ফটাঢোল

শৈশৱৰ দেওবৰীয়া আমেজ- আৰমান হাজৰিকা

আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনতেই, শনিবাৰৰ দিনা, দুপৰীয়া সময়ত স্কুলৰ পৰা ওভতোঁতে, আমাতকৈ ডাঙৰবোৰে গোৱা দেখি, আমিও সমানে সমানে “আজি হাফ, কালিলৈ মাফ, পৰহিলৈ বাপৰে বাপ” বুলি, কিবা এটা ছন্দ মিলাই গোৱাদি, গাই গাই ওৰেটো বাট কোৰ্হাল লগাই আহিছিলোঁ। আমি প্ৰাথমিক বিদ্যালয় পাছ কৰি হাইস্কুললৈ যাওঁতেও, ডাঙৰ চামে আমাক দিয়াদি, আমাতকৈ সৰুচামক, সেইকেইষাৰ বাক্য উত্তৰাধিকাৰী সূত্ৰে দিয়াদি দি আহিছিলোঁ।

তেতিয়াৰ দিনত ‘স্কুললৈ যোৱা’ বুলিলে আমাৰ যে কিবা এটা মানসিক উৎকণ্ঠা বা তেনেধৰণৰ ‘ভয় খাব’লগীয়া পৰিস্থিতি উদ্ভৱ হৈছিল, তেনে একো নহয়। বৰঞ্চ, দুই তিনিটা কিবা চৰকাৰী ছুটী মিলি, স্কুল সৰহ দিনলৈ বন্ধ থাকিলেহে আমাৰ দৈনন্দিন কথাবোৰত বেমেজালি হোৱাদি হৈছিল। 

স্কুললৈ সদায়ে সময়তকৈ সোনকালে যাবলৈ তৰানৰা চিঙো। মানে ৰেডিঅ’ত পুৱা চাৰে আঠবজাৰ গীতিমল্লিকা অনুষ্ঠান আৰম্ভ হওঁতেই দুয়োখন ভৰিত দুমগ (কলাফুল দুটাৰো পিছফালে, আঠুৰ ভাজৰ পৰা তললৈ V আকাৰত নিতিতেই) আৰু দুয়োখন হাতত মিলাই এমগ পানী ঢালি, লগতে চুলিখিনিত অকণমান পানী চটিয়াই তিয়াই আহিব পাৰিলেই আমি স্কুললৈ যাবলৈ ইউনিফৰ্ম পিন্ধিবলৈ সাজু! মায়ে যদি, তাতে ওলোটাপাকে ধৰি, ‘গা ধুবলৈ’ হুকুম জাৰি কৰিলে, আমিও “স্কুলৰ পৰা আহোঁতে গৰম লাগি আহে। তেতিয়া গা ধুম!” বুলি অনেকটা বাহানা উলিয়াই ওগোৰমতিখন কৰোঁ। তাতে যদি মায়ে, কথা নবঢ়াই দুৱাৰৰ চৌকাঠৰ ওপৰত থৈ দিয়া চিৰিপনি ডাল নমাই লয়, তেতিয়া আমিও কথা নবঢ়াই, পিন্ধি থকা হাফপেণ্টটো খুলি, গামোচাখন কঁকালত মেৰিয়াই, মাৰ পৰা দহ হাতমান আঁতৰেদি পানীকললৈ দৌৰ দিওঁ। অন্যথাই, সেইভাগেই ইউনিফৰ্মযোৰ গাত ওলোমাই, কিতাপৰ জোলোঙাটো ডিঙিৰ পৰা ওলোমাই লৈ, “মা, আহিলোঁ দেই” বুলি চিঞৰ এটা দি দৌৰ লগাই দিওঁ। তথাপিও মায়ে যদি আখল ঘৰৰ পৰা ওলাই আহি, “এতিয়াই ক’লৈ যাৱ! আঞ্চলিক বাতৰি দিয়াই নাই!” বুলি চিঞৰি কয়, মই কিন্তু ইতিমধ্যেই প্ৰদীপহঁতৰ ঘৰটোৰ পদূলিৰ পৰা, “ঐ দিপ্তী, মই আহিলোঁ দেই” বুলি চিঞৰটো মাৰি, সিহঁতৰ পদূলিটোও চেৰাই যাওঁগৈ।

স্কুললৈ যাবলৈ এনেকৈ তৰানৰা চিঙি ওলোৱাৰ প্ৰধান কাৰণ, ‘আমি যে অত্যন্ত বিদ্যানুৰাগী ছাত্ৰ’ সেইটো মুঠেই নহয়। আমাৰ কথা হ’ল, ‘এজাক সমনীয়াৰ লগত মিলি, স্কুলৰ আগফালৰ, পিছফালৰ দুয়োখন চোতালতে পাৰেমানে চেকুৰি চেকুৰি, খেলিবলৈ পোৱা সময়খিনি উপভোগ কৰা। তথাপিও আমি গাই ভাল পাইছিলোঁ বাবেই, শনিবাৰৰ দিনা স্কুলৰ পৰা ওভতোঁতে “আজি হাফ, কালিলৈ মাফ….” গাই গাই উভতিছিলোঁ।

অৱশ্যে, ‘হাফছুটী’ৰ শনিবাৰৰ পিছদিনাৰ ‘ফুলছুটী’ৰ দেওবাৰৰ দিনটোৰো এটা সুকীয়া আমেজ আছে! সপ্তাহৰ অন্তত, সেইটো দিনৰো যিখিনি এটা সুকীয়া সৌন্দৰ্য্য আছে, আমি তাকো ষোল্লঅনাই উপভোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। গতানুগতিক কামবোৰৰ পৰা ৰেহাই পাই, পঢ়া-লিখাৰ দৰে বিৰক্তিকৰ কামবোৰ নিলগাই থৈ, দিনটো অলপ বেলেগ ধৰণেৰে চলাব খুজোঁ। আব্বাই একো নেমাতে যদিও, মায়ে পিচে, মুঠেই ৰেহাই নিদিয়ে। কেতিয়াবা আনকি অকণমান বেছি বেছিহে কৰি, চিৰিপনিডাল নমাই লৈ, “খবৰদাৰ, আজি মই নোকোৱালৈকে, পঢ়াৰ পৰা নুঠিবি!” বুলি পঢ়ামেজতে চিৰিপনি ডালেৰে সৰৌপ সৰৌপকৈ দুছাট লগাই দি, আমাৰ অকণমানি কলিজাখনকে কঁপাই পঠিয়ায়। গতিকে আমিও অবুজ বালকৰ দৰে কথা নবঢ়াই, “নিচিনো তোমাক ক’ত আছা প্ৰভু….” বুলি ভগৱানকে ধিয়াই চিঞৰি চিঞৰি আঁওৰাই যাওঁ।

আনদিনা আমি শুই উঠাৰ আগতেই কামজাৰিলৈ দৌৰ দিব লগা হোৱাত আব্বাই, দেওবাৰৰ দিনা, ‘মাছৰ চিকুন মোৱা, টোপনিৰ চিকুন পুৱাৰ’ আমেজটো বঢ়িয়াকৈ উপভোগ কৰি লয়। শুই উঠিও আনদিনাতকৈ অলপ আলম-বিলমকৈ খালি চাহটোপা খাই, শাকনিলৈ পাক এটা মাৰে। গোটেই বাৰীখনৰ আদিৰ পৰা অন্তলৈকে ভালকৈ এভূমুকি চাই, উভতি আহোঁতে, বাৰীৰে ৰঙালাও এটা বা ভোল দুটামান চিঙি হাততে লৈ উভতি আহে। মায়ে পিচে তেনেকৈ পাচলি চিঙি, হাততে আনিলে অলপ বেয়া পায়। মাৰ মতে, পাচলি চিঙোতে ডাঙৰ খৰাহী পাতি ধৰিব লাগে। তেতিয়া হেনো গছজোপায়ো উৎসাহ এটা পাই, সৰহ সৰহকৈ গুটি লাগে। মায়ে পিচে তথাপিও, আমাক শুনোৱাদি আব্বাক এজাউৰি নুশুনায়। 

আব্বাই অনা পাচলিকেইটাৰে, তেতিয়াই ভাজি এখন কৰি, তপতে তপতে আমাক ৰুটীৰ লগত খাবলৈ মাতে। গাইপতি দুখনকৈ পৰা ৰুটীয়ে কমহে পৰা যেন লাগেগৈ। মাক ফুচুলাই আৰু এখন লওঁ। জুইৰ চৌকাত তাৱাত সেকি সেকি শেষত ডালডা ঘি অকণ বোলাই দিয়া মচমচীয়া কৰি দিয়া ৰুটীটোৰ লগত, আখলতে বিন্ধনি দি ৰখা আনটো চৌকাৰ ওপৰত, এইমাত্ৰ বাৰীৰ পৰা চিঙি অনা ৰঙালাওৰ লগত আলুগুটি দি ৰন্ধা, কেৰাহীত সিজি থকা ভাজিকণৰ পৰা এহেতা গৰমে গৰমে বাঢ়ি দিয়া ভাজিৰ সৈতে যেয়ে খাই পোৱা নাই, সি জীৱনৰ এটা মধুৰ সোৱাদেই লৈ পোৱা নাই! তাৰ লগতে নুমলীগড়তে বহি নুমলীগড় চাহ বাগিচাৰ চাহপাতেৰে বাকী দিয়া একাপ গৰম গৰম চাহ!

পিচে, সেইকণ সময়ৰ ৰসভঙ্গ হ’বলৈ বেছি পৰ নেলাগে। মায়ে সৈন্যবাহিনীৰ কামাণ্ডাৰৰ সুৰত কৈ দিয়ে, “ওঁ, এতিয়া খালি বলি, আকৌ পঢ়াত বহগৈ!” বিদ্যা কৈছোঁ, সৰগৰ পৰা আহি মাটিত ঠেকেচা খাই পৰা যেন লাগে! অকল “পঢ়িছোঁ” বুলি ক’লেও নহ’ব। মায়ে পাকঘৰলৈকে “চাৰি সাঁতং (সাতগুন) আঠাইশ, চাৰি আঠং (আঠগুন) বত্ৰিছ …. ” স্পষ্টকৈ শুনি থাকিবলৈ পাব লাগিব। ঘড়ীটোত নটা বাজিলেহে আৰু ৰেডিঅ’ত “এতিয়া আঞ্চলিক বাতৰি শুনক, কৈছোঁ নৱ শৰ্মাই…” বুলি ক’লেহে মনটো ভাল লাগে। তাৰ অলপ পিছতেই ৰেডিঅ’ত আৰম্ভ হয়, “কণ কণ ভাইটী-ভণ্টিসকলৰ উদ্দেশ্যে প্ৰচাৰিত কৰা হৈছে, অকণিৰ মেল”! তেতিয়া আমাক ‘অকণিৰ মেল’ শুনিবলৈ এৰি দিবই লাগিব বুলি এক অঘোষিত নিয়মেই আছিল।

অকণিৰ মেল শেষ হওঁতেই আব্বা সাজু হৈয়ে থাকে। কেতিয়াবা মোক মাতে “লুৰা”(ল’ৰা) বুলি। কেতিয়াবা ‘সৰুটো’ (মই ঘৰৰ সৰু) বুলি মাতে। এই দুটা সম্বোধনেৰে আব্বাই মোক মাতিলে ময়ো জানো, আব্বা খোচ মিজাজত আছে যদিও মোক অলপ উচটাই হ’লেও কিবা এটা কামলৈ পাচিব। পিচে দেওবাৰৰ এইটো কামৰ কথালৈ মোক বেলেগকৈ একো সকিয়াবই নেলাগে, মানে মই একেবাৰে ‘এভাৰেদি’ হৈয়ে থাকোঁ। কামটো হ’ল, এতিয়া আব্বাই ময়ে বজাৰলৈ যাম। আব্বাই বজাৰ কৰিব, মই মোনাভাৰী হ’ম।

মই একেবাৰে প্ৰশিক্ষণ প্ৰাপ্ত মোনাভাৰীৰ দৰে, আখল ঘৰৰ দুৱাৰৰ পিছফালে ওলোমাই থোৱা চ’তি কাপোৰৰ বজাৰ কৰা মোনা দুটা লৈ, লগতে মাছ কিনি ভৰাবলৈ, অলপ দাগ লাগি লেতেৰা হোৱা ধৰণৰ সৰু মোনা এটা লৈ ওলাওঁৱেই। মায়েহে পিচে, “অকণমান মানুহমুৱা হৈ যাচোন!” বুলি, কেতিয়াবা পিন্ধি থকা চোলাটো সলাই ‘মোক ভাল মানুহৰ পোৱালি’ যেন দেখা চোলা এটা পিন্ধোৱাই পঠিয়ায়।

বজাৰখন আমাৰ ঘৰৰ পৰা বেছি দূৰৈত নহয়। আমাৰ ঘৰৰ পদূলিত থিয় দিলে, পকীআলিয়েদি যোৱা মানুহবোৰ ‘মতা নে মাইকী’ ধুনীয়াকৈ ধৰিব পাৰি। পকীআলিত উঠি আকৌ সিমানকণ দূৰ উত্তৰলৈ গ’লেই তিনিআলিতে বহা বজাৰখন পায়। বজাৰ বুলি কোনো চালি-তালি নাই। আচল চালি লগা বজাৰখন তাৰ পৰাও দুইকিলোমিটাৰ পশ্চিমলৈহে আছে। বিহৰা বজাৰ। সেইখন বজাৰত দেওবাৰে দিনটোতে পুৱাৰ পৰা দুপৰীয়ালৈকে পাঁচহেজাৰমান মানুহে বোধহয় বজাৰ কৰে। বিশেষ কিবা বজাৰ কৰিব লগীয়া নেথাকিলে আব্বা সেইখন বজাৰলৈ নেযায়। গ’লেও, মই ‘কষ্ট পাম’ বুলি মোক নিনিয়ে। অৱশ্যে দুই চাৰিদিন নিনিয়াও নহয়। মোক নিবলৈ হ’লে, চাইকেলৰ ফ্ৰেমৰ ওপৰৰ লোৰ পাইপডালত চকীৰ কুচন এটা ৰচিৰে বান্ধি, মোক হাতেৰে দাঙি দুফালে দুখন ভৰি মেলাই কুচনটোৰ ওপৰত বহুৱাই দিয়ে। মই দুয়ো হাতেৰে চাইকেলৰ হেণ্ডেলত সাৱধানে ধৰোঁ। বিশেষকৈ বাওঁহাতখন অলপ বেছি সাৱধান হোৱা দৰকাৰ। অলপ গণ্ডগোল কৰিলেই, চাইকেলৰ ব্ৰেক মাৰিবৰ সময়ত বাওঁহাতৰ  আঙুলিতে আৰু তলুৱাত চেপা খোৱাটো নিৰ্ঘাত। ভৰিদুখন চাইকেলৰ ফৰ্কডালৰ আৰু ফ্ৰেমটোৰ যোৰাটোতে ৰখাই থওঁ। বজাৰ গৈ পাই চাইকেলৰ পৰা নমাৰ পিছত, কোনোবা এখন ভৰিত সাৰ সিকতি নোহোৱাৰ দৰে লাগে। অলপ লেকুচিয়াই লেকুচিয়াই দুখোজমান দিওঁতেও, ভৰিৰ তলুৱাত বেজিয়ে মিহিমিহিকৈ বিন্ধাৰ দৰে জিনজিননি উঠি থাকে। এক-দেৰমিনিটমান খোজ কঢ়াৰ পিছতে অৱশ্যে ঠিক হৈ যায়।

নুমলীগড়ৰ তিনিআলিতে বহা বজাৰখনলৈ যাবলৈ হ’লে সেইবোৰ ‘তাম-ঝাম’ নাই। মোনাকেইটা লৈ আব্বাতকৈ চাৰিখোজমান পিছে পিছে বজাৰলৈ আহি থাকোঁ। পকী আলিটোত উঠিয়ে আব্বাই অলপ দক্ষিণলৈ চায়। সুমথিৰাটেঙাৰ দিনত কাৰ্বি পাহাৰৰ কাৰ্বি মানুহে পিঠিত ভাৰ বৈ, হোৰাত ভৰাই সুমথিৰা টেঙা আনে। সুমথিৰাৰ ৰঙ দেখিয়ে, ভাল-বেয়া অনুমান এটা কৰি, কোনোবা এজনক “অ ক্ক” (হেৰা ককাই) বুলি আলিৰ কাষলৈ মাতি লয়। তেতিয়াৰ দিনত নুমলীগড়ত সুমথিৰা বৰ সস্তা! তথাপিও দৰদাম কৰে। ‘ক্ব’য়ে দুটকাত কুৰিটা দিয়ে, আব্বাই তেইছটা বিচাৰে। কেতিয়াবা ‘তেইছ’ বুলিলে, ক্কয়ে হেবাং লাগি ৰৈ থাকে। আব্বাই দুয়োখন হাতৰ আঙুলিকেইটা মেলি জপাই দুবাৰ দেখুৱাই ‘কুৰি’, আকৌ অকলে তিনিটা আঙুলি দেখুৱাই ‘তেইছ’ বুলি বুজায়। ক্কয়েও মুখেৰে মাতবোল নকৰি, একেটা গততে ‘বাইশ’ত সন্মত বুলি বুজাই দিয়ে। আব্বাই তাৰে এটা মোক খাবলৈ লৈ দি, মোৰ পৰা ‘মিঠা নে টেঙা’ অভিমতটো বিচাৰে। দেইথৰ পাহাৰৰ সুমথিৰা টেঙা হোৱাৰ প্ৰশ্নই নুঠে। তথাপিও মই মতামত নিদিয়ালৈকে ক্ক আৰু আব্বাই মোৰ মুখলৈকে চাই থাকে। ময়ো সুমথিৰাৰ সোৱাদৰ বিষয়ে ‘মইহে একমাত্ৰ বিশেষজ্ঞ’ ধৰণে বেছ গপছকৈ সুমথিৰা ফুটা মুখত দি অকণমান চোবাই গিলি, মোৰ মূৰটো জোকাৰোঁ। তাৰমানে Quality control ৰ টেবুলখন পাছ হ’ল। বাইশটা সুমথিৰাৰে, বজাৰকৰা মোনাটো প্ৰায় ভৰিয়ে যায়। তাৰপিছতো ক্কয়ে মোৰ পিঠিখনত হাতেৰে মোহাৰি মৰম কৰি, হোৰাটোৰ পৰা এটা সুমথিৰা মোক সুকীয়াকৈ দিয়ে। অৰ্থাৎ, দুটকাৰে চৌবিশটা সুমথিৰা টেঙা পাইছিলোঁ। আজিকালিৰ মানুহে মোক ওচৰত পালে ঢকা এটা দি ক’ব, “আমাক অকৰা পাই বম ফুটাবলৈ আহিছ!”

তেনেকৈয়ে আনাৰসৰ দিনত কাৰ্বিলোকে হোৰাত অনা আনাৰস কিনো। আনাৰসত পৰীক্ষা কৰি টেঙা মিঠা চাই দিয়াৰ কোনো ব্যাবস্থা নাই। সেই বিষয়ত Quality control officer খোদ আব্বা! হোৰাত থকা আনাৰসৰ ৰঙ, গোন্ধ আৰু চেহেৰা চাই আনাৰস কিনে। সৰু হ’লে, গোটে পোন্ধৰ বা বিশ পইছা। ডাঙৰ হ’লে গোটে শিকি। কেতিয়াবা বৰ ভীমকায় একোটাহঁত আনাৰস আনে। সেইবোৰ টকাত তিনিটা মানকৈহে দিয়ে। সেইবোৰ ইমানেই ডাঙৰ হয় যে, আমি ঘৰখনৰ চাৰিটা ল’ৰা-ছোৱালীৰ মাজত এবাৰত এফাল আনাৰসেই আটি যায়গৈ। 

সুমথিৰা বা আনাৰসৰ পৰ্বটো তাতে সামৰি আব্বাই মোক সেইবোৰ ঘৰত থৈ আহিবলৈ পঠিয়াই দিয়ে। ময়ো ঘৰলৈ আহিয়ে ডলা এখনৰ ওপৰত বেগটো ওবুৰিয়াই দি, আকৌ খালি মোনাটো হাতত লৈ বজাৰকৈ চেকুৰ ধৰোঁ। আব্বাই মোলৈ ৰৈ নেথাকি বজাৰ পায়গৈ। ময়ো আব্বাক বজাৰত বিচাৰি উলিয়াব লগীয়া ঠাইডোখৰ বঢ়িয়াকৈ চিনি পাওঁ। সেই সময়ত আব্বাই বজাৰৰ পশ্চিমফালে বহা মাছৰ বেপাৰীকেইজনৰ ওচৰতে, মাছ সম্পৰ্কে বিষদ ভাবে নিৰিক্ষণ কৰি থাকেহি। দুই এজন বিহাৰী মাছৰ বেপাৰী থাকে যদিও, আব্বাই পিচে, ওচৰৰ মিচিং গাঁৱৰ পৰা নিজে মাছ ধৰি বজাৰত বেচিবলৈ অনা মিচিং মানুহকেইজনৰ পৰাহে লোৱাটোত গুৰুত্ব দিয়ে। মাছৰ বজাৰত দাম-দৰ লৈ বৰ পেৰাপেৰি চলে। কোনোবা বাৰ “এহ থাকক দিয়া, নলওঁ” বুলি এৰি থৈ অহাৰ পিছত, পিছৰ পৰা মাতি, “হ’ব হ’ব, নিয়কহি” বুলিও মাতে। বিহাৰী মাছবেপাৰীসকলৰ বাদে বাকীসকলৰ পৰা সাধাৰণতে ডাঙৰ মাছবোৰ আকাৰ চায়ে কিনা যায়। সৰু সৰু মাছবোৰ ভাগ ভাগকৈ ভগাই থয়। পিচে কেতিয়াবা মাছৰ উজান পৰা দিনত, ওপৰত কাঠৰ এডাল শকত নাল লগোৱা, আৰু নালডালৰ এমূৰৰ পৰা উলমি থকাকৈ, তলত এখনহে বাঁহৰ চালনিৰ দৰে পাল্লা লগোৱা ‘তুলাচনী’ লৈও আহে। এইবোৰ তুলাচনী পিছলৈ ‘জোখমাপ বিভাগ’ৰ মানুহে জব্দ কৰি কৰি নিয়াৰ বাবে, বজাৰত নেদেখা হ’লোঁ। পিচে, ডাঙৰহৈ পিছলৈ মাল কঢ়িওৱা ট্ৰাকবোৰ জোখা ‘ধৰমকাঁটা’ মেচিনত, এই গাঁৱলীয়া তুলাচনীৰ কৌশলৰ উন্নত প্ৰয়োগ দেখি বেচ মজা পাইছিলোঁ। 

মাছ কিনাৰ পিছত, আব্বাই পিছৰ পৰ্য্যায়ত কৰা বজাৰ হ’ল, ইতিমধ্যে কিনা মাছৰ লগত মিলাই পাচলি কিনা। যদি, শাল বা শ’ল জাতীয় মাছ কিনিলে, তেনে তাৰ লগত জালি বিধৰ জাতিলাও বা মূলা লাগিব। যদিহে, লাচোন-ভাঙন জাতীয় মাছ কিনিলে, তাত বিলাহী-বেঙেনা আৰু মটৰ মাহ হে মিলিব। নতুবা, কাৱৈ মাগুৰ জাতীয় মাছৰ লগত পালেংশাকহে জুতি লগা হ’বগৈ। ৰৌ, বাহু, আৰি, ভেউ হ’লে, আব্বাই পাক্কা অসমীয়া মুছলমানৰ দৰে তেলচুৰুহাহে পচন্দ কৰে। অৱশ্যে লগতে নতুন আলুগুটি ঘূৰণীয়া ঘূৰণীয়াকৈ চকলিয়াই মেলি দিলে ভাল পায়। গোটেইবোৰৰ ওপৰতে শেষত মেমেধু (ধনীয়া) শাক মিহিকৈ কুটি চটিয়াই দিলে, গোন্ধটোৱেই ভাল ওলায়। কিন্তু, পাভমাছ পালে, মায়ে বেহুৱাবটা আৰু কেচা জলকীয়া দি বৰ বঢ়িয়াকৈ পাতত দি ‘পাতুৰি’ ৰান্ধে। কেতিয়াবা আকৌ টানকৈ বন্ধ হোৱা সৰু টেমা এটাতে তেনেকৈ ভৰাই ভাতৰ নিসনি কঢ়াৰ আগেয়ে টেমাটো ভাতৰ মাজত সোমোৱাই থৈ একেটা জুতিকে তোলে। মাক সুধিলে কয়, “ভাতুৰি ৰান্ধিছোঁ!”

মাছৰ সিধাটো হৈ যোৱাৰ পিছত, আব্বাই বতৰৰ পাচলি এটা আৰু অঙঠাত দি এটামান পুৰি পিটিকা খাব পৰাকৈ বৰ বেঙেনা একিলোমান কিনি মোৰ হাতত দি, ঘৰলৈ পঠিয়াই দি মোক কয়, “মোনাটো খালি কৰি লৈ আহিবি!”

মোক তেনেকৈ দুপৰীয়াৰ সিধাটো পূৰাই খৰখেদাকৈ পঠিয়াই দিয়ে, যাতে মায়ে দুপৰীয়াৰ ভাত সাঁজৰ বাবে চৰু যুৰিবলৈ পলম নহয়। সেইখিনি সময়তে আব্বাৰ বাকীবোৰ বজাৰো হৈ যাব।

আব্বাই ইটো মোনা নিজে ৰাখি বজাৰ কৰাত লাগে। তেতিয়াৰ দিনত নুমলীগড়ত সদায়ে বজাৰ নবহে। গতিকে, শুক্ৰবাৰে চাহ বাগিচাত বহা, সপ্তাহী দৰমহাৰ বজাৰ আৰু দেওবাৰৰ বজাৰখনেই একমাত্ৰ ভৰষা। আব্বাই মোক লগত লৈ আলিমূৰতে সুমথিৰা কিনা, মাছ আদিৰে দুপৰীয়াৰ সিধাৰ যোগাৰ আদিৰে, মোক যিবোৰ শিক্ষা দিলে, পিছত সেইবোৰকে ইঞ্জিনীয়াৰিঙত পঢ়োঁতে প্ৰডাক্সন টেকনলজি বিষয়ত, কাষ্টমাৰ আৰু ভেণ্ডৰ ৰিলেশ্যন, টাইম মেনেজমেণ্ট, কোৱালিটি কণ্ট্ৰল, প্ৰডাক্ত অপটিমাইজেশ্যন আনকি ক্ৰিটিকেল পাঠ মেঠড আদি জটিল বিষয়বোৰ পঢ়োঁতে, এইবোৰ ঘটনাৰে ৰেঙনি দেখিয়ে যাওঁ।

বজাৰ কৰি উভতোঁ মানে, মাৰ ভাতপানী প্ৰায় আগবাঢ়িয়ে থাকে। তথাপিও সেইদিনা মাৰ গাত অন্নপূৰ্ণা লম্ভে। আচলতে মূল গুৰি হ’লগৈ আব্বা। দেওবাৰৰ দিনা, ভাতখোৱা মেজখনত বিধে বিধে ৰন্ধন প্ৰকৰণ থাকিলে, আব্বাই ভাল পায়। সপ্তাহৰ বাকী কেইদিন সময়ৰ দাস হৈ চলিব লাগে বাবে, মন নোযোৰে। সেয়ে দেওবাৰৰ দিনা ভাতৰ পাতত, মাছ বা মাংসৰ উপৰিও বিভিন্ন পাচলিৰ খৰখৰিয়াকৈ ভজা, মাছৰ পিটিকা, খৰিকাত দিয়া, পেটুভজা আকৌ পদিনাৰ চাটনিলৈকে এগালমান ব্যঞ্জনে মোক খা, মোক খা কৈ থাকে।

বাৰমান বজাত ৰেডিঅ’টো লগাই দি শব্দটো একেবাৰে টিংখোপত দিওঁ, যাতে মায়ে আখলৰ পৰাই শুনি থাকে। মায়ে বাঁহৰ খৰিকাডালেৰে ভজামাছ লুটিয়াই থকা অৱস্থাত, বাৰে বাৰে মাৰ কাষলৈ গৈ, “ভাত হ’লনে?” বুলি সুধি থাকি বিপদ চপাই লোৱা ধৰণৰ মূৰ্খ মই নাছিলোঁ। কিয়নো, এই মাছ লুটিওৱা এই খৰিকাবাৰীডাল নিমিষতে এচাৰিলৈও পৰিবৰ্তন কৰি ল’ব পাৰে। গতিকে এইটো আওপকীয়া উপায়ে কাম দিয়ে। মায়ে “এহ গীতিমঞ্জৰি দিলেই! দেৰিয়ে হৈছে!” বুলি নিজেই খৰধৰ কৰে। 

ভাত পানী খাই মায়ে আখল সামৰে মানে, ৰেডিঅ’ত সৈন্যবাহিনীৰ অনুষ্ঠানৰো সামৰণি পৰেগৈ। তেতিয়া ৰেডিঅ’টো মাক এদনীয়াকৈ দি দিয়াত আমাৰ কোনো আপত্তি নেথাকে। মায়েও ৰেডিঅ’টোৰ ওচৰত আচুদা(এদনীয়া)কৈ বহি লৈ একান্ত মনে ‘আইদেওৰ বুলনি’ শুনে। সেইখিনি সময়ত আব্বায়ো পূৰ্ণোদ্যমে নাকেৰে ভটভটী চলাই থাকে। গতিকে, ঘৰৰ  বাহিৰৰ পৃথিবীখনত আমাক হকা-বাধা কৰোঁতা কোনো নেথাকে। তেতিয়াই চুবুৰিৰ আমাৰ চামৰ মাজত “ডাক ৰে ডাক কিচকো ডাক..” কৰি টাংগুটি আৰম্ভ হৈ যায়। সাধাৰণতে এশত ‘গেমআপ’ হোৱা টাংগুটি খেলখন, দেওবাৰে পোৱা অপৰ্যাপ্ত সময়ৰ বাবেই দুশ বা তিনিশত হে “গেমআপ” বুলি নিৰ্ণয় কৰি লওঁ। কেতিয়াবা আনকি চুবুৰিৰে বৰবৌ, খুৰীদেউহঁতেও চুবুৰিৰ কাৰোবাৰ পদূলিত থিয় দি মেল মাৰি মাৰি আমাৰ খেলৰ ৰহইচ উপভোগ কৰি থাকে। কেতিয়াবা খেলত বেছি ‘গেজু’ হ’লে, আমি “থুকুম” বুলি খেল সাময়িক ভাবে স্থগিত কৰি, এই মহিলা মেলৰ খুৰীদেউহঁতৰ ৰায় ল’বলগীয়া হয়গৈ। পিচে কি কথা ক’ব নোৱাৰোঁ, বেছিভাগে মোকেই “গেজু কৰিছোঁ” বুলি দোষী সাব্যস্ত কৰে। 

আবেলি পাঁচটা বজাত আকাশবাণী ডিব্ৰুগড়ৰ পৰা বিহুৰ অনুষ্ঠান আৰম্ভ হোৱাৰ শব্দ শুনাৰ লগে লগেই গোটেইবোৰে খেল সামৰি, যাৰে ঘৰত ৰেডিঅ’ বাজিছিল, তাৰে ঘৰতগৈ ৰেডিঅ’ৰ সন্মুখত লেপেটা কাঢ়ি বহি লওঁগৈ।

বিহু সামৰাৰ পিছত টাংগুটি, হৈগুডু জাতীয় বেছি মতাখেল খেলিবলৈ সময় নেথাকে। তেতিয়া অতি বেছি হ’লে, “ইপিটিপি দাচ, ৰঙ এটা বিচাৰা..” হে খেলিব পাৰি। তাৰ মাজতে মাহঁতৰ পৰা চমন আহি যায়, “ঘৰলৈ আহ! হাত ভৰি ধুই পঢ়া-লিখাত বহহি!”

সপ্তাহৰ অন্তত অহা, বাৰে ৰহনীয়া দেওবাৰ এটাৰ মোহনীয় আমেজখিনি এনেকৈয়ে অন্ত পৰেগৈ।

☆ ★ ☆ ★ ☆

2 Comments

  • Prodip Borah

    দেওবৰীয়া প্ৰচিডিং খন পঢ়ি ভাল লাগিল

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.