ফটাঢোল

শিল্পীৰ পৃথিৱীত জয় দাস, যাৰ পৰশত মৃত শিল জীৱন্ত হয় : দেৱজিত শইকীয়া, বিস্মিতা শইকীয়া

এটুকুৰা শিলত যেতিয়া এজন শিল্পীৰ হাতুৰীৰ কোব পৰে শিলে ঈশ্বৰৰ অৱয়ব লয়৷ বগা কাগজো শিল্পীৰ হাতৰ পৰশত জীৱন্ত কেনভাচ হয়৷ পাহাৰ খান্দি উলিওৱা শুভ্ৰ মাৰ্বলো ইমান সুন্দৰ নহয়, যিমান সুন্দৰ শিল্পীৰ হাতত তাজমহলে ৰূপ লয়৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখিছিল, “শিল্পী মই তিনিও কালৰ, অতীতৰ বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ৷” শিল্পীৰ হাততে প্ৰাণ পাই উঠে সৌন্দৰ্য্যৰ, ইতিহাসৰ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক যুগজয়ী ভাস্কৰ্য্যই৷

সৌন্দৰ্য্যৰ নগৰী তেজপুৰ৷ বুঢ়া লুইতৰ পাৰৰ বানাসুৰে গঢ়া অগ্নিগড়ৰৰ মনোৰম পৰিবেশৰ মাজত প্ৰাক্‌ ঐতিহাসিক যুগৰ সাক্ষ্য বহন কৰি তেজপুৰে পৰ্য্যটকক সদায় আকৰ্ষিত কৰি আহিছে৷ মনোৰম প্ৰাকৃতিক পৰিবেশেৰে সমৃদ্ধ তেজপুৰ নগৰীৰ সৌন্দৰ্য্যত সোণত সুৱগা চৰাইছে অগ্নিগড়, গণেশঘাট, চিত্ৰলেখা উদ্যান কিম্বা মহাভৈৰৱ দেৱালয়ৰ কিছু হাতে গঢ়া ভাস্কৰ্যই৷

আপোনাৰ বাৰু জানিবলৈ মন নাযায় নে কোন খনিকৰৰ হাতৰ পৰশত মৃত শিলে জীৱন্ত ৰূপ লৈ এই সৌন্দৰ্যক সুষমা কৰি তুলিছে?

আহক আজি আমি তেজপুৰ তথা অসমৰ গৌৰৱ সেই ভাস্কৰ্যশিল্পী, নাট্যকাৰ তথা গীতিকাৰ শিল্পীজনৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ, যিজনে তেওঁৰ হাতৰ যাদু পৰশত সৃষ্টি কৰিছে অগ্নিগড়ৰ সেই ঊষা চিত্ৰলেখাৰ মূৰ্ত্তি, বানৰজাৰ নাগপাশত আবদ্ধ অনিৰূদ্ধৰ মূৰ্ত্তি, চিত্ৰলেখাৰ অনিৰুদ্ধ হৰণ অথবা ঊষা অনিৰুদ্ধৰ গন্ধৰ্ববিবাহৰ মূৰ্ত্তি, হৰিহৰৰ যুদ্ধক অথবা বহুফুট উচ্চ মহাদেৱৰ মূৰ্ত্তিক৷ নিজ হাতে নিৰ্মাণ কৰিছে ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰৰ নৱনিৰ্মিত তোৰণ,  তেজপুৰ নেহেৰু ময়দানৰ কাষৰ বিষালকায় বীৰ লাচিতৰ প্ৰতিমূৰ্ত্তি,গণেশঘাটৰ সেই বৃহৎকায় হনুমানৰ মূৰ্ত্তি সম্বলিত তোৰণ৷ মিছন চাৰিআলিৰ ট্ৰেফিক পইণ্টৰ সেই ভাস্কৰ্য্য অথবা পৰুৱা চাৰিআলিৰ দ-পৰ্ব্বতীয়া শিলৰ গেটৰ আৰ্হি অথবা বাইহাতা চাৰিআলিৰ মদনকামদেৱৰ তোৰণ৷ গুৱাহাটীৰ নেহৰু পাৰ্ক অথবা ভৰলুমুখৰ শংকৰ উদ্যানৰ গেটখনৰ সেই ভাস্কৰ্য্য৷ যাৰ হাতৰ পৰশত সৃষ্টি হোৱা দৃষ্টিনন্দন জীৱন্ত ভাস্কৰ্যই পৰ্য্যটকক আকৰ্ষিত কৰাৰ উপৰিও তেজপুৰ চহৰখনক এক সুকীয়া চিনাকি প্ৰদান কৰিছে৷ তেওঁ হ’ল তেজপুৰ চহৰৰ কলিবাৰী নিবাসী ভাস্কৰ্য্য শিল্পী সন্মানীয় জয় দাস৷

১৯৫৩ চনৰ দুৰ্গাপূজাৰ নৱমীৰ দিনা জন্মলাভ কৰা শ্ৰীযুত জয় দাসৰ পিতৃৰ নাম স্বৰ্গীয় কোমল চন্দ্ৰ দাস আৰু মাতৃৰ নাম কণমাই দাস৷ চাৰিগৰাকী ভাই-ভনীৰ মাজত জয় দাস দ্বিতীয় সন্তান৷ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে তেওঁ ভাস্কৰ্য্য শিল্পৰ প্ৰতি আকৃষ্ট হয় তথা সেই সময়ৰ তেজপুৰৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী স্বৰ্গীয় লম্বোদৰ হাজৰিকাদেৱক গুৰু মানি তেখেতে মাটিৰ মূৰ্ত্তি সজা কাম শিকিবলৈ লয়৷ সেয়া ১৯৬১ চনৰ কথা৷ তেখেতৰ গুৰু স্বৰ্গীয় লম্বোদৰ হাজৰিকাই প্ৰথমতে শিশু জয় দাসক দুৰ্গা মূৰ্ত্তিৰ আঙুলি পকাবলৈ শিকাইছিল৷ ১৯৬৯ চনত পোন প্ৰথম বাৰৰ বাবে নিজাকৈ মূৰ্ত্তি সাজিবলৈ লয়৷ তেতিয়া তেওঁ নৱমমান শ্ৰেণীৰ ছাত্ৰ আছিল৷ প্ৰথমে সৰস্বতীৰ প্ৰতিমা আৰু একেবছৰতেই দেৱী দুৰ্গাৰ প্ৰতিমা সাজি উলিয়াই, যাক বিদ্যালয়ৰ শিক্ষক তথা তেজপুৰৰ ৰাইজে ভূয়সী প্ৰসংশা কৰিছিল৷ সেয়াই আছিল আৰম্ভণি৷ পিচে তেওঁৰ পিতাকে শিল্পকলাৰ প্ৰতি তেওঁ আগ্ৰহী হোৱাটো ভাল পোৱা নাছিল৷ তাৰ কাৰণটো আছিল যে সেই সময়ত জয় দাসৰ পিতৃয়ে নটসূৰ্য্য ফণী শৰ্মাদেৱৰ ঘৰত আধি খেতি কৰিছিল৷ স্বৰ্গীয় ফণী শৰ্মাদেৱৰ শিল্পী হিচাপে দেখা আৰ্থিক দৈন্যতাৰ কথা চিন্তা কৰি পুতেক শিল্পী হোৱাটো মুঠেও বিচৰা নাছিল৷ পিচে শিল্পকলাৰ প্ৰতি আগ্ৰহী জয় দাসে তেখেতৰ গুৰু লম্বোদৰ হাজৰিকাদেৱৰ লগত সহকাৰী হিচাপে কাম কৰিবলৈ লয়৷ তেজপুৰ চহৰৰ ত্ৰিবেণীহলৰ স্বৰ্গীয় লম্বোদৰ হাজৰিকাদেৱে সাজি উলিওৱা বিহুৱা নাচনীৰ যি মূৰ্ত্তিয়ে আজিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আছে তাতো জয় দাসে সহযোগী হিচাপে কাম কৰিছিল৷ সেই সময়ত জয় দাসে ৭০ টকা হাজিৰা লাভ কৰিছিল৷ কিন্তু পিছলৈ তেওঁ নিজাববিয়াকৈ ভাস্কৰ্য্য শিল্পকৰ্মত মনোনিবেশ কৰে৷

তেজপুৰ অগ্নিগড়ৰ ঊষা চিত্ৰলেখা মূৰ্ত্তি বনোৱাৰ ক্ষেত্ৰত যিহেতু ঊষা, চিত্ৰলেখা, অনিৰুদ্ধ বা বাণ ৰজা আদি চৰিত্ৰৰ কোনো চিত্ৰ নাছিল সেয়ে সেই ৰূপ তেওঁ অধ্যয়ন কৰি নিজৰ মনেৰে কল্পনা কৰি সৃষ্টি কৰিছিল৷ ঊষা চিত্ৰলেখা আদিৰ মূৰ্ত্তিত তেওঁ জনগোষ্ঠীয় ৰূপ দিয়াৰ লগতে চিত্ৰলেখাৰ মুখত সুখ আৰু দুখৰ এক প্ৰতিচ্ছবি ফুটাই তুলিবলৈ চেষ্টা কৰিছিল৷ তাৰ কাৰণ আছিল যে যেতিয়া চিত্ৰলেখাই কুমাৰক হৰণ কৰিবলৈ গৈছিল চিত্ৰলেখাৰ ৰূপলাৱণ্য দেখি শ্ৰীকৃষ্ণৰ নাতি অনিৰূদ্ধই তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিল৷ পিচে প্ৰিয় সখী ঊষাৰ প্ৰেমিক অনিৰুদ্ধৰ সেই প্ৰস্তাৱ নস্যাৎ কৰি অনিৰূদ্ধক হৰণ কৰি অগ্নিগড়লৈ লৈ আনিছিল৷ নিজৰ সখীৰ বাবে কৰা চিত্ৰলেখাৰ ত্যাগ তেওঁৰ মুখমণ্ডলত প্ৰকাশ কৰিবলৈ শিল্পী জয় দাসে চেষ্টা কৰিছিল৷ চিত্ৰলেখাও শিল্পী আছিল কাৰণ তেঁৱেই তুলিকাৰে ঊষাই সপোনত দেখা কোঁৱৰজনৰ চিত্ৰ আঁকিছিল আৰু শিল্পীৰ ত্যাগৰ নিদৰ্শনটো জয় দাসৰ চিত্ৰলেখাৰ মূৰ্ত্তিৰ মুখমণ্ডলত বিৰাজমান৷ হাঁহিছে কিন্তু নাই হঁহা, সুখ আৰু দুখৰ এক অভিব্যক্তি ফুটি উঠিছে৷ মূৰ্ত্তিয়ে যে হাঁহিব পাৰে মূৰ্ত্তিয়ে যে কান্দিব পাৰে জয় দাসৰ ভাস্কৰ্য্যত প্ৰকাশ পায়৷ চৰকাৰৰ ফালৰপৰা সাজসজ্জা কিছু পৰিমাণে আধুনিক কৰিবলৈ দিয়াটো তেওঁ ভালপোৱা নাছিল৷

ভাস্কৰ্য্যৰ ৰূপৰ লগতে তেখেতে ভাস্কৰ্য্যটোৰ আভিযান্ত্ৰিক খুটি-নাটিবোৰো লক্ষ্য কৰে৷ উদাহৰণ স্বৰূপে তেজপুৰ মিছন চাৰিআলিৰ সোঁমাজত থকা ট্ৰেফিক পইণ্টৰ ভাস্কৰ্য্যখিনি উপৰুৱাকৈ চালে তেনেই সাধাৰণ যেন লাগিলেও তেখেতে যিহেতু জানিছিল যে যান-বাহনৰ তৰংগ হ’ব সেয়ে এটা খুটাৰ ভিতৰত আৰু এটা খুটা দি ছাটি সদৃশ সেই ভাস্কৰ্য্য নিৰ্মাণ কৰিছিল৷ দেখাত এটা খুটাযেন লাগিলেও তাৰ ভিতৰত আৰু এটা খুটাই সকলো ধৰি আছে৷ ভাস্কৰ্য সম্বলিত তেনে ট্ৰেফিক পইণ্ট হয়তো আৰু দ্বিতীয়টো বৰ্তমান অসমত নাই বুলিবই পাৰি৷ পৰুৱা চাৰিআলিৰ সোঁমাজত থকা তেজপুৰ দ-পৰ্ব্বতীয়াৰ শিলৰ তোৰণৰ হুবহু আৰ্হি বনাওঁতেও তেখেতে তেনে আভিযান্ত্ৰিক দিশবোৰ লক্ষ্য কৰিছিল৷ ১৯৮৫ চনত নিৰ্মিত তেজপুৰ নগাঁও সংযোগী কলিয়াভোমোৰা দলংৰ সাতভনীৰ মূৰ্ত্তিসমূহো তেখেতৰেই সৃষ্টি৷ তেজপুৰৰ বাহিৰেও অসমৰ বিভিন্ন ঠাইত চিলাৰায় মূৰ্ত্তি, ঐতিহ্যমণ্ডিত মঠ মন্দিৰৰ বাটচৰাৰ তোৰণ আদি সাজি উলিওৱাৰ উপৰিও দিল্লীৰ ঢাই মূৰ্ত্তি নামৰ ঠাইতো তেখেতে নিজৰ শিল্পকৰ্মৰ চানেকি সাজি উলিয়াইছে৷

ভাস্কৰ্য্যশিল্পৰ উপৰিও তেখেতে বাণ থিয়েটাৰহলত “ভক্ত প্ৰহ্লাদ” নামৰ শিশু নাটকখন লিখি মঞ্চস্থ কৰাৰ উপৰিও নৰসিংহৰূপত অভিনয় কৰিছিল৷ বহু নাটকৰ গীত ৰচনা কৰাৰ উপৰিও “জাহ্নৱী গংগা” নামৰ এটি অডিঅ’ কেছেটৰ গীতসমূহো ৰচনা কৰিছিল৷ তেখেতৰ সৃষ্ট নব্বৈ দশকৰ অত্যন্ত জনপ্ৰিয় “আকাশৰে গংগা মই জাহ্নৱী গংগা” শীৰ্ষক গীতটিত এতিয়াও বহু নৃত্যশিল্পীয়ে নৃত্যকৰা দেখা যায়৷ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য লাভ কৰা জয় দাসক ভূপেনদাই কৈছিল “জয়, তুমি জয় জয় ময় ময় হোৱা”৷ পিচে তেনেই সাধাৰণ জীৱন-যাপন কৰা এই শিল্পীজনৰ আশা আছিল তেওঁৰ শিল্প প্ৰতিভাখিনি যাতে বিলাই দিব পাৰে, এখন ভাস্কৰ্যশিল্পৰ বিদ্যালয় গঢ়ি তুলি আগ্ৰহী ছাত্ৰ-ছাত্ৰীক শিকাব পাৰে৷ কিন্তু বহু চেষ্টা কৰিও আজিলৈকে চৰকাৰীভাৱে বা ৰাইজৰ সহযোগত হ’লেও তেখেতে সেই অনুষ্ঠানটো গঢ়ি তুলিব নোৱাৰিলে৷ শিল্পী পেঞ্চন লাভ কৰা ভাস্কৰ্য্যৰ এই নিৰৱ সাধকজনক আমাৰ তৰফৰপৰা প্ৰণিপাত জনালোঁ৷

 

এই সাক্ষাৎকাৰটো যুগুতাওটে বিশেষ ভাৱে সহায় কৰে দৰং মহাবিদ্যালয়ৰ বানিজ্য বিভাগৰ প্ৰৱক্তা ড° মনোজ কুমাৰ হাজৰিকাই৷

 

☆ ★ ☆ ★ ☆

One comment

  • ডলী তালুকদাৰ

    ভাল লাগিল শিল্পী গৰাকীৰ লগত পৰিচয় হৈ।

    Reply

Leave a Reply

Your email address will not be published.