ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

প্ৰায় এবছৰমান আগৰেই কথা! ফটাঢোল ই আলোচনীৰ সম্পাদনা সমিতিৰ গুৰি ধৰোঁতা এজনে ক’লে- পাৰ্থ এই কথাই কথা নহয়। তুমি আমাৰ আলোচনীৰ সম্পাদক হ’ব লাগিব। প্ৰথম কথা, মই মানুহক না ক’বলৈ বেয়া পাওঁ, তাতেই এওঁ আছিল বয়সত মোতকৈ বহুত ডাঙৰ। সেয়ে ময়ো নিশ্চয় বুলি শলাগি থ’লোঁ। মনত এনে এটা ভাৱ- এহ ইমান কামৰ মাজত তেওঁ ক’তনো মনত ৰাখিব! পাহৰিয়েই থাকিব। পিছে সেই মানুহজনে নাপাহৰিলে। ২০১৯ ত সম্ভৱতঃ দুবাৰ মই তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলোঁ। কৰাৰ কাৰণো আছিল, এখন আলোচনীৰ সম্পাদনা কৰাৰ জোখাৰে মোৰ জ্ঞানৰ পৰিধিৰ  ক্ষেত্ৰত মোৰ নিজৰ ওপৰত সন্দেহ। তাতেই আকৌ হাস্য-ব্যংগ আলোচনী। কিন্তু এইবাৰ তেওঁ মোক প্ৰস্তাৱ আগবঢ়োৱাৰ সময়ত গোটেই দেশজুৰি লকডাউন। গতিকে মই ব্যস্ততাৰ অজুহাত দেখুৱাই হাত সাৰি যোৱাৰ বাটো বন্ধ। কাজেই মই হৈ পৰিলোঁ ফটাঢোল ই-আলোচনীৰ জুন ২০২০  সংখ্যাৰ সম্পাদক ওৰফে চম্পা!

প্ৰত্যেকবাৰেই মাহৰ শেষলৈ সম্পাদনা সমিতিৰ গুৰি ধৰোঁতাজনে কিবা বোলে বন্দুক(হা হা!) এটা উলিয়াই লয়। অৱশ্যে মই সেই বন্দুকটো কাহানিও দেখা নাই। শুনামতে সেই বন্দুকৰ গুলি ইমানেই মামৰ লগা যে সেই গুলিৰ আঘাতৰ ফলত আন একো নহৈ চেপতিক হোৱাটোহে নিশ্চিত হয়। পিছে মই হ’লোঁ বন্দুক-বাৰুদ ভাল নোপোৱা মানুহ। সেয়ে মৰমৰ মাজেৰে ৰাইজৰ ওচৰলৈ শান্তিকামী সম্পাদক হৈ লেখা বিচাৰি গ’লোঁ। তেনেকৈ লেখা বিচাৰি দেখোঁ- ও আই, কি আচৰিত! মানুহবোৰে দমা-দমে লেখা দিছে। মহাত্মা গান্ধীৰ সেই বাক্যশাৰী মনলৈ আহিল- “মৰমৰ শেলে যাক বিন্ধে তেওঁহে মৰমৰ শকতি জানে।”

সেই লেখা অহাৰ পৰা আলোচনী ওলোৱালৈ মোৰ কাষত প্ৰতি মুহূৰ্তত সহায়ৰ বাবে থিয় দি থকা ৰিণ্টুমনিদা, চাবিনাবা, পৰীস্মিতাবা, প্ৰণীতাবা, দেৱজিৎদা, দিম্পল, চাহিনবা, ৰাজশ্ৰীবা,অভিজিৎ কলিতা দাদা, হেমন্ত কাকতি দাদা, ৰিমজিম বৰঠাকুৰ বা, ঋতুপৰ্ণাবা, সঞ্জীৱদা, বিজয়দা ইত্যাদি সকলোকে এই চেগতে ধন্যবাদ দিছোঁ। মোৰ মনৰ কথাখিনিক কভাৰ ফটোত আঁকি ধৰাৰ বাবে আৰাধনা বৰুৱা বা আৰু দিগন্ত ভট্টাচাৰ্য দালৈ বহুত মৰম।

 পিচে, সমস্যা হ’ল সাক্ষাৎকাৰ কাৰ লোৱা যায়? তাতেই লকডাউনৰ দিন। মই প্ৰথমৰ পৰাই ভাবি আছিলোঁ-  সাক্ষাৎকাৰ ল’লে এনে এজন মানুহৰ ল’ম যাৰ প্ৰতিটো কথাই মানুহক হাঁহিৰ খোৰাক দি যাব। আৰু এদিন দুপৰীয়া মাছে-মঙহে দকচি খাই থাকোঁতে(হা হা!) হঠাতে তেওঁৰ নামটো মনলৈ আহিল। ইউৰেকা ইউৰেকা!  ডাঃ অঞ্জনজ্যোতি চৌধুৰী ছাৰ। হাস্য-ব্যংগ আলোচনীৰ সাক্ষাৎকাৰৰ বাবে তেওঁৰ কথাবোৰ মজা হ’ব। শাৰীৰিক অসুস্থতাকো নেওচি ছাৰে মোৰ আগ্ৰহক ইমান মৰম দেখুৱাই সাক্ষাৎকাৰ শিতানটোও হাঁহিৰ ৰহঘৰা কৰি তোলাৰ বাবে তেওঁলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত। সাক্ষাৎকাৰৰ ক্ষেত্ৰত মোক সহায় কৰাৰ বাবে এই সুযোগতে ৰিণ্টুমণিদা আৰু অনিন্দিতা কলিতাক আন্তৰিক ধন্যবাদ যাচিছোঁ।

আলোচনীৰ মূল সম্বল দুটা হ’ল- লেখক আৰু পাঠক। গতিকে, আলোচনীখনলৈ লেখা পঠিয়াই ইয়াক সর্বাংগসুন্দৰ কৰি তোলাৰ বাবে লেখক-লেখিকাসকলক  আৰু আলোচনীখন পঢ়ি আমাক কৃতাৰ্থ কৰা প্ৰত্যেকগৰাকী পাঠকক মোৰ আন্তৰিক ধন্যবাদ তথা সশ্ৰদ্ধ সেৱা জনাইছোঁ। বহুবোৰ এনে লেখাও আহিল, যিবোৰ লেখা হিচাপে উৎকৃষ্ট, পিচে হাস্য-ব্যংগ আলোচনীৰ লগত খাপ নোখোৱা। বহু এনে মানুহো পালোঁ, যি হয়তো লেখা দিবলৈ অপাৰগ কিন্তু সাহস আৰু প্ৰেৰণা হৈ অনবৰতে মোৰ কাষত থাকিল। সকলোলৈ মোৰ বুকুৰ মৰম। কুশলে থাকক, হাঁহি থাকক।

সম্পাদক
ফটাঢোল ই-আলোচনী

জুন-২০২০

☆ ★ ☆ ★ ☆

5 Comments

  • মানসী বৰা

    সংখ্যাটোৰ আঁৰৰ কথাখিনিয়ে ইমান মনপৰশা। আলোচনীখন সুন্দৰ নিশ্চয় হ’ব। এইবাৰ সাক্ষাৎকাৰ লোৱা অন্যতম প্ৰিয় ব্যক্তিজনৰ ৰসাল কথাবাৰ্তাই আলোচনীখনত সোণতে সোৱগা চৰাইছে বুলিব লাগিব।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • নীতাশ্ৰী নেওগ

    আঁৰৰ কথাবোৰ জানি ভাল লাগিল।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • ময়ূৰী গগৈ

    সম্পাকীয়টো পঢ়ি ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.