ফটাঢোল

সংখ্যাৰ আঁৰৰ কথা

জানুৱাৰী মাহৰ শীতৰ ৰাতিৰ এটি ফ’ন কল-

“বৰঠাকুৰ, তুমি আলোচনীৰ এটা সংখ্যাৰ সম্পাদক হ’ব লাগিব দেই।”

“হেই দাদা, মোক মাৰিব খুজিছে নেকি! মই নোৱাৰিম হে…আপুনি বেলেগ কাৰোবাক কওক, মোক মাফ কৰক।”

“হৌৰা, তোমাক মই খবৰটো দিবলৈহে ফ’ন কৰিছোঁ….তোমাৰ “না”, “নহয়”, “নোৱাৰোঁ” এইবোৰ শুনিবলৈ নহয়…! বহুত দূৰৰ পৰা ফ’ন কৰিছোঁ, ৰাখিছো‍ঁ।”

বিশেষ কিবা কথা কোৱাৰ সুযোগ নিদি মানুহজনে ফ’নৰ সংযোগ বিচ্ছিন্ন কৰিলে। সেইজন আছিল সুদুৰ মধ্যপ্ৰাচ্যৰ পৰা ৰিণ্টুমণিদা।

মই সঁচাকৈয়ে অলপ ভয় খালো‍ঁ।বজ্ৰপাত পৰা মানুহৰ দৰে দহ মিনিটমান বহি থাকিলোঁ৷ ফেচবুকত এক-দুই লাইন লিখি নিজ অস্তিত্ব বৰ্তাই ৰখা মোৰ দৰে এটা মানুহে এখন আলোচনী চলাই দিব লাগিব! এক মাহৰ বাবে সম্পাদক হ’ব লাগিব! আগন্তুক বিপদৰ উমান পাই বাচিবলৈ দেৱজিত শৰ্মা আৰু হিমাংশু ৰাজখোৱাদালৈ ফ’ন লগালোঁ। দুয়োজনৰ লগত কথাপাতি এটা কথাতে নিশ্চিত হ’লোঁ যে এই ষড়যন্ত্ৰত তেওঁলোকো সক্ৰিয় অংশীদাৰ। হ’লেও দেৱজিত শৰ্মাৰ “বহুদিন আছেহে, কিবা এটা কৰিম” বোলা অভয়বাণী ফাঁকিয়ে কিছু শান্তি দিলে। যি হয় হ’ব, ওপৰৱালাই পথ দেখুৱাব বুলি ভাবিয়েই নিজকে সান্তনা দিলোঁ।

এই ঘটনাৰ দুমাহমান পাছত এদিন দেবজিত শৰ্মাৰ পৰা এটা ফোন আহিল, মোৰ সকলো বাধা আপত্তিক নেওচি জুন সংখ্যাৰ বাবে সাজু হ’বলৈ দায়িত্ব অৰ্পন কৰা হ’ল বুলি ঘোষণা কৰিলে৷ ভয়ত মুঠতে মোৰ প্ৰাণ ওলাওঁ ওলাওঁ অৱস্থা, আলোচনী এখন সম্পাদনাৰ ক্ষেত্ৰত থাকিবলগীয়া নূন্যতম জ্ঞানৰ অভাৱ মোৰ!

মে’ মাহৰ দ্বিতীয়টো দিনত হোৱাটচ এপত গ্ৰুপ এটা খুলি মোক যোগ কৰা হ’ল৷ ফটাঢোল গোটৰ পুৰণা সদস্য হিচাপে সকলোৰে লগত চিনাকি যদিও এই নতুন হোৱাটচ এপ গ্ৰুপৰ আলোচনাবোৰ দেখি আচৰিতেই হ’লোঁ, নিজৰ ভাষা তথা সাহিত্যৰ প্ৰতি কিমান দায়বদ্ধতা থাকিলে মানুহে এনেদৰে প্ৰতিমাহে নিজৰ গাঁঠিৰ ধন সময় খৰচ কৰি আলোচনী প্ৰকাশৰ বাবে লাগি থাকিব পাৰে! আলোচনী সম্পাদনা গোটৰ ২১ জন সদস্যই হাঁহি-ধেমালিৰে আলোচনীখনৰ কাম-কাজসমূহ সুচাৰুৰূপে আগবঢ়াই লৈ নোযোৱা হ’লে মোৰ বাবে সম্ভৱেই নাছিল সময়মতে এই কাম কৰাৰ।

 প্ৰথম অৱস্থাত এই গ্ৰুপলৈ আহি সম্পাদকৰ কাম-কাজৰ বিৱৰণ শুনি মোৰ পেটতে হাত-ভৰি লুকুৱাৰ অৱস্থা হৈছিল, আলোচনীখনৰ “ষ্টেণ্ডাৰ্ড” ধৰি  ৰাখিব পাৰিবলৈ সক্ষম হ’মনে নহওঁ ভাবি থাকোঁতেই হিমাংশু ৰাজখোৱাদাই কেনেকৈ, কি কৰিব লাগিব সকলো কথা এটা এটাকৈ বুজাই সাহস দি গ’ল। মূলতঃ  মাহটোৰ আধাতকৈও বেছি সময় যিজন মানুহক হোৱাই-নোহোৱাই প্ৰতিটো কথাতেই ব্যতিব্যস্ত কৰি ৰাখিলোঁ, সেই মানুহজনেই হৈছে হিমাংশু ৰাজখোৱাদা। হিমাংশুদাৰ  ওচৰত মই চিৰকৃতজ্ঞ।

আলোচনীখনৰ এটা মুখ্য শিতান হৈছে সাক্ষাৎকাৰ। সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই সন্মুখীন হোৱা প্ৰথমটো প্ৰত্যাহ্বান আছিল সাক্ষাৎকাৰ কাৰ গ্ৰহণ কৰা হ’ব৷ এফালে ক’ভিডৰ ভয়, আনফালে সঘনাই সলনি হৈ থকা চৰকাৰী নিৰ্দেশ, কাৰ্ফিউ আদি! এই পৰিস্থিতিত ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হ’ল সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যৰ৷ পদ্মশ্ৰী যাদৱ পায়েং দেৱৰ সাক্ষাৎকাৰ সকলো বাধা নেওচি তেওঁ সংগ্ৰহ কৰিলে৷ তোমাৰ  ওচৰত চিৰকৃতজ্ঞ সঞ্জীৱ ভট্টাচাৰ্য।

সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ পাছৰ প্ৰধান কামটো হ’ল বাৰ্তালাপক এক সুখপাঠ্যৰ ৰূপ দি পাঠকৰ হাতত তুলি দিয়া৷ এই কামটোও সম্পূৰ্ণ নিখুঁত ভাৱে কৰি দিলে হিমাংশু ৰাজখোৱা দা আৰু সঞ্জীৱ ভট্টাচাৰ্যই৷ সঞ্জীৱ আৰু হিমাংশুদাকনো আৰু কি কওঁ…..

আলোচনী এখন ত্ৰুতিশূন্য ভাৱে প্ৰকাশৰ ক্ষেত্ৰত প্ৰথমেই প্ৰয়োজন বৰ্ণাশুদ্ধিৰ। আলোচনীৰ বাবে অহা প্ৰতিটো লেখা পঢ়ি তাৰ বৰ্ণাশুদ্ধি কৰি “আপলোড” ৰ বাবে সুন্দৰভাৱে প্ৰস্তুত কৰি দিয়া, লেখা এটাৰ সৰু-সুৰা খুঁটি-নাটিবোৰ বুজাই দিয়া শ্ৰদ্ধাৰ প্ৰণীতা বা, চবিনা বা, পৰীস্মিতা গগৈ, ঋতুপৰ্ণা মহন্ত আৰু ৰিমঝিম বৰঠাকুৰক ধন্যবাদ জনালোঁ৷ তেখেতসকলে নিজৰ পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজতো ইমান নিয়াৰিকৈ কামবোৰ কৰি দিলে, নিজৰ ঘৰুৱা অসুবিধা আৰু শাৰীৰিক অসুস্থতাৰ মাজতো আলোচনীৰ বৰ্ণাশুদ্ধিৰ দ্বায়িত্ব চাবিনা বা আৰু পৰিস্মীতা গগৈয়ে সুচাৰুৰূপে পালন কৰিলে, তাৰ বাবে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ।

ফটাপ্ৰশ্ন আলোচনীখনৰ এটা এৰাব নোৱাৰা শিতান৷ মোক ফটাপ্ৰশ্নসমূহ যুগুত কৰি দিয়াৰ বাবে যোগেশ ভট্টাচাৰ্য আৰু ৰাজশ্ৰী শৰ্মালৈ কৃতজ্ঞতা জনালোঁ৷

নিজৰ শাৰীৰিক অসুস্থতা, ঘৰুৱা নানানটা অসুবিধাৰ মাজতো চিনেমাৰ শিতানটো ধৰি ৰখাৰ বাবে ডলী বাৰ ওচৰতো চিৰকৃতজ্ঞ হৈ ৰ’লোঁ। 

আলোচনীখন খুলিলেই প্ৰথমে চকুত পৰা কথাটোৱেই হৈছে বেটুপাত৷ সুন্দৰকৈ বেটুপাট অংকন কৰি দিয়া আৰাধনা বৰুৱা আৰু অলংকৰণৰ বাবে দিগন্ত কুমাৰ ভট্টাচাৰ্যদাক ধন্যবাদ জনালোঁ৷ ইয়াৰ লগতে আলোচনীৰ বাবে হিমাংশুদা, চন্দন বৰী আৰু যোগেশ ভট্টাচাৰ্যই “এক চে বড়কৰ এক” প্ৰ’ম’, বেনাৰ-প’ষ্টাৰ আদি বনাই দি কোনখন, কেতিয়া কেনেকৈ দিব লাগিব ঠিক কৰি মোক উদ্ধাৰ কৰিলে, সেইখিনি কেতিয়াও পাহৰিব নোৱাৰিম, কৃতজ্ঞ হৈ ৰ’লোঁ। 

ৰিণ্টুমনিদা আলোচনীখনৰ মূল মানুহ, বিপদে আপদে উপদেশ তথা সঠিক পথ প্ৰদৰ্শনৰ বাবে আছে হেমন্ত কাকতি দা আৰু অভিজিত কলিতাদা। লেখা সম্পৰ্কীয় কিবা খোকোজা বা আলোচনীখন পাঠকৰ গ্ৰহণযোগ্য কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিটো মুহূৰ্ততে দিহা-পৰামৰ্শৰে পথ প্ৰদৰ্শন কৰাৰ বাবে হেমন্ত কাকতি দা, অভিজিৎ কলিতাদা আৰু ৰিণ্টুমনিদাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ। এইবাৰ আলোচনীত শাৰীৰিক অসুস্থতাৰ হেতু সহায় কৰিব নোৱাৰিলেও প্ৰতিটো মুহূৰ্ততে সাহস আৰু উৎসাহ দি যোৱাৰ বাবে বিজয় মহন্তক ধন্যবাদ জনালোঁ৷

মোৰ বিশেষ কম্পিউটাৰ দক্ষতাৰ কথা উপলব্ধি কৰি মোক টেকনিকেল কথাবোৰ বুজাই দিয়াৰ বাবে দেবজিত শৰ্মাক কৃতজ্ঞতা জনালোঁ৷ লগতে আপলোডিং টিমৰ ৰিণ্টুমনিদা আৰু ৰিমঝিম বৰঠাকুৰৰ ওচৰতো কৃতজ্ঞ হৈ ৰ’লোঁ৷ বিভিন্ন ফৰমেটত অহা লিখনিসমূহ পটককৈ কণভাৰ্ট কৰি সহায় কৰি দিয়া দিম্পল কলিতা, অশেষ ধন্যবাদ ভাই।

ইয়াৰ লগতে সকলো সময়তে মোক সাহস, উৎসাহ, “কামোৰ” দি সহায় কৰি যোৱা নীলাক্ষী কাকতি, ধূৰ্জতি কাকতি, অগ্নিভ দত্তদা, মৃদুল নাথদা, পদ্মলোচন ভৰদ্বাজদা, কৃষ্ণদা, শংকৰদা, চিদাদা, দুলাল বৰা, ধন্যবাদ জনালোঁ।

আলোচনী এখনৰ আচল মানুহ কেইজন হৈছে আলোচনীখনৰ বিভিন্ন শিতানৰ লেখক আৰু পাঠক সকল। বৰ্তমানৰ এই ভয়াবহ পৰিৱেশত কিবা এটা লিখাটো (তাতে ব্যঙ্গ) ইমান সহজ নাছিল, এনে সময়ত লেখা বিচৰাটোও যথেষ্ট কষ্টসাধ্য আছিল। তৎসত্বেও আমাৰ অনুৰোধ ৰক্ষা কৰি এই সংখ্যাত আপোনালোকে আপোনালোকৰ লেখা আগবঢ়ালে। আপোনাসৱলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিজন পাঠকক অজানিতে হৈ যোৱা আমাৰ ভুল-ক্ৰুটিসমূহ আঙুলিয়াই অনাগত দিনত আলোচনীখন আৰু অধিক সুন্দৰ কৰিবলৈ সহায় কৰিব বুলি অনুৰোধ জনালোঁ। 

শেষত, মই ফটাঢোলৰ দৰে আলোচনী এখনৰ সম্পাদক হ’ব পাৰিম বুলি ভবাৰ বাবে আৰু মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ, কৃতজ্ঞ লৈ ৰ’লোঁ আপোনাসৱৰ প্ৰতি।

বৰ্তমান সময়কণ অলপ কঠিন, সময়কণ সকলোৰে নিৰাপদে পাৰ হওক, ভালে থাকক সকলো…

জয়তু ফটাঢোল।

 

ইতি

আদিত্য জ্যোতি বৰঠাকুৰ

সম্পাদক, ফটাঢোল ই-আলোচনী

জুন সংখ্যা, ২০২১ চন।

☆ ★ ☆ ★ ☆

11 Comments

  • Abhijit Goswami

    সুন্দৰ লাগিল দা

    Reply
  • চিদানন্দ বৰা

    আঁৰৰ পৰাই আৰম্ভ কৰিলোঁ ৷ক্ৰমশঃ বাজলৈ গৈ থাকিম ৷ অভিনন্দন !

    Reply
  • Krishna Kanta Das

    বৰ ভাল লাগিল আদিত্য, তোমাক অভিনন্দন জনালোঁ 💐

    Reply
  • অভিনন্দন৷ তোমাৰ ওপৰত বিশ্বাস আছিল৷ কৰি দেখুৱালা৷

    Reply
  • তোমাৰ লগত কাম কৰি ভাল লাগিল আদি৷ সুন্দৰ সময় পাৰ কৰিলোঁ৷

    Reply
  • শ্বাহ নৱাজ আহমেদ

    লোকডাউনৰ সুন্দৰ ব্যৱহাৰ কৰিলা ৷ জীৱনৰ বাবে ধুনীয়া অভিজ্ঞতা

    Reply
  • যাযাবৰ

    ভাল লাগিল ককাইদেউ

    Reply
  • বাগ্মিতা

    আঁৰৰ কথাৰেই আৰম্ভ কৰিছোঁ দেই!কথাখিনি জানি ভাল লাগিল।

    Reply
  • Minati Mahanta

    মোৰ প্ৰথম নিচাটোৱেই হ’ল সকলোৰে আঁৰৰ কথা খিনি জনা । ভাল লাগিল জানিবলৈ পায় । কুশলে থাকা ।

    Reply
  • জয়ন্ত দাস

    আঁৰৰ কথাবোৰ জানি ভাল লাগিল৷

    Reply
  • ভাল লাগিল আঁৰৰ কথা৷ সৰ্বাংগসুন্দৰ আলোচনীখনৰ কাৰণে তোমাৰ লগতে আঁৰত থকা আটাইলৈ অভিনন্দন ৷

    Reply

Leave a Reply

Your email address will not be published.