ফটাঢোল

সংখ্যা লিখাৰ এটি পুৰণি পদ্ধতি – ভাস্কৰ বৰদলৈ

বিষয়টোৰ আৰম্ভনিতে লিপিৰ দিশলৈ অলপমান মন কৰিবলৈ কম, প্রয়ােজনৰ তাৰণাত। ইহ’ল কোনাে এটা ভাষাৰ লিখিত ৰূপ জনাৰ কাৰণে অতি দৰকাৰী উপকৰণ। অসমীয়া ভাষাত লিপি শব্দটোৰ মূলগত দিশৰপৰা লিপিৰ অর্থ হয় লেপন কাৰ্যৰ পৰা উপজা ৰূপ। অর্থাৎ কোনাে বস্তুৰ ওপৰত কোনাে বস্তু (বােকাজাতীয় বা চিন থাকিযােৱা মিশ্রণ) লেপি দিয়াৰ পৰা দেখা ৰূপটো লিপি।

শব্দৰ মূলৰ দিশৰ অৰ্থ বিচাৰত, সেই কাৰণে, কোনাে শিলৰ, ফলিৰ (তাম, লাে বা মাটিৰ)ৰ ওপৰত কাটি কাটি তাৰ অংশ আতৰাই গঢ়া চিনবােৰ লিপি নহয় যেন ধাৰণা হয়। কাৰণ অসমীয়া ভাষাত কাটি কাটি লিখা কাৰ্যক খােদন কৰা বুজাই। কিন্তু অসমীয়া ভাষাৰ লিপি শব্দই এই দুয়ােটা কার্যকে সামৰি লয়, অর্থাৎ লিপি বুলিলে লেপি দিয়াৰ পৰা দেখা ৰূপটো আৰু খােদন কৰাৰ পাছত দেখা ৰূপ, এই দুয়ােতাই বুজায়।

লিপি কি সেইটো জনাৰ লগতে এইটোও জনা প্রাসঙ্গিক বা বুজিবই লাগিব, ছৱি বা চিত্ৰবােৰকো কিন্তু কোনাে বস্তুৰ ওপৰত লেপি বা খােদিত কৰি গঢ়া চিন বা আঁচ বা আঁক-বাঁক কৰি অঙ্কন কৰা হয়। কিন্তু লিপি আৰু চিত্ৰক একে বােলা নহয়। অৱশ্যে আৰম্ভণিতে দুয়ােটা পৃথক নাছিল। ক্রমবিকাশৰ এটা ঢাপৰ পাছত দুয়াে দুটা পথত অগ্ৰসৰ হ’ল। মানে, লেপি বা খােদিত কৰি গঢ়া চিন বা আঁচ বা আঁক-বাঁকবােৰৰ এভাগক লিপিবােলা হ’ল আৰু অন্যভাগক চিত্র বা ছৱি। সেয়ে লিপি বুজিবলৈ ইয়াৰ জন্ম, ক্রমবিকাশ আৰু পৃথকীভৱনক নুবুজিলে নহয়। লিপি আৰু চিত্ৰ দুয়ােকে লেপি বা খােদিত কৰি বা চিন বা আঁচ বা আঁক-বাঁক কৰি কৰা হয়,সেই দিশৰ।
পৰা লিপি আৰু চিত্র বা ছৱি একে কিন্তু, লিপি বুলিলে লেপি বা খােদিত কৰা সেইবােৰ চিন বা আঁচ বা আঁক-বাঁকক বুজায় যাৰ সহায়ত এটা ভাষাৰ লিপিবদ্ধ ৰূপটো মূর্ত হয়। সেই কাৰণে লিপি হ’ল এটা ভাষা লিখিবলৈ লেপি বা খােদিত কৰি গঢ়া বিশেষ চিন বা আঁচ বা আঁক-বাঁক; ই অন্য ভাষাৰ বাবে লিপি নহয়, কেৱল ছৱি বা চিত্র।

অসমীয়াত লিপি বুলি বুজাব খােজা, লেপি বা খােদিত কৰা চিন বা আঁচ বা আঁক-বাঁকক ইংৰাজীৰ script(স্ক্রিপ্ত) শব্দই বুজায়। সেয়ে বুজা দৰকাৰ, অসমীয়া লিপি শব্দটো, ইংৰাজীscript (স্ক্রিপ্ত) শব্দটোৰ সমার্থক। ইংৰাজীত ইয়াৰ অর্থ হয় written characters; style of writting, অর্থাৎ ভাষা লিখাৰ উপকৰণ বা ধৰণ। অন্যধৰণে কলেও কব পাৰি, লিপি হ’ল একপ্রকাৰ ছৱি বা চিত্র যাৰ সহায়ত এটা ভাষাৰ মানুহে তেওঁলােকৰ মনৰ ভাৱ লিখিত ৰূপত প্রকাশ কৰে। লিপি বুলিলে কেতবােৰ বিশেষ লেপি বা খােদিত কৰি কৰা চিন বা আঁচ বা আঁক-বাঁক বুজাব, যাৰ জৰিয়তে কোনাে ভাষাৰ লিখিত ৰূপ প্রকাশ হয়। মানে, লিপি হ’ল কোনাে ভাষা লিখিবলৈ লেপন বা খােদনত সৃষ্টি কৰা চিন, ছৱি বা আঁচ বা আঁক-বাঁক।

বৈশিষ্ট্যগত দিশৰ পৰা লিপিৰ মাজত দুটা বিশেষ ৰূপ সংশ্লেষণ হয় আৰু তাৰে এটাক কোৱা হয় আখৰ বুলি আৰু আনটোক কোৱা হয় সংখ্যা বুলি। এটা আনটোৰ পৰিপূৰক অর্থাৎ এটাক বাদ দিলে আনটোৱে এটা ভাষাক সম্পূর্ণকৈ প্ৰকাশ কৰাত অসুবিধাৰ সন্মুখীন হয়। অসমীয়া ভাষাত আখৰ আৰু সংখ্যাৰ ব্যৱহাৰ অতীতৰ পৰাই আছিল বুলি কবলৈ গলে বিবুধিত পৰিব লাগিব। কাৰণ লিপিৰ অধ্যয়নৰ দিশত মন কৰিলে সংখ্যা লিখাৰ দিশটোত এক বিশেষ বৈশিষ্ট্য চকুত পৰে। সংখ্যাক অসমত দুইধৰণে প্ৰকাশ কৰা তথ্য আছে। বিশেষকৈ সময় সূচক চুন লিখাৰ দিশত অসমত এই প্রভেদ মন কৰিবলগীয়া। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই পদ্ধতি কেৱল অসমতহে প্ৰয়ােগ কৰা হৈছিল। ভাৰতৰ অন্য ৰাজ্যটো সংস্কৃতত চুন দুই ধৰণে লিখা হৈছিল—

(ক) আখৰেৰে আৰু
(খ) সংখ্যাৰে।

আখৰেৰে সংখ্যা আৰু সংখ্যাৰে সংখ্যা লিখা, এই দুই পন্থাৰ ভিতৰত কোনটো প্রথম সেইলৈ চিন্তা আৰু অধ্যয়নৰ দৰকাৰ আছে যদিও দুয়ােটা একেসময়তে বিকশিত হৈছিল বুলিব আহিছিল বুলি ভৱাৰ অৱকাশ বেছি। লগিব কাৰণ সংখ্য নাথাকিলে তাক আখৰেৰে লিখাৰ অৱকাশ নজন্মে। তথাপি অসমীয়াত প্রথমে আখৰেৰে সংখ্যা লিখাৰ পৰম্পৰাই আছিল আৰু পাছত সংখ্যাৰে সংখ্যা লিখাৰ নিয়ম প্রৱর্তণ হৈছিল, বুলি ভাবিবলৈও সুযােগ নথকা নহয়। ই অন্য এক প্রগাঢ় অধ্যয়নৰ বিষয়, গতিকে তাক ইয়াতেই এৰি আজিৰ বিষয়ত মন কৰা যাওঁক আৰু তাৰ বাবে এটা উপমা মন কৰক- “তুৰগে যগ্নেশে”। সাধাৰণ দৃষ্টিত “তুৰগে যশ্নেশে” হ’ল দুটা
শব্দ-তুৰগে আৰু যষ্মেশে। এই শব্দকেইটা কানাই যিবােৱা শিলালিপিত আছে। পাঠেদ্ধাৰ কালত পণ্ডিত সকলে নিশ্চিত হৈছিল, এই শব্দ দুটাই এটা সময় বা চন প্ৰকাশ কৰিছে। মানে শিলালিপি খনৰ সময় বা চন।।

অতি সৰল কথা, প্রথমে এই শব্দটাই যে সময় প্রকাশ কৰিছে সেইটো স্থিৰ কৰিব পৰা সম্ভৱ নাছিল। কিন্তু সময়টো যে এই শব্দদুটাৰ জৰিয়তেই প্রকাশ কৰা হৈছিল সেইটো বুজিবলৈ পলম কৰিব লগীয়া হােৱা নাছিল। কাৰণ “শাকে” শব্দটো ইয়াৰ লগত পােৱা গৈছিল। মানে শিলালিপিখনত পােৱা যায় “শাকে তুগে যশ্মেশে” যাৰ অৰ্থ “তুৰগে যশ্মেশে” শাকে বা শকত বা শকাব্দত। অর্থাৎ “তুৰগে যগ্নেশে” এই শব্দদুটাৰ জৰিয়তে এটা শক বা শকাব্দৰ কথা বুজাইছে। এই শব্দ দুটাৰ মাজত মানে “তুৰগে যগ্নেশে”ৰ মাজত যে এটা শকাব্দ প্রকাশ হৈছে সেইটো জানিবলৈ কিন্তু পর্যাপ্ত প্রগাঢ় বিস্ফাৰণ, পর্যাপ্ত বিশ্লেষণ আৰু পর্যাপ্ত সংশ্লেষণ যে কৰিবলগীয়া হৈছিল সেইটো খাতাং। কাৰণ ইয়াৰ পৰা সংখ্যা নিৰূপণ আছিল কঠিন কাম। মন কৰক, “তুৰগে গেশে”, এই বাক্যাংশটোৰ সন্ধি ভাঙিলে তিনিটা শব্দ সংশ্লেষিত হয়- (ক) তুৰগ, (খ) যুগ্ম আৰু (গ) ঈশ। এতিয়া এই শব্দকেইটাৰ ভিতৰত থাকিব পৰা চন বা শকাব্দ বুজাব পৰা কিবা উপকৰণ বিচাৰিবলৈ চেষ্টা কৰক।

তাৰ কাৰণে পহিলা মন কৰক- (ক) তুৰ শব্দৰ অৰ্থ হ’ল- ঘোঁৰা, (খ) যুগ্ম শব্দৰ অৰ্থ হ’ল- যােৰ বা দুটা আৰু (গ) ঈশ শব্দৰ অৰ্থ হ’ল- ঈশ্বৰ,সৃষ্টিকর্তা, সদাশিৱ, গৰাকী। অর্থগত দিশৰ পৰা, “তুৰগে যশ্মেশে” বােলা এই বাক্যাংশটোৰে পৰা সাধাৰণতে পাব পৰা অর্থ হল-
“ঈশ্বৰৰ দুটা ঘোঁৰা”। “ঈশ্বৰৰ দুটা ঘোঁৰা” এই বাক্যাংশটোৰ পৰা প্রত্যক্ষভাৱে কোনাে শক’ বা ‘শকাব্দ’ বুজিব পৰাৰ অৱকাশ নাই। সেয়ে মন কৰিব লাগিব “তুৰগে যগ্নেশে” এই বাক্যাংশটোৰ পৰা ‘শক’ বা ‘শকাব্দ’ সংশ্লেষণৰ কোনাে বিশেষ সুত্র নিশ্চয় আছে। হয়, এই বিশেষ সুত্ৰটো জানিবলৈ শিলালিপি, তামৰফলিৰ বিস্তৃত আৰু প্রগাঢ় দুয়ােটা দিশৰ অধ্যয়ন আৰু তাত উল্লেখ কৰা ‘শকাব্দ’ বা ‘শক’ৰ বিষয়ে মননশীল বিস্ফাৰণ, বিশ্লেষণ আৰু সংশ্লেষণ প্রয়ােজন। এই বিস্ফাৰণ, বিশ্লেষণ আৰু সংশ্লেষণৰ পৰা দেখা যায়, ইয়াত গণিতৰ সুত্ৰৰ দৰে নির্দিষ্ট কেতােৰ কথা আছে। এই কথাবােৰ নজনাকৈ, শিলালিপি আৰু তামৰফলিত উল্লেখ থকা এই ‘শকাব্দ’ বা ‘শক’বুজোৱা বাক্যাংশবােৰৰ পৰা বুজাবখােজা শকাব্দ’টো বা শক’টো উলিয়াই অনা সম্ভৱ নহয়। মানে, “তুৰগে যশ্মেশে” এই বাক্যাংটোত থকা শকটো পােৱা অসম্ভৱ।

ব্যক্তিগত ভাবে, এই বাক্যাংশবােৰৰ পৰা শক নির্ণয়ৰ প্ৰত্যাহ্বানটো তেতিয়া মুখামুখ হবলগীয়া হৈছিল যেতিয়া ঝাকুৱাপাৰা- সমলাৰ দুখন তামলিৰ পাঠোদ্ধাৰৰ কাম কৰিবলৈ গৈ তাত “উণাশিতি পুৰ অলােত্তৰ বত্ত শকে” এই বাক্যাংশটোৰ অর্থ বিচাৰিবলগীয়া হৈছিল। ‘শকে’ শব্দটোৰ পৰা বুজাগৈছিল যে ইয়াতেই শকাব্দটো লিখা আছে। তাৰেই পথ সন্ধানত দুটা মূল দিশ সংশ্লেষণ হৈছি- (ক) বাক্যাংশটোৰ শব্দবােৰ ভালকৈ পর্যবেক্ষন (খ) অর্থবােৰৰ ক্ৰম নির্ণয়। ইয়াত বাক্যাংশটোৰ শব্দকেইটাৰ পর্যবেক্ষণত দেখা গ’ল- ঊণাশি (৭৯), ইতি(শেষ অর্থাৎ০), পুৰ (সম্পূর্ণ অর্থাত একক বা ১)। “অলােত্তৰ বত্ত”ৰ অৰ্থ হ’ল ওলটাকৈ সজোৱা। আমি পালাে ৭৯, ০আৰু ১, এতিয়া এই সংখ্যাকেইটাক ওলটাকৈ সজালে যিটো সংখ্যা হ’ব সেইটো হ’ব সেই ‘শক’টো।
মানে-১০৭৯, অর্থাত ১০৭৯ হ’ল সেইটো শক যাৰ কথা তামৰ ফলিকেইখনে বহন কৰিছে। উণাশি (৭৯) যিহেতু এটা সংখ্যা তাক একেদৰেই ৰখা দৰকাৰ। সেয়ে ‘ঝাকুৱাপাৰা-সমলা’ৰ ছখন তামৰফলিৰ সময় ১০৭৯শক বুলি স্থিৰ হৈছিল।

এতিয়া বুজাসম্ভৱ হ’ল- (ক) শব্দটোৱাে বুজাবপৰা সংখ্যা নিৰূপন আৰু (খ) নির্ধাৰিত সংখ্যাকেইটাক ওলােটাকৈ সজাব লাগে। সেই দিশৰ এটা সংস্কৃত শ্লোক পােৱা গ’ল- “অস্কানাং বামতাে গতিঃ”; যাৰ অৰ্থ হ’ল অঙ্কবােৰে বাওঁপিনে গতি কৰে; মানে আখৰেৰে লিখা সংখ্যাবােৰ শকলৈ সজোৱাৰ বেলিকা সংখ্যাবােৰ বাওঁপিনৰ ক্ৰমে সজাব লগে। ঝাকুৱাপাৰা-সমলা’ফলিত যাক “অলােত্তৰ বত্ত” বুলি কৈছে। এতিয়া আমাৰ দৃষ্টি কানাই বৰষিবােৱা শিলালিপিৰ “তুৰগে যশ্মেশে” বাক্যাংশটোত কেন্দ্রীভূত কৰক।

ইয়াত শকটো সংশ্লেষণৰ ক্ষেত্ৰত এই নির্দেশ দুটা যদি প্রয়ােগ কৰিলে দেখা যায়- তুৰগ শব্দটোৰ অৰ্থ ঘোঁৰা যদিও ই সাত বুজাইছে; যুগ্ম শব্দটোৰ জৰিয়তে দুই বুজাইছে আৰু ঈশ শব্দটোৰে বুজাইছে এঘাৰ। অর্থাৎ “তুগ-যুগ্নেশে” বাক্যাংশটোৰ পৰা পােৱা সংখ্যা কেইটা হ’ল-৭, ২,১১। এই সংখ্যাকেইটাই বাওঁফালৰ পৰা গতি কৰিলে সৃষ্টি হয় ১১,২,৭ মানে-১১২৭ শকাব্দ।

আখৰেৰে লিখা এই সংখ্যা আৰু ইয়াৰ লগত যুক্ত এই নিয়ম দুটা মােৰ মানস প্রসূত নহয়। অসমত আজিপর্যন্ত আৱিস্কাৰ আৰু পাঠোদ্ধাৰ হােৱা শিলৰ আৰু তামৰফলিবােৰত উল্লেখ থকা বাক্যাংশবােৰৰ ওপৰত কৰা অধ্যয়ন আৰু বিস্ফাৰণৰ পৰা এই নিয়মদুটা সংশ্লেষিত আৰু সিদ্ধ।

এই দিশৰ অন্য কেইটামান উপমা মন কৰক। নীলাচলৰ কামেশ্বৰ শিৱমন্দিৰৰ শিলৰ ফলিত “অম্বৰ-ৱেদবস-শশাঙ্ক” বুলি লিখা বাক্যাংশটো; বালিসত্ৰৰ কাঁহৰ ঘণ্টাৰ লেখাত “অম্বৰৰস-তর্কেন্দু” বুলি লিখা বাক্যাংশটো আৰু হাজোৰ কেদাৰ মন্দিৰৰ ইটাৰ গড়ৰ দোৱাৰৰ ফলিত “আকাশ-দস্তাৱল-ৰসেন্দু” লিখা বাক্যাংশটোত সময়ৰ তথ্য আছে। ইয়াত ‘অম্বৰ আৰু “আকাশ এই দুই শব্দই বুজাইছে0;‘ৱেদ’(চাৰি বেদ) শব্দই বুজাইছে ‘৪; ‘বস’শব্দই বুজাইছে ‘৬; শশাঙ্ক’ শব্দই বুজাইছে ‘১’। আকৌ, ‘তর্কেন্দু’ শব্দটো ‘তর্ক’ আৰু ইন্দু শব্দৰ যােগফল। ইয়াত ‘তর্ক’ শব্দই বুজাইছে ‘৬’আৰু ‘ইন্দু’শব্দই বুজাইছে ১’।‘দন্তাৱল’ শব্দই বুজাইছে ‘৮’। এই বাক্যাংশবােৰত ব্যৱহৃত শব্দবােৰত কেতিয়াবা বুজিব পৰাকৈ সৰল যুক্তি থাকে আৰু কেতিয়াবা কোনাে যুক্তি নাথাকে। তথাপি এই শব্দবােৰ ব্যৱহাৰ হয় আৰু তাৰ পৰা নিস্পাদিত সংখ্যাৰে সময় নিৰূপন কৰাও হয়। “অম্বৰ-ৱেদ-ৰস-শশাঙ্ক”ৰ মাজত লুকাই থকা চনটো হ’ল-১৬৪০ শকাব্দ। “অম্বৰৰস-তর্কেন্দু” বুলি শকাব্দৰ কথা কৈছে ১৬৬০ আৰু “আকাশ-দস্তাৱলৰসেন্দুৰ সহায়ত ১৬৮০ শকাব্দৰ কথা উল্লেখ হৈছে।

এই খিনিত জানিব লগীয়া অন্য এটা কথা হ’ল-শকাব্দৰ লগত খ্রীষ্টাব্দৰ প্রভেদ আছে। আকৌ গুপ্তাব্দও শকাব্দ আৰু খ্রীষ্টাব্দৰ লগত একে নহয়।৭৮ খ্রীষ্টাব্দৰ পৰা শকাব্দ আৰম্ভ হৈছিল, ৩২০খ্রীষ্টাব্দৰ পৰা গুপ্তাব্দৰ আৰম্ভ হৈছিল। হজৰাবর্মণৰ তেজপুৰ শিলালিপিৰ সময় ৫১০ গুপ্তা মানে ৮৩০খ্রীষ্টাব্দ, যিহেতু ৩২০ খ্রীষ্টাব্দৰ পৰা গুপ্তাব্দৰ আৰম্ভ হৈছিল। শকাব্দ আৰু গুপ্তাব্দৰ ২৪২ বছৰৰ প্রভেদ, শকাব্দৰ আৰম্ভণিৰ ২৪২ বছৰ পাছত গুপ্তাব্দৰ আৰম্ভণি হৈছিল। এই বিশ্লেষণৰ পৰা লাভ কৰা বুনিয়াদী কথাতেই সেয়ে, ‘ঝাকুৱাপাৰা-সমলা’তামৰ ফলিৰ সময় ফলিত উল্লেখ কৰা বাক্যাংশ “উণাশিতি পুৰক সংখ্যালৈ সলনি কৰিলে পােৱা শকটো হ’ল ১০৭৯, অর্থাৎ ১১৫৭খ্রীষ্টাব্দ। নীলাচলৰ কামেশ্বৰ শিৱমন্দিৰৰ শিলৰ ফলি কৰা হৈছিল “অম্বৰ-ৱেদ-স- শশাঙ্কত মানে, ১৬৪০ শকাব্দত, অর্থাৎ ১৭১৮ খ্রীষ্টাব্দত। বালিসত্ৰৰ কাঁহৰ ঘণ্টাৰ লেখাটোৰ সময় “অম্বৰ-ৰস-তর্কেন্দু”, মানে
১৬৬০ শকাব্দ, অর্থাৎ ১৭৩৮ খ্রীষ্টাব্দ। হাজোৰ কেদাৰ মন্দিৰৰ ইটাৰ গড়ৰ দোৱাৰৰ ফলি লিখা হৈছিল “আকাশ-দস্তাৱল-ৰসেন্দু”ত; ই ১৬৮০ শকাব্দ আৰু ১৭৫৮ খ্রীষ্টাব্দ।

এটা কথা নিশ্চিত যে, পুৰণি দিনৰ চনলিখাৰ এই কৌশলটো আছিল অতি বিস্ময়কৰ। নিশ্চিত হ’ব পাৰি যে, গুঢ় কথাবােৰ প্রাচীন অসমৰ শিক্ষিত মানুহে সাঁথৰ কৰি কৈছিল। এনে কৰি তেওঁলােকে ভাল পাইছিল বুলিও কব পাৰি। কিন্তু ভালকৈ মন কৰিলে দেখা যায়, ইয়াৰ অন্তৰালত কেৱল এইটোৱেই একমাত্র কাৰণ নাছিল। কাৰণ খ্রীষ্টীয় প্রথম শতিকা মানৰ পৰাই ব্ৰহ্মপুত্ৰ উপত্যকাত বর্ণবাদৰ সূচনা হৈছিল আৰু জ্ঞজ্ঞানক এমুঠিমান মনুহৰ মাজত সীমাবদ্ধ কৰি ৰখাৰ মানসিকতা শিপাইছিল। সেই কাৰণেও সেই সময়ৰ জনা মানুহখিনিয়ে সাঁথৰ ৰূপত কথা কৈছিল। এই দিশকেইটা জুকিয়াই চালে ইয়াৰ অন্তৰালৰ দুটা দিশ অতি সহজেই দেখা যায়-

(ক)
নিজৰ শ্রেষ্ঠত্ব প্রদর্শণ আৰু

(খ) কথাবােৰ দুর্বোধ্য কৰি সাধাৰণ মানুহৰ পৰা দুৰত ৰখা।

দীর্ঘকালত তাৰ প্ৰভাৱত সাধাৰণ মানুহৰ মাজতাে সাঁথৰ কৰি কথা কোৱাৰ এটা ধৰণ বিকশিত হৈছিল। অসমৰ পুৰণি দিনৰ কথা বা সাধুকথালৈ মন কৰিলেও, সাধাৰণ মানুহে সাঁথৰ ৰূপে কথাকোৱাৰ তথ্য পােৱা যায়। মই মােৰ আটাদেউ (ককাদেউতা)ৰ মুখত অনেক সাধু শুনা মনত আছে। তাৰে এটা সাধুত শুনিছিলোঁ, এবাৰ খেতিয়ক এজনে হাল বাই মাটি মৈয়াবলৈ হােৱা বাবে, জুথিকা হাল পথাৰতেই এৰি মৈ-খন আনিবলৈ গৈছিল। সেই সময়ত বাঘ এটাই পথাৰলৈ আহি গৰু চিকাৰ কৰিবলৈ সুযােগ পাব নে নাপাই জানিবলৈ এচাৰি ডালক সুধিছিল- “এঠেং অ’ এঠেং, দুঠেং কলৈ গ’ল”? মানে ঐ এচাৰি মনুহটো কলৈ গ’লা? বাঘৰ কথাৰ উত্তৰত এচাৰিডালে মৈ-খন আনিবলৈ যােৱা কথাটোক সাঁথৰ কৰি এইদৰে কৈছিল – “চাৰিঠেঙীয়াক কামত লগাবলৈ ছঠেঙীয়া আনিবলৈ গ’ল”। ঠেঙয়া মানে মৈ, কাৰণ মৈৰ সন্মুখৰ পিনে এফাল, পিছফালে এফাল বাঁহ। তাৰোপৰি মাজত দুইফালক যােগ কৰি চাৰিটুকুৰা বাঁহ থাকে। বাঘে চাৰিঠেঙীয়া মানে নিজক বুজি লৈছিল আৰু ছঠেঙীয়া মানে নিজতকৈ কোনাে শক্তিশালী জীৱ বুলি ভাবিছিল। সেয়ে ছঠেঙীয়া আহিলে সিয়েই পথাৰত কাম কৰিব লাগিব বুলি ভয় পাই তৎক্ষণাত তাৰ পৰা পলাইছিল।

সাধুকথাত থকা সাঁথৰ, আৰু চন বুজাবলৈ ব্যৱহাৰ কৰা শব্দৰ সাঁথৰ, প্রাচীন অসমৰ মানুহৰ সাঁথৰ প্রীতি আৰু সাঁথৰ পৰম্পৰাৰ নমুনা। অসমৰ প্রাচীন লিপিৰ অধ্যয়নকাৰী সকলে চন লিখাৰ এই পদ্ধতিটোৰ অবিহনে লিপি অধ্যয়নৰ দিশত পৰিপক্ক হ’ব

(বিঃ দ্রঃ – তামৰ ফলি, সাঁচিপাত অথবা তুলাপাতৰ পুথি আদি অধ্যয়নত বিসদ জানিবৰ কাৰণে ভাস্কৰ বৰদলৈ বা তেওঁৰ “লিপি- অধ্যয়ন আৰু পাঠোদ্ধাৰ” শীর্ষক অধ্যয়ন সকলােৰে কাৰণে সহজপ্রাপ্য। লিখকে ১৪-০৬-১৯ আৰু ১৫-০৬-১৯ত, তেজপুৰ
বিশ্ববিদ্যালয়ত মেনুস্ক্রিপ্তলজিৰ কৰ্মশালা অনুষ্ঠিত কৰিছে।)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.