ফটাঢোল

ষ্টেটাচ চিম্বল – অনুবাদ: পূৰবী কটকী (মূল : গুদবিন মচিহ্)

চিকমিকাই থকা ৰঙা গাড়ীখন আহি পাৰ্কিংৰ ঠাইত ৰ’লহি,গাড়ীৰ দৰজা খোল খালে। এটা শকত, স্বাস্থ্যৱান নেগুৰ নথকা কুকুৰ গাড়ীখনৰ পৰা নামিল। ইফালে-সিফালে চালে তাৰ পাছত নিজৰ গাটো জোৰকৈ জোকাৰি নিজৰ এলাহ ভাবটো আঁতৰ কৰিলে আৰু নিজৰ চাকৰটোৰ লগত ৰজাৰ দৰে পাৰ্কত ফুৰিবলৈ ধৰিলে। সি যিফালে যায় তাৰ চাকৰটোও তাৰ পাছে পাছে সেইফালে যায় থিক সেইদৰে, যিদৰে আৰ্মীৰ কোনোবা ডাঙৰ অফিচাৰ নিজৰ কৰ্তব্যলৈ আহোঁতে চিপাহীবোৰে তেওঁৰ আগে-পাছে ঘূৰি তেওঁৰ লগত ব্যস্ত হৈ যায়। সেই নেজকটা কুকুৰটোৰ আৰাম আৰু ঐশ্বৰ্য্য দেখি তাত থকা কিছুমান সাধাৰণ কুকুৰ অন্তৰ্ধান হয়। সিহঁতে নিজৰ মাজতেই আলোচনাত মগ্ন হয় আৰু নিজৰ নেগুৰ পেলায় তাৰ পৰা লৰ মাৰে। তাত থাকি গ’ল বেমাৰী, লেতেৰা ফপৰা কুকুৰ এটা। সি ভালদৰে আনটো কুকুৰক চায় আৰু তাৰ আৰাম দেখি মনে মনে ভাবে,

“ই কি ভাগ্য পাইছে, ইটো মোৰ দৰে কুকুৰেই, কিন্তু থাকে ৰজা-মহাৰজাৰ দৰে। মই কেতিয়াও গাড়ী এখন চুয়ো পোৱা নাই আৰু ই সদায় গাড়ীত উঠি ফুৰিবলৈ আহে, তাকো নিজৰ চাকৰটোৰ লগত। এইটো সঁচাকৈ কুকুৰেই নে? নে কুকুৰ ভেশত কোনোবা ছদ্মভেশী।
কাৰণ আজিকালি মানুহ আৰু কুকুৰৰ মাজত বৰ বেছি এটা পাৰ্থক্য নথজা হ’ল, কুকুৰ নিজৰ গৃহস্থৰ বিশ্বাসী কিন্তু মানুহ প্ৰতি বিশ্বাসী নহয়। মানুহে নিজৰ অমানবীয় ব্যৱহাৰেৰে কেতিয়া মালিকক কাটি খায় থিক নাই। যিয়েই নহওক কিয়, কুকুৰটোৰ দম আছে, সেইবাবেইতো গাড়ীত ফুৰিবলৈ পাইছে, মাখন লাগি থকা ব্ৰেদ আৰু বিস্কুট খাব পাৰিছে আৰু এটা মই, যাৰ এবেলাৰ এসাজৰ বাবেও কষ্ট কৰিব লগা হয়। মানুহৰ গোৰ আৰু লেইলেই-ছেইছেই শুনিব লগা হয়।”

বহুত দেৰি পাৰ্কত ফুৰাৰ পাছত নেগুৰ কটা কুকুৰটো গাড়ীত উঠি নিজৰ ঘৰলৈ গুচি গ’ল। ফপৰা কুকুৰটোৱে বহুত দেৰি তাৰ কথা ভাবি থাকিল।
পাছদিনা নিশ্চিত সময়ত নেগুৰকটা কুকুৰটো ফুৰিবলৈ আহিল, তেতিয়া বহুত সাহসেৰে ফপৰা কুকুৰটোৱে তাৰ ওচৰলৈ গৈ এটা চালাম দি ক’লে,

: মহাশয়, মই আপোনাৰ বিষয়ে অলপ জানিব বিচাৰোঁ।

নেগুৰ কটা কুকুৰটোৱে ফপৰা কুকুৰটোলৈ এলাগী দৃষ্টিৰে চালে আৰু মুখ ভেঙুচাই ক’লে,

: উম ক, কি জানিবলৈ বিচাৰিছ?

: মহাশয় মই আপোনাৰ সুখী জীৱনৰ ৰহস্য কি জানিবলৈ বিচাৰিছোঁ।

নেগুৰ কটা কুকুৰটোৱে ফপৰা কুকুৰটোৰ ভৰিৰ পৰা মূৰলৈকে চালে, তাৰ পাছত জোৰকৈ হাঁহিলে আৰু চিনেমাত কোৱাৰ ষ্টাইলত ক’লে,

: মোৰ সুখৰ ৰহস্যৰ কথা জানি কি কৰিবি পোৱালি?

: মহাশয়, মোৰ ইচ্ছা আছে আপোনাৰ দৰে যেন খুউব শকত-আৱত হৈ যাওঁ। আপোনাৰ দৰে মোৰো আগে পাছে যেন চাকৰ ঘূৰে আৰু চহৰৰ যিমানবোৰ অনাই-বনাই ঘূৰি ফুৰা কুকুৰ আছে, সেইবোৰে মোক আহোঁতে যাওঁতে যেন চালাম দিয়ে।

: মানে তই মোৰ দৰে হ’বলৈ বিচাৰ?

: হয় মহাশয়।

: তেনেহ’লে বন্ধু, মোৰ দৰে হ’বলৈ হ’লে প্ৰথমে তই তোৰ নেগুৰ কটোৱাব লাগিব।

: নেগুৰ কটোৱাব লাগিব মানে?

: মানে…, মোৰ নেগুৰ দেখিছ ভাই! তই মোৰ দৰে তোৰ নেগুৰডালৰ বলি দিব লাগিব।

: বলি? ক্ষমা কৰিব মহাশয়, কুকুৰৰ নেগুৰডালেইতো কুকুৰৰ ষ্টেটাচ চিম্বল।

: হয় বাৰু, কিন্তু কটা নেগুৰেৰে ষ্টেটাচ আৰু ওপৰলৈ উঠে৷

: মানে আপুনি নিজৰ নেগুৰ নিজেই কটোৱালে?

ফপৰা কুকুৰটোৱে আচৰিত হৈ সুধিলে।

: নহয়নো কি! ভগৱানে কাটিলে? ডিয়েৰ নিজৰ নেগুৰ মই নিজেই কটোৱালো।

: কিয়? আপুনি নিজৰ নেগুৰডাল কিয় কটোৱালে? কি লাভ হ’ল আপোনাৰ? কি লাভ হ’ল আপোনাৰ নেগুৰডাল কটুৱাই।

: পোৱালি, এই দেশত নিজৰ পৰিচয় বনাবলৈ বেলেগ ধৰণৰ কিবা এটা কৰিব লগাহয়। তই যেতিয়া অলপ বেলেগ কিবা কৰিবি তেতিয়া মানুহৰ চকু তোৰ ওপৰত পৰিব, মানুহ তোৰ আগে পিছে ঘূৰিব, তোৰ চাকৰামী কৰিব, তললৈ মূৰ কৰি চালাম কৰিব যেনেকৈ তই কৰিছিলি। কাৰণ আজিকালিৰ মানুহে আনক হেয় প্ৰতিপন্ন কৰিবলৈ আৰু নিজকে আনতকৈ পৃথক কৰিবলৈ ঘৰত অলপ বেলেগ ধৰণৰ কিবা এটা ৰখাটো নিজৰ গৌৰব বুলি ভাবে। সেইয়া লাগিলে ঘৰত সজোৱা বস্তুৱেই হওক বা কিবা জীৱ-জন্তুৱেই হওক। হাবিৰ নিজৰ ঘৰৰ বাগিচাত ৰুই মানুহক কয় “এইয়া বিদেশী ফুল, কেলিফৰ্নিয়াৰ পৰা মগাইছিলোঁ।” পোৱলি আজিকালিৰ হাইটেক পৃথিৱীৰ প্ৰথম বস্তু, নিৰ্ভৰ কৰে নিজৰ কণ্ঠৰ ওপৰত। তই কেতিয়াবা কোনোবা পুলিচক ভালকৈ চাইছনে! যাক দেখাত আৰু যাৰ কথা কোৱাৰ ষ্টাইল সাধাৰণ মানুহতকৈ সম্পূৰ্ণ পৃথক, তেওঁলোকে যাকেই চাব সিয়েই কঁপি উঠিব। পোৱালি ইয়াত তাৰেই দপদপনি হ’ব, যাৰ গোজৰণি আৰু কণ্ঠৰ ষ্টাইল সকলোতকৈ পৃথক হ’ব।

: মানে?

ফপৰা কুকুৰটোৱে ক’লে।

: মানে তই বেলেগৰ ওপৰত কেনেকৈ থাকিব পাৰ, সকলোৰে মাজত নিজক কেনেকৈ পৃথক বুলি প্ৰমাণ কৰিব পাৰ! তাৰ পাছত তোৰ ভিতৰত এনে কিবা এটা কৰাৰ উৎসাহ থাকিব লাগে, যিটো দেখিলে মানুহে তোৰেই চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিয়ে।

: আপোনাৰ কথাখিনি শুদ্ধ, কিন্তু মহাশয় মোৰ ভিতৰততো এটা গোৰ খোৱাৰো সাহস নাই, তেনেস্থলত মই মোৰ নেগুৰ কেনেকৈ কটোৱাম? মহাশয় আজিৰ পৰা মই আপোনাক মোৰ গুৰু হিচাপে মানিলোঁ, অনুগ্ৰহ কৰি আপুনি মোৰ নেগুৰ কটোৱাই আপোনাৰ দৰে কৰি দিয়ক।

ফপৰা কুকুৰটোৰ কথাত নেগুৰ কটা কুকুৰটোৱে মনে মনে ভাবিবলৈ ধৰিলে, “তাক যদি মই মোৰ এই সত্যখিনি কৈ দিওঁ যে আগতে ময়ো তাৰ দৰে সাধাৰণ কুকুৰ আছিল, এখন ৰুটিৰ বাবে ময়ো মানুহৰ জোতা-চেন্দেলৰ কোব, গোৰ আৰু টাঙোনৰ মাৰ খাব লগা হৈছিল, যিফালেই যাওঁ সেইফালেই মানুহে মোক লেইলেই-ছেইছেই কৰে। কেতিয়াবা কাৰোবাৰ এৰেহা খাবলৈ দিলে বুজি পাইছিলোঁ যে তেওঁৰ মোৰ ওপৰত বৰ ডাঙৰ উপকাৰ হৈছিল। ৰাতিটো সেইঘৰৰ চকিদাৰী কৰিব লগা হৈছিল, কেতিয়াবা ভুকিবলৈ মন নাথাকিলেও ভুকিব লগা হৈছিল। কেতিয়াবা নুভুকিলে ৰাতিপুৱা গালি খাব লগা হৈছিল, মানুহে কৈছিল, “খায় পাত ফলা, যেতিয়া ভোকত থাক, তেতিয়া নেগুৰ জোকাৰি আহিবি আৰু যেতিয়া ভুকাৰ সময় তেতিয়া নাইকিয়া হৈ যাবি। তেনেকৈয়ে দুখেৰে জীৱন অতিবাহিত কৰি থকাৰ মাজৰে এদিন মই আহাৰৰ যোগাৰ কৰিবলৈ মানুহ এঘৰত সোমালোগৈ, ঘৰৰ সকলো সদস্যই টি.ভিত অনুপম খেৰৰ শ্ব’ ‘কুচ ভি হো চকতা হে’ চাই আছিল। ময়ো থিয় হৈ শ্ব’ চাবলৈ ধৰিলোঁ। অনুপমে বাৰে বাৰে একেটা কথাকে কৈ আছিল হঠাতেই যিকোনো কাৰোবাৰ লগতেই জীৱনত কিবা সংঘটিত হৈ যাব পাৰে। মই মনতে ভাবিলোঁ মিছা কথা। কেনেকৈ হ’ব পাৰে ! মই কুকুৰ, কুকুৰেই হৈ থাকিম, সিংহ হৈ নাযাওঁ নহয়। এইবোৰেই ভাবি মই খাদ্য বিচাৰি ৰেলৰ চিৰি পাৰ হ’ব খোজোঁতেই বিপৰীত দিশৰ পৰা ৰেল এখন আহি গ’ল, মই কিবা বুজি পোৱাৰ আগতেই আৰু চিৰিৰ মাজৰ পৰা আঁতৰি আহোঁতেই মোৰ নেগুৰডাল ৰেলৰ চকাৰ তলত পৰি কাট খায় থাকিল। মই বিষত চটফটাবলৈ ধৰিলোঁ আৰু মোৰ থকা ঠাইখিনিলৈ দৌৰিলোঁ কিন্তু মানুহে মোক থাকিবলৈ নিদিলে আৰু তাৰ পৰা খেদি দিলে। মই যেনেতেনে নিজৰ প্ৰাণ ৰক্ষা কৰি জংঘললৈ গুচি গ’লোঁ, তাত মোৰ ঘাঁ টুকুৰা মাখিয়ে খাবলৈ ধৰিলে। মাখিৰ পৰা ৰক্ষা পাবলৈ মই ঘন হাবিৰ মাজত বহি থাকিলোঁ। মই আৰাম পালোঁ আৰু মোৰ টোপনি গভীৰ হ’ল। তাত মোৰ একো অসুবিধা নহ’ল বাবেই মই তাতেই থাকিবলৈ ল’লোঁ। এক-ডেৰ মাহৰ পাছত যেতিয়া মোৰ ঘাঁ টুকুৰা শুকাল, তেতিয়া মই জংঘলৰ পৰা ওলায় চহৰৰ অভিমুখে আহিলোঁ। তাত থকা কিছুমান মানুহে মোক দেখি নিজৰ মাজতেই কথা পাতিবলৈ ধৰিলে, কিছুমানে কৈছিল, “ইমান শকত স্বাস্থ্যৱান, কোনোবাই কৈছিল, কোনোবা ডাঙৰ মানুহৰ ঘৰৰ হ’ব, কোনোবাই আকৌ কৈছিল, ইয়াৰ নহয় যেন লাগিছে, ভাল জাতৰ নেগুৰ কটা, কৰবাৰ বাহিৰৰ হ’ব। ই ঘৰৰ বাট হেৰুৱালে চাগে!”

সেই সকলোৰে কথাবোৰ শুনি মই সুখী হ’লোঁ আৰু মনে মনে ভাবিলোঁ নেগুৰ কটা যোৱাৰ পাছত মোৰ ভাগ্যই সলনি হৈ গ’ল। মই শকত স্বাস্থ্যৱানো হৈ গৈছিলোঁ। সেইবাবে মানুহে মোক ইয়াৰ নহয় বেলেগ দেশৰ বুলি ভাবিছিল। মোক দেখি তাৰ ফপৰা কুকুৰবোৰেও পলাই পত্ৰং দিছিল, সঁচাকৈ কৰোবাৰ সময় সলনি হ’বলৈ বৰ বেছি সময় নালাগে।

মই ৰৈ তাহাঁতৰ কথা শুনিবলৈ ধৰিলোঁ, মিষ্টাৰ চাক্সনাই নিজৰ চুবুৰীয়াক কৈছিল,

: মিষ্টাৰ কাপুৰ, এনেকুৱা হ’ব নোৱাৰেনে যেতিয়ালৈকে ইয়াৰ মালিকে ইয়াক বিচাৰি নাহে, তেতিয়ালৈকে মই ইয়াক নিজৰ ঘৰত ৰাখি থওঁ?

: যদি আপোনাৰ ঘৰত থাকে ৰাখি থওঁক, এনেয়ো আপুনি কুকুৰ ভালেই পায়।

মইতো সেইটোৱেই বিচাৰিছিলোঁ কাৰোবাৰ ঘৰত যদি ঠাই পায় যাওঁ, চাক্সেনা মহাশয়ে মোক মাতিলত মই মোৰ কটা নেগুৰডাল লৰাই লৰাই তেওঁৰ ওচৰলৈ গ’লোঁ। তেওঁ মৰমেৰে মোৰ গাত হাত ফুৰালত মোৰ গাটো ভাকুটকুটাই উঠিল, যাৰ বাবে মই কুঁকুঁৱাই উঠিলোঁ। মোক তেনেকুৱা কৰা দেখি চাক্সেনা মহাশয় বৰ সুখী হ’ল আৰু নিজৰ ঘৰলৈ নি গাখীৰ আৰু ব্ৰেদ খাবলৈ দিলে। সেইয়া খায় মোৰ গাটো ভাল লাগি গ’ল, কাৰণ জীবনত প্ৰথমবাৰ ইমান ভাল খাদ্য মই খাবলৈ পাইছোঁ আৰু কি লাগে! সেইদিনাৰ পৰাই মোৰ শুশ্ৰূষা আৰম্ভ হৈ গ’ল। ৰাতিপুৱা গধূলি দামী শিকলিৰে বান্ধি মিচেছ চাক্সেনাই মোক পাৰ্কলৈ ফুৰাৱলৈ লৈ যায়। মোক দেখি মানুহে যেতিয়া মন্তব্য কৰে মিছেচ চাক্সেনাই বৰ গৰ্ব অনুভব কৰে। পাৰ্কৰ পৰা অহাৰ পাছত মোক মালিচ কৰা হয় তাৰ পাছত চেম্পুৰে গা ধুৱাই দিয়া হয় আৰু আৰামত গাখীৰ ব্ৰেদ খাবলৈ পোৱা যায়। যিমানেই মিষ্টাৰ চাক্সেনাৰ সম্বন্ধীয়, চিনাকি, আৰু বন্ধুবৰ্গই মোৰ বিষয়ে গ’ম পালে, তেতিয়া তেওঁলোকে মোক চাবলৈ আহিবলৈ ধৰিলে, আৰু মিষ্টাৰ চাক্সেনাৰ ভাগ্যৰ গুণ গাবলৈ ধৰিলে। যেতিয়া চাক্সেনাৰ পৰিয়াল সম্পূৰ্ণৰূপে নিশ্চিত হ’ল যে মোক নিবলৈ কোনো নাহে তেতিয়া তেওঁলোকে মোৰ ওপৰত নিজৰ সম্পূৰ্ণ মালিকিস্বত্ব খটোৱাবলৈ মোৰ নামাকৰনো কৰি পেলালে, মোৰ কাৰণে বেলেগে এটা কোঠাও বনালে, য’ত মোৰ আৰামৰ বাবে বিচনাৰ পৰা আদি কৰি সকলো সামগ্ৰী আছিল। এতিয়া মই য’লৈকে যাওঁ শিকলিৰে বান্ধি বা খোজকাঢ়ি নগৈ নিজৰ চিকচিকিয়া গাড়ীত উঠিহে যাওঁ। এদিন মিচেছ আৰু মিষ্টাৰ চাক্সেনাই মোক পশু চিকিৎসালয় লৈ গৈ মোৰ চেক আপ কৰোৱাৰ লগতে মোক এইবুলি বেজী দিয়াই দিলে যাতে মোৰ সঁচৰ কুকুৰ আশে-পাশে নহয়, কাৰণ মই এতিয়া তেওঁলোকৰ ‘ষ্টেটাচ চিম্বল’হৈ গ’লোঁ। হাইটেক সুবিধাবোৰৰ সৈতে থাকোঁতে থাকোঁতে মোৰ ভাগ্য সলনি হৈ গ’ল। মোৰ ভুকি থকা আৰু খোজকঢ়াৰ ষ্টাইলো সলনি হৈ গ’ল। প্ৰথমতে মই অনাথ ফপৰা কুকুৰবোৰৰ দৰে ভুকিছিলোঁ, এতিয়া ধনীৰ দৰে গম্ভীৰকৈ ভুকোঁ আৰু চোফাত বহি অনুপম খেৰৰ শ্ব’ “কুচ ভি হো চকতা হে” চাওঁ। এতিয়া মোৰ সম্পূৰ্ণ বিশ্বাসেই হৈ গ’ল যে কাৰোবাৰ জীৱনত, যিকোনো সময়ত যি টি সংঘটিত হৈ যাব পাৰে।”

: কি হ’ল মহাশয়, আপুনি কি ভাবিবলৈ ধৰিলে?

ফপৰা কুকুৰটোৱে নেগুৰ কটা কুকুৰটোক মনে মনে থকা দেখি সুধিলত, নেগুৰকটা কুকুৰটোৰ বিচাৰ শৃংখলা ভঙ্গ হৈ গ’ল। সি এনেকৈ চক খায় উঠিল যেন তাক কোনোবাই টোপনিৰ পৰাহে জগায় দিলে।

“যদি মই মোৰ স্বাস্থ্য আৰু আৰামৰ জীৱন অতিবাহিত কৰাৰ আচল ৰহস্যখিনি কৈ দিওঁ, তেতিয়া মোৰ আচল ৰূপটো ওলায় পৰিব আৰু তাৰ চকুত যিখিনি মোৰ সন্মান আছে সকলো শেষ হৈ যাব। নাই, ইয়াক মই মোৰ সত্যখিনি নকওঁ।”

নেগুৰকটা কুকুৰটোৱে একেবাৰে সাধাৰণ ভাৱেৰে ক’লে,

: একো নাই, এনেই কিবা এটা, বাৰু বন্ধু মোৰ যোগাসনৰ ক্লাচলৈ যোৱাৰ সময় হৈছে, বাৰু আমি এই বিষয়টোলৈ আন এদিনা কথা পাতিম।

: মানে আপুনি যোগাসনৰ ক্লাচো লয় ?

: অঁ, মোৰ ইচ্ছা নাথাকে কিন্তু উপায় নাই, এইবোৰ ডাঙৰ মানুহৰ অভ্যাস কৰিবতো লাগিবই, আজিকালি এইবোৰ অভ্যাসতেই মানুহক ডাঙৰ মানুহ বুলি কোৱা হয়। বাৰু বন্ধু যাওঁ…

: থিক আছে মহাশয়, মই আপোনাৰ অপেক্ষা কৰিম।

“আজিটো বাচি গ’লোঁ, আগলৈ কেনেকৈ বাচিম…! মই ইয়াক বুৰ্বক বনাবই লাগিব…”

যাওঁতে যাওঁতে সি ৰৈ দিলে, আৰু ফপৰা কুকুৰটোক ক’লে,

: বন্ধু, ক্ষমা কৰিবি কাইলৈ মই আহিব নোৱাৰিম , কাইলৈ কি মই কেইবাদিনো আহিব নোৱাৰিম। আজি গধূলি মোৰ মুম্বাইৰ ফ্লাইট আছে।

: মুম্বাইৰ ফ্লাইট? আপুনি মুম্বাইলৈ কিয় যায়?

: তাত মোৰ এখন চিনেমাত অলপ ষ্টাণ্ট কৰিবলগা আছে, সেইবাবেই…।

: মানে আপুনি চিনেমাতো কাম কৰে?

ফপৰা কুকুৰটোৱে উৎসাহেৰে সুধিলে।

: অঁ, নিজৰ মালিকৰ সুখৰ বাবে সকলো কৰিব লগা হয়।..বাৰু ঘূৰি অহাৰ পাছত তোক লগ কৰিম।

: থিক আছে, মই আপোনালৈ অপেক্ষা কৰিম।

ফপৰা কুকুৰটোৱে সেইদিন ধৰি সপোন ৰচিবলৈ আৰম্ভ কৰি দিলে, চিকমিকাই থকা গাড়ী, যোগাসন, চিনেমাৰ ষ্টাণ্ট….

“ৱাহ্ তাৰমানে মোৰো ভাগ্য উদয় হ’বৰ হৈছে, ময়ো সাধাৰণ কুকুৰৰ পৰা বিশেষ হৈ যাম।”

এইদৰেই সপোন ৰচি ৰচি ফপৰা কুকুৰটোৰ অৱস্থা আৰু শোচনীয় হৈ গৈ থাকিল কিন্তু নেগুৰ কটা কুকুৰটো সেই পাৰ্কলৈ পুনৰাই নাহিল।

*****

3 Comments

  • Rintumoni Dutta

    খুব ভাল লাগিল পুৰবী, লিখি থাকিবি

    Reply
  • HEMANTA KAKATI

    বৰ ভাল হৈছে পূৰবী৷

    Reply
  • ডলী

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.