ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

(আপোনালোকক সন্মুখত পালে যেনেকৈ কথাখিনি ক’লোঁহেঁতেন, তেনেকৈ কৈছোঁ। অকণো অলংকাৰ লগোৱা নাই)

শ্ৰদ্ধাৰ ৰাইজ,

কোনখিনিৰ পৰা আৰম্ভ কৰিম আচলতে মই ধৰিবই পৰা নাই! কথাখিনি কওঁতে বেবেৰিবাং হ’ব পাৰে। হ’ব পাৰে নহয়, হ’বই! কিন্তু মূল কথা এইখিনিয়েই।

সকলোৱে জানেই মই ফটাঢোলৰ পুৰণি যদিও বিশেষ সক্ৰিয় সদস্য নহয়। ফটাঢোলৰ বহুকেইজন নেতৃস্থানীয় সদস্য অৱশ্যে ব্যক্তিগত ভাবে মোৰ ভাল বন্ধু, সেই সূত্ৰে বৰ বিশেষ সক্ৰিয় নহ’লেও গোটটোৰ লগত আত্মীয়তাটো অটুট আছে। এইটো কথাও মই ভালকৈ জানো আৰু ক’বলৈ দ্বিধাবোধ নকৰোঁ যে, বহুতে হয়তো সম্পাদক ৰূপে গোটত ঘোষণা হোৱা সময়লৈকে মোৰ নামটোও নাজানিছিল। গতিকে, সম্পাদকৰ দায়িত্ব লোৱাৰ সময়ত মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল নিজৰ পৰিচিতিটো সঠিক ভাবে উপস্থাপন কৰি সদস্যসকলৰ মাজলৈ সম্পাদকীয় গ্ৰহণযোগ্যতাটো লৈ যোৱাটো আৰু তাৰ বাবে প্ৰথম দিনৰ পৰাই কিছু অভিনৱ আঁচনি লৈছিলোঁ। ৰঙীন গোহাৰি, পোষ্টাৰ বনাই প্ৰচলিত ভাষাত ‘ যা টা কাৰবাৰ’ এটা কৰি পেলাইছিলোঁ (ই হয় কোন? সেইটো নাইকিয়া কৰিবলৈ গোহাৰিত মোৰ ফটো এখনো আছিল! মনত আছে ন?)

মোৰ কথাটো আছিল, লেখাৰ বাবে ৰাইজক ‘কামোৰ’তো দিমেই কিন্তু ‘কামোৰ’টো এটা ষ্টাইলত দিম। ইয়াৰ বাবে অনবৰতে চিন্তা চৰ্চা কৰি আছিলোঁ। এই কামটো অৱশ্যে শেষত মোৰ বাবে ‘বুমেৰাঙ’ হোৱাৰ দৰেও হৈছিল। ৰাইজৰ আলোচনীখনৰ প্ৰতি এটা বেলেগ ধৰণৰ আকাংক্ষা জাগি উঠা পৰিলক্ষিত হৈছিল। সকলোৱে কৈ আছিল, “এইবাৰ আলোচনী বেলেগ হ’ব দেই।” ইফালে মইহে জানো, মই কিমান পানীৰ মাছ! এইখিনিতে নকৈ নোৱাৰোঁ, মোৰ সৌভাগ্য যে মোৰ এনেধৰণৰ অগতানুগতিক চিন্তা চৰ্চাবোৰক দৃষ্টিনন্দন ৰূপ দিয়াত মোৰ লগত ছাঁটোৰ দৰে লাগি আছিল মোৰ ভাতৃ সুলভ বন্ধু, কনিষ্ঠ সহকৰ্মী চন্দন। এই ল’ৰাটোৰ হাতৰ যাদু যোৱা একমাহত ৰাইজে দেখিলেই। এই এটা মাহত মোৰ ফালৰ পৰা চন্দন নামৰ হীৰা এটুকুৰা ফটাঢোলক দিলোঁ। অনাগত দিনবোৰত তেওঁৰ প্ৰতিভাক গোটে কেনেকৈ  স্বীকৃতি দিয়ে সেয়া সময়লৈ এৰিলোঁ।

সম্পাদক হিচাপে আলোচনীখনৰ দায়িত্ব দি মোক যি দুজন মানুহে উচটাই ৰং চালে, তেওঁলোকৰ নাম দুটা ৰাজহুৱা নকৰিলে এই লেখাটো লিখা আৰু নিলিখা একেই কথা হ’ব। সেই দুজন হ’ল এজন আমাৰ শ্ৰদ্ধাৰ ৰিণ্টু দা আৰু মোৰ মৰমৰ ভাইটি দেৱজিত শৰ্মা। ৰিণ্টু দাই প্ৰথম দিনা ফোন কৰি মোক ক’লে যে অহা মাহৰ আলোচনীখন চলাই দিয়া। মই সুধিলোঁ, “চলাই দিয়া মানে কি চলাই দিয়া?” তেওঁ বোলে একো নাই হে, সম্পাদকীয়টো লিখিবা, সাক্ষাৎকাৰটো ল’বা, লেখাবোৰতো গোটাবই লাগিব, নিয়মীয়া শিতানবোৰৰ লেখকসকলক ক’বা, মই লেখকসকলৰ লিষ্ট এখন দিম….

মই সুধিলোঁ, ৰ’ব চোন ৰ’ব, এক মিনিট, ইমানখিনি কৰাৰ পাছত আৰু কি বাকী থাকিল মানে? আপুনি যে কৈছে একো নাই? হেঃ! মই নোৱাৰোঁ, মোৰ সময় নাই ইমান। তেনেকুৱাতে চিনত দেৱজিতৰ এণ্ট্ৰি!

মুঠতে মই শেষত যি বুজিলোঁ, মোক এই মাহৰ সম্পাদক পতাৰ মূল চক্ৰান্তকাৰী দেৱজিত, ই বেচেৰাই কষ্টও কৰিছে কিন্তু, মানিছোঁ। ধন্যবাদ দেৱজিত।

আৰু ৰিণ্টু দা, আপোনাকো ধন্যবাদ। জোৰ কৰি এই দায়িত্ব নিদিয়া হ’লে, জীৱনত এই অতুলনীয় অভিজ্ঞতাৰ পৰা বঞ্চিত হ’লোঁহেঁতেন।

সম্পাদক ৰূপে দায়িত্ব লৈ কৰিব লগা প্ৰথম কামটো আছিল সাক্ষাৎকাৰ লোৱাটো। সাক্ষাৎকাৰৰ বাবে মোৰ প্ৰথম পচন্দৰ ব্যক্তিগৰাকী যি গৰাকী আছিল, মোৰ সৌভাগ্য, তেখেতৰ অনুমতি লওঁতে তেখেত একে আষাৰতে মান্তি হৈছিল। অৱশ্যে এই ক্ষেত্রত ভণ্টি নিৰ্মালি সন্দিকৈৰ নামটো এইখিনিতে এবাৰ লৈ থ’লে এদিন তাইৰ ঘৰলৈ গৈ পেট পুৰাই লুচী ভাজি খাই আহিব পৰা যাব। ধন্যবাদ নিৰ্মালি।

সাক্ষাৎকাৰ গ্ৰহণত বন্ধু দুলাল বৰা আৰু সহোদৰ ভাতৃ সুৰজিতে সহায় কৰিলে। ইহঁত দুটাক বাৰু ধন্যবাদ নিদিলেও চলে। বিভিন্নজনলৈ লেখা বিচাৰি যোগাযোগ চলিল। প্ৰায় সকলোৱে ইতিবাচক সহাৰিয়েই দিলে। দিলেও লেখা প্ৰায়সকলেই। মোৰ একান্ত আগ্ৰহৰ স্বত্বেও দুজনমান শ্ৰদ্ধাৰ লেখকৰ লেখা এইবেলি প্ৰকাশ কৰিব পৰা নহ’ল। তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ বাবে লেখা দিয়াত অপাৰগতা প্ৰকাশ কৰিলে। সকলোৰে সুবিধা অসুবিধা থাকেই। মোৰেই হয়তো দুৰ্ভাগ্য তেওঁলোকৰ লেখা নোপোৱাটো।

কথাবোৰ পৰিকল্পনা মতেই আগবাঢ়ি আছিল। ভিতৰ চ’ৰাৰ দুই এজনে কৈছিলেও এইবাৰ আলোচনীৰ কাম আগতীয়াকৈ আৰু পৰিকল্পিতভাৱে ধুনীয়াকৈ আগবাঢ়িছে দেই। অত্যুৎসাহি হৈ, এদিনতো মই ৰিণ্টুদাক কৈয়ে চাইছিলোঁ, বোলো এইবাৰ ২৫ তাৰিখ মানে উলিয়াই দিয়ে নেকি আলোচনী মার্চ এণ্ডিং বুলি! তেওঁ অৱশ্যে হা না একো নক’লে। পিচে এই মসৃণতা বেছি দিন নচলিল। আপুনি, মই আজি যি পোতাশাল সদৃশ অৱস্থাত থকাদি আছোঁ, যাৰ কাৰণে এই অৱস্থা হ’ল, সেই মহাকালে ঠিক আলোচনীৰ শেষ সময়ছোৱাতে এণ্ট্ৰি মাৰিলে!

(হিমাংশু ৰাজখোৱাৰ কাম আৰু জেং এটা নালাগিব! সেইটোতো হ’বই নোৱাৰে)

হঠাৎ সকলো সলনি হৈ গ’ল।
পৃথিৱীখন যেন নৰিয়াত পৰি গ’ল।
হাঁহি ধেমালিবোৰ নোহোৱা হ’ল।

চাৰিওফালে যেন এক ৰুদ্ধশ্বাস পৰিবেশ।

‘দে ওৱান’ ৰ পৰা এটা নিজস্ব গতিত চলি থকা আলোচনীৰ কামবোৰলৈ স্থবিৰতা আহিল। সৌভাগ্যক্ৰমে অৱশ্যে ই স্তব্ধ হৈ নগ’ল। আলোচনীৰ বাবে অস্থায়ী ভাবে খুলি লোৱা গোটটোত ইজনে সিজনৰ কুশল বাৰ্তা বিনিময় কৰি খা-খবৰ লোৱাও চলি থাকিল, আলোচনীও আগুৱাই থাকিল। এই গোটটো কিন্তু মই মিছ কৰিম। লাভ য়ু অল গাইজ! ধন্যবাদ? না: নিদিওঁ! হিমাংশু ৰাজখোৱাই সকলো কৰিব, আপোনালোকক অন্ততঃ ধন্যবাদেৰে লঘু নকৰে।

শেষ কৰোঁ আৰু ন? আলোচনীৰ এই সংখ্যাত ইমানবোৰ সুন্দৰ সুন্দৰ লেখা পঢ়িবলৈ আছে, মোৰ এই বিৰক্তিকৰ আত্মবন্দনা আৰু কিমান পঢ়িব?

একেবাৰে শেষত, চবিনা ইয়াছমিন, পৰীস্মিতা গগৈ, ঋতুপৰ্ণা মহন্ত, প্ৰণিতা বা, হেমন্ত দা, অভিজিত দা, দেৱজিত শইকীয়া, দিম্পল ‘জুই’ কলিতা, বিজয় মহন্ত, অবিনাশ শৰ্মা, জ্যোতিৰূপম দা, দিগন্ত ভট্টাচাৰ্য,  বৰ্ণালী আমফি মান্তা আৰু ফটাঢোলৰ অন্যান্য সকলো কাণ্ডাৰী আপোনালোকে মোৰ দৰে নিঃকিনক এই এটা মাহ আপোনালোকৰ “আইভি লীগ” সদৃশ সমাজখনত স্থান দিলে, তাৰ বাবে কৃতজ্ঞতা কেনেকৈ জনাম? কৃতজ্ঞতাৰ সেই ভাষা মই শিকাই নাই। বহুত শিকিলোঁ আপোনালোকৰ পৰা। বিনিময়ত যদি কেতিয়াবা হুটা মাত শুনাইছোঁ, অজ্ঞানী বুলি ক্ষমা কৰি দিব।

কাজল, ৰিমঝিম আৰু বাৰবী তোমালোকৰ ধুনীয়া ফটো কেইখনমান ব্যৱহাৰ কৰিছিলোঁ। ককায়েৰক কৰা সেইকণ সহায় বুলি ধৰি লোৱা।

আৰাধনা বৰুৱা, আপোনাক পাহৰা নাই। ইচ্ছা কৰিয়েই বেলেগে নাম লৈছোঁ। আপোনাৰ বাবে বেলেগকৈ এবাৰ Hats Off.

আকৌ এবাৰ ‘জয়তো ফটাঢোল’

একক, অনন্য, অদ্বিতীয়।

হিমাংশু ৰাজখোৱা
সম্পাদক, ফটাঢোল ই আলোচনী
তৃতীয় বছৰ, নৱম সংখ্যা।
☆ ★ ☆ ★ ☆

14 Comments

  • bijoy mahanta

    বহুত দিনৰ মুৰত মোৰ নামটো দেখিলো।ধন্যবাদ

    Reply
  • দিম্পল

    আপুনি জুই ককাই । সদায় মনত থাকিব এই সময়বোৰ

    Reply
  • সঞ্জীব কুমাৰ ভট্টাচাৰ্য।

    এখন সুন্দৰ আলোচনী উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ।

    Reply
  • ধন্যবাদ এখন সুন্দৰ আলোচনী সম্পাদনা কৰি গোটক দিয়া বাবে। এখন বাচকবনীয়া আলোচনী পঢ়িবলৈ পালোঁ আমি।

    Reply
  • abhijit goswami

    ভাল লাগিল দা🙏🙏

    Reply
  • Anonymous

    সুন্দৰ।

    Reply
  • জ্যোতিৰ্ময়

    সৰ্বাংগসুন্দৰ আলোচনী খন উপহাৰ দিয়া আপোনাক ধন্যবাদ কাইদেউ 😊

    Reply
  • দেবজিত শৰ্মা

    সুন্দৰ আলোচনী এখনৰ বাবে ধন্যবাদ৷ বাকী সম্পাদকৰ লগত কাম কৰাৰ অভিজ্ঞতা সঁচাকৈয়ে ষ্মৰণীয় হৈ ৰ’ব৷

    Reply
  • ৰিমঝিম ৰিমা

    ইমান ধুনিয়াকৈ লিখিলে কথাখিনি..আপোনাৰ সুন্দৰ মনটোৰ সৈতে চিনাকি হ’লো ককাই..খুৱ ধুনীয়া আলোচনী ..পঢ়ি আছোঁ.. আপুনি জুই

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰকৈ লিখিলে

    Reply
  • Mridul Nath

    অন্যতম শ্ৰেষ্ঠ আলোচনী। টুপি খুলি দিলোঁ

    Reply
  • Barbie Punnag

    ধন্যবাদ দাদা….। অজানিতে অকণমান আপোনাৰ মনত দুখ দিছিলোঁ যদিও তাৰ বাবে এইখিনিতে ক্ষমাও বিচাৰিলো। কিন্তু দেৱজিতদাই আপোনাক ফচাই যিমান ভাল কাম কৰিলে জীৱনত আৰু বেলেগে তেৰাই পূণ্য কৰিব নালাগে….কাৰণ আপোনাৰ দৰে সম্পাদক এজন আমাক উপহাৰ দিলে। লগতে মোৰ বহুদিনৰ মডেল হোৱা সপোনটো কতনো পূৰ হ’লহয় হয়নে😉
    ভালে থাকক হহুৱাই থাকক…..

    Reply
  • HEMANTA KAKATI

    বহুত সুন্দৰ সংখ্যা এটা উপহাৰ দিলা হিমাংশু!

    Reply
  • আৰাধনা বৰুৱা

    মোৰ দুখ এটা থাকি যাব লেখা এটা দিব যে নোৱাৰিলোঁ৷ বাকী ধন্যবাদ আপোনাক ইমান সুন্দৰ সংখ্যা এটা উপহাৰ দিয়াৰ বাবে৷

    Reply

Leave a Reply

Your email address will not be published.