ফটাঢোল

শৰীৰ চৰ্চা– নীলাক্ষি কাকতি

: থপ। পঁ‌ইতাচোৰাটো চেণ্ডেলপাতেৰে মাৰি শইকীয়ানীয়ে ঝাড়ুডাল আনিবলৈ গ’ল। যাওঁতে ভোৰভোৰালে- “শান্তি নাই অকণো৷ আজি এসপ্তাহ ধৰি কৈ আছোঁ পঁ‌ইতাচোৰাৰ উৎপাতত ঘৰখনত থাকিব নোৱাৰা হৈছোঁ। লালহিট এটা আনিবলৈ মই এপ্লিকেচন কৰিব লাগিব চাগে! ঘৰখনত মইহে আছোঁ মানে। কাউৰীপুৱাতে উঠি যি লেদেনা উকটিবলৈ আৰম্ভ কৰিব লাগে ৰাতি দুপৰলৈ শেষ নহয়। মই বুলিহে টিকি আছোঁ অতবছৰ। বেলেগ তিৰোতা হোৱা হ’লে কাহানিবাই ঘৰ এৰি গুচি গ’ল হয়।”

: দেউতা মাৰ কেচেট আৰম্ভ হ’ল। আজি ৰাতিপুৱাই আৰম্ভ কৰিছে। তোমাৰ কি হয় ঠিক নাই আজি৷

পিংকুৱে দেউতাকক কাণত ফুচফুচাই কোৱাৰ দৰে কৈ টিউচনলৈ ওলাই গ’ল৷ শইকীয়াই চেণ্ডেলৰ কোবত চেপেটা লগা পঁ‌ইতাচোৰাটোৰ ফালে চাই এটা নিশ্বাস এৰিলে৷ ভাবটো এনেকুৱা যেন – “তই মুক্তি পালি৷ তইবা ঘৈণীয়েৰৰ কিমান গালি খাই ওলাই আহিছিলি!”

: হেৰা নহয়হে৷ অফিচত এইকেইদিন ইমান কামৰ বোজা৷ আহোঁতে দেৰি হয় বাবে ঘৰখন কেতিয়া পাম যেন লাগে৷ সেইকাৰণে অনাই হোৱা নাই৷ ভাবিছিলোঁ‌ আজি দেওবাৰ যেতিয়া বজাৰ কৰিবলৈ যাওঁতে লৈ আনিম। পিচে, এটা কথা নহয় তুমিনো কি কৰি থাকা? মই আৰু পিংকু ওলাই যোৱাৰ পিছত তোমাৰতো বিশেষ কাম নাথাকে৷ তুমিওতো কিনি আনিব পাৰা আবেলি৷ দেখা নাই বৰুৱানীয়ে নিজেই ঘৰৰ সৱ বজাৰ কৰে!

শেষৰ লাইনটো কৈ শইকীয়াই দাঁতেৰে জিভাত কামোৰ মাৰি ধৰিলে। কিবা খাল কাটি ঘঁ‌ৰিয়াল চপোৱাৰ দৰে হ’ল দেখোন। কিহে যে পাই তেওঁক! এনেই ঘৈণীয়েকে বৰুৱানীক দেখিব নোৱাৰে৷ হে ভগৱান! আজি দেওবাৰটো শেষ৷

: কি ক’লা? মই বজাৰ কৰিব লাগে? ঠিক আছে৷ আজিৰপৰা ঘৰৰ বজাৰ মই কৰিম। চিকটামি কৰি টকা দিয়া কাৰণে কেতিয়াও বজাৰ নকৰোঁ‌ বুলি শপত খাইছিলোঁ৷ এইবাৰৰপৰা দৰমহা পোৱাৰ লগে লগে টকা মোৰ হাতত জমা দিবা৷ কি কৰিব লাগে মই কৰিম৷ কিবা এবিধ বস্তুৰ যোগাৰ পাবলৈ নখ কামুৰি খাপ পিটি থাকিব লগা হয়৷ তেওঁ আকৌ মোক প্ৰবচন শুনায়! আৰু আপুনি কাৰ উদাহৰণ দিলে? সেই ঘৰতে আধাকেজি মেকআপ সানি বহি থকা বৰুৱানীৰ! বোলো বৰুৱাৰ দৰে দহটা চাকৰ যোগাৰ কৰি দিব মোক৷ বজাৰলৈ যাবলৈ গাড়ী আৰু ড্ৰাইভাৰ লগত দিব৷ বজাৰ কিয় লাইটৰ বিল, পানীৰ বিল দিয়াৰপৰা আপোনাক অফিচৰপৰা আনিবলৈও যাম৷ লোকৰ তিৰোতাই ঘৰত চাকৰৰ দ্বাৰা কাম কৰাই বাহিৰলৈ ওলাই যাবলৈ বাহানা বিচাৰি ফুৰে৷ আৰু মই দিনে ৰাতিয়ে গোলামী খাটি থাকি নিজৰ মানুহজনৰ মুখত লোকৰ তিৰোতাৰ গুণ বখানা শুনিব লগা হয়। আপুনি ঘৰখনত কি কৰে কওকচোন? অফিচৰপৰা আহিয়ে চিধাই টিভিৰ সন্মুখত বহিব নহ’লে বিছনাত বিষ্ণুৰ শয়ন মুদ্ৰালৈ যাব। যতনাই দিবলৈতো আছোঁ‌ৱেই এই বান্দী৷ যমেও মোক আলহী খাবলৈ নমতা হ’ল৷

শইকীয়ানীয়ে বৈ অহা চকুপানী মচি মচি ক’লে৷

: হেৰা কিয়নো কান্দিছা? মই তোমাক দোষ দিয়া নাই নহয়৷ ঘৰতে থকাতকৈ সময় পালে অলপ খোজ কাঢ়িলে নিজৰ স্বাস্থ্যৰ কাৰণেই ভাল দিয়াচোন৷ আগতে তুমি কিমান লাহি-পাহী আছিলা। এতিয়া কিবা চিলিণ্ডাৰটোৰ দৰে হোৱা নাইনে বাৰু তুমি?

: কি! আপুনি মোক কিহৰ লগত তুলনা কৰিলে? মই ক’তে মৰোঁ! ঠিক আছে৷ আজিৰপৰা মই স্বাস্থ্যৰ যত্ন ল’ম৷ আপুনি ৰাতিপুৱাই উঠি ঘৰৰ কাম-বন কৰি ভাতপানী বনাব। পিছবেলাৰ কাম মই কৰিম বাৰু৷ কথা দিলোঁ এমাহৰ ভিতৰত আগৰজনী হৈ দেখুৱাম৷

: হেৰা তুমি খং কিয় কৰিছা? স্বাস্থ্যৰ যত্ন লোৱাটো নিজৰ বাবেই ভাল দিয়াচোন৷ অঁ আৰু এটা কথা তুমি এমাহৰ ভিতৰত আগৰ দৰে হৈ দেখুৱাবা বুলি ক’লা যে? সময়টো বৰ কম নহ’ল নে? মানে অতবছৰে ইমান কষ্ট কৰি গোটোৱা চৰ্বিসোপা এমাহতে খটম কৰিবলৈ তোমাৰ দুখ নালাগিবনে?

: সেয়া৷ অনবৰতে কেৱল ঠাট্টা৷ চাই থাকক। এইবাৰ মন বান্ধিলোঁ যেতিয়া ক’ৰ পানী ক’লৈ যায়, চাই থাকক। আজি আবেলি বজাৰলৈ ওলাব৷ মোৰ কেইটামান বস্তু কিনিব লগা আছে৷

: হেৰা বজাৰ যাবই লাগিব নেকি? মানে আজি এখন ক্ৰিকেট খেল আছিল। ভাৰত আৰু নিউজিলেণ্ডৰ৷

: মই কথা এবাৰেই কওঁ৷ চাৰিবজাত ওলাই যাম৷ বচ৷

বাইকখন পাৰ্কিং প্লেচত থৈ শইকীয়াই সুধিলে-

:হেৰা কিনিবা কি?”

: ব’লক৷ প্ৰথমতে ট্ৰেকচুট এযোৰ কিনিম৷ তাৰপিছত ভাল চাই জোতা এযোৰ কিনিব লাগিব৷

: কি? কি কোৱাহে? হেৰা ইমান টকা খৰচ কৰিব নোৱাৰোঁ৷ মাহিলী বাজেটৰো কথা আছে নহয়৷ পিংকুৰ ছাৰকো টিউচনৰ ফিজ দিবলৈ আছে।

: মই সেইবোৰ নাজানো৷ আহিছোঁ যেতিয়া কিনিহে যাম৷ জোকাই লৈছিল নহয় মোক৷

শইকীয়ানীয়ে কেইবাখনো দোকানত চাই মেলি এযোৰ জোতা আৰু এযোৰ ট্ৰেকচুট পচন্দ কৰিলে৷

: হেৰা। ব’লা ব’লা৷ তোমালোক মাইকী মানুহবোৰে এবিধ বস্তু কিনিবলৈ আহি দহবিধ বস্তু কিয় চোৱা হে? কমচে কম দোকানীকেইজনৰ কথাটো ভাবিব লাগে৷ তোমালোকৰ বাৰু লাজ নালাগেনে নিকিনিবা বুলি জানিও এঘণ্টা সময় কাৰোবাৰ লোকচান কৰিবলৈ? ব’লা এতিয়া। ঘৰলৈ যাওঁ৷

: ৰ’ব৷ যোগা মেটখন কিনিবলৈ আছেই নহয়৷

: হেৰা তুমি মোক কুবেৰৰ পুতেক বুলি ভাবিছা নেকি? মোৰ লগত টকা নাই৷ শেষ৷ পাটি পাৰি কৰা যদি কৰিবা নহ’লে নালাগে৷

: নাই মোক লাগিবই৷ কিয় বৰুৱানীৰ উদাহৰণ দিবলৈ বেয়া নালাগিল৷ গাড়ী খোজা নাই নহয়। যোগা মেট এখনহে খুজিছোঁ৷ লোকৰজনী ৰম্ভা, মেনকা আৰু নিজৰজনী শূৰ্পণখা৷

: হেৰা তুমি এই বজাৰৰ মাজতো আৰম্ভ নহ’বা দেই৷ চোৱাচোন মানুহবোৰে কেনেকৈ চাইছে! ব’লা ব’লা৷ কিনি লোৱা এখন৷

ঘৰ আহি পাই ঠিক দুৱাৰমুখ পাওঁতেই শইকীয়ানীয়ে ৰৈ দিলে৷

: অহ৷

: কি হ’ল আকৌ?

: মানে মৌ আনিবলৈ পাহৰিলোঁ৷ ৰাতিপুৱা গৰম পানী আৰু নেমুৰ লগত মৌ খালে বোলে চৰ্বি কমে৷

: হ’ব দিয়াহে৷ আগতে আৰম্ভ কৰাচোন৷ এই ৰাতিখন মই আৰু ক’তো যাব নোৱাৰোঁ৷ ছেঃ মোৰ আজি ক্ৰিকেট মেচখনো এনেই গ’ল। তুমি চাহ একাপ বাঁ‌কা। মই হাত-মুখ ধুই অলপ ক্ৰিকেট চাওঁ৷

ৰাতি ডাইনিং টেবুলত শইকীয়ানীৰ প্লেটত মাত্ৰ এখন ৰুটি দেখি শইকীয়াই ক’লে-

“তুমি এখন ৰুটি লৈছা যে? ভাত নোখোৱা নেকি? “

: মায়ে বোলে আজিৰ পৰা ডাইটিং কৰিব৷

পিংকুৱে মাংস এপিচ কামুৰি কামুৰি ক’লে৷

: হেৰা৷ স্বাস্থ্যৰ যত্ন ল’ব খুজিছা লোৱা। ভাল কথা৷ পিচে নাখাই নলৈ প্ৰেচাৰ ল’ নকৰিবা৷ নহ’লে হিতে বিপৰীত হ’ব।

: হ’ব দিয়ক৷ মই জানো কি কৰিব লাগে৷

ক্ৰিংক্ৰিংক্ৰিং…..একেলেথাৰিয়ে বাজি থকা এলাৰ্ম ক্লকটো অফ কৰি শইকীয়ানীয়ে মুখখন ধুই ল’লে৷ তাৰপিছত নতুন ট্ৰেকচুটযোৰ পিন্ধি ল’লে৷ শইকীয়াই কিবাকৈ এটা চকু মেলি শইকীয়ানীক চালে৷ গোটেইজনীক চাল কোমোৰাটো যেন লাগিছে। মুখখন ঘূৰাই তেওঁ আকৌ শুই থাকিল৷

কিছুসময়ৰ পিছত-

: দেউতা উঠা উঠা৷ চাঁদৰ ওপৰলৈ অাহা৷ মায়ে চিঞৰিছে।

: হে৷ কি হ’ল? ব’ল ব’ল৷

দুয়ো দৌৰি গৈ চাঁদৰ ওপৰ পালে৷ দেখিলে, শইকীয়ানীয়ে কুঁজাকৈ বহি ভৰি এখনত ধৰি কেঁকাই আছে।

: হেৰা কি হ’ল হয়নে?

: ব্যায়াম কৰি থাকোঁ‌তে বেলেঞ্চ ৰখাব নোৱাৰি পৰি গ’লোঁ। সোঁ ভৰিখনত বেয়াকৈ দুখ পালোঁ৷ লৰচৰ কৰিব পৰা নাই৷

: পিংকু মাৰক ধৰ৷ ব’লচোন ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। কি বা হ’ল!

কিবাকৈ দুয়ো দাংকোলাকৈ শইকীয়ানীক ই-ৰিক্সাখনত উঠাই নাৰ্ছিহোমখন পালে৷

: ক্ৰিং ক্ৰিং……

: হেল্লো আইতা।

: মাৰৰ কি হৈছে অ? এইমাত্ৰ দেবেনে তহঁতক নাৰ্ছিংহোমত দেখা বুলি ফোন কৰিছিল৷ সি বাছত আছিল কাৰণে তহঁতক বোলে সুধিব নোৱাৰিলে৷

: অঁ আইতা৷ মা আজি ৰাতিপুৱা পৰিল৷ ডাক্তৰে এক্স ৰে কৰিবলৈ দিলে৷ ৰিপোৰ্ট আহিল৷ মাৰ ভৰিৰ বুঢ়া আঙুলিৰ হাড় ফাটিছে৷ এইমাত্ৰ প্লাষ্টাৰ কৰাই মাক লৈ আমি ঘৰ পাইছোঁ‌৷ দেউতাই ভাত ৰান্ধি আছে৷ অফিচো আছে নহয় আজি। মা শুইছে। সাৰ পালে আপোনাৰ লগত কথা পতাই দিম দিয়ক৷ ৰাখিছোঁ৷

☆★☆★☆

9 Comments

  • abhijit goswami

    লাল হিট তো আনি দিয়াই ভাল আছিল পায় 😂.. ভাল লাগিল বা

    Reply
  • Pranita Goswami

    হয় ঔ, লালহিটহে এইখন পয়মাল লগালে।
    বেছ ৰসাল বৰ্ণনা। ভাল লাগিল নীলা।

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল নীলাক্ষী! শইকীয়ানীৰ ৰূপত সাক্ষাৎ তোমাকেই দেখা পালোঁ৷ মজা লাগিল৷৷

    Reply
  • - Jogesh Bhattacharyya

    সুন্দৰ গল্পটিয়ে আলোচনীখন সুগঢ়ী কৰি তুলিছে৷

    Reply
  • নমিতা বৰা

    বঢ়িয়া বঢ়িয়া

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    একদম মজা, তামাম, বঢ়িয়া৷ বেচেৰা শইকীয়া৷

    Reply
  • Bhaskar Jyoti Sarma

    পইটাচুৰাক নামাৰিলেও মুঠতে লালহিত, কালাহিট আনি দিব লাগে। কিবা এটাটো চেটেপ হব। ধুনীয়া লাগিল

    Reply
  • সকলোকে ধন্যবাদ ৷

    Reply
  • Manashi Borah

    ইমানযে ভাল লাগিল..

    Reply

Leave a Reply

Your email address will not be published.