোৱাবাৰ বাংলাদেশৰ নাট্য দলৰ অংশগ্ৰহনেৰে ‘বৰ্ণম মৃণালী শৰ্মা আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ’ নামাকৰনেৰে প্ৰতিবছৰে আয়োজন কৰা হয় |

৪/ কৰি অহা নাটক আৰু শৈলীসমূহৰ বিষয়ে অলপ কওঁকচোন?

কুশল ডেকা:  মই যেতিয়া নিজাববীয়াকৈ নিজ চিন্তাৰে নাটক কৰিবলৈ শিকিছিলো, নিজক নাটকৰ লগতে জড়িত কৰিম বুলি ভাবিছিলো, সেইসময়ৰ পৰা আগৰখিনি বাদ দিছো, সেই সময়ৰ পৰা তেতিয়াৰ পৰা নাটক কৰিবৰ বাবে মোৰ হাতত অদম্য ইচ্ছাশক্তিৰ বাদে অন্য সুবিধা নাছিল৷ অৰ্থকড়িয়ে হওক বা মোৰ বাকী  আনুষংগিক যিখিনি সুবিধা লাগে, এটা অনুষ্ঠান আৰু অৰ্থকড়ি এই দুটা মোৰ হাতত নাছিল৷ গতিকে সেইসময়তে নাটক কৰিবলৈ অদম্য ইচ্ছা থকাৰ কাৰণে বিকল্প পথ বাচি ল’বলৈ বাধ্য হ’লো৷ বিকল্প পথ বাচি ল’বলৈ গৈ মই এখন নাটক নিৰ্বাচন কৰিলো, যিখন নাটকত এই মই বাধা হিচাপে পাই অহা এই কথাকেইটা তাত কোনোধৰণৰ বাধা নিদিয়াকৈ থাকিব পাৰে সেইখন নাটকত৷ অৰ্থাৎ মোক সংশয়ত ৰখা কাৰক কেইটা বাধা নোহোৱাকৈ থাকি মই কৰিব পৰা নাটক এখনৰ সন্ধানত গৈ মই এখন নাটক পালো আৰু সেইখন নাটক ‘চন্দিত গদ্যত এপিয়লা মদ্য অথবা এটি পদ্য অথবা নৈবদ্য’ এই নাটকখনত কোনোধৰণৰ ছেট নিৰ্মাণৰ কথা নাছিল, মাত্ৰ দুটা চৰিত্ৰ আৰু যিকোনো সময়তে কৰিব পাৰি আৰু যিকোনো ঠাইতে কৰিব পাৰি৷ গতিকে সেই নাটকখনে কি কৰিলে মোক নতুন দুৱাৰ এখন খুলি দিলে যে নাটক আমি য’তে ত’তে, যেনেকৈ তেনেকৈ, যিকোনো পৰিবেশতে কৰিব পাৰোঁ, যদিহে আমি উপস্থাপনটো ভালকৈ কৰিব পাৰো৷ গতিকে মই কৰি অহা নাটকৰ শৈলী বুলি ক’লে প্ৰথম কথা ক’ব লাগিব শৈলী নাটকেহে সৃষ্টি কৰে, নাটকৰ অন্তৰ্ভাগেহে নাটকৰ শৈলীটো সৃষ্টি কৰে, যদি নাটকৰ অন্তৰ্ভাগে দাবী কৰে যে এইটো শৈলীত কৰিব লাগে বা  এই শৈলীত কৰিলেহে নাটকৰ ক’বলগীয়াখিনি দৰ্শকৰ ওচৰলৈ যাব পাৰে, তেতিয়াহ’লে তাৰ ওপৰত নিৰ্ভৰ কৰি সজোৱা হয়৷ অৰ্থাৎ প্ৰথম নাটকখন আছিল আমি দৰ্শকৰ ওচৰলৈ যোৱাৰ কাৰণে সুগম পথ যিকোনো জাগাতে কৰিব পাৰি৷ গতিকে তেনেকৈ কৰিলো৷ কিছুমান নাটক আছে যে প্ৰচেনিয়ামৰ যোগেদি কৰিলেহে ভাল লগাতো আহে৷ তেনেকুৱা বহুত নাটক আছে আৰু আমি কৰি আহিছো৷ কিছুমান নাটক আছে যে পোনপটীয়াকৈ বাস্তৱসন্মত নকৈ আমি অকণমান ষ্টাইলাইজ শৈলীৰে কৰিলেহে আমি সেই বক্তব্য দৰ্ডকৰ ওচৰলৈ নিব পাৰোঁ৷ তাৰোপৰি মোৰ আটাইতকৈ প্ৰিয় শৈলীটো হৈছে ব্ৰেখটৰ৷ মই বৰ ইণ্টৰেষ্টিং পাওঁ এই শৈলীটোৰ কাম কৰিবলৈ, কিন্তু মই উপযুক্ত নাটক পালেহে তেনেকুৱা শৈলীৰে কাম কৰিব বিচাৰো৷ অন্যথা যিকোনো পৰ্যায়তে, যিকোনো শৈলীতে মই আগ্ৰহী যিয়ে দৰ্শকৰ ওচৰলৈ নাটক এখন সুন্দৰকৈ লৈ যোৱাত সহায় কৰে৷

৫/ কেনেধৰণৰ নাটক কৰি আপুনি ভাল পায়? আপোনাৰ প্ৰিয় নাট্যকাৰ কোন?

কুশল ডেকা: আচলতে যিখন নাটকে প্ৰথমেই  মোৰ মনোজগতত আলোড়ন সৃষ্টি কৰিব লাগিব, মোৰ হৃদয় চুব লাগিব, মোৰ মনৰ জগতত কিছু দ্যোতনা তুলিব লাগিব, দোলনি দিব লাগিব মোক সেইখন নাটকেই মোৰ প্ৰিয়৷ তেতিয়াহে মই সেই নাটকখন কৰোঁ৷ যিকোনো নাটক এখন কৰিবলৈ দিলেই মই কৰিব নোৱাৰো কাৰণ কিয়, যিখন নাটক মই কৰিম সেইখন নাটক প্ৰথমতেই ছবিটোৱে মোক আলোড়ন তুলিব লাগিব সেইখন নাটকেই মই কৰোঁ আৰু সেইখন নাটকেই মোৰ প্ৰিয় নাটক হৈ পৰে৷ অৰ্থাৎ মই এতিয়ালৈকে কৰা সকলোবোৰ নাটকেই মোৰ প্ৰিয় বুলি ক’ব পাৰোঁ, কাৰণ কিয়, মই আচলতে বহুত বাচনি কৰিহে মোৰ ভাল লগা নাটকবোৰ মই কৰোঁ, আৰু দৰ্শকৰ ভাল লগাটো তাৰ পিছতহে আহে৷ সেয়ে মোৰ ভাল লগাটো হয়তো কিছুসংখ্যক দৰ্শকৰ কাৰণে ভাল লগা হৈ যায়৷

দ্বিতীয়তে আহোঁ মোৰ প্ৰিয় নাট্যকাৰৰৰ কথালৈ৷ মোৰ প্ৰিয় নাট্যকাৰ বহু আছে, তাৰ ভিতৰত মোহন ৰাকেশ মোৰ অতিকৈ প্ৰিয়৷ মোহন ৰাকেশৰ নাটক মই এতিয়ালৈকে কৰা নাই আৰু তেওঁৰ নাটক কৰিবলৈ মই আশাবাদী৷ সেয়ে সদ্যহতে প্ৰিয় নাট্যকাৰ মোহন ৰাকেশ, তাৰপাছত আৰু বহুতো আছে৷ তুলনামূলকভাৱে অসমৰ নাটকৰো আছে, ভাৰতৰ নাটকৰো আছে, বিশ্বৰ নাটকৰো আছে৷ এইসময়ত মনলৈ অহা নাট্যকাৰজনৰ নাম হৈছে মোহন ৰাকেশ৷ আষাৰ কা এক দিন, আধে অধুৰে,  লহৰো কে ৰাজহংস আদি বিশ্ববিখ্যাত নাটক তেওঁ সৃষ্টি কৰিছিল৷

৬/ আপুনি প্ৰতিবছৰে ‘বৰ্ণম’ৰ উদ্যোগত প্ৰতিবছৰে নাট মহোৎসৱ আয়োজন কৰি আহিছে, এইসম্পৰ্কে অলপ ক’বনে?

কুশল ডেকা:  আমি যেতিয়া বাহিৰলৈ নাট সমাৰোহলৈ নাটক কৰিবলৈ যাওঁ বা আমাক যেতিয়া বিভিন্ন ঠাইত নাট সমাৰোহৰ বাবে আমন্ত্ৰণ কৰে, তেতিয়া আমি দেখা পাওঁ যে নাট সমাৰোহত নিৰ্বাচিত নাটক সমূহ এখন আয়োজক সমিতিয়ে মাতি আনে স্থানীয় দৰ্শকসকলক সেই নাটকৰ সোৱাদ দিবলৈ৷ আৰু এই আয়োজনটোত প্ৰথম যেতিয়া আমি ভাগ ল’বলৈ গৈছিলো, বা মই নিজে উপভোগ কৰিছিলো, অসমৰ লগতে পশ্চিমবংগ বা দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নাট সমাৰোহত মই নিজে চাবলৈ যোৱা বা নিজে অংশগ্ৰহণ কৰিবলৈ যোৱা, দেখি এটা অনুভৱ হ’ল যে বিশ্বনাথ চাৰিয়ালিত কেৱল সূৰ্য্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ বাদে অন্য ভাল নাটক চোৱাৰ সুযোগ সততে নাহে বাহিৰৰ যিখিনি ভাল নাটক হয়৷ কাৰণ কোনোবাই আমন্ত্ৰণ কৰিলেহে অসমৰ আন ঠাইৰ নাটকসমূহ তেওঁলোকে আহি প্ৰদৰ্শন/ পৰিবেশন কৰিব৷ কিন্তু নিমন্ত্ৰণ কৰিব কোনে? সেই কথা চিন্তা কৰি আৰু লগতে আমাৰ নাট সমাৰোহ চোৱাৰ অভিজ্ঞতাৰে ‘বৰ্ণমে’ চিন্তা কৰিলো যে আমিও এখন নাট সমাৰোহ পাতিব পাৰোঁ৷ সেয়েহে ২০১৬ চনত আমি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাট সমাৰোহ আয়োজন কৰিছিলো য’ত দিল্লীৰ দুটা দলে অংশগ্ৰহণ কৰাৰ লগতে অসমৰ অন্যান্য দলেও অংশগ্ৰহণ কৰিছিল৷ তাৰপাছত  ২০১৭,২০১৮, ২০১৯ লৈ মুম্বাই, দিল্লী, ক’লকাতা, মধ্যপ্ৰদেশ আদি আৰু অসমৰ বিভিন্ন ঠাইৰ নাট্যদলে অংশগ্ৰহণৰে   বাৰ্ষিক ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত কৰি অহাৰ পাছত এইবাৰ ২০২০ ৰ জানুৱাৰীত এইবাৰ পঞ্চম বাৰ্ষিক হৈছে৷ শেহতীয়া এই সমাৰোহখনিত বাংলাদেশক আমন্ত্ৰণ কৰিলো আৰু বাংলাদেশৰ ‘মেঠোপঠ থিয়েটাৰ’ সমাৰোহলৈ আহিল যাৰ ফলত এই নাট সমাৰোহে ‘বৰ্ণম আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ’লৈ গতি কৰিলে৷ তাৰোপৰি আৰু এটা কথা যে, যোৱা দুবছৰ এই নাটসমাৰোহখনি ‘মৃণালী শৰ্মা নাট সমাৰোহ’ হিচাপে পৰিচিত হৈ আহিছে৷ গতিকে পাঁচবছৰীয়া এই নাট সমাৰোহৰ যাত্ৰাত আমি বৰ্তমানলৈকে গৈ আছো আৰু আগন্তুক দিনত আমি ইয়াতকৈ ভাল পদক্ষেপ লোৱাৰ আশা পুহি ৰাখিছো৷

৭/ নাটকৰ ক্ষেত্ৰখনত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

কুশল ডেকা:  আচলতে আগতে কোনো পৰিকল্পনা নাছিল৷ নাটকত  প্ৰথম অৱস্থাত পুৰস্কাৰ পাব লাগে বুলি বা মানুহে চিনি পাওঁক ভাবি নাটক এখন  কৰিছিলো৷  কিন্তু লাহে লাহে নাটকক যেতিয়া বুজি পাবলৈ ল’লো, নাটকে মোক কি দিছে সেয়া বুজিবলৈ ল’লো, তাৰপাছত ‘বৰ্ণম’ নিজে খুলি ল’লো বা এটা অনুষ্ঠান গঢ় দিলো আৰু সেই ‘বৰ্ণম’ৰ জৰিয়তে যেতিয়া সোমালো তেতিয়া পৰিকল্পনা বহুত আহিলে৷ মই বৰ্ণমত জড়িত হোৱাৰ পাছৰ পৰাই নাটকৰ ক্ষেত্ৰত ছিনিয়ৰ ফেল’শ্বিপ পালো৷ মোৰ তলত, মোৰ লগত কাম কৰা তপন গোস্বামীয়ে জুনিয়ৰ ফেল’শ্বিপ পালে নাটকৰ৷ ‘বৰ্ণম’ত জড়িত হোৱাৰ পাছত ‘বৰ্ণম’ৰ দুজনে ৰেফাৰটৰী গ্ৰাণ্ট পালে৷ এতিয়া মই ‘বৰ্ণম’ক লৈয়ে পৰিকল্পনা কৰো বহুতো৷ ‘বৰ্ণম’ৰ জৰিয়তে ভাবো যে এখন নাট্যমঞ্চ লগতে আমাৰ এক পূৰ্ণপৰিকল্পিত এখন নাট্যক্ষেত্ৰ তৈয়াৰ হওক এদিন আৰু তাৰ পৰিকল্পনাত লাগি আছো, সম্পূৰ্ণ নাটকৰ উপযোগী এখন মঞ্চ আমি তৈয়াৰ কৰিব আমি বিচাৰো৷ তাৰোপৰি মোৰ নিজৰ ঘৰৰ এটুকুৰা ঠাই মই আচুতীয়াকৈ নিৰ্বাচন কৰি লৈছো, য’ত ষ্টুডিঅ’ থিয়েটাৰ হিচাপে নিৰ্মাণ কৰি যাতে মই একেবাৰে অলৰ অচৰ হৈ পৰা অৱস্থাতো যাতে সেই মঞ্চখনত জড়িত হৈ থাকিব পাৰো৷ এয়ে মোৰ নাটকক লৈ ভৱিষ্যত পৰিকল্পনা৷

৮/ সমাজত নাটকৰ প্ৰভাৱ  আৰু  অৱদানৰ বিষয়ে চমুকৈ কি ক’ব বিচাৰিব?

কুশল ডেকা:  আচলতে এইটো ভাবি পেলাই কোনেও আচলতে নাটক নকৰে৷ নাটক যিসকলে উপভোগ কৰে, তেওঁলোকৰ মনতহে আচলতে এই প্ৰশ্নটো উদয় হয়, যে নাটকে সমাজত কি প্ৰভাৱ পেলাব পাৰে বা কি অৱদান আগবঢ়াব পাৰে৷ কিন্তু নাটক হ’ল জীৱনৰ ছবি, যদি জীৱন আৰু সমাজৰ কথাই প্ৰতিফলিত নহয়, তেতিয়াহ’লে নাটক কৰাৰ অৰ্থ নাথাকে৷ সেয়ে নিশ্চিতভাৱেই সেই কথাখিনি যিহেতু সমাজৰ পৰাই লোৱা সেয়ে নাটকত সমাজৰ প্ৰভাৱ থাকিব আৰু নাটকৰ সমাজলৈ অৱদানো থাকিব৷ গতিকে আমি কিদৰে তাৰদ্বাৰা প্ৰভাৱাম্বিত হৈছো তাৰ ওপৰতে কথাখিনি নিৰ্ভৰ কৰে আৰু এই কথাখিনি আপেক্ষিক কথা আৰু ময়ো আচলতে সমাজক অৱদান দিছো নে নাই ভাবি আচলতে নাটক নকৰো৷ প্ৰকৃততে প্ৰায় প্ৰত্যেকেই সেই সমাজখনক ভাল পাই কাৰণেহে নাটক কৰে, ময়ো কৰো৷ কেৱল নাটকেই নহয়, সকলো শিল্পতে সামাজিক অৱদান নিশ্চয় আছে, সেয়া পৰোক্ষই হওক বা প্ৰত্যক্ষই হওক৷ যাৰ বাবে সমাজখনক ভাল পাবলৈ শিকে বাবেই তেওঁ শিল্পৰ লগত জড়িত হয়৷

৯/নাটকৰ ক্ষেত্ৰখনত struggle and future ক লৈ কি ক’ব?

কুশল ডেকা: ৯/ নাটকৰ ক্ষেত্ৰখনত ভৱিষ্যতক লৈ প্ৰত্যাহ্বান বা struggle, এইক্ষেত্ৰত মই কওঁ যে, এই প্ৰত্যাহ্বান অবিহনে কোনো মানুহৰ মনলৈ সৃষ্টিশীলতা নাহে৷ মোৰ প্ৰথম ধাৰণাই সেইটো৷ এটা জীৱন যদি পোনপটীয়া হৈ গৈ থাকে, সেই জীৱনটোৰ কোনো উদ্দেশ্যই নাথাকে৷ ঠিক একেদৰে নাটক কৰা মানুহখিনিৰ বাবে অতি সহজতেই যদি নাটক এখন হ’লহেতেন সেইখন কেতিয়াও সফল নাটক নহয়, বা মানুহে গ্ৰহণ কৰা নাটক এখনো কেতিয়াও হ’বই নোৱাৰে৷ আমি যেতিয়া এখন  ভাল নাটক উপহাৰ দিবলৈ চেষ্টা কৰিম আমাৰ তেতিয়াহে এখন ভাল নাটক হ’ব যেতিয়া আমি struggle পাম৷ যেতিয়া জীৱনক, সমাজখনক আৰু নিজক বুজি পাম সেই প্ৰত্যাহ্বানৰ জৰিয়তেহে আমি গম পাম৷ সেই প্ৰত্যাহ্বানৰ ছবিবোৰ নাটকত প্ৰয়োগ কৰিলেহে আছল ছবিখন ফুটি উঠিব আৰু মানুহে বুজি পাবলগা কথাখিনি তাত ওলাই পৰিব৷ যদি ষ্ট্ৰাগল নাথাকে সেই কথাখিনি আমি চুবই নোৱাৰিম তাৰ মাজলৈয়ে যাব নোৱাৰিম৷ গতিকে ষ্ট্ৰাগল থকাটো স্বাভাৱিক৷  এই ষ্ট্ৰাগল আৰ্থিক ক্ষেত্ৰত হওক, organising ক্ষেত্ৰত হওক, পাণ্ডুলিপি পৰ্যায়ৰ হওক এনে বিভিন্ন পৰ্যায়ৰ থাকিব পাৰে, কিন্তু কি কৰে! এটা প্ৰত্যাহ্বানে আন এটা পথৰ সন্ধান দিয়ে৷ সেয়ে যিহেতু আন এটা পথৰ সন্ধান দিয়ে, সেয়ে ধৈৰ্য্য ধৰি আমি সেই প্ৰত্যাহ্বানক গ্ৰহণ কৰিব লাগিব৷ প্ৰথমাৱস্থাত মই যেতিয়া নাটক কৰিছিলোঁ, তেতিয়া মোৰ ভাল স্ক্ৰিপ্ট নাছিল, পোৱা নাছিলো৷ যেতিয়া মই নাটক কৰোতে পৰিচালক পোৱা নাছিলো, বা অভাৱ হৈছিল, তেতিয়া মই কি কৰিলো মই নিজেই নিজে পৰিচালক হ’বলৈ চেষ্টা কৰিলো আৰু আজি মই যি দুই- চাৰিখন নাটক পৰিচালনা কৰাৰ অন্তৰালত সেই প্ৰত্যাহ্বানসমূহেই সহায়হে কৰি মোক শিকিবলৈ পথ দেখুৱালে৷ এটা সময়ত অভিনেতা হিচাপে আমাক কোনেও নাভাবিছিল আৰু নলৈছিল আৰু নোলোৱাতো স্বাভাৱিকো আছিল৷ সেয়া আমাৰ বাবে struggle আছিল, আৰু সেয়াই আমাক কি কৰিলে যে নিজকে মই অভিনয় আৰু নাটকৰ বাবে গঢ়ি তুলিবলৈ চেষ্টা কৰিলো, আৰু অনেকৰ ক্ষেত্ৰতে এনে হয়৷ আমাৰ কোনো সুসংগঠিত সংস্থা নাছিল, প্ৰত্যেকেই এখন বা দুখন বা তিনিখন অথবা এমাহ বা দুমাহ বা এবছৰ নাটক কৰি এটা অনুষ্ঠান সামৰি দিয়ে৷ ভাল লগা নাটক এখন কৰিবলৈ নাপাওঁ, অনুষ্ঠান নাথাকে৷ তাৰ ফলতেই বা সেই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বাবেই ‘বৰ্ণম’ খুলি ল’লো;  ইয়ো বা কিমান দিন থাকে নাজানো, কিন্তু ভগৱানে নকৰক, এতিয়ালৈকেতো পোন্ধৰ বছৰ অতিক্ৰম কৰিলে৷ গতিকে এটা এটা struggle য়ে আমাক জীয়াই থাকিবলৈ শিকাই আৰু আমাৰ কলাটোক আৰু আমাৰ  সৃষ্টিশীলতাক জীয়াই ৰাখিবলৈ শিকায়৷ আৰু এই ষ্ট্ৰাগলেই ভৱিষ্যতটোৰ আচলতে একধৰণে সৃষ্টি কৰে৷ মই ক’ব খোজো যে, পৃথিৱীৰ প্ৰত্যেকখন দেশতে  নাটক কৰা মানুহৰ কাৰণে  struggle অনিবাৰ্য্য, সি উন্নত দেশেই হওক বা অনুন্নত দেশেই হওক৷ কলা এনে এক মাধ্যম য’ত struggle থাকিব লাগিব, প্ৰতিষ্ঠিত এটা পৰ্যায় পাবলৈ সেয়া লাগিবই, কাৰণ এই ষ্ট্ৰাগল নোহোৱাকৈ এদিনতে সেই পৰ্যায় পোৱাতো প্ৰায় সম্ভৱ নহয় আৰু কিবাকৈ যদি পায়ো সেয়া আকস্মিক উত্থানৰ দৰেই খহিও পৰাৰ সম্ভাৱনা থাকিব৷

১০/ নাট্য- উদ্যোগলৈ শেহতীয়াকৈ আহি পৰা ক’ৰণাৰ প্ৰভাৱ আৰু  প্ৰত্যাহ্বানৰ বিষয়ত আপোনাৰ ক’বলগা?

কুশল ডেকা: শেহতীয়াকৈ আহি পৰা কৰ’ণাৰ প্ৰভাৱ নাট্যক্ষেত্ৰত নিশ্চিতভাৱেই পৰিছে৷ কাৰণ নাটকৰ দলসমূহে যিকোনো প্ৰত্যাহ্বান নেওচি যিদৰেই নহওক অবিৰাম গতিত নাটক কৰি আহিছিল যিকোনো ঠাইতে সমান্তৰালভাৱে৷ কিন্তু এনে সময়তে কৰ’ণাই কি কৰিলে গোটেই বিশ্বজুৰি এই গোটেই গতিধাৰাটোকে স্তব্ধ কৰি পেলালে৷ যাৰ ফলত নাটক নোহোৱা হ’ল৷ প্ৰথম criteria টোৱই আহি গ’ল সামাজিক দূৰত্ব৷ যিহেতু আমি এইসময়ত সামাজিক দূৰত্ব মানি থাকিব লাগিব, গতিকেতো এইসময়ত নাটক চোৱাৰ ক্ষেত্ৰত সেইটো অসম্ভৱ কথা হৈ পৰিব বা কৰ্মশালা এখন আয়োজন কৰাৰ ক্ষেত্ৰতো একেটা কথাই আহি পৰিব৷ সেয়ে নাটকতো আৰু কেমেৰাত চোৱা বস্তু নহয়, কেমেৰাত চাব পাৰে, এটা আভাসহে ল’ব পাৰে, কিন্তু নাটকখন সদায় মঞ্চতহে চোৱা বস্তু৷ গতিকে যিহেতু মানুহ/ দৰ্শক উপস্থিত নাথাকিব, সেয়ে নাটক কৰাৰ বাবে বৰ্তমান পৰিস্থিতি উপযোগী নহয়, আৰু সেয়া এটা ডাঙৰ প্ৰত্যাহ্বান৷ কিন্তু মই আগতেই কোৱাৰ দৰে এই প্ৰত্যাহ্বানে হয়তো কিছুমান দুৱাৰ খোল খুৱাইছে৷ হয়, নাট্যকৰ্মীসকল সঁচাই যুঁজাৰু হয়, বহি থকা নাই৷ আৰু ইয়াকে লৈ নাটক কৰিব পৰা নাই, কিন্তু বহু নাট্যকৰ্মীয়ে এই সময়চোৱাত অনেক কেমেৰাৰ কাম কৰিছে৷ কেমেৰাৰ কাম কৰাটো এটা ইতিবাচক বা যোগাত্মক দিশ৷ ভাল কৰক বা বেয়া কৰক সেইটো বেলেগ কথা, মুঠতে কেমেৰাৰ কাম কৰিছে আৰু সেই প্ৰত্যাহ্বানক নেওচি অন্য এটা কাম লৈছে৷ কিন্তু এনেকৈতো সদায় নাথাকে,কোনোবা এদিনতো  কৰ’ণাৰ শেষ হ’ব আৰু আকৌ নাটকৰ জয়জয় ময়ময় হ’ব৷ সেই লৈ মই আশাবাদী৷

১১/ নাটকৰ প্ৰতি আগ্ৰহী, নবীনসকল আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আপুনি কি বাৰ্তা দিব বিচাৰিব?

কুশল ডেকা:  নৱ প্ৰজন্ম নাটকৰ সৈতে যিকোনো সময়তে জড়িত হ’ব পাৰে, অৰ্থাৎ যেতিয়াই তেওঁলোকৰ মনৰ তাগিদা আহে তেওঁলোক নিজৰ অজ্ঞাতেই এই কলাৰ লগত নিজক সংপৃক্ত কৰি দিয়ে | কিন্তু কথা হ’ল ইয়াৰ ধাৰাবাহিকতা বজাই ৰখা আৰু ইয়াৰ জৰিয়তে নিজৰ পৰিচয় জিলিকাবলৈ হ’লে লাগিব নাটকৰ লগত জড়িত সকলো বিষয়ৰ ওপৰত বিস্তৰ অধ্যয়ন, শুদ্ধ অনুশীলন, আৰু ইয়াৰ পেশাদাৰী প্ৰয়োগ | এইখিনি কৰিব লাগিলে নাট্যকৰ্মীজনৰ থাকিব লাগিব নিষ্ঠা, অসীম ধৈৰ্য, আৰু সস্তীয়া জনপ্ৰিয়তাৰ পৰা নিজক বহু আঁতৰত ৰখাৰ মানসিকতা৷ নাটকৰ লগত কাকো জড়িত কৰাব নোৱাৰি | ই নিজে নিজক জড়িত কৰা কলাহে | নাটক ভাল পোৱা আৰু ভালকৈ কৰা দুটা সম্পূৰ্ণ পৃথক বস্তু | প্ৰথমে নিজক বুজি ল’ব লাগে, তাৰে পাছতহে সিদ্ধান্ত ল’ব লাগে | তাৰ পাছত আহিব পেশাদাৰী অধ্যয়ন আৰু অনুশীলন৷

ধন্যবাদ আপোনালৈ৷ আশা কৰোঁ নাটকক লৈ আপোনাৰ প্ৰচেষ্টা আৰু আগুৱাই যাওঁক, ‘বৰ্ণম’ৰ এই যাত্ৰা আৰু অধিক বৰ্ণময় হওক, আপোনাৰ পৰিকল্পনা সমূহ সফলকাম হওক৷


কুশল ডেকা: ধন্যবাদ৷

☆ ★ ☆ ★ ☆

One comment

  • Mukut bhattacharjya

    নাটকৰ উপৰিও কুশলদাই বৰ ধুনীয়া ধুলুকী বজাই।

    Reply

Leave a Reply

Your email address will not be published.