ফটাঢোল

শিৱনাথদা-ৰিংকু সমাদ্দাৰ 

শিৱনাথদাৰ কথা ক’বলৈ ওলাইছোঁ। শিৱনাথদা মানে আমাৰ ঘৰৰ ওচৰৰ জ্যেষ্ঠ ভাতৃসম বন্ধু। বয়সত মোতকৈ ডাঙৰ যদিও আমাৰ মাজৰ সম্পৰ্কটো সেই তাহানিৰপৰা আজিলৈকে বন্ধুত্বপূৰ্ণ। শিৱনাথদা বৰ ৰসিক মানুহ। শিৱনাথদাক দেখিলে কেতিয়াবা মোৰ ধূৰ্ত আৰু চতুৰ যেন লাগে, আকৌ কেতিয়াবা কেতিয়াবা অজলা যেনো লাগে। এক কথাত তেওঁ বুধিয়ক নে অজলা, নে দুয়োটাৰ ‘কম্বিনেচন’ সেই কথা মই আজিলৈকে ধৰিব নোৱাৰিলোঁ। মানুহটোৰ মনটো কোমল অথচ সদায় থ্ৰিলেৰে ভৰা। আচলতে শিৱনাথদা মানেই ৰহস্য। শিৱনাথদাই ৰহস্য খেদি ফুৰে নে ৰহস্যই শিৱনাথদাৰ পিছ নেৰে সেইটোও এটা ইচ্ছা কৰিলে কাৰোবাৰ বাবে গৱেষণাৰ বিষয়বস্তু যে হ’ব, সেইটোতো মই নিশ্চিত। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব, য’ত শিৱনাথদা, তাত এটা ঝেং হ’বই।

বহু বছৰৰ আগৰ কথা। শিৱনাথদাৰ ঘৰলৈ এবাৰ বেজ আহিছিল। পদূলিমুখৰপৰা তেওঁলোকৰ চোতাললৈ মানুহৰ বিৰ দি বাট নোপোৱা ভিৰ। পথাৰত ঘাঁহ কাটিবলৈ যাওঁতে শিৱনাথদাৰ ককায়েকক সাপে খুঁটিছিল। বেজে আহি ৰীতি-নীতি অনুসৰি বাৰাণ্ডাত চকীত বহি থকা শিৱনাথদাকে সাপে দংশন কৰা বুলি ভাবি বেদ মন্ত্ৰ উচ্চাৰণ কৰি জাৰিবলৈ ধৰিলে। বেজৰ যাৱতীয় কাম-কাজ শেষ হোৱাৰ পিছত শিৱনাথদাই লাহেকৈ বেজক ক’লে,

:- মোৰ আচলতে ভৰিৰ তলুৱাত ভগা কাঁচৰ টুকুৰাই কটা বাবে ভৰিখনত বেণ্ডেজ মাৰি থৈছোঁ। সাপে আমাৰ ডাঙৰ দাদাক হে দংশন কৰিছে। দাদা পিছফালৰ বাৰাণ্ডাত বহি আছে। আপুনি তালৈকে যাওকগৈ।

শিৱনাথদাৰ কথা শুনি বেজৰ সেইদিনা খঙে চুলিৰ আগ পাইছিলগৈ।

এই শিৱনাথদা মানুহটোৰ লগত যে মোৰ কিমান স্মৃতি জড়িত হৈ আছে তাক কৈ শেষ কৰিব নোৱাৰি। আজিৰপৰা প্ৰায় তেৰ বছৰৰ আগৰ কথা। শিৱনাথদাই তেতিয়া চাকৰি পোৱা নাছিল। সেই সময়ত আমাৰ ঘৰত আনাৰসৰ বাগান এখন আছিল। আনাৰসবোৰ গছতে পকি থকা দেখি শিৱনাথদাক এদিন ক’লো,

:- মোৰ আনাৰসখিনি বিক্ৰী কৰি দিব লাগে শিৱনাথদা। বজাৰলৈ অকলে নিবলৈ মোৰ লাজ লাগে।

শিৱনাথদাই মোক একো টেনচন ল’ব নালাগে বুলি কৈ পিছদিনা বজাৰলৈ আনাৰসখিনি লৈ গ’ল। লগত মোকো ল’লে। মাত্ৰ  দহ মিনিটমানৰ ভিতৰতে এশটা আনাৰস বেপাৰীৰ তাত মুঠ এক হাজাৰ টকাত বিক্ৰী কৰি দিলে শিৱনাথদাই। বিক্ৰীও কৰিলে আকৌ এটা বেলেগ পদ্ধতিত। আনাৰসৰ ওপৰৰ গা-গছৰ অংশচোৱা তেওঁ প্ৰতিটো আনাৰসৰপৰা ছিঙি ৰাখি বস্তা এটাত সুন্দৰকৈ ভৰাই ৰাখিলে। আনাৰস বিক্ৰী কৰি পোৱা টকা একহাজাৰৰপৰা শিৱনাথ দাই মোক হোটেলত ভালকৈ ৰুটী, ঘূগুনী খুৱালে। দুপৰীয়া ভাত খাই উঠি আমাৰ আড্ডাৰ চাংখনত খেলিবৰ বাবে ডাঙৰ লুডু এখনো কিনি ল’লে। ম’বাইল ৰিচাৰ্জৰ দোকানত গৈ শিৱনাথদাই নতুনকৈ লোৱা ন’কিয়া ষোল্লশ ম’ডেলৰ ম’বাইল ফোনটোত দুশ বাইশ টকাৰ লাইফ টাইম ৰিচাৰ্জ পেক এটাও ভৰাই ল’লে। মোকো দুই এটা প্ৰয়োজনীয় বস্তু কিনি দিলে। শিৱনাথদাৰ এটিটিউদ দেখি আচলতে আনাৰসৰ মালিক মই নে শিৱনাথদা, তেতিয়ালৈকে মই একো ঠিৰাং কৰিব পৰা নাছিলোঁ। টাউনৰপৰা ঘৰলৈ ঘূৰি আহি থাকোঁতে ৰাস্তাত মানুহ এঘৰত সোমাই শিৱনাথদাই বস্তাটোত আনাৰসৰ ওপৰৰ গা-গছৰ অংশ ভৰাই অনা গা-গছবোৰ মানুহঘৰৰ বাৰীত ৰুই থৈ আহিল। আহিবৰ সময়ত গৃহস্থই শিৱনাথদাক সাতশ টকা দিলে। ঘৰ আহি পাই তেওঁ মোক আনাৰস বিক্ৰী কৰা মূল দাম এক হাজাৰ টকাটো দিলে। এটা কথা বুজি পালো যে শিৱনাথদা সঁচাকৈয়ে এটা জিনিয়াছ পিচ।

শিৱনাথদা মানুহটো যিমান চতুৰ, তেওঁৰ ভাগ্যখন পিছে তাৰ সম্পূৰ্ণ বিপৰীত। চিধাচিধি ক’বলৈ গ’লে তেওঁৰ ভাগ্য নালায়ক। মানুহটোৱে সদায় উচ্চাকাংক্ষা কৰে, ফলাফল কিন্তু সদায় বিপৰীত হয়। এই ক্ষেত্ৰত তেওঁক আজীৱন নিউটনৰ তৃতীয় গতিসূত্ৰই সহযোগ কৰি আহিছে। কেতিয়াও বিশ্বাসঘাটকতা কৰা নাই। কেতিয়াবা যদি শিৱনাথদাৰ চাইকেলখনৰ টিউবটো পাংচাৰ হয়, তেনেহ’লে সমান্তৰালভাৱে টায়াৰটোৱেও সেইদিনাই ইহলীলা সম্বৰণ কৰে। অথবা এই ধৰক শিৱনাথদাৰ জেপৰ চাধাৰ টেমাটোত যদি কোনোবা দিনা চাধা থাকে, আনটো মূৰত সিদিনা চূণ নথকাটোও একো ডাঙৰ কথা নহয়।

শিৱনাথদা শিৱভক্ত। হয়তো তেওঁৰ নামটোৱেই সেই ঐতিহ্য বহন কৰি আছে তেওঁৰ স’তে। মিহিকৈ দীঘল ৰঙা ফোঁট এটা তেওঁৰ কপালত সদায় থাকে। মানুহটোৱে ক’লা চশমা পিন্ধি ভালপায়। এই শিৱনাথদাৰ লগত তেওঁৰ এটা জৰুৰী কামত এবাৰ মই মাজুলীলৈ গৈছিলোঁ। ঘৰলৈ উভতি অহাৰ সময়ত দোভাগ ৰাতি হৈছিল। ভৰ বাৰিষাৰ ৰাতি। ধাৰাষাৰ বৰষুণ। গাড়ীৰ হেদ লাইট, ৱাইপাৰে ভালকৈ কাম দিয়া নাছিল। মই লাহে লাহে গাড়ী চলাই আহি আছিলোঁ। মোৰ কাষত শিৱনাথদা। বৰষুণ পৰি থকা বাবে পৰিৱেশটো বৰ ঠাণ্ডা হৈ পৰিছিল। শিৱনাথদাই মোক চিগাৰেট আছে নেকি সুধিলে। মই ক’লোঁ,

:- বক্সত চাওকচোন, চিগাৰেট থাকিবও পাৰে।

আচলতে মই তেনেকৈ চিগাৰেট নাখাওঁ। কাচিৎ ক’ৰবাত লগৰ ল’ৰাৰ বাধ্যত পৰি খোৱাটো বেলেগ কথা। শিৱনাথদাই গোটেই বক্সটোৰ কাগজবোৰ খুচুৰি খুচুৰি অৱশেষত এটা চিগাৰেট বিচাৰি পালে। এতিয়া ডাঙৰ কথা হ’ল, চিগাৰেটহে পালে, জুইশলাতো গাড়ীত নাই! চিগাৰেট কেনেকৈ জ্বলাব! অশ্লীল গালি এটা পাৰি কিছুসময় শিৱনাথদাই মনতে কিবা এটা ভাবিলে। তাৰ পিছত মোক ক’লে,

:- বিজু, ৰাস্তাৰ কাষত কিবা মন্দিৰ দেখা পালে গাড়ীখন ৰখাবা।

মই বিশেষ একো নাভাবিলোঁ। জেংৰাই পাৰ হৈ আহি ৰাস্তাৰ কাষত এটা সৰু মন্দিৰ দেখা পাই মই গাড়ীখন ৰখালোঁ। শিৱনাথ দাই গাড়ীৰপৰা ছাতি এটা লৈ নামি গ’ল। মূষলধাৰ বৰষুণৰ মাজত মন্দিৰৰ সন্মুখত থিয় হৈ শিৱনাথদাই হাতযোৰ কৰি ঈশ্বৰক উদ্দেশ্যি ক’বলৈ ধৰিলে,

:- ভগৱান, এইটো কি মন্দিৰ এই ৰাতিখন মই ঠিক ধৰিব পৰা নাই। কিন্তু পাৰিলে তুমি মোক মাফ কৰি দিবা। বৰ ঠাণ্ডা লাগিছে, চিগাৰেট এটা জ্বলাবলৈ জুইশলা কাঠি এটা ল’ম। তুমি চিন্তা নকৰিবা, কাইলৈ ৰাতিপুৱা মই মন্দিৰত এক পেকেট জুইশলা দান দি আহিম।
শিৱনাথদাই জুইশলাৰপৰা কাঠি এটা লৈ অলপ দূৰলৈ গৈ চিগাৰেটটো জ্বলাই পুনৰ মন্দিৰত প্ৰণিপাত জনাই জুইশলা কাঠিটো আগৰ ঠাইত থৈ আহিবলৈ নাপাহৰিলে। সেইদিনা শিৱনাথদাই কোৱা মতে, জীৱনত তেওঁ যিমান চিগাৰেট খালে, সেই চিগাৰেটটোৰ সমান তৃপ্তিদায়ক চিগাৰেট হেনো তেওঁ আজিলৈকে ক’তোৱেই খাই পোৱা নাই!

বৰ বেছি পুৰণি কথা নহয়। যোৱা বছৰৰ নৱেম্বৰ মাহৰ ঘটনা। চিকিৎসা সংক্ৰান্তীয় কাৰণত শিৱনাথদা বেচ কিছুদিন ধৰি অফিচৰপৰা ছুটী লৈ ঘৰত আছিল। ছুটী শেষ হোৱাৰ পিছত তেওঁ পুনৰ ৰঙাপাৰালৈ গ’ল। শিৱনাথদাৰ ভাড়াঘৰৰ জীৱন পুনৰ আৰম্ভ হ’ল। ডাক্তৰৰ পৰামৰ্শ মতে শিৱনাথদাই কিছুদিন বাইক চলাব নোৱাৰিব। সেইবাবে আহোতে তেওঁ বাছৰ ওপৰত ঘৰৰ পৰা চাইকেল এখন লৈ আহিছে। অফিচলৈ যোৱাৰ বাবে অন্ততঃ সুবিধা এটা হ’ব। প্ৰায় দুমাহৰ পিছত ৰুমলৈ আহি শিৱনাথদাই প্ৰথমতে ৰুম, পাকঘৰ, বিচনা আদি চাফা কৰি ল’লে। তাৰ পিছত ভাত ৰান্ধিবলৈ পাকঘৰত সোমাল। প্ৰেচাৰ কুকাৰৰ হুইচেল অহাৰ ঠিক আগে আগে শিৱনাথদাৰ গেছৰ চিলিণ্ডাৰটো শেষ হ’ল। তেওঁ বিশেষ নাভাবি লগৰ এজনক ফোন কৰিলে, এক্সট্ৰা চিলিণ্ডাৰ বিচাৰি। লগৰজনে তেওঁক চিলিণ্ডাৰ আনিবলৈ মাতিলে। শিৱনাথদা চাইকেলত খালী চিলিণ্ডাৰটো বান্ধি ওলাই গ’ল। অলপ সময় পিছতে তেওঁ নতুন ভৰ্তি চিলিণ্ডাৰ এটা লৈ আহি পালে। এইবাৰ তেওঁ আধা সিজা ভাতখিনি পুনৰ ৰান্ধিবলৈ গেচটো অন কৰোতে দেখিলে যে, আচলতে চিলিণ্ডাৰৰ কোনো দোষ নাই। গেচৰ পাইপডালৰহে লিক এটা হৈছে। তেওঁ ইমানদিন ৰুমত নথকাত নিগনিয়ে পাইপডাল তলৰফালে অলপ কুটিছে। এইবাৰ শিৱনাথদা ৰেগুলেটৰৰ পাইপ কিনিবলৈ আকৌ চাইকেল চলাই দোকানলৈ ৰাওনা হ’ল। চাইকেলখন গেচ ষ্ট’ভৰ দোকান এখনৰ সন্মুখত থৈ তেওঁ ভিতৰলৈ সোমাই গ’ল। পাইপডাল কিনি পইচা দি দোকানৰ বাহিৰলৈ আহি শিৱনাথদাই দেখিলে, তেওঁৰ চাইকেলখন নাই। কিমান সময় হ’ল বাৰু! খুব বেছি পাঁচ মিনিট। এই পাঁচ মিনিটতে চাইকেল এখন কেনেকৈ নোহোৱা হৈ যাব পাৰে! কিছু সময় বিচাৰ খোচাৰ কৰি শিৱনাথদাই বুজি পালে লে যে তেওঁ বৃথা চেষ্টা কৰি আছে। তেওঁৰ চাইকেলখন চোৰে চুৰি কৰিলে। শিৱনাথদাই তাৰপৰা আকৌ লগৰ এজনক বাইকখন লৈ আহি তেওঁক ৰুমত থৈ আহিবলৈ ফোন কৰিলে।

মুঠৰ ওপৰত শিৱনাথদা য’ত, তাতেই দুনীয়াৰ আপদবোৰ আহি হাজিৰ হৈ যায়। শিৱনাথদা এতিয়াও আছে। ৰঙাপাৰাৰ সেই অফিচটোতে তেওঁ এতিয়াও চাকৰি কৰি আছে। যদি শিৱনাথদাক বাস্তৱত লগ পাবলৈ আপোনালোকৰ মন যায়, তেন্তে ভাগ্য ভাল থাকিলে ৰঙাপাৰা বজাৰত নতুবা চাহ বাগানৰ মাজৰ অফিচটোত অথবা কেতিয়াবা ৰঙাপাৰা ষ্টেচনতো আপুনি শিৱনাথদাক হঠাৎ লগ পাই যাব পাৰে। মাত্ৰ এটা কথা আপোনালোকে মন কৰিব, সিদিনাও হয়তো আপোনাৰ লগত তেওঁৰ কিবা নহয় কিবা এটা ঝেং হৈ যাব পাৰে!

☆ ★ ☆ ★ ☆

8 Comments

  • দীক্ষিতা

    বঢ়িয়া লাগিল পঢ়ি । কিন্তু মানুহজন কাল্পনিক নে বাস্তৱ, সেইটোহে খু-দুৱনি এটা থাকি গ’ল।

    Reply
    • Anonymous

      দীক্ষিতা, ধন্যবাদ।শিৱনাথ দা সঁচা চৰিত্ৰ।
      ফটাঢোল গ্ৰুপ আছে।
      দুপৰীয়া লেখাটো পঢ়ি পৃথিৱীৰ আটাইতকৈ অশ্লীল আৰু লেতেৰা গালিবোৰেৰে মোক নৱবৰ্ষ উজাৰি দিলে ।

      Reply
  • Rajib gogoi

    Rinku huntudai falile ne aji?

    Reply
    • Anonymous

      বেয়া মাৰিব মোক লগ পালে

      Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • Anonymous

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.