ফটাঢোল

শেষ-দেবজিত শৰ্মা

“ঐ উৎপল, তোৰ কোঠাটো অলপ ঠিককৈ ৰাখিবি৷ ৰাতিৰ বাছত গুৱাহাটীৰ পৰা কাকতিদা আহিব৷”

উৎপল মোৰ ৰূমমেট৷ ঘটনাৰ সময় ২০১২ চন মান হ’ব৷ উৎপল খুবেই অপৰিপাটি, তাৰ কোঠাটো দেখিলে মানুহৰ কোঠা নে চিৰিয়াৰ যুদ্ধস্থলী ধৰিবই নোৱাৰি৷ কোনোবা আলহী আহিম বুলি ক’লে তাৰ কোঠাটোক লৈয়ে মোৰ টেনশ্যন হয়৷ যিহেতু তাৰ কোঠাটো দুৱাৰ খুলিলেই প্ৰথমে প্ৰথমে পায়৷ গতিকে তাক অলপ পৰিপাটি কৈ ৰাখিবলৈ উপদেশ দিলোঁ৷ কাকতিদা যদিও মেডিকেল লাইনৰ মানুহ তথাপি কিবা এটা যোগসূত্ৰত এবাৰ চিনাকি হোৱাৰ পাছত আন বহুতৰ দৰেই মোৰ বাবেও একেখন নাৱৰে “মাৰ্কেটিং/চেলচ লাইন”ৰ যাত্ৰী ৰূপে পৰিগণিত হ’ল৷ সাংঘাতিক ৰসাল মানুহ, লগতে সভা শুৱনিও৷ তেখেত অহা মানে ভূপেন হাজৰিকাৰ গীতৰ পৰা পঞ্চায়তৰ ৰাজনীতিলৈকে বহু বিষয় সামৰি ল’ব৷ আগতেও আহিছে৷ উৎপলে লগো পাইছে দুইবাৰ মান৷

সন্ধিয়া অফিচৰ পৰা সোনকালে আহি ভাত খাই শুবলৈ গ’লোঁ, কাৰণ কাকতিদাক ৪:৩০ মান বজাতে যোৰহাটৰ বাই পাচৰ পৰা গাড়ীৰে লৈ আনিব লাগিব৷ পুৱা ৪ বজাতে এলাৰ্মৰ শব্দত সাৰ পাই মুখ ধুই বাই পাচলৈ বুলি পোনাই দিলোঁ৷ অলপ সময় অপেক্ষা কৰাৰ পাছত বাছ এখনৰ পৰা কাকতিদাক নমা দেখিলোঁ৷ সেই ৰাতিখনো ফোনত ব্যস্ত, অৱশ্যে কাকতিদা খুবেই কামিলা মানুহ৷ মোক দেখি ফোনৰ সংযোগ বিচ্ছিন্ন কৰি গাড়ীত আসন গ্ৰহণ কৰিলে৷ ভাড়াঘৰ পোৱাৰ পাছত গা ধুই কাকতিদাই তেখেতৰ বাবে ঠিক কৰি থোৱা বিছনাত বিশ্ৰাম কৰিলে৷

পুৱা ৮:৩০  মান বজাত কাকতিদাক মাত দিবলৈ গৈ আচৰিতেই হ’লোঁ৷ ইমান দিনে ভীষ্মৰ অৱতাৰ বুলি জানি অহা কাকতিদা প্ৰেমালাপত ব্যস্ত৷ কথাৰ নদী এখন ইথাৰৰ তৰংগবোৰৰ মাজেৰে বৈ বৈ দুখন হৃদয়ৰ মাজত মোহনাৰ সৃষ্টি কৰি আছিল৷ ৰূমমেট উৎপলে কাকতিদাৰ লগত চিনাকি হোৱাৰ সুযোগ এটাৰ অপেক্ষাত প্ৰায় আধাঘণ্টামান কোঠাটোৰ বাহিৰতে পায়চাৰি কৰি আছিল৷ যি কি নহওক, অৱশেষত সুযোগ এটা পাই দুয়োৰে চিনাকি হ’ল৷ কৰ্তব্যস্থলীলৈ যাত্ৰা কৰাৰ প্ৰাক্‌ মুহূৰ্তত আকৌ প্ৰেমালাপ আৰম্ভ হ’ল৷ ইমানেই ব্যস্ত আছিল যে আমাক ভালকৈ বিদায় সম্ভাষণো জনাব নোৱাৰিলে৷

ইয়াৰ পৰৱৰ্তী দিনত মই কিবা এটা কামত গুৱাহাটী যাব লগা হোৱাত অতিথি আপ্যায়নৰ দায়িত্ব উৎপলৰ ওপৰতে পৰিল৷ প্ৰায় তিনিদিন কাকতিদা মোৰ ৰূমত আছিল আৰু উৎপলে জনোৱা মতে কাকতিদাই অধিকাংশ সময় ফোনতে ব্যস্ত আছিল৷

ইয়াৰ পাছত বহু দিন কাকতিদাৰ খবৰ পোৱা নাছিলোঁ৷ উৎপলো ডেপুটেশ্যনত বেলেগ এখন জিলাত কৰ্মৰত আছিল, এদিন মাজতে কাকতিদা আহিছিল যদিও তাক লগ পোৱা নাছিল৷ উৎপল ডেপুটেশ্যনৰ পৰা ঘূৰি অহাৰ পাছৰ দুইমাহমান পাছত এদিন কাকতিদা কোনো খবৰ খাতি নিদিয়াকৈ আমাৰ ৰূমত পদাৰ্পণ কৰিলেহি৷ গা পা ধুই চাহ একাপ খাই আমাৰ লগতে টিভিৰ আগত বহিল আহি৷ ইমান সময়ে উচপিচাই থকা উৎপলে এইবাৰ মাত লগালে-

: কাকতিদা, কথা এটা কওঁ৷

কাকতি দা : কোৱা৷

উৎপল : আগতে ইমান ফোনত যে কথা পাতি থাকে৷ এইবাৰ ফোন চোন নাই যে, ঘটনাটো কি?

কাকতি দা : (দীঘল উশাহ এটা লৈ) বিয়া পাতিলোঁ নহয় তাইক৷

☆ ★ ☆ ★ ☆

3 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ, পিচে বিশ্বাস হোৱা নাই৷

    Reply
  • বন্দিতা জৈন

    😂😂মজা। বিয়া পতা পিছত কথা পাতিব লগা নাথাকে

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বিয়া পাতিলে মানে চেচেই আৰু৷

    Reply

Leave a Reply

Your email address will not be published.