ফটাঢোল

শুভ ককাৰ অশুভ কৰ্ম-উৎপলা শইকীয়া

কলং নদীৰ পাৰতেই আমাৰ শুৱনি গাঁওখন। অৱশ্যে সেই কবিতাৰ গাঁওখনৰ সমান শুৱানিটো গাঁৱৰপৰা হয়তো আমি জন্ম হোৱা সময়ৰপৰাই কমি আহি আজিৰ চেমি-আধুনিক শুৱনি হৈ ৰৈছে। আমাৰ গাঁৱৰে নাম থকা দুই যুৱক নন্দন আৰু কানাই, দুয়ো নলেগলে লগা বন্ধু। এক কথাত সেই হিন্দী চিনেমাত কোৱা লংগুটিয়া য়াৰ দুয়ো। পঢ়া-শুনাত দুয়ো ৰসাতলৰপৰা কেইমিটাৰমান ওপৰত এডাল অনুভূমিক সমান্তৰাল ৰেখাৰে গতি কৰি গৈ গৈ এতিয়া কলেজৰ দুৱাৰদলিত ভৰি দিছেগৈ। সিহঁতৰ বয়সৰ ল’ৰাবোৰৰ গাত থাকিবলগা বাকীবোৰ গুণত কিন্তু সিহঁত সদায় ভালৰ পিছত আৰু বেয়াৰ আগত।

মাঘ বিহুৰ সময়ত আন একো নহ’লেও গোহালিবোৰৰ খিৰতী গাইকেইজনীৰ ডামুৰিবোৰৰ ৰচী খুলি দিয়া আৰু শুভ ককাৰ জপনাখন ডাঙি আনি জুইত দি দিয়াৰ আঁৰত সিহঁতৰে যে হাত থাকে সেয়া সকলোৱে ভালকৈ জানে। সিহঁতহালৰ মতে বিহু বুলি এইখিনিকে নকৰিলে সিহঁতৰ নাম বদনাম হয় বোলে। এই কাৰ্য্যটোৰ বাবে বিহুৰ দিনা পুৱা খঙত অগ্নিশৰ্মা হৈ গোৱাল গালি পৰা মলমলী বৰমাক দুই একে অৱশেষত বুজাই, “হব দিয়া নবৌ, চেঙেলীয়া ল’ৰা বিহু বুলি ফূৰ্তি অলপ কৰিলে আৰু।” এফালে দুই একে মলমলী বৰমাক বুজাই থাকোঁতেই আনটো চুবুৰীত গাঁওখনৰে এভাৰগ্ৰীন শুভ ককাৰ গালিৰ বৰষুণৰ দপদপনি আৰম্ভ হয়।

অতীজত শুভ ককাহঁতৰ পৰিয়ালত এটা হাতী আছিল হেনো। তেওঁলোক এসময়ত গাঁওখনৰ ভিতৰতে ধনে ধানে সকলোতকৈ উন্নত আছিল। বৰ্তমান অৰ্থনৈতিক দিশত ককাহঁত ইমান টনকিয়াল নহয় যদিও কথাইপতি ককাৰ সেই হাতী পোহা দিনৰ প্ৰতিপত্তি শেষেই নহয়।

: লাঠি খোৱাৰ পুতেকহঁত, ককাৰক চিনি পোৱা নাই হাঁ। হাতীৰে গচকাই মাৰিম সমুখত পালে। গোট গাঁওখনৰ জপনাবোৰ থাকে হাঁ, প্ৰতি বছৰে তহঁতে এই আমুকাৰখনহে দেখহি….থুই কতা….

ইফালে এইবোৰৰ সমান্তৰালকৈ ঘৰত মাকহঁতৰ গালি। ককাই যিমানে চিঞৰি গালি পাৰিছে সিহঁত দুয়োৰে ঘৰতো সমানে মাকহঁতে গালিৰ দোপালপিটা বৰষুণ ঢালিছে। অৱশ্যে এনে বহু গালি অনায়াসে হজম কৰিবপৰা কেপাচিটি সিহঁতে কাহানিবাতে আয়ত্ব কৰি লৈছে। সেইবুলি এইবোৰৰ লগতে মাজে মাজে ককাকক নগুৰনাকতি কৰিবলৈয়ো সিহঁতে নেৰিছিল।

সিহঁত দুয়ো বিহুৰ দিনা আবেলি লগ লাগিল আৰু মনতে এইবাৰ ককাকক এসেকা দিবলৈ পাঙি সুযোগৰ অপেক্ষাত ৰ’ল।

এতিয়াৰ গাঁওবোৰ আৰু আগৰ সেই পুৰণিকলীয়া গাঁও হৈ থকা নাই। সকলো দিশতে আধুনিকতাই চুই গৈছে। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানমৰ্মে অনাময় আচনি গাঁৱৰ ঘৰে ঘৰে শিপালে। পিচে ইমানবোৰৰ পিছতো ককাৰ সেই পুৰণিকলীয়া নৈৰ পাৰত বতাহৰ লগত মিতিৰালি কৰি প্ৰাতঃকৰ্ম সম্পন্ন কৰা অভ্যাসটোৱে লগ নেৰিলে। যিটোৰ বাবে গাঁৱৰ প্ৰায় সকলোৱেই ককাৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ থাকে। পিচে হ’লেনো কি হ’ব, গাঁওখনৰ ভিতৰতে জ্যেষ্ঠ বুলিয়েই সকলোৱে তেখেতক সমীহ কৰে। সেই সুবাদতে উক্ত কাৰ্য্যটিত ককা উঠি ৰজা বহি ৰজা হোৱাৰ দৰে হৈছে।

সিদিনা ৰমলা পেহীহঁতৰ গোটৰ মিটিং নন্দনহঁতৰ ঘৰত হৈছিল। মিটিঙত সকলোৰে মুখে মুখে সহৱ হৈ উঠা আলোচনাৰ মূখ্য বিষয় আছিল শুভ ককা। কাৰণ ৰমলা পেহীয়ে নৈৰ পাৰত ৰাতিপুৱাই কাপোৰ ধুবলৈ গৈ শুভ ককাৰ মুখৰ আগতে পৰিছিলগৈ। ৰমলা পেহীৰ আপত্তি ভৰা সুৰ

: এহ নক’বা আৰু তৰামাই নবৌ, এই শুভ বুঢ়া পাতৰপৰা নৈপাৰলৈ যাবলে শান্তি নাই। ইফালে লাজ সন্মান যাব লগা অৱস্থা।
: হয় আই, আজিৰ দিনতোনো মানুহে এনেকৈ নদীৰ পাৰত বহিব লাগেনে।

এই আলোচনাৰ কথা ড্ৰয়িং ৰূমৰপৰা শুনি থকা নন্দনৰ মনত কাৰেণ্টৰ সোঁত এটা বৈ গ’ল। লগা  লগ কাণাইক ফোন লগালে৷

: ঐ ক’ত আছ? বুঢ়াক এশিক্ষা দিয়াৰ চাঞ্চ পাই গ’লোঁ। তই কাইলৈ পুৱাই মোৰ ওচৰলৈ আহিবি।

দেশত মাৰ্চ মাহৰপৰাই প্ৰাদুৰ্ভাৱ ঘটা কৰ’ণা নামৰ ৰোগটোৰ নামত আমাৰ গাঁৱতো কম বেছি পৰিমাণে সংশয়ে বাঁহ লৈছে। এইবেলি নতুন বেমাৰৰ ভয় আমাৰ শুভ ককাৰ আনতকৈ অলপ বাৰুকৈয়ে বেছি। নন্দনৰ কথা মতেই পিছদিনা পুৱাই কানাই আৰু সি গৈ নৈৰ পাৰত ৰৈ থাকিল। যথা সময়ত ককাই নিজৰ কামফেৰা সমাপন কৰি ওলাই আহিল। আহিয়ে হালকে দেখি ককাই অলপ থতমতো খালে। বোলে,

: তহঁত এই পুৱাই পুৱাই কিয় নৈৰ পাৰ পালিহি অ’?

কানায়ে মাত লগালে,

: ককা অ’ তুমিহে আমাক দেখিব নোৱাৰা। আমি তোমাক কৰ’ণাৰপৰা বচাবলৈকে ৰাতিপুৱাই টোপনিকণ বিসৰ্জন দি এইখিনি ওলালোঁহি।

: অঁঁ জানা ককা, তুমি চাগৈ কালিৰ খবৰটো পোৱাই নাই ন? সেইযে কদমনি গাঁৱৰ নালীয়া বুঢ়া, কালি হঠাতে মৰিল নহয়৷

নন্দনে মুখত এসোপামান উৎসুকতা দেখুৱাই ক’লে।

: হে হৰি কি কৱহঁত। সি মোৰ লগৰে আছিল। কৰ’ণাই পালে নেকি হে ঔ তাক?

: হয় অ’ ককা৷

দুয়োৰে সমস্বৰে উত্তৰ।

: আচলতে কি  জানে ককা, সেইযে নালীয়া ককা, তেখেতৰ আপোনাৰ দৰেই এটা খুব বেয়া অভ্যাস আছিল। সদায় পুৱাই পুৱাই নদীৰ পাৰখন লেতেৰা কৰে৷ অৱশেষত তাৰেই সুযোগত কৰ’ণাই তেখেতক বগাৰাই পেলালে।

: ধৈ, মোক মিছা মাত, এই পুৱাই। কৰ’ণা মানুহৰ ডিঙিতহে হয়। কৰ’ণা নদীৰ জলকোঁৱৰ নহয় নহয়। হেঁচা মাৰি মানুহ মাৰিবলৈ।

: হাৰে ককা আপুনি হ’বলা গম নাপায়, আজিকালি যে কৰ’ণা টেষ্ট কৰিলেই বেলেগ কিবাও ধৰা পৰে। ধৰা পৰে মানে, কিছুমান বেয়া অভ্যাসৰ বাবেইতো বেমাৰে মানুহ শেষ কৰি পেলোৱাৰ পিছতহে ধৰা পৰে। সেইজনৰো বাটে ঘাটে এইবোৰ লেতেৰামি কৰি ফুৰাৰ বাবেই অৱশেষত কৰ’ণা টেষ্ট কৰোঁতে ‘পাইলচ’ ওলাল আৰু মাত্ৰ দুদিনতে কাম শেষ।

কানাইৰ চতুৰ কথাষাৰত শুভ ককাই একো তত নাপাই সঁচা বুলিয়ে ভাবিলে আৰু বিৰাট ভয় খালে। মনতে ভাৱিলে, “হ’বও পাৰে। আজিকালিৰ যুগত যিবোৰহে বেমাৰ ওলাইছে, কিহৰপৰা কি হয়গৈ একো ধৰিব নোৱাৰি দেখোন। ছেঃ! ইমানদিনে নদীৰ পাৰত বৰ বেয়া কামটো কৰি থাকিলোঁ নহয়।”

ইফালে ককা আৰু কানাইৰ কথা, বিশেষকৈ কৰ’ণা টেষ্ট কৰোঁতে পাইলচ ওলোৱা কথা আৰু বননিখন লেতেৰা কৰা বাবেহে বনৰ বীজানু গৈ দেহত পাইলচৰ সৃষ্টি কৰা বুলি দিয়া কানাইৰ ব্যাখ্যা শুনি আৰু ককাৰ ভয়াৰ্ত মুখৰ এক্সপ্ৰেচন চাই নন্দনৰ হাঁহি ৰখাব নোৱাৰা অৱস্থা হ’ল। তথাপি কানাইৰ ইচাৰাত হাঁহিটো লুকুৱাই বিৰাট গহীনভাৱে ককাক বুজালে কেনেকৈ নৈৰ পাৰত হোৱা মূৰ ফুলা বনৰ গুটিৰ ৰসে নালীয়া ককাৰ দেহত সোমাই পাইলচৰ দৰে দুৰাৰোগ্য বেমাৰৰ সৃষ্টি কৰিলে। এই সুযোগতে দুয়ো ককাক পিছদিনাৰপৰা ঘৰত অনাময় আঁচনিৰ শুভাৰম্ভ কৰিব বুলি কথা দিয়ালে।

বিশ্বাস কৰক তাৰ পিছৰপৰা বোৱাৰী পুৱাতে উঠি নৈৰ পাৰলৈ যোৱা গাঁৱৰ কোনো এগৰাকী মহিলায়ো ককাক আৰু নৈৰ পাৰত দেখি অস্বস্তিত পৰিব লগা নহ’ল৷

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.