ফটাঢোল

শিল্পীৰ পৃথিবীত নৰোত্তম বৰা-দিক্ষীতা বৰা

“বাৰীৰে চুকৰে জাতিবাঁহ এজুপি 

সিও মোৰ সহোদৰ ভাই…”

হেঁ‌পাহৰ বিহুটিত বজোৱা টকাটিৰ পৰা খৰাহিটোলৈকে, জুৰ বা দিয়া বিচনীখনৰপৰা ঢেঁকীটোলৈকে, ঘৰতে সাজি লোৱা কাঠ বাঁহৰ এই সামগ্ৰীসমূহ দৈনন্দিন জীৱন ধাৰণত তথা উৎসৱৰ বিশেষ আয়োজনত সকলোতে অতি প্ৰয়োজনীয় তথা উল্লেখযোগ্য। আৰু সেয়েহে বাঁহ কাঠৰ বাৰীখন যেন অসমীয়া ঘৰ এখনৰ অবিচ্ছেদ্য অংগ। কিন্তু কিছুসংখ্যক এনে ব‍্যক্তি থাকে যিয়ে এই সামগ্ৰীসমূহ কেৱল প্ৰয়োজনৰ বাবে ব‍্যৱহাৰ নকৰি এই থলুৱা সামগ্ৰীসমূহকেই নিজৰ কলাত্মক মনটোৰ বহিঃপ্ৰকাশৰ আহিলা হিচাপেও বাছি লয়। যাৰ মনৰ সৌন্দৰ্যই সৃষ্টিশীল হাতৰ পৰশত সাধাৰণ বাঁহ বা কাঠ এটুকুৰাকো দিব পাৰে এক নতুন ৰূপ।

 

থলুৱা সামগ্ৰীৰ মাধ‍্যমেৰে সৌন্দৰ্যৰ প্ৰকাশ ঘটোৱা তেনে এজন ব‍্যক্তি হৈছে নগাঁও জিলাৰ পুৰণিগুদাম নিৱাসী শ্ৰী নৰোত্তম বৰা। শ্ৰী বৰাই সৰুৰে পৰাই স্বতন্ত্ৰতা সংগ্ৰামী দেউতাক আৰু বৰদেউতাকৰ পৰা কাঠ, বাঁহ আদিৰে দৈনন্দিন ব‍্যৱহাৰ্য নানা সামগ্ৰী সাজিবলৈ শিকিছিল। কালক্ৰমত তেওঁ নিজাববীয়াকৈ চিন্তা চৰ্চা কৰি, নিজৰ ধাৰণাৰেও নানা সামগ্ৰী নিৰ্মাণ কৰে। ১৯৭৬ চনৰ পৰাই তেখেতে বাৰীৰে কাঠ, বাঁহ আদিৰ সহায়ত নানান ধৰণৰ সামগ্ৰী সাজিবলৈ আৰম্ভ কৰিছিল। তেখেতে গাঁৱৰ ভাওনাৰ বাবে কাঠৰ এডাল ত্ৰিশূল আৰু ধনু এখন সাজি উলিয়াইছিল। নিজৰ গাঁৱৰ লগতে ওচৰৰ গাঁৱৰ ভাৱৰীয়াৰ মাজতো সেইসমূহ সামগ্ৰীৰ সমাদৰ আছিল। কোনো ব‍্যক্তিয়ে ত্ৰিশূলডাল নি ঘূৰাই নিদিয়া আৰু সঠিক ৰক্ষণাবেক্ষণৰ অভাৱত সেইডাল পিছত ধ্বংসপ্ৰাপ্ত হয়। এখন নেলীয়া কটাৰী আৰু পেটেন গজাল চেপেটা কৰি নিজেই সাজি লোৱা সৰু বটালিটোৰ সহায়ত সাজি উলিওৱা পোঁজা কাঠৰ ধনুখন এতিয়াও অক্ষত অৱস্থাত আছে আৰু নতুন চাম ভাৱৰীয়াৰ মাজত তাৰ সমাদৰো একেই আছে। নিজৰ কৰ্মজীৱনত লগপোৱা কেইবাজনো ব‍্যক্তি আৰু আত্মীয় লোককো শ্ৰী বৰাই নিজ হাতে সজা বস্তু যেনে, কাঠত ফুল কটা টেবুল, মুকুট, বঁটা আদি উপহাৰ দিছে।

 

৮০ দশকৰ কথা, শ্ৰী বৰাৰ কুঁৱৰীটোলৰ এজন সতীৰ্থই এটা নাট্য দলৰ লগত নিজৰ গাঁৱৰ নামঘৰত এখন ভাওনাত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰাৰ কথা তেখেতক জনাইছিল। বন্ধুৰ অভিনয়ত উৎসাহ যোগাবলৈ শ্ৰী বৰাই তেতিয়া কৃষ্ণৰ মুকুট আৰু চক্ৰটো তেখেতক বনাই দিয়াৰ কথা কয়। কেৱল বাঁহৰ ভিন ভিন জোখৰ কামিৰে বৈ, বালিচন্দা আদিৰে সজাই দিয়া মুকুট আৰু কাঠৰ সুদৰ্শন চক্ৰটোৱে উক্ত বন্ধুজনৰ লগতে তেখেতৰ সতীৰ্থ ভাৱৰীয়াসকলকো আপ্লুত কৰিছিল। সামগ্ৰী দুপদ দেখি ভাওনা অনুষ্ঠিতকাৰী দলটোৱে তেওঁলোকৰ ভাৰালৈ অনা সামগ্ৰীসমূহৰ পৰিৱৰ্তে স্থায়ীভাৱে সাজ-সজ্জাৰ বস্তু সমূহ নিৰ্মাণৰ দায়িত্ব বৰাদেৱক দিবলৈ বিচাৰিছিল। কিন্তু তেখেতে  ব‍্যৱসায়িকভাৱে এই কাম কৰিবলৈ অমান্তি হয় আৰু কয় যে কেৱল বন্ধুৰ প্ৰতি উপহাৰ হিচাপেহে তেখেতে সামগ্ৰী দুপদ সাজি দিছিল। নিজৰ কলাত্মক মনটোৰ ব‍্যৱসায় কৰিবলৈ অনিচ্ছুক শ্ৰী বৰাই সেয়েহে  নিজৰ নিৰ্মিত সামগ্ৰীসমূহ বিক্ৰী নকৰে, ঘৰতে ৰাখে অথবা আত্মীয় স্বজনক উপহাৰ স্বৰূপেও দিয়ে।

 

সুদীৰ্ঘ কৰ্মজীৱনত বেংকৰ চাকৰিয়াল হিচাপে এই ধৰণৰ কামত অধিক সময় দিবলৈ তেখেত অপাৰগ আছিল। কিন্তু ২০১৬ চনত অৱসৰ গ্ৰহণ কৰাৰে পৰা তেখেতে একাণপটীয়াকৈ পুনৰ শিল্প চৰ্চাৰ কামত নিমগ্ন হয়। কটাৰী, বটালি, হাতুৰী, কৰত আদিৰ লগত ব‍্যস্ত হৈ থকাটো তেখেতৰ দৈনন্দিন কৰ্মসূচীৰ এটা অংশ। প্ৰতিদিনেই পুৱা গধূলি কিছু সময় তেওঁ এই কামত দিয়ে। প্ৰয়োজন অনুসৰি তেখেতে ডলা, কুলা, চালনী, খৰাহি, বিচনী আদি সাজি উলিওৱাৰ উপৰিও অৱসৰ সময় কটাবৰ বাবেও এনেধৰণৰ কামতেই ব‍্যস্ত হৈ থাকে। নতুন চাম শিশু যিয়ে চহা অসমীয়া জনজীৱনৰ অনেক সামগ্ৰীৰ সৈতে পৰিচিত নহয়, তেনে শিশু-কিশোৰসকলকো নিজৰ অতীতৰ সৈতে চিনাকি কৰি দিব পৰাকৈ উঘা, পল, খালৈ, মৈ আদি সাজি তেখেতে ঘৰতে ৰাখিছে। গাঁৱৰ ৰাজহুৱা অনুষ্ঠানসমূহত সহায়ক হোৱাকৈ কিছুমান সামগ্ৰীও তেখেতে সময়ে সময়ে সাজি দিয়ে; সেইসমূহ মূলতঃ ভোৰতাল থ’ব পৰা যতন, চাকিৰ বাবে গছা, অখণ্ড পাঠ অনুষ্ঠান আদিত বন্তি আৰু ধূপ দিব পৰা বিশেষ গছা ইত্যাদি। এইসমূহৰ উপৰিও হাতেৰে কাটি সাজি উলিওৱা ফুলদানী, ফুল, ফুলকটা টেবুল, শৰাই, বঁটা, ধনু – কাঁড় – তূণ, গদা, যাঠি, পৰশুৰামৰ কুঠাৰ, খাণ্ডা, ত্ৰিশূল, সুদৰ্শন চক্ৰ, বাঁহৰ কাঠিৰে বৈ উলিওৱা ভিন্ন ধৰণৰ বাস্কেট আদি তেখেতে সাজে। (ফটোত ইয়াৰে কিছুমান সামগ্ৰী নিৰ্মীয়মাণ অৱস্থাত দেখা গৈছে।)

 

পৰিচিতি নিবিচাৰি কেৱল আত্মসন্তুষ্টিৰ বাবে কাম কৰা, সাধাৰণৰ মাজতেই সৌন্দৰ্য ফুটাই তুলিবৰ অহৰহ চেষ্টাত ব্ৰতী এইজন ব‍্যক্তিৰ বাবে পৰমেশ্বৰ সহায় হওঁক, তেখেতৰ কলাত্মক মনটো চিৰসেউজ হৈ ৰওক, এয়ে আমাৰ আশা আৰু প্ৰাৰ্থনা।

 

☆ ★ ☆ ★ ☆

7 Comments

  • abhijit goswami

    ভাল লাগিল গম পাই তেখেতৰ বিষয়ে

    Reply
  • বৰ্ণালী মূদৈ

    মজ্জা👌

    Reply
  • আদিত্য

    তেখেতৰ বিষয়ে জানিবলৈ পায় ভাল লাগিল ।

    Reply
    • মমিন বৰা

      বৰাদেউ,আপোনাৰ হস্ত নিৰ্মিত সৃষ্টি ৰাজিৰ বীষয়ে জানিব পাৰি বৰ আপ্লুত হলো । আপোনি ধন্যবাদ ৰ পাত্ৰ । আজৰি সময় কন অবাৱত নকটায় কিবা এটাত ব্যস্ত থকা বাবে শৰীৰ টো যে নিশ্চিত ভাবে বেমাৰ ব্যাধিৰ পৰা বহু পৰিমানে বাছি থাকিব সেয়া ঠিক
      । আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।

      Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • সুকুমাৰ গোস্বামী

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.