ফটাঢোল

শিশুটিৰ সুৰক্ষা আৰু আমাৰ দায়িত্ব – সীমাশ্ৰী  দেৱী

যৌন নিৰ্যাতন বৰ্তমান সময়ৰ এক ভয়ংকৰ সামাজিক  সমস্যা হৈ পৰিছে৷ দিনে দিনে শুনিবলে পোৱা হৈছে যৌন নিগ্ৰহৰ একো একোটা নিৰ্লজ্জ কাহিনী৷ কণমানিজনীৰ পৰা আৰম্ভ কৰি সত্তৰোৰ্ধৰ নাৰীও বলি হৈছে কোনোবা বিকৃত কামাতুৰৰ দ্বাৰা ৷
কিন্তু কিয় মানুহে এনে ঘটনা সংঘটিত কৰে? বহুতে ক’ব বিচাৰে হাইপাৰছেক্সুৱেলিটি বা অত্যাধিক কাম উত্তেজনাৰ কাৰণে বহুতে এনে ঘটনা সংঘটিত কৰে৷ আনহাতে বহুতেই নিৰক্ষৰতা, দৈন্যতা, হতাশগ্ৰস্ততা বা বিকৃত মানসিক ৰুচি, ইন্টাৰনেটৰ অপব্যৱহাৰ, সহজলভ্য নীলা ছবি আদিক এনে জঘন্য ঘটনাৰ কাৰক বুলি কয়। কিন্তু কাৰক যিয়েই নহওক বৰ্তমান সময়ত নাৰী পুৰুষ সকলো অসুৰক্ষিত৷
কি এই হাইপাৰছেক্সুৱেলিটি বা বিকৃত যৌন আচৰণ? বিশেষজ্ঞসকলৰ মতে ই এক মানসিক বিকৃতি আৰু এই বিকৃতিবোৰ পৰিৱেশিক, হ’ৰমনেল বা আন কিছু কাৰক আৰু শাৰীৰিক বিসংগতিৰ কাৰণে আহিব পাৰে৷ চিকিৎসক বা মনোবিজ্ঞানে এই ধৰণৰ বিকৃতিক পেৰাফিলিয়া আখ্যা দিছে৷ অৱশ্যে ই শাৰীৰিক ৰোগ নে মানসিক ৰোগ সেয়া লৈ এতিয়াও নিৰ্দিষ্ট হ’ব পৰা নাই চিকিৎসকসকল৷ কিন্তু ইন্টাৰনেটৰ সুলভ ব্যৱহাৰ, জুৱা, মাদক দ্ৰব্য, ড্ৰাগছ আদিৰ প্ৰভাৱত সমাজত বিকৃত মানসিকতাৰ এই ধৰণৰ মানুহবোৰ বাঢ়িবলে লৈছে আৰু তাৰ ফলতেই বৃদ্ধি পাবলে লৈছে ধৰ্ষণৰ দৰে ঘটনাবোৰ৷ পেৰাফিলিকবোৰক বহু ভাগত ভাগ কৰিছে মনোৰোগ বিশেষজ্ঞসকলে৷ তেনে এক ভাগ হৈছে পেডোফিলিয়া (PEDOPHILIA)৷ এই পেডোফিলিয়াত আক্ৰান্ত ব্যক্তিয়ে শিশু বা কিশোৰ কিশোৰীৰ প্ৰতি অত্যাধিক যৌন উত্তেজনা অনুভৱ কৰে আৰু তেওঁলোকে শিশুসকলকেই নিজৰ কামনা বাসনা পূৰ্ণ কৰিবলে টাৰ্গেট হিচাপে লয়। এই ধৰণৰ বিকৃত কামনা চৰিতাৰ্থ কৰিবলে তেওঁলোকে কন্যাশিশুৰ লগতে ল’ৰাকো অত্যাচাৰ কৰে। সৰু ল’ৰা ছোৱালী উভয়ে বলি হ’ব পাৰে এনে ব্যক্তিৰ দ্বাৰা৷ এইধৰণৰ মানসিকতাৰ দ্বাৰা আক্ৰান্ত ব্যক্তি বেছিভাগেই উভয়কামী (homosexual) আৰু তেওঁলোকে পূৰ্বতেও নানান অসামাজিক অগ্ৰহণীয় কাৰ্যকালাপত জড়িত থকাৰ অভিযোগ পোৱা যায়৷ বছৰ বছৰ ধৰি কোন কাহানিবাৰপৰাই কণমানিবোৰ এনে মানসিকতাৰ লোকৰ চিকাৰ হৈ আহিছে৷ জেনেৰেচনৰ পাছত জেনেৰেচন এইক্ষেত্ৰত ভুক্তভোগী৷ সকলো যেন নীৰৱ দৰ্শক আৰু শ্ৰোতা। সময়ে সকলো সলনি কৰিছে সমাজ আধুনিক হৈছে কিন্তু এতিয়াও আমাৰ সমাজত শিশুক বা কিশোৰক মুকলি যৌনশিক্ষা প্ৰদান কৰা হোৱা নাই৷ এই কাৰণেই এতিয়াও নিগৃহীত শিশু এজনে মুখ ফুটাই ক’ব নোৱাৰে তেওঁৰ ওপৰত হোৱা ছেক্সুৱেল অত্যাচাৰৰ কথা৷ যি অত্যাচাৰৰ কাৰণে আজীৱন ভীতিগ্ৰস্থ হৈ থাকিব লগা হ’ব পাৰে সেই কণমানি৷ এক ট্ৰমাত ভূগিব লগা হ’ব পাৰে সিহঁত। হেৰুৱাব পাৰে সোণালী শৈশৱ, কৈশোৰৰ মাদকতা৷ এইক্ষেত্ৰত ঘৰ এখনৰ কৰিব লগা বহুত থাকে৷ বিশেষকৈ পিতৃ মাতৃ বা জেষ্ঠ্যজনে শিশুক যৌনশিক্ষা দিয়াটো খুবেই প্ৰয়োজন৷ কিন্তু কথা হ’ল কিদৰে সহজকৈ আৰু মুকলিকৈ  শিশুক শিকাব পাৰে সকলো কথা৷ এই ক্ষেত্ৰত শিশুটোৰ অভিভাৱকৰ কিছু কৰণীয়তা আছে৷ তেওঁলোকে শিশুৰ বয়স অনুযায়ী কি কি শিক্ষা দিব এয়া ভাগ কৰি লোৱাটো উচিত৷ মই তলত এনে কিছু কথা উল্লেখ কৰিছোঁ ৷
১) ১.৫ বছৰ ৰ পৰা ৩ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত (Toddler): এই বয়সত শিশুবোৰে নিজৰ শৰীৰৰ অংগ প্ৰত্যংগসমূহৰ নামবোৰ জানিবলে প্ৰায় সমৰ্থ হয়। সেয়েহে এই বয়সত শিশুক তেওঁলোকৰ শৰীৰৰ আন আন অংগসমূহৰ লগতে জননাংগকো বা যৌনাংগকো শুদ্ধ নামেৰে পৰিচয় কৰাই দিব লাগে যাতে সিহঁতে সেয়া শৰীৰৰ আন সাধাৰণ অংগ বুলিয়ে সহজকৈ ভাবিবলে লয়৷ এইয়া কৰিলে কেতিয়াবা কোনো শাৰীৰিক বিসংগতি, অসুস্থতা, আঘাত বা ছেক্সুৱেল এবিউজ হ’লে শিশুটোৱে পিতৃ মাতৃক প্ৰ’পাৰলি ক’ব পাৰিব৷ তাৰোপৰি ই শিশুৰ মনত আত্ম বিশ্বাস বৃদ্ধি কৰাৰ লগতে এক পজিটিভ বডি ইমেজ্ গঢ়াত সহায়ক হ’ব৷
২) ৩ বছৰৰ পৰা ৫ বছৰ বয়সলৈ(Pre Schooler): এই বয়সৰ শিশু সকলক পিতৃ মাতৃয়ে এই শিক্ষা দিয়াটো খুবেই প্ৰয়োজন যে তেওঁলোকৰ শৰীৰটো কেৱল তেওঁলোকৰ একান্ত ব্যক্তিগতহে অৰ্থাৎ their body is only their own body. মাক দেউতাকৰ বাহিৰে আন কোনো লোককেই তেওঁলোকে তেওঁলোকৰ শৰীৰটো চুবলে বা চাবলে দিয়াটো উচিত নহয়৷ কেৱল মাক দেউতাকেহে তেওঁলোকৰ শৰীৰ স্পৰ্শ কৰিব পাৰিব। আন মানুহৰ আগত উলংগ হৈ থাকিব দিব নালাগে যে এই কথাষাৰ শিকাব লাগে আৰু পৰাপক্ষত কাৰোৰে আগত শিশুটোক উলংগ কৰি ৰাখিব নালাগে৷
৩) ৬ বছৰৰ পৰা ১২ বছৰ বয়সলৈ (Child/Pre Teenager): এই বয়সৰ শিশুক পিউবাৰিটি আৰু হেল্থ হাইজিনৰ ওপৰত সম্যক শিক্ষা দিব লাগে৷ এই বয়সত শিশুৰ যথেষ্ট ক্ষীপ্ৰ গতিত শাৰীৰিক বিকাশ হয়৷ সেয়েহে শাৰীৰিক বিকাশৰ লগত সংগতি থকা প্ৰাথমিক কথাবোৰ মাক দেউতাকে শিশুক জনোৱাটো প্ৰয়োজন। এই জ্ঞানে শিশুক তেওঁলোকৰ দেহলে অহা শাৰীৰিক পৰিৱৰ্তনবোৰ সহজে গ্ৰহণ কৰিবলে শিকাব৷ তাৰোপৰি এই সময়ত শিশুৰ মন খুবেই অনুসন্ধিৎসু হৈ পৰে৷ সেয়েহে অভিভাৱকসকলে শিশুসকলৰ কম্পিউতাৰ আৰু ম’বাইল ব্যৱহাৰৰ ক্ষেত্ৰত কিছু নজৰ (monitor) কৰাটো খুবেই প্ৰয়োজন।
৪) ১৩ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ (Teenager): এই বয়সত কৈশোৰ প্ৰাপ্তি হয়। শাৰীৰিক মানসিক বিকাশৰ কাৰণে তেওঁলোকৰ চিন্তাধাৰা কিছু সলনি হয়৷ এই সময়ত পিতৃ মাতৃয়ে তেওঁলোকৰ সৈতে বন্ধুত্বসুলভ আচৰণ কৰাটো খুবেই প্ৰয়োজন৷ এনে আচৰণে তেওঁলোকৰ মনোজগতত কি হৈ আছে সেয়া সহজেই অনুমেয় কৰি তুলিব৷ এই সময়ত নানান হ’ৰমনেল প্ৰভাৱৰ কাৰণে কিশোৰ কিশোৰীৰ শাৰীৰিক পৰিৱৰ্তন লক্ষণীয় হৈ পৰে৷ সেয়েহে এই সময়ছোৱাত বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হোৱাও স্বাভাৱিক। গতিকে অভিভাৱকসকলে এনে সময়ত সন্তানক ৰিপ্ৰডাক্তভিক অৰ্গেনৰ বিকাশ আৰু এইবোৰৰ ফাংচনৰ লগতে শাৰীৰিক বিকাশৰ ক্ষেত্ৰত কিছু জ্ঞান দিয়াটো খুবেই প্ৰয়োজনীয়৷ সুস্থ শাৰীৰিক সম্পৰ্ক, ছেক্সুৱেলী ট্ৰেন্সমিটেড ইনফেকচন আৰু ৰোগ সকলোবোৰ কথাৰ সম্যক জ্ঞান দিব লাগে। তাৰোপৰি ধনাত্মক চিন্তাধাৰা তেওঁলোকৰ মনত গঢ়ি তুলিবলে যত্ন কৰিব লাগে। আৰু ইন্টাৰনেটৰ কুফল সমূহৰ বিষয়েও অৱগত কৰাব লাগে ৷ কিয়নো বৰ্তমান সময়ত টিনেজাৰ সকল সাংঘাতিক ধৰণে ই ক্ৰাইম (e crime) বা ডিজিটেল ক্ৰাইমৰ ভুক্তভোগী হৈছে ৷ গতিকে ইণ্টাৰনেটৰ আৰু মিডিয়াৰ সঠিক ব্যৱহাৰৰ লগতে ইয়াৰ অপব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়েও শিক্ষা দিয়াটো প্ৰয়োজনীয়।
এইধৰণে কিছু সহজকৈ শিশুক যৌন শিক্ষাৰে তেওঁলোকৰ মনত সজাগতা গঢ়ি তুলিব পাৰে৷ তাৰোপৰি শিশুক ভাল স্পৰ্শ আৰু অসৎ অভিপ্ৰায়েৰে কৰা স্পৰ্শৰ পাৰ্থক্যবোৰ চিনাক্ত কৰিবলে শিকাব লাগে। এনে সজাগতাই শিশুক নিজকে সুৰক্ষিত কৰি ৰাখিবলে কিছু সহায় কৰিব। এই শিক্ষাৰ লগতে সাম্প্ৰতিক সময়ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে মাৰ্চিয়েল আৰ্ট বা আত্মৰক্ষাৰ কৌশলৰ শিক্ষাদান দিয়াটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে৷ পিতৃ মাতৃৰ লগতে শিক্ষানুষ্ঠান সমূহেও এনে পদক্ষেপ ল’ব লাগে৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.