ফটাঢোল

শ্ৰীযুত ৰমা হাজৰিকাৰ (বায়ন) বিষয়ে দুআষাৰ- হিমু বৰা

মৰিগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ জাগী ভকতগাঁও অঞ্চলটোত সংস্কৃতি প্ৰাণ বহু পুৰোধা ব্যক্তিয়ে জন্ম গ্ৰহণ কৰি অঞ্চলটোৰ লগতে অসমৰ সংস্কৃতিৰ বৰপথাৰখন জীপাল কৰি থৈ গৈছে৷ ভাষা শ্বহীদ সূৰ্য বৰা, আজন্ম শিল্পী কনকেশ্বৰ বৰুৱা এই অঞ্চলৰ দুটা উজ্জ্বল নক্ষত্ৰ যাৰ সুকীয়া পৰিচিতিৰ প্ৰয়োজন নাই।

অতীতৰে পৰা যাত্ৰা নাট, ভাওনাৰ চর্চাৰে মুখৰিত এই বৃহৎ সংস্কৃতিপ্ৰাণ অঞ্চলটোত এই বিষয়ৰ আৰম্ভণি কোনে কেতিয়া কৰিছিল সেই বিষয়ে সঠিককৈ তথ্য দিয়াটো কঠিন যদিও ‘কথা গুৰু চৰিত’ৰ মতে কলং কাষৰ এই অঞ্চলতেই সত্ৰীয়া সংস্কৃতিৰ এক মূল আধাৰ ‘খোল’ৰ জন্ম হৈছিল।

পৰম্পৰাগত ভাবে এই অঞ্চলত সত্ৰীয়া সংস্কৃতিৰ আধাৰত গীত মাত, খোল তালৰ চৰ্চা চলি আহিছে যদিও বৰ্তমান আধুনিকতাৰ কবলত পৰি যুব সমাজে কিছু পৰিমাণে হ’লেও খোল, ঢোল, ভাওনাৰ প্ৰতি অবহেলা প্ৰদৰ্শন কৰাৰ বিপৰীতে কম সংখ্যকে এতিয়াও এই সংস্কৃতিৰ আখৰা নীৰৱচ্ছিন্নভাৱে চলাই আহিছে৷

বৰ্তমান সময়ত বহু শিল্পীয়ে অসম তথা ভাৰত মুলুকৰ সংস্কৃতিৰ বৰ পথাৰখন জীপাল কৰি ৰাখিছে। তাৰেই বহুতেই সুখ্যাতি অৰ্জন কৰি প্ৰখ্যাত হৈ পৰাৰ সমান্তৰালকৈ এনে বহুতো প্ৰতিভাশালী ব্যক্তি লোকচক্ষুৰ পৰা আঁতৰত অঞ্চলে অঞ্চলে আছে। আজি তেনে এজন প্ৰচাৰ বিমুখ ব্যক্তিৰ সামান্য পৰিচয় আগবঢ়াব বিচৰা হৈছে ।

ব্যক্তিজনৰ নাম শ্ৰীযুত ৰমা হাজৰিকা (বায়ন)।

অবিভক্ত নগাঁও তথা বৰ্তমান মৰিগাঁও জিলাৰ পশ্চিম অঞ্চলৰ জাগীৰ ওচৰৰে বৰভেটী গাঁৱৰ এটি কৃষক পৰিয়ালত ১৯৫০ চনৰ ১২ এপ্ৰিলত জন্ম হয় ৰমা হাজৰিকাৰ৷ পিতৃ প্ৰয়াত বানেশ্বৰ হাজৰিকাও বায়নেই আছিল৷ জাগী ভকতগাঁও, বাঘজাপকে আদি কৰি ওচৰৰ সকলো গাঁৱতে নামঘৰবোৰ আউনী আটি, কমলাবাৰী, দক্ষিণপাট আদি সত্ৰৰ অধীনত গঢ়লৈ উঠিছিল। এই ৰাজহুৱা নামঘৰত অনুষ্ঠিত হোৱা অংকীয়া ভাওনাসমূহত খোল পৰিবেশন কৰাৰ লগতে বহুতো গাঁৱত হাজৰিকা দেৱে খোল চৰ্চানুৰাগীসকলক প্ৰশিক্ষণ দি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেখেত কেৱল বায়ন হিচাপেই পৰিচিতি এনে নহয়৷ তেখেত একেধাৰে এগৰাকী গায়ন, এগৰাকী দক্ষ অভিনেতা, নামকৰা সূত্ৰধাৰ৷ অঞ্চলটোত বৰ্তমানে সত্ৰ সংস্কৃতিৰ প্ৰায় প্ৰতিটো দিশ খুটিনাটি মাৰি জনা আৰু ইচ্ছুকসকলক সেই জ্ঞান দি থকা যিকেইজন মুষ্টিমেয় ব্যক্তি জীৱিত আছে, সেইসকলৰ ভিতৰত শ্ৰী হাজৰিকা দেৱ এগৰাকী আগশাৰীৰ ব্যক্তি।

যদিওবা, গায়ন-বায়ন পৰম্পৰাৰ শিক্ষা পৰম্পৰাগত ভাবে মৌখিকভাবেই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগুৱাই যায় তথাপিও ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক সাঁচি ৰাখিবলৈ আৰু পদ্ধতিগত শিক্ষাৰ সংৰক্ষণৰ বাবে তেখেতে প্ৰায় একক প্ৰচেষ্টাত খোলৰ বিভিন্ন চাপৰসমূহ লিপিবদ্ধ কৰি ৪০ পৃষ্ঠাযোৰা ‘খিতাধিন’ নামেৰে এখনি কিতাপ ছপা কৰি ৰাইজলৈ আগবঢ়াই দিছে আৰু বিভিন্ন অঞ্চলৰ সচেতন ব্যক্তি আৰু নামঘৰসমূহলৈ প্ৰদান কৰিছে। সংস্কৃতিৰ পথাৰখনৰ উপৰিও শ্ৰীযুত হাজৰিকা দেৱ এগৰাকী আদৰ্শ কৃষক।

সৌ সিদিনা মাথোঁ জীৱনৰ ৭০ তম বছৰটোত ভৰি দিয়া এই সংস্কৃতিবান ব্যক্তি গৰাকী এতিয়াও এজন পাহুৱাল ডেকাৰ দৰেই কৰ্মঠ। ২০১৬ বৰ্ষৰ পৰা তেখেতে নিয়মিত ভাবে অসম চৰকাৰৰ শিল্পী পেঞ্চন পাই আহিছে। আমি ফটাঢোলৰ তৰফৰ পৰা এই গৰাকী ব্যক্তিক আজি এই শিতানৰ যোগেদি ৰাইজক চিনাকি কৰাই দি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ বাবে নেদেখাজনক প্ৰাৰ্থনা জনালোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.