ফটাঢোল

শ্ৰদ্ধাঞ্জলি – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: বুজিছ নে, বৰ্মন দা যদি ফে’চবুকত থাকিলেহেঁতেন, ফালি দিলেহেঁতেন 

গুটখাৰ পেকেটটো ফালি গুটখাখিনি মুখত ঢালি সংঘৰ এজনে লগৰজনক ক’লে।

: কৈছ হে নে, নাৰীৰ লাইন লাগি গ’লহেঁতেন। কবিতা লিখা মানুহ ভাই!

আনজনে এইবাৰ সৰু সৰুকৈ কথাখিনি কৈ ফিচিককৈ হাঁহিলে। গুটখাই মুখখন ভৰাই ৰখা বাবে সেইজনে সশব্দে হাঁহিব নোৱাৰিলে যদিও সি মুখৰ অংগী-ভংগীৰেই বুজালে যে কথাষাৰ শুনি সি হাঁহিত ফাটি পৰিছে। 

অলপ আঁতৰত বহি থকা বৰ্মন পত্নী হৰবালাই সিহঁতে কিয় হাঁহিলে, বুজি নাপালে, নুশুনিলে।

নৃপতি বৰ্মন ঢুকোৱাৰ দুদিন হৈ গ’ল। ওচৰৰে যুৱক সংঘৰ সদস্য কেইজনমান আহি বৰ্মনৰ পত্নীক হৰবালাক কথাটো কৈছিল,

: জীৱিত কালত বৰ্মন ছাৰে একোৱেই নাপালে বুলিয়েই ক’ম। ইমানসোপা কবিতা লিখিলে, কিতাপ ছপালে কিন্তু অসম কিয় আমাৰ এই অঞ্চলৰ বহুতেই তেওঁক নাজানিলে, চিনি নাপায়। সেয়েহে ছাৰৰ আদ্যশ্ৰাদ্ধটো আমাৰ সংঘৰ তৰফৰ পৰাই ইয়াতে ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ। দিনযোৰা কাৰ্য্যসূচী হ’ব। ইয়াৰে এমএলএ দত্তদাতো আমাৰেই মানুহ, আহিব তেখেত। টিভি চেনেলৰ মানুহ মাতিম, এমএলএ আহিলে সিহঁতো দৌৰি আহিব। টিভিত নেদেখুৱালে এইবোৰৰ একো প্ৰচাৰ নাই। আপোনালোকৰ কিবা অসুবিধা?

হৰবালা বৰ্মনৰ না কোৱাৰ কোনো কাৰণেই নাছিল। তেওঁৰ দুচকুৰে দুটোপাল অশ্ৰু নিগৰি আহিল।

হয়, মানুহজনে জীৱনত একোৱেই নাপালে। প্ৰাইমেৰী স্কুলখনতো পোন্ধৰবছৰ বিনা পইচাতে খাতিছিল। এতিয়া অৱসৰলৈ দুবছৰ বাকী থাকোঁতেই ঢুকাল। দুটা ৰূমৰ ঘৰটোৰ মজিয়াকেইখন পকী কৰা নহ’লেই। ল’ৰা-ছোৱালী দুটিও সৰু হৈয়ে আছে। দুয়োটি কলেজতে পঢ়ে। জমা পইচা বুলিবলৈ খুব বেছি পাঁচ-দহহাজাৰ টকা। পইচানো কেনেকৈ জমা কৰিব। কবিতা লিখাতো তেওঁৰ বিৰাট চখ আছিল। দুই-এখন কাকত-আলোচনীতো তেওঁৰ কবিতা প্ৰকাশ পাইছিল। বছৰেকত দুখনকৈ কবিতাপুথি প্ৰকাশ কৰে। দোকানত কিতাপবোৰ দিবলৈ গ’লে দোকানীয়ে হেনো কয়,

: আজিকালি সকলোৱে কবিতা লিখে আৰু কিতাপ উলিয়ায়। আমাৰ ৰাখিবলৈ ঠাই নাই। আমাৰ ষ্ট’ৰ ৰূমটোত গৈ চাওকচোন, হাজাৰ-হাজাৰ কবিতাপুথি পৰি আছে। নিগনিয়েও নুকুটা হৈছে আজিকালি। 

তেওঁ দুখ পায়। ঘৰৰ এটা ৰূম অকল তেওঁৰ কিতাপেৰেই ভৰি আছে। এতিয়া মৃত্যুৰ পিছত যুৱক সংঘৰ ল’ৰাবোৰ আগবাঢ়ি অহা দেখি মনত খুব সন্তোষ পালে হৰবালাই।

: আচলতে বাইদেউ, আমি এইবাৰ সংঘৰ এনুৱেল মিটিঙত তেওঁক সম্বৰ্ধনা জনোৱাৰ কথা ভাবিছিলোঁৱেই। তাৰ আগতেই ছাৰে সিপু্ৰীলৈ ‘টিকেট’ কাটি দিলে নহয়! যিয়েই নহওক কাইলৈ আহি আমি আকৌ আলোচনা কৰিম বাৰু। এমএলএ ছাৰকো আজি কথাটো ফোন কৰি জনাই থ’ম।

পাছদিনা যুৱক সংঘৰ সভাপতি আৰু সম্পাদক আন সদস্যকেইজনমানৰ লগত নৃপতি বৰ্মনৰ ঘৰলৈ আহিল।

“বাইদেউ, এমএলএ ছাৰ অহাটো কনফাৰ্মড কৰিলে। আমি কৈছিলোঁৱেই নহয়, আমাৰ কথা নেপেলায়। বাৰু, বৰ্মন ছাৰৰ ফ’টো একপি দিবচোন। কাপোৰত এনলাৰ্জ কৰি বন্ধাব লাগিব। দীঘলে-বহলে কমেও একমিটাৰ মান হ’ব লাগিব।” তামোলৰ পিকখনি পেলাই সভাপতিয়ে হৰবালাক ক’লে।

: ইমান ডাঙৰ ফ’টো লাগিব জানো?

: লাগিব, মানুহে দূৰৈৰপৰাই দেখিব লাগিব। টিভিতো দেখুৱাব নহয়। সৰু হ’লে ভাল নালাগিব। অলপ খৰচ আছে অৱশ্যে।

হৰবালাই বিচাৰি বিচাৰি ট্ৰাংকৰ ভিতৰত গিৰিয়েকৰ পাছপ’ৰ্ট ফ’টো এখন পালে। বহু পুৰণি ফ’টো, ব্লেক এণ্ড হোৱাইট। কিছু অংশ উৱলি গৈছে। কিমান বছৰ চাগে হৈ গৈছিল মানুহজনৰ ষ্টুডিঅ’ত গৈ ফ’টো এখন উঠা! হৰবালাৰ চকুযুৰি আকৌ সেমেকি উঠিল। ফ’টোখন আনি তেওঁ সংঘৰ সভাপতিৰ হাতত দিলে। 

: ইমান পুৰণি ফ’টোখন এনলাৰ্জ কৰিবলৈ অলপ অসুবিধা হ’ব পাৰে। বেলেগ ফ’টো নাই যদি আমি কিবা এটা কৰিম বাৰু। আৰু, আমাৰ সংঘৰে এজনৰ টেণ্ট-হাউচ আছে। সিয়েই টেবুল-চকী, পেণ্ডেলৰ কাম কৰি দিব। পেণ্ডেলটো অলপ ভাল নহ’লে বেয়া দেখিব, এমএলএ ছাৰো অহাৰ কথা আছে যে। তাক আপোনালোকে দহ পাৰ্ছেন্ট কমকৈ দিলেও হ’ব। 

: এমএলএ ছাৰ আকৌ সিদিনা ইয়াৰপৰাই বাহিৰে বাহিৰে ধুবুৰীলৈ যাব। ইয়াতে জলপান কৰি যাম বুলিছে। বেছি একো নালাগে। সৰভোগৰপৰা দৈ, মিঠাই, কোমল চাউল অৰ্ডাৰ দিলে হ’ল। লুচী-পনীৰ আদি আমাৰ শৰ্মা ৰান্ধনীয়ে কৰি দিব। তেওঁক আমি কম পইচাতে বন্দোবস্ত কৰি দিম বাৰু।

সম্পাদকজনে কাগজ এখিলাত প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা এখন প্ৰস্তুত কৰিলে। হিচাপ-নিকাচৰ  সেই দীঘলীয়া তালিকাখন হৰবালাৰ হাতত দি সংঘৰ যুৱককেইজন গ’লগৈ। হৰবালা বৰ্মনে পুতেকক মামাকৰ ঘৰলৈ পঠিয়ালে সেই ৰাতিয়েই। মামাকহঁতে টকা পাঁচহেজাৰ দিলে। পেহীয়েক দুজনীয়ে মিলি দহহেজাৰ গোটাই দিলে। নৃপতি বৰ্মনৰ নামমাত্ৰ সাঁচতীয়া ধনখিনিও বেংকৰপৰা উলিওৱা হ’ল। বজাৰ-সমাৰ সকলোবোৰ তালিকামতেই কৰা হ’ল।

আদ্যশ্ৰাদ্ধৰ দিনা পুৱাৰেপৰাই ধাৰাসাৰ বৰষুণ। সংঘৰ যুৱক এজন দৌৰাদৌৰিকৈ আহিল।

: বাইদেউ, বৰ বেয়া কথা হ’ল। ৰাষ্টাৰপৰা আপোনালোকৰ ঘৰলৈ সোমাই অহা আগফালৰ ঠাইখিনিত বোকা হৈছে। এমএলএ ছাৰ আহিবলৈ কষ্ট পাব। তাতে পেলাবলৈ শ্যাম ঠিকাদাৰক এক ট্ৰাক সৰু শিলৰ কথা কৈছোঁ। আমি ক’লে পি.ডব্লিউ.ডি-ৰ মানুহে বিনা পইচাতে কৰি দিলেহেঁতেন, কিন্তু এতিয়া সময় নাই। এমএলএ ছাৰো কিছুদেৰি পিছতেই আহি পাব। 

হৰবালাই তাক টকা দুহেজাৰ দিলে। 

দুপৰীয়ালৈ বৰষুণ কমিল। শ্ৰাদ্ধৰ কাম পূৰ্ণগতিত চলি আছে। শৰ্মা ৰান্ধনীয়ে ৰন্ধা মটৰ-পনীৰৰ সুগন্ধি দূৰলৈ বিয়পিছে। কবি নৃপতি বৰ্মনৰ প্ৰায় একমিটাৰমান আহল-বহল ডাঙৰ ফ’টো এখন মেজৰ ওপৰত আনি ৰাখিলেহি সংঘৰ এজনে।

: বাইদেউ, সৰু বিপদ এটা হ’ল। চেনেলৰ মানুহকেইটাৰ হেনো আন এটা এপ’ইণ্টমেণ্ট আছে। টাউনলৈ যাব লাগে। মই জোৰ দি কৈছোঁ। টকা তিনিশমান আছে যদি দিবচোন। সিহঁতৰো মনটো ভাল লগাওঁ আৰু অহাটোও একেবাৰে কনফাৰ্মড কৰি দিওঁ।

: টকা দুহেজাৰেই আছিল। অলপ আগতে এজনক দিলোঁ। এতিয়া এপইচাও নাই নহয় হাতত,

 হৰবালাৰ উপা  নোহোৱা হ’ল।

অৱশেষত পুতেকে বুধি এটা উলিয়ালে। নৃপতি বৰ্মনৰ কবিতাপুথিবোৰ ঠেলাত তুলি ওচৰৰ মহেন দোকানীৰ ওচৰলৈ নিলে। পাঁচ টকা দৰত আশী কিলো কিতাপ বিক্ৰী কৰি চাৰিশ টকা পালে। হৰবালা বৰ্মনে সকাহ পালে তেতিয়াহে। 

এমএলএ আহিল। মানুহেৰে ভৰি পৰিল নৃপতি বৰ্মনৰ চোতাল। টিভি চেনেলৰ কেমেৰা দেখি বহুতে ফূৰ্ত্তিতে হাত জোঁকাৰিলে। এমএলএ দত্তই ভাষণ আৰম্ভ কৰিলে,

“নৰহৰি বৰ্মনে লিখা কবিতাৰ মান বহুত ওপৰত। আমাৰ যুৱক সংঘই এনে এগৰাকী ব্যক্তিৰ আদ্যশ্ৰাদ্ধ ইমান ডাঙৰকৈ অনুষ্ঠিত কৰা দেখি খুউব সন্তোষ পাইছোঁ। অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে মই তেখেতক স্থান দিম….।”

কোনোবা এজনে এমএলএ-ৰ কাণে কাণে কৈ গ’ল,

: ছাৰ, নৰহৰি নহয়। নৃপতি বৰ্মন। নৰহৰি তেওঁৰ ককায়েক, আজিৰ সভাৰ সভাপতি। আপোনাৰ কাষতে বহি আছে!

সন্ধিয়ালৈ মিটিং শেষ হ’ল। এমএলএ দত্তই সৰভোগৰ দৈৰ প্ৰশংসা কৰি কৰি ভাগৰি পৰিল। মনৰ আনন্দত হৰবালাই পুতেকক দৈৰ টেকেলী এটি দত্তৰ গাড়ীত উঠাই দিবলৈ ক’লে। দত্ত যোৱাৰ পিছত সকলো ঘৰাঘৰি গ’লগৈ। যুৱক সংঘৰ দুজনমানে মৎস্যস্পৰ্শলৈ অনা খাহী দুটাৰ ওজন কিমান হ’ব পাৰে অনুমান কৰি বাজী মাৰিছে।

কোনোবা এজনে নৃপতি বৰ্মনৰ ফ’টোখন ডাঙি আনি চ’ৰাঘৰৰ মেজখনৰ ওপৰতে থ’লে। সন্মুখত চাকি এগচিও জ্বলালে। চৰাঘৰৰ মাটিতে আহি বহিল হৰবালা। সকলোৰে মুখত স্বামীৰ গুণগান শুনি চকুপানী ৰখাব পৰা নাই তেওঁ, হয়তো সেয়া আনন্দৰ অশ্ৰু। 

জোৰেৰে বতাহ বলিছে। খিৰিকীৰ দুখন গ্লাছ ভগা। সেইফালেৰে বতাহ সোমাইছে।

: এইমাহৰ দৰমহা পালে এই গ্লাছবোৰ লগাব লাগিব। মজিয়াখনো পকা কৰিবলৈ আছে। ৰঙো দিব লাগিব ঘৰটোত। বহুত কাম আছে।

নৃপতি বৰ্মনে কোৱা কথাবোৰ মনত পৰিল হৰবালাৰ। 

সোমাই অহা বতাহচাটিৰ বাবে চাকিগচি নুমাও নুমাও হ’ল। নৃপতি বৰ্মনৰ পুতেকে আহি দেউতাকৰ ডাঙৰ ফ’টোখন ডাঙি নি খিৰিকীখনৰ সন্মুখতে থ’লে।

“ফ’টোখন ইয়াতেই ৰাখিলে হ’ল। বতাহ আৰু নোসোমায়!”

☆ ★ ☆ ★ ☆

7 Comments

  • Rimjhim Borthakur

    সদায়েই ভাললগাৰ দৰে, এটা সুন্দৰ গল্প

    Reply
  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
  • কাবেৰী মহন্ত

    তীক্ষ্ণ ব্যংগ, সদায়েই ইউনিক৷
    চেলুট

    Reply
  • হেমন্ত কাকতি

    মজা লাগিল দিগন্ত

    Reply
  • Anonymous

    মজা

    Reply
  • মানসী

    ব্যংগৰে সমাজৰ বাস্তৱ ছবি এখন..ভাল লাগিল দাদা।

    Reply
  • বন্দিতা জৈন

    সুন্দৰ গল্প

    Reply

Leave a Reply

Your email address will not be published.