ফটাঢোল

শ্লট্ -জীমণি গগৈ

নতুনকৈ কিনি অনা জিকা ফুল বৰণীয়া স্লিভলেছ কুৰ্টাটো খঙে-শোকে সোঁট-মোচ কৰি বিছনাৰ এচুকলৈ দলি মাৰি দিলে এঞ্জেলজুলীয়ে। ভৰি-চৰি তুলি চোফাখনত এচোফা হৈ বহি পৰিল। এই পৰোঁ, এই পৰোঁকৈ চকুপানী দুটোপ আহি তাইৰ চকুযুৰিত ওলমি ৰ’ল। জুলীৰ সেই অৱস্থাটো দেখি গিৰিয়েক বেচেৰা জয়ন্তই কি কৰোঁ কি নকৰোঁকৈ লাহেকৈ বিছনাৰ চুক এটাতে বহি পৰিল। সি ঠিক কৰিব নোৱাৰিলে এই মুহূৰ্তত জুলিক “হ’ব দিয়া, নেক্সট্ টাইম ট্ৰাই কৰিম” জাতীয় কিবা এষাৰ সান্তনাবাণী  শুনাব নে চৰকাৰৰ স্বাস্থ্য বিভাগক গালি পাৰি কিবা এষাৰ ক’ব! 

 গৌতমে হোৱাটচ্এপত পঠাইছিল মেছেজটো। কলেজত পঢ়ি থকা দিনত চিধা-চাধা গৌতমক বৰ এটা পাত্তা নিদিছিল জুলীহঁতে। পিচে এদিন ফে’চবুকত আপডেট এটা দেখি জুলীয়ে গম পালে যে গৌতম শিৱসাগৰ জিলাৰ কেইবাটাও চেণ্টাৰৰ ক’ভিডৰ ভেকচিন দিয়াৰ দায়িত্বত আছে। যোৱা প্ৰায় এমাহমান ধৰি শ্লট্ ছাৰ্চ কৰি কৰি এশটামান অ’টিপি গোটোৱা জুলীয়ে গৌতমৰ আপডেটটো দেখি কলীয়া ডাৱৰত অন্ধকাৰাছন্ন আকাশত যেন চিলিককৈ বিজুলীৰ পোহৰ এচাটিহে দেখা পালে। সেইদিনাই তাই মেছেঞ্জাৰত গৌতমক  ‘হাই ডিয়েৰ ফ্রেণ্ড’ বুলি মেছেজ এটা পঠালে। পৰম মিত্ৰৰ দৰে গৌতমৰ লগত বাৰে-বিংকৰা কথা-বতৰা পাতিবলৈ আৰম্ভ কৰি শেষত কৌশলেৰে এইবুলি অনুৰোধ জনালে যে কিবাকৈ যেন তাইক ভেকচিন এটা পোৱাৰ ব্যৱস্থা কৰি দিয়ে। সেই মৰ্মেই পৰহি গৌতমে হোৱাটচএপত মেছেজ পঠাইছিল,

“কাইলৈ আবেলি চাৰি বজাত শ্লট্ বুকিঙৰ বাবে ৱেবচাইটটো খুলি দিব,  বুক কৰিবলৈ যেন নাপাহৰা।”

মেছেজটো পায়েই জুলীয়ে গিৰিয়েক জয়ন্তক একপ্ৰকাৰ চিঞৰি উঠিছিল।

: শুনা না, গৌতমে মেছেজ দিছে কাইলৈ চাৰিটা বজাত হেনো শ্লট্ বুকিঙৰ কাৰণে ৱেবচাইট খুলি দিব। ৰক্ষা দেই! এইবাৰ যেনেতেনে ভেকচিন এটা পাম।  

কথাষাৰ ভবাৰ লগেলগে জুলীৰ দুচকুৰ আগত ভাঁহি আহিল, তাই সামান্য ভয় খোৱা যেন ভাব এটা মুখমণ্ডলত বিয়পাই অলপ আলসুৱা যেন দেখাকৈ জান-নেজান মিচিকনি এটা চকুৱে-মুখে ফুটাই তুলি টুল বা চকী এখনত যিমান পাৰি স্মাৰ্ট ভংগী এটাত বহিছে। নাৰ্চ এগৰাকীয়ে চিৰিঞ্জটো জুলীৰ কোমল বাহুটোত সুমুৱাই দিবলৈ লওঁতেই গিৰিয়েক জয়ন্তই খিচিক্ খিচিককৈ ফটো দুখনমান তুলিছে। 

সমগ্র দৃশ্যটো কল্পনা কৰাৰ  পিছমুহূৰ্ততে জুলীয়ে উচপিচাই উঠিল। পৰহিলৈ ভেকচিন ল’বলৈ যাবলৈ হ’লেচোন কেইবাটাও কাম বাকী আছে তাইৰ! প্ৰথম কথা হ’ল, তাইৰ হেনা কৰিবলৈ আছে। লকডাউন হোৱাৰ পৰা বাহিৰলৈ তেনেকৈ ক’তো যোৱা হোৱা নাই বাবে হেনা বা গাৰ্নিয়াৰ একো কৰা নাই বেছ কিছুদিন। গতিকে প্ৰথমে চুলিখিনিৰ কিবা এটা কৰিব লাগিব। দ্বিতীয় কথা হ’ল, থ্ৰেডিং কৰিবলৈও আছে। মনতে ভাবিলে, পাৰ্লাৰলৈ নাযাওঁ আৰু ঘৰতে প্লাকাৰডাল লৈ চেলাউৰিযোৰৰ শ্বেপ এটা দি ল’ব লাগিব। তেনেতে আচল কথাটো জুলীৰ মনলৈ আহিল, ভেকচিন ল’বলৈ কি ড্ৰেচ পিন্ধি যাব! একেকোবে গৈ তাই ৱাৰ্ড্ৰপটো খুলিলেগৈ। স্লিভলেছ বা সুবিধাজনক ড্ৰেচ কৰি নোযোৱাৰ ফলত ভেকচিন লওঁতে ফটো তুলিব নোৱাৰা অনুতাপৰ গাথা কেইবাগৰাকীও বান্ধৱীৰ আপডেটত পঢ়িছে  তাই ইতিমধ্যে। গতিকে সেই ভুল জুলীয়ে কেতিয়াও নকৰে। এফালৰ পৰা গোটেই কুৰ্টি, টি-চাৰ্টবোৰ তল-ওপৰ কৰিলে তাই। সুবিধাজনক যিকেইটা কুৰ্টি পালে গোটেইকেইটা তাই চাইড কৰি থ’লে। পিচে মনত পৰিল সেইকেইটা পিন্ধি ইতিমধ্যে ফে’চবুকত ফটো দিয়া হৈছেই। ছেঃ কি কৰা যায়! কিবা এটা চিন্তা কৰি তাই এইবাৰ টি ভিত ভেকচিনৰ নাটনি বিষয়ক টক্ শ্ব’ এটা চাই বহি থকা জয়ন্তৰ ওচৰ পালেগৈ। 

: হে’ৰা, মোৰচোন ভেকচিন ল’বলৈ যাওঁতে পিন্ধিবলৈ ড্ৰেচেই নাই। এটা কাম কৰোঁ বুইছা, স্লিভলেছ কুৰ্টি এটা কিনিয়ে আনোগৈ ব’লা। জিন্স বাৰু হৈ যাব আগতে লোৱা এটাকে পিন্ধিম।

: তোমালোকৰো যে কথা আৰু! ভেকচিন ল’বলৈ বুলিও নতুন কাপোৰ… 

গিৰিয়েক জয়ন্তই অসন্তুষ্টিৰে কোৱা কথাষাৰৰ সামৰণি মাৰিবলৈ নৌ পাওঁতেই জুলীয়ে ব্যস্ত হৈ কৈ উঠিল,

: সেইবোৰ বাদ দিয়া। এঘাৰটাত বজাৰ বন্ধই হ’ব। তুমি জলদি জলদি কাপোৰ পিন্ধা। মোৰ ওলোৱা হয় মানে তুমি গাড়ী উলিওৱা। 

কথাষাৰ কৈ কৈ জুলী সিটো ৰূমলৈ দৌৰি যোৱাৰ দৰে গ’ল। ঘৈণীয়েক যোৱাৰ ফালে কেইটামান মুহূৰ্ত চাই থাকি অসন্তুষ্টিত কোঁচ খাই অহা কপালখনত লাহেকৈ থাপৰ এটা মাৰি গাড়ীখন উলিয়াবলৈ বুলি গেৰেজলৈ খোজ লওঁতেই জয়ন্তৰ মনলৈ আহিল আজি সিহঁতৰ গাড়ী উলিওৱাৰ পাৰ্মিচন নাই। চৰকাৰী নিৰ্দেশনা মতে আজি যৌগিক নম্বৰৰ যান-বাহনৰ দিন পৰিছে। সিহঁতৰ গাড়ীৰ নম্বৰ অযৌগিক। “থেংকচ গড! উপায় এটা পালোঁ” বুলি স্বস্তিৰ নিশ্বাস এটা এৰি কথাটো জয়ন্তই জুলীক যেতিয়া ক’লেগৈ জুলীয়ে- “অহ্! কি হ’ব এতিয়া”  বুলি লিপষ্টিক লগাবলৈ লোৱা ওঁঠ দুখন বিকটাই পেলালে। জয়ন্তই কৃত্ৰিম সান্ত্বনাৰ সুৰত-

: কি কৰিবা আৰু একো উপায় নাই এতিয়া, 

বুলি ক’বলৈ মুখ মেলোঁতেই জুলীয়ে উপায় এটা বিচাৰি উলিয়ালে।

: এটা কাম কৰোঁ, ভাগৱতীদাহঁতৰ গাড়ীখন বিচাৰি চাওঁ ব’লা। তেওঁলোকৰ গাড়ীৰ নম্বৰ আজি পৰিছে। খুব বেছি ডেৰ-দুঘণ্টামানৰ কাৰণেহে। দিব দিয়া। তুমি ফোন এটা কৰাচোন। 

আপত্তি কৰি একো লাভ  নহ’ব বুলি জানি জয়ন্তই চুড়ান্ত অনিচ্ছা স্বত্তেও চুবুৰীয়া অঞ্জন ভাগৱতীলৈ ফোনটো লগালে। 

চাৰিখনমান ষ্ট’ৰত ঘূৰি ঘূৰি অৱশেষত “অপ্সৰা” নামৰ শ্বপিং ম’লটোৰ পৰা  দীপ নেকৰ  জিকা ফুলৰ ৰঙৰ স্লিভলেছ কুৰ্টিটো কিনি আনিলে জুলীয়ে। ঘৰ পাই কুৰ্টিটো  পিন্ধি ভেকচিন লওঁতে ফটোখন তোলাৰ পৰত ওঁঠৰ হাঁহিটো ঠিক কিমানখিনিলৈ ফুটাই তুলিব লাগিব  আইনাৰ আগত ৰৈ দুবাৰমান প্ৰেক্টিছো কৰি চালে। তাৰপাছত চুলিত ৰাজস্থানী হেনাৰ লেপ লগালে। হেনাৰ কালাৰ আহিবলৈ কমেও দুঘণ্টা লাগে। সেইখিনি সময়ৰ ভিতৰতে জুলীয়ে চেলাউৰিযোৰত শ্বেপ দিলে। বেচন, কেঁচা হালধীৰ ৰস আৰু নেমু ৰস দুটুপমান মিলাই ঘৰুৱা ফেইচ পেক এটাও তৈয়াৰ কৰি ল’লে।

কেনেবাকৈ মিছড্ হ’ব পাৰে বুলি জুলীয়ে ঠিক তিনি বাজি পঞ্চাশ মিনিটত মোবাইলত এলাৰ্ম দি থ’লে। যাতে চাৰি বজাত খোলাৰ লগেলগেই  শ্লট বুক কৰিব পাৰে। অৱশ্যে এলাৰ্ম বজাৰ আগৰ আধা ঘণ্টামানৰ আগৰে পৰাই এলাৰ্ম কেতিয়া বাজিব বাজিব বুলি তাই মোবাইল চেক কৰি থাকিবলৈও নাপাহৰিলে। অৱশেষত এলাৰ্ম বাজিল। জুলীয়ে উৎফুল্লিত হৈ umang এপটোত গৈ co-win ত ক্লিক কৰিলে। আস! লগইন নহয়হে নহয়!  টিকটিককৈ ক্ষণবোৰ যিমানে পাৰ হৈ  গৈ থাকিল মোবাইলৰ স্ক্ৰীণত ঘূৰি থকা এপটোলৈ চাই চাই সিমানেই জুলীৰ বুকুৰ ঢপঢপনিও বাঢ়ি গৈ থাকিল। চাৰি বাজি তিনিমিনিট যাওঁতে হঠাৎ ৱেবচাইটটো খোল খালে। নিৰ্দেশণামতে জুলীয়ে পটাপট পিনকোড দি শ্লট ছাৰ্চ কৰিলে। কিন্তু যিমানকেইটা শ্লট দেখুৱাইছে তাৰ এটাটো বুকিং অপচনটো সেউজীয়া হৈ থকা দেখুওৱা নাই। জুলীয়ে ভাবিলে, বুকিং খুলি দিয়াই নাই, দিবহে চাগে অলপ পাছত! এক মুহূৰ্তৰ বাবেও দৃষ্টি আঁতৰ নকৰাকৈ তাই মোবাইলৰ স্ক্ৰীণখনলৈ চাই ৰ’ল। তেনেকৈয়ে দহমিনিটমান পাৰ হ’ল। কি হ’ল কথাটো! আজি বুকিং খুলি নিদিবই নেকি! চিন্তিত হৈ পৰিল জুলী।গৌতমকে ফোন এটা কৰি সুধি চাওঁ এবাৰ বুলি তাই ফোন লগালে,

: ক’তা, বুকিং খুলি দিয়াই নাইচোন? কেতিয়া খুলি দিবনো?  

: খুলি দিছিলতো। চাৰি বজাতে খুলি দিছিল। দুই মিনিটত বুকিং কমপ্লিট হৈ গ’ল। এতিয়া ক্ল’জ কৰি দিলে। তুমি নকৰিলা নেকি? আকৌ কিমান দিনৰ পাছত চাপ্লাই আহে ঠিক নাই। হেঃ কিবাকৈ বুকিংটো কৰি থ’ব লাগিছিল।

গৌতমে সিফালৰ পৰা আফচোছ কৰিলে।

…………….  

তাৰ পাছৰ দৃশ্যটোৱেই এইটো। দুখে-শোকে এচোফা হৈ বহি ৰোৱা জুলীলৈ চাই গিৰিয়েক জয়ন্তই ঠিক কৰিব পৰা নাই, এই মুহূৰ্তত ঠিক কি জাতীয় কথা এষাৰ ক’লে উৰহৰ খং কোবোৱা ভগা ঢাৰি হোৱাৰ পৰা তেওঁ নিজকে বচাব পাৰিব…!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.