ফটাঢোল

শিল-পি- মানসজ্যোতি বৰা

কথা নাই বতৰা নাই, একেকোবে নদীখনৰ কাষ পালোঁগৈ। কাঠৰ ভূৰ এখন আছিল পাৰতে বন্ধা। জাঁপমাৰি উঠিলোঁ আৰু মেলি দিলোঁ সোঁতত। ভটিয়নি সোঁতত ভূৰখন ভালদৰেই আগুৱাই গৈছে। চাৰিওফালে আৰণ্যক পৰিবেশ, ভাল লাগিছে! গছ-বনৰ মাজেদি আগবাঢ়িছে মোৰ ভূৰখন। অচিন চৰাই কিছুমানৰ কিচিৰ-মিচিৰ শব্দ। নদীখনৰ ওপৰলৈকে গছ-গছনিবোৰৰ ডাল-পাতবোৰ হাত মেলিলেই ঢুকি পোৱাত আছে। বনৰীয়া আঙুৰৰ লতাবোৰৰ পৰা কিছুমান আঙুৰৰ থোপা ওলমি আছে। তাৰে দুথোপামান ছিঙি মই মুখত ভৰাই গৈ আছোঁ এই নদীখনৰ সুন্দৰ পৰিবেশ চাই চাই।  

মূৰৰ ওপৰত হঠাৎ এটা বান্দৰজাতীয় প্ৰাণীয়ে কেক-কেককৈ চিঞৰি উঠিল। এই প্ৰানীবিধে সাধাৰণতে বিপদৰ উমান পালেই এইদৰে সংকেত দিয়ে। মই সষ্টম হৈ উঠিলোঁ। লাহে লাহে সেই চিঞৰটো বৰ ঘন আৰু তীক্ষ্ণ হৈ আহিল। মই মন কৰিলোঁ যে ভূৰখনৰ গতি হঠাৎ বৃদ্ধি হৈ আহিছে। মই ভূৰখনত থিয় হৈ আগলৈ তীক্ষ্ণদৃষ্টি দিলোঁ। দৃশ্য দেখি মই শিয়ৰি উঠিলোঁ। কাৰণ নদীখন আগফালে ক্ৰমে ঠেক হৈ সন্মুখৰ ফালে বৃহৎ জলপ্ৰপাত এটাত পৰিছে। পিছফালে চালোঁ, একো উপায় নাই মোৰ হাতত। ওপৰত ওলমি থকা ডাল পাতবোৰ এতিয়া নাই মোৰ মূৰৰ ওপৰত। এতিয়া উপায়হীন হৈ কেৱল ভূৰখনত জোৰেৰে সাৱটি ধৰি আসন্ন মৃত্যুলৈ অপেক্ষা কৰাৰ বাদে মোৰ কৰিবলৈ আছে কিটো? ভগৱানক সুমৰি চকুদুটা মুদি দিলোঁ। হৰহৰাই ভূৰখন নামি গ’ল জলপ্ৰপাতটোৰ ফালে। মূৰত কিবা এটাই খুন্দা মৰাত হাত দুখন ভূৰখনৰ পৰা এৰাই গ’ল। চকু মেলি নিজকে এটা গুহাৰ আগফালে পালোঁ। সোঁতে উটুৱাই আনি মোক চাগৈ পাৰত উঠালেহি তাৰমানে!
লাহে লাহে গুহাটোৰ ভিতৰলৈ আগুৱাই গৈ থাকিলোঁ। কিছু দূৰ আন্ধাৰৰ মাজে মাজে আগুৱাই যোৱাৰ পিছত হঠাৎ চকুত পোহৰ পৰিল। মানে ভিতৰত একুৰা জুই জ্বলি আছে। লাহে লাহে মানুহৰ চিঞৰ-বাখৰো কাণত পৰিল। 

“হুই ইকা ডিমা ডিমা, হুই ইকা, নিকা সিকা”

সুৰ লগাই গোৱা শুনিলোঁ কোনোবাই সমস্বৰে। 

ভিতৰলৈ গৈ দেখি আচৰিত হৈ পৰিলোঁ। নানান বেশভূষণৰে সজ্জিত বহুতো লোক। নিশ্চয় জংঘলী নৰখাদকৰ দল। ওখ আসন এখনত ৰজা যেন লগা এজন লোক বহি আছে। আশে-পাশে এদল লোক তলৰ আসনত বহি আছে। আৰু এচামক হাত ভৰি বান্ধি তলত ৰখা হৈছে। তেওঁলোকৰ মাজত মোৰ চিনাকি বিমল শিখৰ, ঈশ্বৰ সাগৰ, ৰবীন বৰা, সাগৰ দ্বীপ, বনৰীয়া লতা আদি বিভিন্ন ব্যক্তিক দেখিলোঁ। আৰে, এওঁলোকৰ এয়া কি অৱস্থা হৈছে আকৌ। 

লাহে লাহে আগুৱাই গৈ ৰজাজনক সন্মান জনাই মূৰ দোঁৱাই থিয় দিলোঁ। বন্দীকেইজনে মোলৈ চাই সহানুভূতি আশা কৰিলে। হয়তো মোৰ পোচাকযোৰ আৰু ডিঙিত গামোচাখন দেখি চিনি পাইছিল নেকি মোক তেওঁলোকৰ মুলুকৰে বুলি। মোক ঘপহকৈ দেখি দুজন চিপাহীয়ে খেদা মাৰি আহিল। ৰজাই হাত এখন দাঙিলে আৰু চিপাহীকেইজন ৰৈ গ’ল। ৰজাই মোলৈ চাই মাত লগালে, “কুণিনো তই? ইয়ালৈ কেনেকা আহিছ?” মই বুজি পালোঁ যে এওঁলোকে এনেদৰেই শব্দৰ বানান আৰু উচ্চাৰণ কৰে। মই উত্তৰ দি বুজাই দিলোঁ যে মই কোন আৰু কেনেকৈ ইয়ালৈ আহিলোঁ।মই তেওঁক এই বন্দীকেইজনৰ  কথা সুধিলোঁ যে কিয় এনেকৈ ৰখা হৈছে এওঁলোকক। ৰজাই উত্তৰ দিলে, “এই মানুহকিটা তুৰ নিচিনা এদিন ইয়াতে আহি ওলালে। মই ইহঁতক সুধিলে যে তহঁতি কুণি? ইহঁতে কৈছে যে ইহঁতি হেনো শিল-পি! মই তেতিয়া ইহঁতক ইয়ালৈ আনিলে আৰু  ইহঁতক এটা এটা শিল দিলোঁ আৰু ক’লোঁ যে এইটো পি। নাই , ইহঁতি মোৰ কথা নুশুনিলে। ইহঁতে কৈছে এইটো শিল কেনেকা পিম? মই কৈছোঁ যে তহঁতি নিজেই  কৈছে যে আমি শিল-পি বুলি, এতিয়া কিয় শিল নিপিৱ? সেই কাৰণে বান্ধি ৰাখিছে ইহঁতক। শিল-পি হৈ যদি শিল নিপিয়ে মই ইহঁতক এৰি নিদিম হঁ।”

ৰজাই খঙেৰে কৈ উঠিল বন্দীকেইজনলৈ চাই। মই বুজিলোঁ যে এই অঁকৰা ৰজাক সঁচা কথা কৈ এওঁলোক বিপদত পৰিল। মই ৰজাক যেনেতেনে তেওঁৰ ভাষাতে বুজাবলৈ চেষ্টা কৰিলোঁ যে শিল-পি মানে তেওঁ ভবাটো নহয়। আৰু এওঁলোকক মুক্তি দিয়া উচিত কাৰণ কোনো মানুহে শিল পিব নোৱাৰে। এসময়ত ৰজাই কিবা এটা বুজিলে আৰু বন্দীকেইজনক এৰি দিবৰ বাবে আদেশ কৰিলে। মই ধন্যবাদ জনাই তেওঁলোকক লগত লৈ ৰজাৰ পৰা বিদায় মাগিলোঁ। 

এখন নাওঁ আৰু কিছু খাদ্য-সামগ্ৰী লৈ আমি আকৌ ঘৰমুখে যাত্ৰা কৰিলোঁ। বাটত মই এওঁলোকক বুজালোঁ যে, হ’ল বুলিয়েই য’তে-ত’তে এই ‘শিল-পি’ শব্দটো ব্যৱহাৰ কৰিব নালাগে নহয়। পালে, এতিয়া গম? ‘শিল-পি’ শব্দৰ অৰ্থ বৰ জটিল। সকলো শিল-পি হ’ব নোৱাৰে। আজিৰপৰা এই শব্দটোৰ ব্যৱহাৰ ভালদৰে চালি-জাৰি চাই কৰিব আপোনালোকে।” তেওঁলোকেও শলাগিলে  মোৰ কথাত। 

ইমানখিনি কথা পাতি আহি থাকোঁতেই নদীত আমি আকৌ এটা জলপ্ৰপাত পালোঁহি কোনেও মন নকৰাকৈ। আকৌ সকলো হুৰহুৰাই সৰি পৰিলোঁ তললৈ। মই পুনৰ সংজ্ঞা হেৰুৱাই পেলালোঁ। যেতিয়া সংজ্ঞা ঘূৰি আহিল তেতিয়া মই মোৰ বিছনাত। মায়ে নিউজ ফাইভ চাই আছে টিভিত।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    সুন্দৰ ব্যংগ। ভাল লাগিল। শিল্পী শব্দৰ অৰ্থ বৰ বিশাল। সকলোতে এই শব্দটো ব্যৱহাৰ কৰা উচিত নহয়।

    Reply

Leave a Reply

Your email address will not be published.