ফটাঢোল

সংস্থাপন – ড০ গীতিমল্লিকা গগৈ

ডিগ্ৰী পাছ কৰাৰ পাছত ইউনিভাৰ্চিটিত চিট নেপাই অ’ত-ত’ত চাকৰিৰ বাবে ইন্টাৰভিউ দিয়ো পাঁচ বছৰমানলৈকে চাকৰি এটা গোটাব নোৱাৰাত প্ৰত্যেক দিনা মা-দেউতাৰ বকনি খাই খাই আমনি লাগি এদিন ‘সংস্থাপন’ নাম দি NGO এটাকে খুলিলো বাপেকে। ইয়াত আন্দোলনকাৰী ভাৰাত দিয়া হয়। লগত আৰু কেইটামান ভেগাবণ্ড গোটাই ল’লোঁ‌। যোগ্য প্ৰাৰ্থীৰ বাবে বিজ্ঞাপন দিয়া হ’ল।

শিক্ষাগত অৰ্হতাৰ কোনো সীমা নাই।

শাৰীৰিক যোগ্যতাৰো কথা নাই।

দুটাই যোগ্যতা অপৰিহাৰ্য:

১/ টি ভি চেনেল কেইটাই প্ৰশ্ন কৰিলে টপৰাই কিবাকিবি ক’ব পৰা,

২/ আন্দোলনৰ তীব্ৰতা অনুযায়ী কেতিয়াবা উগ্ৰ মূৰ্তি ধাৰণ কৰিব পৰা, আৰু কেতিয়াবা (মানে চৰকাৰী সভা-সমিতিত) কাণ পেলাই, মূৰ জোকাৰি জোকাৰি বহি থাকিব পৰা।

হাজাৰো অধিক নিৱনুৱাৰ আৱেদন লাভ কৰাৰ পাছত ৰূম এটা লৈ ফলক আঁৰি দিলোঁ- ইয়াত আন্দোলনকাৰী ভাৰাত পোৱা যায়। কেলধেপ্ কেলধেপ্ কৈ চলি থকা প্ৰেছ এটাত ফৰ্ম অলপ ছপাই ল’লোঁ‌। আন্দোলনকাৰী ভাৰাত বিচাৰিলে ফৰ্মখন পূৰণ কৰিব লাগিব। ফৰ্মখনৰ নমুনা এনেধৰনৰ :

১/ আন্দোলনটোৰ বিষয় :

২/ আন্দোলনকাৰীৰ ধৰ্ম/ভাষা :

৩/ প্লেকাৰ্ড/বেনাৰৰ শ্লোগান (নিব নোৱাৰিলে আমিয়ে লিখি দিম, এক্সট্ৰা চাৰ্জ লাগিব):

৪/ আন্দোলনটোৰ তীব্ৰতা: (তীব্ৰতা অনুযায়ী প্ৰতিজন আন্দোলনকাৰীৰ বাবদ মাচুলৰ তালিকা বন্ধনীৰ ভিতৰত দিয়া হ’ল)

(ক) জংগী (২০০০)

(খ) ধৰ্মঘট (১০০০)

(গ) আমৰণ/এদিনীয়া (৫/১হাজাৰ)

(ঘ) অৰ্ধ‌উলংগ/উলংগ প্ৰতিবাদ (২/৩ হাজাৰ)

(ঙ) শোভাযাত্ৰা (১০০০)

(চ) আত্মজাহৰ অভিনয় (২০০০০)

(ছ) গোষ্ঠী সংঘৰ্ষ -দুয়োটা গোষ্ঠীৰে মানুহ যোগান ধৰা হয় (২০০০)

(জ) চৰকাৰী বিভিন্ন কাৰ্যসূচীত সমাগমৰ বাবে (২০০০)

বি.দ্ৰ: আন্দোলনকাৰী যোগান ধৰিবলৈ খোলা আমাৰ সংস্থাটোলৈ চৰকাৰী বিভিন্ন সভা-সমিতিত সমাগমৰ বাবেও মানুহ বিচাৰি আৱেদন কৰে। এনে কাৰ্যসূচীত মানুহ বেছি লাগে বাবে আমাৰ লাভো বেছি হয়।

উপসংহাৰ: কেৱল আন্দোলনকাৰী যোগান ধৰিবলৈ গঠন কৰা ‘সংস্থাপন’ সংস্থাটোৰ ম‌ই এতিয়া মেনেজিং ডিৰেক্টৰ। কেইবাহাজাৰ মানুহে মোৰ লগত কাম কৰে।টকাৰ পাহাৰ দেখি মা-দেউতাও খুচ্। মোৰ জিন্দেগিও বিন্দাচ্।

জয় আন্দোলন জয়!

☆ ★ ☆ ★ ☆

2 Comments

  • Diganta K Bhattacharya

    ভাল লাগিল। অলপ বহলাই, দীঘলকৈ লিখিলে আৰু সুন্দৰ হ’ব..

    Reply

Leave a Reply

Your email address will not be published.