ফটাঢোল

ষ্টেণ্ডাৰ্ড’ বন কৰা মানুহজন – কুকী কল্পিতা মহন্ত

গৰমৰ দিনবোৰ বৰ অশান্তিদায়ক। উৎকট গৰম আৰু ইফালে মহৰ কামোৰ বোৰ আছেই। অকল মহেই নে, পোক পৰুৱাৰ পৰা আদি কৰি সাপ, বেং ভেকুলীলৈকে কি কি যে নোলায় নহয়! তাতে যদি আকৌ ঘৰৰ বাৰী খনত ঘাঁহ বন অলপ বেছি থাকে এই সকলোবোৰ মিলি বাৰীখন একেবাৰে কাজিৰঙা অভয়াৰণ্য যেনেই হৈ পৰে। বৰষুণৰ মাত্ৰা যিহেতু গৰমৰ দিনত অলপ বেছিকৈ হয় ফলস্বৰূপে ঘাঁহ বনবোৰো আকাশলংঘী হ’বলৈ বেছি দিন নালাগে।

কেইবছৰমান আগৰ এনে গৰম দিনৰে কথা। আমাৰ ঘৰত নিয়মীয়াকৈ কাম কৰা ‘ককাই’জন বেমাৰত পৰি এক-ডেৰমাহ মান কাম কৰিবলৈ নহাকৈ আছিল। ইমান দিন ঘাঁহ বোৰ নকটাৰ বাবে আমাৰ ঘৰৰ বাৰীখনৰ লগতে দীঘল পদূলিটো ঘাঁহ বনেৰে ভৰি পৰিল। সাপ, বেং, ভেকুলী কিহে কিহে আহি বাস কৰিবলৈ লৈছিলহি গম নাপাওঁ। খোজ কাঢ়ি পদূলিলৈ ওলোৱা-সোমোৱা কৰিবলৈও ভয় লগা হ’ল। উপায় নাপাই কাষৰ ঘৰৰ গৰু দুটামানকে এৰাল দিয়ালোঁহি। আগবেলাটো গৰুৱে ঘাঁহ খালে। পাছবেলাটো পেট পেলাই শুলে।খাব নোৱাৰা হৈ গ’লগৈ আৰু! দুই-তিনিদিন খায়ো আধাখিনি ঘাঁহো শেষ কৰিব নোৱাৰিলে। এফালৰপৰা গৰুৱে খাই গৈছে আনফালে ঘাঁহ বোৰ আকৌ লহপহকৈ বাঢ়ি আহি আছে। গোবৰ জাবৰ দি কৰিলেও ফুল-পুলি এটাও তেনেকৈ নাবাঢ়ে চাগে!
এনেকৈ আৰু নোৱাৰি বুলি বাৰীখন অলপ চাফা কৰাবলৈ দাদায়ে চাৰি-আলিৰ পৰা কাম কৰা মানুহ এজনকে বিচাৰি আনিলেগৈ।

শকত আৱত আৰু চাপৰ মানুহ এজন আহি ওলালহি দাদাৰ লগত। আহিয়ে দেউতাৰ লগত বহুত কথা পাতিলে মানুহজনে। খুব কম সময়ৰ ভিতৰতে দেউতাৰ লগত ‘ফ্ৰেণ্ডশ্বিপ’ হৈ গ’ল। দেউতাই আগফালে ঘাঁহখিনি কাটিবলৈ বুলি সা-সৰঞ্জাম উলিয়াই দি তেওঁক ভালকৈ বুজাই থৈ ভিতৰ পাইছিলহিহে, মানুহজনে চিঞৰিবলৈ লাগিল বোলে “কাঁচি-কটাৰীত ধাৰেই নাই। মই ধৰাই আনোগৈ দিয়ক ছাৰ”।

দেউতাই পইচা ৫০ টকা দি ধাৰ কৰোৱাবলৈ পঠালে তেওঁক। এক ডেৰ ঘণ্টামান পাৰ হৈ গ’ল মানুহ জনৰ কোনো দেখা দেখিয়ে নাই। উপায় নাপাই দেউতাই পুনৰ দাদাকে মানুহজনক বিচাৰি যাবলৈ ক’লে। ইফাল দাদাৰ খং, কি কৰিবলৈ নতুন মানুহটোক দা কটাৰি সোপা দি পঠিয়াব লাগে বুলি ভোৰ-ভোৰালে।

অৱশেষত মানুহজন ওলালহি তামোল পকতীয়াই পকতীয়াই। তেওঁ ঘূৰি আহে আহে মানে দিনটোৰ আধা বেলা মান গ’লেই। পুনৰ কামত ধৰিবলৈ লৈ তেওঁৰ এইবাৰ আপত্তি, বাৰীখনত অসংখ্য মহ। অলপো শান্তিত ৰ’বই নোৱাৰি। দেউতাৰো বেয়া লাগি “অ’ডমছ” ক্ৰীম এটা নি তেওঁক দিলেগৈ সানি লৈ কাম কৰিলে মহে নাখাই বুলি।

অলপ সময় ঘাঁহ কাটিলে তেওঁ। কিন্তু অলপ পাছতে তেওঁৰ আকৌ আপত্তি শুনা গ’ল। তেওঁক এইবাৰ ছাতি এটা লগা হ’ল, বৰ ৰ’দ বোলে। ছাতিৰ তলত সোমাইহে ঘাঁহ কাটিব পাৰিব। দেউতাই নিজৰ ডাঙৰ ছাতিটোকে উলিয়াই দিলে এইবাৰ।

পাঁচ মিনিটমান কাম কৰিয়েই এইবাৰ আকৌ চিঞৰিবলে লাগিলেই। কি হ’ল সুধিলত এইবাৰ বোলে তেওঁ পানী খায়। লৰা-লৰিকৈ ঠাণ্ডা পানীৰ জাৰ এটাত পানী এজাৰ দি আহিলোগৈ তেওঁক। পানী এগিলাচ খায়েই তেওঁ বোলে,

:ভণ্টী তোমালোকৰ ঘৰত ফ্ৰীজ নাই নেকি? ইমান গৰমত আৰু ফ্ৰীজৰ পানী অকণমান নাখালে কেনেকৈ গাটো শাঁত পৰিব কোৱাচোন!

আকৌ এইবাৰ মই ফ্ৰীজত পানীৰ বটল ভৰালোঁগৈ। সাধাৰণতে আমি ফ্ৰীজত পানী বৰকৈ নথওঁ। মানে সৰুৰে পৰাই আমাৰ মায়ে আমাক ফ্ৰীজৰ পানী খাবলৈ নিদিছিল বেমাৰ হ’ব বুলি, সেয়ে ফ্ৰীজৰ ঠাণ্ডা পানী খোৱাৰ অভ্যাস প্ৰায় নায়েই আমাৰ। পিছে সেইদিনাৰ পৰা তেওঁৰ কাৰণেই ৰাখিব লগা হ’ল আৰু।

মানুহজনৰ ৰেহ-ৰূপ আৰু কাণ্ড-কাৰখানাবিলাক দেখি পেটে পেটে অলপ খঙো উঠিছিল যদিও উপায় নাই, এতিয়া বেলেগ মানুহোনো পাওঁ ক’ত!
ইয়াকেই ‘ঝেলিব’ লাগিব আৰু এইকেইদিন বুলি একো নোকোৱাকৈ থাকিলোঁ।
দেউতাৰ পিছে বৰ মৰম ‘ষ্টেণ্ডাৰ্ড’ বন কৰা মানুহজনলৈ। একো ক’বলৈকে নিদিয়ে তাৰ বিষয়ে। কিবা ক’লেই চিধাই কয় “যা চোন এই গেলা গৰমত তহঁতেই ঘাঁহ কাটগৈ আগফালে বাৰীত। তেতিয়া গম পাবি তাৰ কি অৱস্থা হৈছে।”

দুপৰীয়া তেওঁক ভাত দি আহি মই আৰু দেউতাই খাবলৈ বহিবলৈ পালোঁ কি নাপালোঁ তেওঁক দ্বিতীয়বাৰ ভাত লগা হ’লেই। পুনৰ ভাত দি আহি নিজে খাবলৈ ল’লোঁ।

মায়ে অফিচৰ পৰা আহি আক’ মোকেই বকিছে-

: তই চাগে মানুহটোক যি কণ ভাত দিলি সেইকণেৰে তাৰ পেটৰ এচুকু নভৰিল চাগে, সেইকাৰণে খুজি খাইছে। খাওক দে। সৰহকৈ দিবি আজিৰ পৰা ভাত।

মই ক’ত নো বাৰু কমকৈ দিওঁ! আমাৰ ঘৰত নিয়মিত কাম কৰা ‘ককায়ে’ যিমান ভাত খায় তাতকৈ অলপ বেছিয়ে ভাত দিছিলোঁ তাৰ পেটটো দেখি। তথাপি কম হ’ল বোলে! মা আৰু দেউতাৰ বেলেগ ‘দৰদ’ মানুহটোলৈ। কিজানি কাম নকৰি গুচি যায়!

আগদিনা দিয়া ভাততকে পাছদিনাৰ পৰা অলপ বেছিকৈ ভাত দিবলৈ ললোঁ। পিছে তেওঁৰ পেট যিটোহে, তাত কেই চৰিয়া ভাত সোমাব ঠিক নাই! এবাৰ ভাত নুখুজিলে হেনো ভালেই নালাগে তেওঁৰ।

তাৰ পাছদিনা তেওঁ বোলে

: ভণ্টী,সদায় সুদা ভাতেই খুৱাবানে। আজি আকৌ মই মাছ মাংস কিবা এটা ওলাব বুলিহে ভাবিছিলোঁ!

সেই সময়ত দাদাৰ অলপ গা বেয়া আছিল বাবে আমি মাছ, মাংস খাবলৈ বাদেই দিছিলোঁ। তথাপি নিৰামিষ ভাত হ’লেও দুই তিনিটা ব্যঞ্জন নৰন্ধাকৈ মই কেতিয়াও নাথাকোঁ। আৰু আমি যেনেদৰে খাওঁ তেনেকৈয়ে তেওঁকো দিওঁ। একদম মানে মূৰটো টিঙিচকৈ মাৰিবলৈ ল’লে মানুহটোৰ কথাবোৰ শুনি। তেওঁ যেন কাম কৰিবলৈ নাহি ‘ফাইভ ষ্টাৰ হোটেলত’ খাবলৈ হে আহিছে। উপায়ো নাই। আটকৰ দিনত পাইছো যে তেওঁকেই।

প্ৰতিদিনে তেওঁ আহিয়েই নিজৰ মোবাইলটো আমাৰ ঘৰৰ বাৰাণ্ডাত থকা ‘চুইটছ ব’ৰ্ড’ত ‘চার্জ’ত লগাই লয় আৰু কাম কৰি থাকোঁতে মাজে মাজে দেউতাক কৈ থাকে বোলে- “ছাৰ, কাৰেণ্ট গ’ল/আহিল।”
দেউতাই মনতে ভাবে, এইটোৱে ঘৰৰ বাহিৰত থাকি ক’ৰ পৰা গম পায়
কাৰেণ্ট অহা যোৱা কৰাৰ কথা!
এদিন দাদায়েহে মোবাইলটো চার্জত লগাই থোৱা দেখি কথাটো আৱিষ্কাৰ কৰিলে তেওঁ কাৰেণ্ট অহা যোৱা কৰাৰ কথা কেনেকৈ গম পায়!

এদিন বাৰী চাফা কৰি থকাৰ পৰা ৰঙালাও এফাল আনি দিলেহি বোলে-

: ছাৰ, হাবি কাটোতে ৰঙালাওটোও দুফালেই হ’ল। ডাঙৰ ফাল আপোনালোকে ৰাখক, সৰু ফালটো মই লৈ যাওঁ। আপোনালোকেনো অকলে কেনেকৈ খাব ইমান ডাঙৰ লাওটো!

দেউতাই বোলে,

: হ’ব লৈ যোৱা।

পিছে পাছদিনাৰ পৰা সদায়ে ৰঙালাও কাট খাবলৈ ধৰিলে আৰু আমাক দিয়াৰ আগতেই তেওঁ নিজৰ ভাগটো বেগত ভৰাবলৈ লাগিল। পাছত দেউতাই বোলে- “এইডালে চব ৰঙালাও কাটি শেষেই কৰিব এতিয়া, ইয়াক বেলেগ কামতহে লগোৱা ভাল হ’ব।”

পাছদিনা দেউতাই তেওঁক আমাৰ পুখুৰীটোকে চাফা কৰাৰ কথা ক’লে। পাৰ কেইটাৰ হাবিবোৰ কাটিলে, পিছে পানীত নামি পুখুৰী চাফা কৰিবলৈ হেনো তেওঁক ‘পেৰাশ্বুটৰ’ পেণ্ট এটা লাগিব পিন্ধি ল’বলৈ।
দেউতায়ো দাদাক কৈছেহি

: পাৰিলে তাক ‘পেৰাশ্বুট’ৰ পেণ্ট এটা আনি দেচোন হেৰৌ। পুখুৰীটো বৰ লেতেৰা হৈ আছে

: অ’।

ইফালে মানুহটোৰ ওপৰত দাদাৰ মূৰ গৰম হৈ আছে, কি দৰকাৰ সেইটোৰ ইমানবোৰ ‘ফৰমাইছ’ পূৰা কৰি থাকিবলৈ! কাম কৰিলে কৰিব, নকৰিলে নাই।

দুদিন মান গ’ল তেনেকৈয়ে। ‘পেৰাশ্বুটৰ’
পেণ্টৰ অভাৱত তেওঁ পানীত নামিব পৰা নাই। তেনেতে এদিন আমাৰ ঘৰত নিয়মিত কাম কৰা ‘ককাই’ জন গা ভাল পাই আহি ওলালহি।

‘ককাই’ অহাৰ পাছত মানুহ জনৰ কাণ্ড কাৰখানা দেখি আমি অবাক। ককাইক অহা দেখিয়ে ‘পেৰাশ্বুট’ৰ পেণ্ট নহ’লে পুখুৰীত নামিব নোৱাৰা তেওঁৰ দম্ভালি ফুচ হ’ল। লৰালৰিকৈ গৈ ‘পেৰাশ্বুটৰ’ পেণ্টৰ ঠাইত গামোচা এখন পিন্ধিয়েই
পুখুৰীত নামিলগৈ।

দাদায়ে ময়ে ভিতৰত বাগৰি বাগৰি হাঁহিবহে পাৰিছোঁ আৰু। পাছবেলালৈ দেউতায়ে তেওঁক হিচাপ নিকাচ কৰি “ককাই আহিল যেতিয়া তুমি আৰু কাইলৈৰ পৰা আহিব নালাগে দিয়া” বুলি কৈ লাহেকৈ বিদায় দিলে।

যাবৰ সময়ত মানুহজনৰ মুখখন সঁচাই চাব লগা হৈছিল। আমিও স্বস্তিৰ নিশ্বাস পেলালোঁ।

☆ ★ ☆ ★ ☆

12 Comments

  • বাগ্মীতা বাৰ্বী

    হাঃ হাঃ ! আছে এনে মানুহ 🤣

    Reply
    • কুকী কল্পিতা মহন্ত

      সচাকৈ কিযে মানুহবোৰৰ পাল্লাত পৰো নহয়

      Reply
  • HEMANTA KAKATI

    হাঃ হাঃ মজা লাগিল৷

    Reply
    • কুকী কল্পিত মহন্ত

      ধন্যবাদ দাদা

      Reply
  • মিঠু বা

    সৰু সৰু ঘটনা বিলাক ইমান ধুনীয়াকে বৰ্ণনা কৰিব পাৰ তই…বৰ হাঁহিলো দেই
    দেমনিলৈ মনত পৰি গ’ল অ’

    Reply
    • কুকী কল্পিতা মহন্ত

      ভাল হৈছে নি। লৰা লৰিকৈ লিখা আৰু। দেমণিৰ বৰ দৰদ একেবাৰে সেইটোলে

      Reply
  • Ranjan kumar sharma

    মজা

    Reply
    • কুকী কল্পিতা মহন্ত

      ধন্যবাদ

      Reply
  • Dipankar Bhattacharyya

    আমাৰ ঘৰৰ কাম কৰিব অহা মানুহ গৰাকী ও এনেকুৱা 😊👌👍

    Reply
    • কুকী কল্পিতা মহন্ত

      হা হা😂😂😂। হয়নি

      Reply
  • ভাল লাগিল

    Reply
    • কুকী কল্পিতা মহন্ত

      ধন্যবাদ বাইদেউ

      Reply

Leave a Reply

Your email address will not be published.