ফটাঢোল

শিল্পীৰ পৃথিৱীত যাদৱ মহন্ত- অক্ষয় জ্যোতি মহন্ত

সৃষ্টিশীলতাই হ’ল শিল্পীৰ জীৱন উদযাপনৰ আধাৰ আৰু এই শিল্পী সত্তাৰ নান্দনিক বাহ্যিক প্ৰকাশেই এটা জাতীয় সংস্কৃতিৰ পৰিকাঠা নিৰ্মাণৰ প্ৰধান উপাদেয় হৈ পৰে৷ অসমৰ শংকৰী বা সত্ৰীয়া সংস্কৃতিৰ ভেঁটিটোৰ স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰতো অনেক জনা-নজনা সংস্কৃতিৱান শিল্পীয়ে নিৰৱচ্ছিন্ন নিজ সাধ্যানুসাৰে সাধনা অব্যাহত ৰাখিছে৷ তেনে এজন অক্লান্ত সাধকেই হৈছে যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত শ্ৰী শ্ৰী বৰ এলেঙী বগীআই সত্ৰৰ সন্তান শ্ৰীযাদৱ মহন্ত৷

শিল্পী যাদৱ মহন্ত পেচাত এজন শিক্ষক আৰু মেলামাটি মৌজাৰ পৰিয়াল চলং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে ২০১৭ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে৷ সেয়ে হ’লেও জন্মৰে পৰা সত্ৰৰ ধৰ্মীয় তথা সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা হেতুকে তেখেতে নাম-কীৰ্তন, নৃত্য-গীত, অভিনয় প্ৰদৰ্শনত শৈশৱৰ পৰা ব্যুৎপত্তি লাভ কৰিছে৷ কিন্তু ইয়াতেই ক্ষান্ত নহৈ তেখেতে হস্ত শিল্প যেনে মুখাশিল্প, সাঁচিপুথি প্ৰস্তুতকৰণ, কাঠৰ অলংকাৰ নিৰ্মাণ ইত্যাদিৰে যোৱা কেইবা দশকজুৰি যি এক চমৎকাৰ সৃষ্টি কৰিছে, সেয়া সঁচাই লক্ষণীয়৷ ১৯৫৩ চনত জন্মগ্ৰহণ কৰা মহন্তদেৱে হাইস্কুলত পঢ়ি থকাৰ সময়তে সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নবীন গোস্বামীৰ মুখাশিল্পত মুগ্ধ হৈ এই ক্ষেত্ৰখনত প্ৰথম খোজ দিয়ে৷ পোন প্ৰথমে তেখেতে অনন্তশৰ্য্যাৰ মুখা তৈয়াৰ কৰাত সফল হোৱা দেখিয়েই এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ পণ লয়৷ সেইমতে তেখেতে পৌৰাণিক আৰু আধুনিক পদ্ধতিৰ যথাযথ সংমিশ্ৰণেৰে মুুখ মুখা, লুটুকৰি মুখা আৰু বৰ মুখা, এই তিনিও প্ৰকাৰৰ মুখা নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ এই যাত্ৰাৰ অংশস্বৰূপেই তেখেতে বিভিন্ন চৰিত্ৰৰ মুখা প্ৰস্তুত কৰি সত্ৰৰ শিল্পীদলক লৈ নামনি অসমৰ পুঠিমাৰী সোণেশ্বৰ ৰাস মঞ্চত প্ৰথম ৰাস প্ৰদৰ্শন কৰি যথেষ্ট সমাদৰ লাভ কৰে৷ পৰ্য্যায়ক্ৰমে তেখেতে মুখাশিল্পক জীয়াই ৰখাৰ মানসেৰে অনন্তশৰ্য্যা, পুতনা, বকাসুৰ, অঘাসুৰ, নৰসিংহ, বৰাহ, বিভিন্ন ৰজা-মহাৰজা, দৈত্য-অসুৰ প্ৰভৃতি চৰিত্ৰৰ সৰু-বৰ অসংখ্য মুখা নিৰ্মাণ কৰে৷ তদুপৰি, শিল্পবিধৰ প্ৰচাৰৰ দিশটো চকুত ৰাখি মানুহে নিজৰ বাসগৃহত সজাই ৰাখিব পৰা আৰ্হিতো মুখা সাজি উলিয়ায়৷ তেখেতৰ এনে কেইখনমান মুখা গুৱাহাটীৰ কলাক্ষেত্ৰ আৰু নগাঁৱৰ কলং কলাকেন্দ্ৰকে ধৰি অসমৰ আন দুই-এক মিউজিয়ামতো সংৰক্ষিত হৈ আছে৷ সত্ৰৰ বাহিৰতো মুখাশিল্পৰ প্ৰসাৰৰ উদ্দেশ্যে তেখেতে ২০০৫ চনতে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত এখন মুখাৰ কৰ্মশালা আগবঢ়ায়৷ তদুপৰি যোৰহাটৰ চাৰিঙীয়া ৰাসমঞ্চ, কানুগাঁও ৰাসমঞ্চ(কমাৰবন্ধা), গোলাঘাট, বোকাখাত, তিতাবৰৰ চুপহা সত্ৰ, লক্ষীবাৰী, ৰাইদিঙীয়া, মৰিয়ণী ইত্যাদিৰ ৰাসমঞ্চতো মহন্তদেৱৰ মুখা প্ৰদৰ্শন হৈছে৷

মুখাশিল্পৰ সমান্তৰালকৈ প্ৰায় দুই দশক ধৰি যাদৱ মহন্তদেৱে সাঁচিপুঠি প্ৰস্তুতকৰণ, সংৰক্ষণ আৰু কৰ্মশালা প্ৰদানৰ লগত জড়িত হৈ আছে৷ পৰম্পৰাগত পদ্ধতিত সাঁচিপুঠি প্ৰস্তুত কৰাটো এক কৃষ্টিসাধ্য কলা, য’ত সাঁচিগছৰ বাকলিত প্ৰাকৃতিক ৰং (প্ৰধানকৈ হেঙুল আৰু হাইতাল) আৰু চিঞাহী(মুহী) প্ৰস্তুত কৰি অতি যত্নেৰে চিত্ৰ অংকণ আৰু লিখন প্ৰক্ৰিয়া সমাপন কৰিব লাগে৷ তৎস্বত্বেও শিল্পী মহন্তদেৱ একেধাৰে এই পুথি প্ৰস্তুতকৰণৰ লগত জড়িত হৈ আহিছে৷ শিল্পী গৰাকীৰ মতে ঘৰত থকা এখন লতাকটা কীৰ্তন পুঠি আৰু ইয়াৰ চিত্ৰ সমূহে তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু এই অনুসন্ধিৎসুৰ ফলশ্ৰুতিতে শিল্পবিধৰ লগত তেখেত জড়িত হৈ পৰে৷ বৰ্তমানলৈকে মহন্তদেৱে প্ৰায় ৬-৭ খন মান ব্ৰজাৱলী ভাষাৰ সাঁচিপতীয়া পুঠি প্ৰস্তুত কৰিছে আৰু ইয়াৰে ‘ভূমি-লেটোৱা’,’ভোজন-বিহাৰ’ আৰু ‘গুণমালা’খন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰা হৈছে৷ এই পুথিসমূহ সংৰক্ষণ কৰিবলৈ সিজোৱা নিমপাতৰ পানী ছটিয়াই আৰু ৰ’দত শুকুৱাই পৰৱৰ্তী পৰ্য্যায়ত কাঠৰ বাকচত পুথিসমূহ সুমুৱাই ৰখাৰ কৌশলো তেখেতে নিজা চিন্তাশক্তিৰে উদ্ভাৱন কৰিছিল৷ ইয়াৰোপৰি ২০০৪ চনতে তেখেতে বহলে আঢ়ৈ আৰু দীঘলে চাৰি ইঞ্চি জোখৰ খুব সম্ভৱ অসমৰ প্ৰথমখন ক্ষুদ্ৰতম সাঁচিপাতৰ পুথি প্ৰস্তুত কৰি কলাক্ষেত্ৰত প্ৰদৰ্শন কৰিছিল৷ পুথিখনত তেখেতে গুণমালা, চপয়, টোটয়, গুৰুভটিমা, দেৱভটিমা আদি লিখি উলিয়াইছিল৷ উল্লেখ্য যে, সাঁচিপাতত তেখেতে শুভেচ্ছা পত্ৰ লিখি এসময়ত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম আজাদ, প্ৰতিভা দেৱী সিং পাটিল, ভূপেন হাজৰিকা, ড° মামনি ৰয়ছম গোস্বামী, অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ ইত্যাদিৰ দৰে ব্যক্তিলৈকো প্ৰেৰণ কৰিছিল৷

শিল্পী গৰাকীয়ে এই লুপ্তপ্ৰায় শিল্পবিধক স্থায়ীত্ব প্ৰদানৰ উদ্দেশ্যে সময়ে সময়ে অসমৰ বিভিন্ন ঠাইত সাঁচিপাতৰ কৰ্মশালাৰো আয়োজন কৰি আহিছে৷ ২০০৫ চনতে মহন্তদেৱে শংকৰদেৱ কলাক্ষেত্ৰত কাঠ খোদাই আৰু সাঁচিপাতৰ এখন কৰ্মশালা প্ৰদান কৰিছিল৷ সাঁচিপাত সম্পৰ্কীয় সম্ভৱত: এইখনেই আছিল অসমৰ প্ৰথমখন কৰ্মশালা৷ তদুপৰি, ‘সংগীত নাটক একাডেমী’ৰ অধীনত কেইবাখনো কৰ্মশালাৰ আয়োজন কৰাৰ লগতে তেখেতে ইতিমধ্যে কলিকতা, উৰিষ্যা, দিল্লী আদি স্থানতো মুখা, সাঁচিপাত, কাঠৰ অলংকাৰ প্ৰস্তুত সম্পৰ্কীয় কেইবাখনো কৰ্মশালা আৰু প্ৰদৰ্শনীত যোগদান কৰিছে৷ গতিকে এইখিনিতে প্ৰণিধানযোগ্য যে মুখাশিল্প আৰু সাঁচিপাতৰ উপৰিও শিল্পী গৰাকীয়ে কাঠৰ অলংকাৰ, ভাওনাৰ ৰূপসজ্জা আৰু আহাৰ্য, মহৰ শিঙৰ পেঁপা, ফনি, বাঁহৰ বৃহৎ জাপি, চিমেণ্টেৰে বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি নিৰ্মাণ, কেনভাচত জীৱন্ত চিত্ৰ অংকন ইত্যাদি নানা তৰহৰ হস্ত-শিল্পৰে অজস্ৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

সৃষ্টিশীল মনৰ গৰাকী হোৱাৰ বাবে তেখেতৰ ঘৰখনতো নিজৰ হস্তকলাৰ পৰশ পৰিলক্ষিত হয়৷ শিল্পচৰ্চাৰ লগতে মাজে সময়ে সত্ৰীয়া-সংস্কৃতি বিষয়ক প্ৰৱন্ধ-পাতি লিখাতো তেখেতে মনোনিৱেশ কৰি আছে৷ ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ গুণমালা পুথিৰ ইংৰাজী অনুবাদ ‘গাৰলেণ্ড অৱ ভাৰছু’ পুথিখন মহন্ত দেৱেই লিপ্যান্তৰ কৰিছিল৷ সম্প্ৰতি কিছু শাৰীৰিক অসুস্থতাৰ বাবে তেখেতে একাণপতীয়াকৈ এই শিল্প চৰ্চাত ব্ৰতী হৈ থাকিব নোৱাৰিলেও চৰ্চা ব্যাহত হ’বলৈ দিয়া নাই৷ শিল্পী গৰাকীৰ মতে দেহে মনে টনালৈকে তেখেতে এই সৃষ্টিশীল কৰ্মৰাজি অটুট ৰাখিব, কিয়নো য’ত সৃষ্টিশীলতা নাই তাত প্ৰাণ নাই আৰু য’ত প্ৰাণ নাই তাত জীৱনো শূণ্য৷

☆ ★ ☆ ★ ☆

4 Comments

  • অনুৰূপ

    ভাল লাগিল কথা খিনি জানিব পাৰি। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

    Reply
  • মানসী বৰা

    সৃষ্টিশীল মনৰ ব্যক্তিজনৰ বিষয়ে জানিবলৈ পাই সুখী হ’লো।

    Reply

Leave a Reply

Your email address will not be published.