ফটাঢোল

শুকান জলকীয়া – ৰক্তাভ কুমাৰ

” তেজৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ ॥

  ৰজনী বিদূৰ দিশ ধৱলী বৰণ।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ॥ “

হওঁতে মানুহজন বৰ ধাৰ্মিক। কাহিলি পুৱাতে টোপনিৰ পৰা উঠি নাদৰ পাৰত গা ধুই আহি হৰিনাম নোলোৱাকৈ তেওঁৰ দিনটোৰ আৰম্ভণি নহয়েই। তাৰ পিছত সুন্দৰকৈ চৰুঘৰটো সাৰি লৈ জলপান অকণ খাই ডাঙৰ মোনা দুখন লৈ বজাৰলৈ বুলি ওলাই যায়।

বৰপুখুৰীৰ চ’কত সদায় ৰাতিপুৱা ৬.৩০ বজাত অহা বাছখন তেওঁৰ যাত্ৰাৰ মাধ্যম। আশীৰ দহকৰ গোবিন্দ মহাজনৰ গাড়ী সেইখন। কৰ্দৈগুৰি বজাৰৰ পৰা কচুবিললৈ প্ৰায় বিশ কিল’মিটাৰৰ দূৰত্ব অতিক্ৰম কৰিবলৈ এতিয়াও গাড়ীখনে দুই ঘণ্টাতকৈ কম সময় নলয়। আগতেও সিমানখিনি সময়েই লৈছিল,তেতিয়া পিছে কেঁচা ৰাস্তা আছিল। কিন্তু এতিয়া ‘প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা’ৰ অধীনত হোৱা পকী ৰাস্তাতো গাড়ীখনৰ প্ৰদৰ্শন ইমান ধ্ৰুৱক হৈ থকাটো একপ্ৰকাৰ শলাগিবলগীয়া(!!) কথা। গাড়ীচালক মিথুন ড্ৰাইভাৰৰ কথা কি নো কম! আশীৰ দশকত তেওঁৰ নিচিনা দেখনিয়াৰ যুৱক সেইখিনি অঞ্চলত কোনো নাছিলেই বুলি ক’লেও ভুল নহ’ব। পেশীবহুল দুই হাতেৰে যেতিয়া পোন্ধৰ ইঞ্চি ব্যাসৰ ষ্টেয়াৰিঙডাল তেওঁ হাতেৰে ধৰি পকাইছিল, তেওঁৰ ‘বাইছেপছ’ দেখি বহুতৰে মুখৰ মাত নোলোৱা অৱস্থা হৈছিল। ফুলমতী আৰু লগৰীসমূহৰ ‘পেকেজদ ক্ৰাছ’ আছিল মিথুন ড্ৰাইভাৰ। দেখিবলৈও তেওঁ চাইকেলৰ আঁৰত গুলীৰ পৰা নিৰাপত্তা লোৱা মিথুন চক্ৰৱৰ্তীৰ নিচিনাই আছিল, মাত্ৰ অলপ শকত আছিল। সেই মিথুন ড্ৰাইভাৰ এতিয়া ষাঠীৰ ঊৰ্ধৰ মানুহ, তথাপিও তেওঁৰ পেশীবহুল হাত এতিয়াও ‘গৌৰী ট্ৰেভেলছ’ ৰ ষ্টেয়াৰিঙতেই আছে। যিমান টাটা মেজিক-টেম্পো নাহক, মিথুন ড্ৰাইভাৰৰ ড্ৰাইভিঙৰ ওপৰত এতিয়াও মানুহৰ বিশ্বাস আছে।

ঘটনাটোৰ নায়কজনৰ নাম হৈছে ‘বেহৰ’ খুড়া। ‘বেহৰ’ পিছে তেওঁৰ জন্ম পত্ৰিকাৰ নাম নহয় দেই, জন্মসূত্ৰে তেওঁৰ নাম দুধৰাম। চতুৰ্থ শ্ৰেণীলৈ কিবাকৈ তপিনা ঘঁহি ঘঁহি পঢ়াৰ পিছত কিতাপ-বহীক একেলগে ‘ব্ৰেকাপ’ প্ৰদান কৰি তেওঁ বেপাৰত লাগিছিল। বেপাৰ মানে দেউতাকৰ দেইলি মাৰ্কেটত থকা সৰু পাচলিৰ দোকানখনৰ উত্তৰাধিকাৰী হোৱাৰ কুচকাৱাজ  চলোৱা আৰম্ভ কৰিছিল। তেওঁৰ দেউতাক হৰমোহনক গাওঁত সকলোৱে ‘মহাজন’ বুলি মাতিছিল। দেউতাকৰ পিছত ‘মহাজন’ উপাধিটো পোৱাৰ আশাতেই ‘বেহৰ’ ওৰফে দুধৰামে দেউতাকৰ বৃত্তিটোৰ প্ৰতি বৰকৈ আকৃষ্ট হৈছিল।
দ্বিতীয় শ্ৰেণীত পঢ়ি থকা দুধৰামক এবাৰ বিদ্যালয়ৰ পৰিদৰ্শকে ছবি আঁকিবলৈ কোৱাত তেওঁ এটা সৰিয়হগুটি (বেহৰ)ৰ ছবি আঁকিছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ নাম পৰিছিল ‘বেহৰ’।

‘বেহৰ’ আৰু মিথুন ড্ৰাইভাৰ স্কুলীয়া দিনৰেই বন্ধু। মিথুন ড্ৰাইভাৰেও তৃতীয় শ্ৰেণীতেই পঢ়া শেষ কৰি চাইকেল দোকানত কাম কৰিব সোমাইছিল।’বেহৰ’ খুড়াই দৈনিক ৰাতিপুৱাই কচুবিল বজাৰলৈ বুলি মিথুন ড্ৰাইভাৰৰ গাড়ীত উঠি মাল আনিব গৈছিল। গোটেই ৰাস্তা দুই বন্ধুৱে ভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ উপৰি বিবাহিত লোকৰ সমালোচনা কৰিছিল, কিয়নো দুয়ো বন্ধু আছিল অবিবাহিত। ‘বেহৰ’ খুড়া অবিবাহিত হোৱাৰ কাৰণটো হ’ল অকালতে সংগ এৰা তেওঁৰ কেশবিন্যাস। কিন্তু মিথুন ড্ৰাইভাৰ অবিবাহিত হোৱা কাৰণটো আজিলৈকে কোনেও নাজানিলে।

কচুবিল বজাৰৰ পৰা যিমান পাৰি দৰ-দাম কৰি দুয়োখন মোনা ভৰ্তি কৰাৰ উপৰি পিন্ধি থকা বগা কুৰ্তাটোৰ দুয়োখন পকেটত আদা-নহৰু সোমাই লৈ আনি ‘বেহৰ’ খুড়া ঘৰলৈ আহিছিল। ঘৰ আহিয়েই তেওঁ দিনতেই ৰাতিলৈও বুলি ভাত-আঞ্জা বনাই বজাৰলৈ পাচলি বেচিবলৈ ওলাই গৈছিল। সোনকালে বজাৰ গৈ সতেজ শাক-পাচলিবোৰ উঠাই আনিব পাৰিছিল কাৰণে তেওঁৰ গোটেই পাচলি বজাৰত সোনকালেই বিক্ৰী হৈ গৈছিল।

এদিন ‘বেহৰ’ খুড়াই দিনৰ ভাগত আলু-চয়াবিনৰ আঞ্জা আৰু ভাত বনাই মেলি আবেলি সময়ত দোকান মেলিবলৈ বজাৰলৈ বুলি ওলাই গ’ল,কিন্তু দৌৰা-দৌৰিতে আঞ্জাত ঢাকোন দি থৈ যাব পাহৰিলে। ৰাতিপুৱাৰ পৰা দিনটো তেনেদৰে কষ্ট কৰিছিল কাৰণে উপাৰ্জনৰ কিছু অংশ তেওঁ ৰঙীন পানী ধৰিবলৈও খৰছ কৰিছিল। সিদিনা আছিল পূৰ্ণিমাৰ ৰাতি।সেইদিনাও বজাৰ শেষ কৰি ওচৰৰ ভাটিত ৰঙীন পানী অলপ ধৰি ‘বেহৰ’ খুড়াই মান্না দে’ৰ ‘দিনৰ পোহৰ ৰংচঙীয়া ‘ গানটো গাই গাই ঘৰ সোমাইছিল। হওঁতে পিছে তেওঁৰ ঘৰত বিজুলী বাতিৰ সু-বন্দোবস্ত আছিলেই, কিন্তু প্ৰকৃতিৰ বাতি পূৰ্ণসজ্জাৰে আলোকিত হৈ থকাৰ কাৰণে সিদিনা বিজুলী বিভাগে সাময়িক অব্যাহতি লৈছিল বাবে খিৰিকী ফাঁকেৰে অহা পোহৰতেই খুড়াই ভাতৰ পাতত বহিছিল। এনেই মদৰ ৰাগীত মাতাল ‘বেহৰ’ খুড়া, তাতে আকৌ ভোকত কলমলাই থকা পেট। কাঁহী বুলি চৰুঘৰৰ মাটিতেই ভাতকেইটা বাঢ়ি ল’লে। এইফালে আঞ্জাত ঢাকনি লগাইছেনে নাই তালৈ চাবলগীয়া নাই, কিবাকৈ কৰছখন বিচাৰি লৈ আলু-চয়াবিনৰ আঞ্জা ভাতৰ ওপৰত ঢালি লৈ খুড়াই ভোজন আৰম্ভ কৰিলে। এনেতে কোনো এটা পাকত মুখৰ ভিতৰত অলপ দীঘলকৈ কিবা এটা সোমাই যোৱা যেন পোৱাত সেইটো হাতেৰে ধৰি লৈ খিৰিকীমুখলৈ আহি সেইটো পৰীক্ষা কৰাত লাগিল দৰাচলতে তেওঁ খালে কি! কিছুসময় সেইটোৰ ফালে চাই থাকি ধৰিব নোৱাৰি নিজক নিজে কোৱাত লাগিল,

: মইতো আঞ্জাত শুকান জ্বলা দিয়া নাছিলোঁ, ই আহিল ক’ৰ পৰা!

এইবুলি অচিন শুকান জলকীয়াটো তেওঁ খাই শেষ কৰি পেলালে।

( আচলতে ‘বেহৰ’ খুড়াই শুকান জলকীয়া বুলি ভবা বস্তুটো আছিল এটা পইতাচোৰা হে! ঢাকনি নিদিয়া আঞ্জাত সোমাই সেইটোৱে ওলাই আহিব নোৱাৰি তাতেই মৰি পৰি আছিল। খুড়ায়ো বৰ এটা বিশেষ নাভাবি শুকান জলকীয়া বুলি সেইটোকে খাই-বৈ শুই পৰিছিল।)

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.