ফটাঢোল

সতিনী — গীতিকা শইকীয়া

“চামীয়ে (স্বামীৰে) লগতে ময়ো যাং অই!

এইখন সংসাৱত (সংসাৰত) নেথাকং অই!”

ইনাই বিনাই কান্দি আছে মালতী বুঢ়ীয়ে! গাঁৱৰ এগৰাকী অতিকৈ কাঁজিয়া খোৰ তিৰোতা মালতী বুঢ়ীৰ গিৰিয়েক হলধৰ ককাৰ দেহাৱসান ঘটিল। বয়সজনিত কাৰণতেই ককাৰ মৃত্যু হ’ল যদিও গাঁৱৰ প্ৰায়বোৰে ভাৱে যে মালতী বুঢ়ীৰ পুৱাৰ পৰা ৰাতি শুৱালৈকে অনবৰতে সকলোৰে লগত কাঁজিয়া কৰাৰ স্বভাৱৰ বাবেই ককাৰ মৃত্যু হ’ল।

দোকমোকালিতে শুই উঠি জুহালত চাহৰ কেটলীটো উঠাই মালতী আইতাই প্ৰাতঃকৰ্ম কৰি উঠি দুবাল্টিমান পানী গাত সাউটকে ঢালি লৈ তিয়নী সলাই লৈ জুহালৰ জুইৰ তাপত অকনমান গাটো টঙাই লৈ কাঁহৰ বাটিটোত বাকী লোৱা চাহৰ এসোঁহা গিলি লৈয়েই গিৰিয়েক হলধৰক “বুঢ়াটোৰ বাবে চাহ কেইবাৰ তপটাম“ বুলি যি গালি পাৰা আৰম্ভ কৰে সেইয়া ক্ৰমে দুই পুতেক-বোৱাৰীয়েকহঁতক গোটেই দিনটো গালি পাৰালৈকে চলি থাকে। বোৱাৰীয়েক দুয়োজনীয়ে প্ৰায়েই অতীষ্ঠ হৈ মাকৰ ঘৰলৈ যামগৈ বুলিও হুমকি দিয়ে। মালতী আইতাই আৰু দুগুণে চিঞৰি সংসাৰৰ অবাইচ মাতেৰে গালি পাৰি কেইবাদিনলৈ ঘৰখন গৰম কৰি ৰাখে। ডাঙৰজনী বোৱাৰীয়েক অনিমাই নিজৰ পিতৃৰ লাওলোৱা অৱস্থাৰ কথা মনত পৰিয়েই মনে মনে থাকে।

পিছে সৰুজনী বোৱাৰীয়েক ধনেমাই ধনী ঘৰৰ হোৱা বাবে মালতী আইতাৰ গালি মুঠেই সহ্য কৰিব নোৱাৰে। ওলোটাই ধৰে আইতাক। এয়ে লৈ ঘৰখনত প্ৰায় প্ৰতিদিনেই কিবা নহয় কিবা কথাত হুলস্থূল হৈ থাকে। অসহ্য হৈ হলধৰ ককাই তিনিআলিৰ বৰগছজোপাৰ তলতেই বহি থাকে। প্ৰায়েই দুপৰীয়া ভাতসাজ খাবলৈও নেযায়। সেই লৈও এভমকা গালিৰে সৈতে মালতী আইতা যদি তিনিআলিত হাজিৰ হয়হি তেতিয়া এখন সৰু সুৰা ভাওনাই হৈ যায়। সেই ভাওনাত নিৰ্যাতিত হলধৰ ককাৰ বিপৰীতে ৰাৱণ অথবা হিৰণ্যকশিপুৰ হৈ পৰে আইতা। শেষত পুতেকহঁতে টানি টানি দুয়োকে ঘৰলৈ নিবলগীয়া হয়।

হিয়ালী-জিয়ালী কৈ এনেদৰে গান গোৱাৰ দৰে কান্দি থকা আইতাক দেখি উপস্থিত বহুতৰে চকু সেমেকি উঠিল। গাঁৱৰে কেইগৰাকীমান বয়সীয়াল তিৰোতাই নিজৰ নিজৰ সেমেকি যোৱা চকু আঁচলৰে মচি কৈ থাকিল,-“হেজাৰ হক, আইতাৰ সউকালয়ে পৱা লগয়ী আছিল গিয়িয়েকটো, বেয়া লাগিবই দেচোন! কাঁজিয়া কয়িলেও পেম কয়িয়েই পলাই আহিছিল। ইচ, বুঢ়ীয়ে এতিয়া কাৰ লগত কাঁজিয়া কয়িব হয়নে….!”

হঠাতে মানুহবোৰৰ মাজেদিয়েই চিঞৰি চিঞৰি কান্দি কান্দি আহি আইতাৰ কাষতে ঢাচকে পৰিলহি গাঁৱৰে সিটো মূৰৰ তথা মালতী আইতাৰ আজন্ম শত্ৰু বুলি জনাজাত ৰূপী আইতা। দুয়ো শৈশৱৰে লগৰী যদিও গাঁৱত যোৱা কেবা দশক ধৰি দুয়ো দুয়োকে চকু পাৰি দেখিব নোৱাৰে। য’তেই সমুখা-সমুখি হয় তাতেই দুয়ো বুঢ়ীয়ে কাঁজিয়া কৰিবলৈ ফেঁপেৰী পাতি ধৰে। দুয়ো বুঢ়ীৰ মুখৰ পৰা ওলোৱা অবাইচ মাতক গাঁৱৰ ডেকা-বুঢ়া সকলোৱেই হাঁহি-ধেমালিৰ কাৰক হিচাবে গণ্য কৰে বাবেই সুবিধা পালেই দুয়োেৰ মাজত কাঁজিয়া লগাবলৈ বহুতে তিলটোকে তাল কৰি লগাই দিয়ে।

যিনহওক, হলধৰ ককাৰ ধূপ-ধূনা-ফুলেৰে সজাই থোৱা মৃতদেহৰ ভৰি শিতানত পৰি মালতী আইতাই কান্দি কান্দি গাই থকা কথাখিনিকে কাষতে আহি বহি পৰা তথা আইতাৰ ঘোৰ শত্ৰু বুলি জনাজাত ৰূপী আইতাইও সুৰ লগাই গাবলৈ ধৰিলে,-

“চামীয়ে লগতে ময়ো যাং অই,

এইখন সংসাৱত নেথাকং অই!”

মালতী আইতাই কাষতে আহি বহি পৰা ৰূপী আইতাক সাৱতি ধৰি তেনেকৈয়ে গানটো গাই গাই কান্দিলে যদিও হঠাতে দেখোন চিঞৰি উঠিল,-

“অই কুকুৰৰ জীয়েক, মোৰ মানুহটো তোৰ পৈয়েৰ কেতিয়া পৱা হ’ল? তই হ’বলা মোৰ বুঢ়াৰ লগতো লীলা-খেলা কয়িছিলি। হয়ি হয়ি! বালকহে বুলিলং দে! তোৰ লাজ লগা নাই? ডেকা কালত মোৰ পেম-ভালপোৱাক কাঢ়ি নি নিজৰ গিয়িয়েৰ বনালি, এতিয়া বুঢ়া কালত মোৰ গিয়িয়েকটোকো মোৰ পা লৈ গ’লি। অ’ এতিয়াহে বুজিছোঁ বালক, এই অবালচন বুঢ়াই মোক কিয় বেয়া পাইছিল। কিয় তিনি আলিতে বহি থাকিছিল হতচিৰি যোৱা বুঢ়াই! অ’ চতয়ী ৰূপীমাই, তই এই বয়সতো এনেকৈ পেম-পিয়িটি কয়িবলৈ লাজ পোৱা নাই! থুই কটা!”

এইবাৰ গিৰিয়েকৰ মৃতদেহটোলৈ চাই গৰজি উঠিল মালতী আইতা,-

“বুঢ়া অই, মৱণকালতো মোক ঠগিবলৈ নেপাহয়িলি। গাভও কালত এই ৰূপীমাইয়ে ঠগিলে, এতিয়া অত বছৰ মোৰ লগত থাকি মোকেই ঠগি থৈ গ’লি, অবালচনটো ক’বাৰ, জীয়াই থকা হ’লে নেচেলা কেচেলাকৈ ময়িয়ালোঁহেঁতেন!”-এইবুলি কানাই আইতাই ৰাওচি জুৰি কান্দিবলৈ ধৰিলে।

ইফালে কানাই আইতাৰ গালিত ৰূপী আইতাইও উভতাই ধৰিলে,-

“অই মালতী, মোৰ গিয়িয়েকটো এতিয়াও জীয়াই আছে। মোৰ কি দকাৰ তোৰ গিয়িয়্য়ক চাবলৈ! তইহে অতবছৱৰ পিছতো গাভও কালত মোৰ মানুহটো লগত হোৱা তোৰ পেম-ভালপোৱা পাহয়িব পৱা নাই! মোৰ কোনো গৰজ পৰা নাই বালক, তোৰ মানুহটোক পৈয়েক বুলিবলৈ! তই তেনেকৈ গোৱা দেখিহে ময়ো গাইছিলোঁ। নিজৰ গিয়িয়েকটো ময়ি গ’ল, তই এতিয়াও সেই পুৱণি কথাখিনিকে ধয়ি আছ। তই বালক, জীয়াই থকালৈকে হলধৰ কাইদৌক গালিকেই পায়িলি। গালি শুনি শুনিয়েই কাইদৌ ময়ি গ’ল অই!- এইবুলি ৰূপী আইতাই পুনৰ কান্দিবলৈ ধৰিলে।

মালতী আইতাই এইবাৰ পুতেকলৈ চাই কৈ উঠিল,-

“কানাই অই, লৈ যা এই অজীন পাতকীটোক, তোক, ভায়েৱক, মোক, আমাৰ ছোৱালীহঁতক সকলোকে ঠগি থৈ গ’ল অই এই বুঢ়াটোৱে! তহঁতে মই কাঁজিয়া কৱাহে দেখ, বাপেৰটোৱে বালক লোকঅ তিয়িক চাই থাকিছিল সেইটো নেদেখিলি! লৈ যা বুঢ়াক, জ্বলাই দেগৈ যা, আজি পা নেকান্দো আও এই বুঢ়াৰ নামত!”-এইবুলি কৈ আকৌ গাবলৈ ধৰিলে,-

“চামীয়ে লগতে ময়ো যাং অই…..এইখন সংসাৱত নেথাকং অই!”

“যা যা কানাই, সোনকালে লৈ যা, এই বুঢ়ীৰ কোনো দুখ নাই, এনেয়ে কান্দি দেখুৱাইছে, এতিয়াও মোৰ পৈয়েকটোলৈকে চকু”- এইবুলি ৰূপী আইতাই কোৱাৰ লগে লগে কানাই আইতাই ঘপহকৰে উঠি লৈ মেখেলা কোঁচাই ৰূপী আইতালৈ খেদি আহিল,-

“বালক, চতয়ী, বনয়ী ৰূপী, তই মোৰ মানুহটো ময়োঁতেও কাঁজিয়া কয়িব আহ, ভালকে জানোঁ, তই সোনকন কাইদৌৰ লগত মোক ফাঁকি দি পলাই যোৱা বাবে গোটেই গাঁৱে তোক ককৰ্থনা কয়িছিল যে, সেইবাবে তই লাজ পাৱ, সেয়ে মোক কষ্ট দিবলৈ পুৱনি কথাবোৰ উলিয়াই থাক। ৰাইজ চাওক, মোৰ মানুহটো ময়িছে, মই কান্দিছোঁ, তাতেও এই ঘোৰ শত্ৰু ৰূপী বুঢ়ীৰ কোব চাওক।”

তেনেতে সোনকন ককাৰ ভতিজায়েক চন্দ্ৰই আহি বৰমাকক হাতত ধৰি টানি টানি লৈ গ’ল।

আচলতে মালতী আৰু ৰূপীমাই সৰুৰে পৰা নলেগলে লগা বান্ধৱী আছিল। সৰুতে দুশ্ৰেণীমান পঢ়ি নিজৰ নামটো লিখিব পৰা হৈছিল যদিও দুয়োজনীৰে খেতি-খোলাতহে বেছি মন। সেয়ে যৌৱন পোৱালৈ দুয়োজনীয়েই খেতি-পথাৰ, ঘৰ-ঘৰোৱাহ চম্ভালিব পৰা হৈ উঠিছিল। মালতী দেখাত শুৱনি আছিল। ৰূপীমাই দেখাত আপচু নহয় যদিও মালতীৰ দৰে ধুনীয়া নাছিল। পথাৰত হালোৱা-হজুৱা ডেকাৰে ভৰি থাকে। তাৰে ভিতৰত সুঠাম চেহেৰাৰ সোনকন কাইদৌৰ প্ৰতি যে মালতীৰ মন থৌকি-বাথৌ সেইটো ৰূপীমায়ে ভালকৈয়ে বুজি পাইছিল। সেয়ে কথাই কথাই ৰূপীমায়ে মালতীক সোনকন কাইদৌৰ লগত জোকাই থাকিছিল। বিভিন্ন আঁচিলাত দুয়োকে লগ হৈ কথা পাতিবলৈ সুৰুঙা উলিয়াই দিছিল।

অৱশ্যে ধনে-ধানে টনকিয়াল মালতীৰ পিতাকে যে গাঁৱৰে খেতিয়ক সোনকনলৈ মালতীক বিয়া দিব নিবিচাৰিব সেইটো ইতিমধ্যে তিনিও বুজি গৈছিল।

আনহাতে কাষৰ গাঁৱৰ এজন ডেকা ৰূপসিঙো মালতীৰ ৰূপমুগ্ধ আছিল। দুবাৰমান মালতীক প্ৰেমৰ প্ৰস্তাৱো দিছিল। মালতীয়ে অস্বীকাৰ কৰা দেখি তথা সোনকনৰ লগত যে মালতীৰ প্ৰেমৰ সম্বন্ধ হৈছে সেইটো বুজি ৰূপসিঙে পোটক তুলিবলৈ সুবিধা বিচাৰি আছিল।

তেনেতেই মালতীৰ পিতাকে দূৰৈৰ কোনোবা জমিদাৰৰ ঘৰৰ ল’ৰাৰ লগত মালতীৰ বিয়া ঠিক কৰি আহিল বুলি জনালে। মালতীয়ে পিতাকৰ আগত একো ক’ব নোৱাৰিলেও সোনকনলৈ পলাই হ’লেও যাব বুলি থিৰাং কৰিলে। সেইমতে ৰূপীমাইক সোনকনলৈ খবৰ পঠিয়াই সন্ধিয়ালৈ তিনিআলিত ৰৈ থাকিবলৈ ক’লে।

ইফালে ৰূপসিঙেও মালতীৰ বিয়া ঠিক হোৱাৰ কথাটো ৰূপসিঙে শুনিছিল। সেইদিনা সোনকন, ৰূপীমাইক কানি-মুনি পোহৰত তিনি আলিত ৰৈ থকা দেখি সি কিবা এটা অনুমান কৰিলে। মালতীয়ে সোনকনলৈ পলাই যাব পৰাৰ সম্ভাৱনা দেখি ৰূপসিঙে ইচ্ছা কৰিয়েই হুলস্থূলৰ সৃষ্টি কৰিলে। মালতী আহি পোৱাৰ আগতেই ৰূপসিঙে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে যে সোনকনে ৰূপীমাইক পলুৱাই আনিছে। গাঁৱৰ মানুহ তিনি আলিতে গোট খালে। ইফালে লগত কাপোৰৰ টোপোলা লৈ আহি থকা মালতীয়ে পৰিস্থিতি দেখি ঘৰলৈ উভতি গ’লগৈ! গাঁৱৰ ৰাইজে বিচাৰ কৰি ৰূপীমাই-সোনকনক স্বামী-স্ত্ৰী হিচাবে বিয়া হোৱা বুলি আশীৰ্বাদ দিলে। সোনকন, ৰূপীমায়ে একো তৰ্কিবই নোৱাৰিলে।

ঘটনাৰ আকস্মিকতাত কি হ’ল ধৰিব নোৱাৰিলে যদিও মালতীৰ ৰূপীমাইৰ ওপৰতে প্ৰচণ্ড খঙ উঠিল। তাৰমানে ৰূপীয়েও সোনকন কাইদৌক ভাল পাইছিল! এনে এক ভাৱে মালতীৰ মনত খেলি-মেলি লগাবলৈ ধৰিলে।

আনহাতে মালতীৰ পিতাকে ঠিক কৰা জমিদাৰৰ ঘৰৰ ল’ৰাৰ লগত বিয়াখনো ভাঙিল। শুনা মতে ল’ৰাই হেনো বেলেগ কাৰোবাক ভাল পাইছিল, সেয়ে তেওঁকে আনি ঘৰ সোমোৱালে। মালতী সীমাহীন দুখত ভাৰাক্ৰান্ত হৈ পৰিল।

এদিন পথাৰলৈ যাওঁতে গাঁৱৰে ডেকা খেতিয়ক হলধৰক লগ পালে। হলধৰেও মালতী-সোনকনৰ প্ৰেমৰ কথা জানিছিল। লগতে সেইদিনা যে গাঁৱৰ মানুহে ভুল বুজাৰ বাবেহে যে ৰূপী আৰু সোনকনৰ এই দশা হ’ল সেইটোও জানিছিল। তাকেই হলধৰে ক’ব খুজিছিল মালতীক। মালতীয়ে একো শুনিব নোখোঁজা দেখি লগতে থকা হালোৱা ৰণুৱাক পঠিয়াই পথাৰৰ সিটো মূৰে কাম কৰি থকা সোনকন আৰু ৰূপীকো মতাই অনালে। সোনকন আৰু ৰূপীক দেখিয়েই মালতীৰ উগ্ৰ খং উঠিল। সংসাৰৰ অবাইচ মাতেৰে মালতীয়ে ৰূপীক থকা-সৰকা কৰিলে। কিন্তু মালতীৰ বেয়া ব্যৱহাৰ স্বত্বেও ৰূপীৰ প্ৰস্তাৱেহে মালতীক আচৰিত কৰিলে।

কিয় হ’ল, কেনেকৈ হ’ল সেইবোৰ কথাত লাগি থকাতকৈ ৰূপীয়ে মালতীক ক’লে যে যিহেতু সোনকন আৰু মালতীৰ মাজত পেৰেম-পিৰিতি আছিল, সেয়ে সোনকন, ৰূপীয়ে ভাৱি উলিয়াইছে যে সোনকনে মালতীকো বিয়া পাতক। সেইসময়ত দুই-তিনিজনী ঘৈণী থকাটো সাধাৰণ কথা। গতিকে দুয়ো সখীৰে একেজন গিৰিয়েক হ’লেও একো ভাৱিবলগীয়া নাই বুলি ৰূপীয়ে মালতীক বুজাবলৈ চেষ্টা কৰিলে। কিন্তু মালতীয়ে ৰূপীৰ কথা শুনিবই নোখোঁজে। মালতীৰ মতে ৰূপীৰ সোনকন কাইদৌলৈ মন আছিল, সেয়ে শৈশৱৰ সখীক ঠগি সোনকনৰ ঘৈণী হ’লগৈ! আৰু মালতীয়ে এজনী তিৰি থকালৈ কেতিয়াও যাব নোখোঁজে!

নিৰাশ মনেৰে সোনকন, ৰূপী উভতিব লৈছিল, হঠাতে মালতীয়ে ওচৰতে ৰৈ থকা হলধৰক প্ৰস্তাৱ দিলে,-“হলধৰ কাইদৌ, তয়োতো বিয়াৰ বাবে ছোৱালী বিচাৰি আছ, মোকে লৈ যা নহ’লে!”

মালতীৰ কথাত সোনকন, ৰূপী আৰু হলধৰ তিনিও উচপ খাই উঠিল।

হলধৰে কিবা কোৱাৰ আগতেই মালতীয়ে পুনৰ ক’লে,-“পিতায়ে আকৌ বেলেগ দৱা বিচায়ি আছে। মোৰ বেলেগ ঠাইত বিয়া হ’বলৈ মন নাই। সেয়ে আজি ৰাতি মই আমাৰ ঘৱৰ পৱা ওলাই গৈ তিনি আলিতে ৰৈ থাকিম, তই আহিবি। কিন্তু ৰূপীয়ে মোক ঠগাৰ দৰে তই নঠগিবি। তই যদি নাহ, মই ৰাতিয়েই নৈত জঁপিয়াই মৰিমগৈ!”- এইবুলি কৈ মালতীয়ে ঘৰলৈ খোজ ল’লে।

ঘটনাৰ আকস্মিকতাত তৰ্কিব নোৱাৰি হলধৰ কিছুসময় তেনেদৰেই থিয় হৈ থাকিল। মালতীৰ লগত প্ৰেমৰ কথা হলধৰৰ মনত কেতিয়াও অহা নাছিল। গাঁৱৰ সহজ-সৰল হোজা খেতিয়ক। একো ভাৱিব নোৱাৰি সোনকনকে কৈ উঠিল,- “এতিয়া কি কৱোঁ মই! আই-বোপায়ে ক’বাৰ পা ছোৱালী এজনী চাই বিয়া পাতি আনিলেহেঁতেন, তাতকৈ বেলেগ কথা মনলৈ অহাই নাই। ইফালে ধনী ঘৱৰ মালতীক পলুৱাই নিলে মালতীৰ পিতাকে আমাক সমাজৰ পৰা এঘয়ীয়া কয়িব যে সেইটোও খেটাং। পলুৱাই নানিলে যদি মালতীয়ে সঁচাকৈয়ে নৈত জঁপিয়াই আত্মঘাটী হয়, তেতিয়া কি কয়িম?”

বহুদেৰিৰ মূৰত সোনকনে ক’লে,-“হলধৰ, তই আজি ৰাতি মালতীক লৈ যাবি। এই লৈ মালতীৰ পিতাকে মেল পাতিলে পাতক, দেখা যাব। তোলৈ যাব খুজিছে যেতিয়া লৈ যা। এনেয়ো আমাৰ দুয়োৰে ওপৰত খং উঠি আছে, তই যদি তাইক নিনিয়, তাই নৈত জঁপিওৱাৰ দৰে কাম কৰিবলৈও ভয় নকৰিব ছাগে। যা, ইমান ভয় কয়িব নেলাগে, তাইক সুখেৰে ৰাখিবি।“

এনেদৰেই জেদত পৰি মালতীয়ে হলধৰৰ লগত বিয়াত সোমাল। সময়ত দুটা ল’ৰা, দুজনী ছোৱালীৰে মালতী-হলধৰৰ ঘৰ গপচ হ’ল। আনহাতে কেবাবছৰৰ পিছতহে ৰূপী-সোনকনৰ অগা-পিছাকৈ দুজনী ছোৱালীৰ জন্ম হ’ল। কিন্তু সেই যে মালতীয়ে ৰূপীৰ প্ৰতি বেয়া ভাৱ ৰাখিলে সেইয়া ক্ৰমে বাঢ়ি গৈহে থাকিল। আনকি ৰূপীৰ প্ৰথমে সন্তান নোহোৱা কথাটোতো মালতীয়ে সন্মুখত পালে কটু কথা শুনাবলৈ নেপাহৰিলে। মালতীৰ মতে “লোকৰ পেম-ভালপোৱাক কাঢ়ি নি ঘৰ ধৰিলে তেনে মানুহক ভগৱানেই সন্তান নিদিয়ে বোলে”! আকৌ যেতিয়া ৰূপীৰ ছোৱালীয়েই দুজনী হ’ল তেতিয়াও “লোকৰ মতাক নিজৰ কৰাৰ বাবেই ভগৱানে ল’ৰাৰ মুখ নেদেখুৱালে” বুলি মালতীয়ে সকলোতে গাই ফুৰা হ’ল। কিন্তু এই সকলো কৃৎসা-ৰটনাত মালতীয়ে সোনকনক হ’লে মুঠেও দোষ নিদিয়ে। মালতীৰ মতে সহজ-সৰল, ধুনীয়া, চফল ডেকা সোনকনক জালত পেলাই ৰূপীয়ে পলাই গৈছিল।

পিচে মালতীৰ চাৰিওটা সন্তানৰ এটাইও বৰ বিশেষ শিক্ষা-দীক্ষা ল’ব নোৱাৰিলে। প্ৰথমে আপত্তি কৰিলেও মালতীৰ পিতাকে পিছলৈ হলধৰক জোঁৱাই বুলি স্বীকাৰ কৰি লৈছিল। সেয়েহে টকা-পইচা, ধান-চাউল, খেতিৰ মাটিৰে হলধৰ-মালতীৰ ঘৰখন গপচ কৰি দিছিল।

পেটে-ভাটে খোৱা ৰূপীৰ সাধাৰণ ঘৰখনক দেখুৱাবলৈকে মালতীয়ে নিজৰ ধন-টকা-পইচাৰ বাহাদুৰি কৰি থাকিবলৈ পাহৰা নাছিল। তাৰ মাজতে মালতীৰ ছোৱালী দুজনী নিজৰ পছন্দৰ মতে পলাই গৈ সংসাৰ কৰিলে। সৰুটোৱে এদিন ওচৰৰ গাঁৱৰ এঘৰৰ অলপ পঢ়া-শুনা কৰা ছোৱালীকে পলুৱাই আনিলে। কথা বিষম দেখি খুব কম দিনৰ ভিতৰতে ডাঙৰটোকো বিয়া পাতি দিয়া হ’ল। লাহে লাহে মালতীৰ ৰূপীৰ নামত চৈধ্যপুৰুষ উজাৰি গালি পাৰাটো আৰু এখোপ বেছিহে হ’বলৈ ধৰিছিল। এই গোটেই সময়খিনিত হোজা হলধৰে নিমাতে থাকিয়েই পাৰ কৰিছিল।

আনহাতে ৰূপী, সোনকনে ছোৱালী দুজনীক যথেষ্ট পঢ়া-শুনা কৰোৱালে। ডাঙৰজনী স্কুলৰ শিক্ষয়ত্ৰী হ’ল, বিয়াও হৈছে চৰকাৰী চাকৰি কৰা এজনলৈ! সৰুজনী কলেজৰ প্ৰফেচাৰ। দুবছৰমান আগতে একেখন কলেজৰে প্ৰফেচাৰ এজনৰ লগত বিয়া হৈ গৈছে। দুয়োজনীৰে ঘৰলৈ সাউৎকে আহিব পৰা দূৰত্বতে ঘৰ। ৰূপীয়ে সোনকনৰ ঘৰখন বহু কষ্টেৰে আটোমটোকাৰীকৈ ৰাখিছে। অভাৱ-অনাটন নাই, বহুত আলি-বলিও নাই।

অথচ ল’ৰা এটা নোহোৱাৰ কাৰণেই মালতীয়ে পাকে-প্ৰকাৰে ৰূপীক কথা শুনাবলৈ সুবিধা বিচাৰি ফুৰে। কয়, “এইজনী, পেটকুলীয়া, ৰৌ ৰৌ নৱকত পঁচিব। পিণ্ড দিব কোনে? মোৰ সোনকন কাইদৌটোলৈহে বেয়া লাগে। মাউৰেটযাইটিজনীৰ বাবেই মানুহটোৰ বুঢ়া বয়সত ইমান আলৈ-আথানি হ’বগৈ! পিণ্ড নাপালে মুক্তি কেনেকৈ পাব?”

মুঠতে মালতী আইতাই ৰূপী আইতাৰ লগত জীৱনৰ প্ৰায় কেবা দশক শত্ৰুতা কৰিয়েই কটালে। কেতিয়াবা ৰূপী আইতাই নিজকে কিছু নিয়ন্ত্ৰণ কৰিবলৈ চাই যদিও মালতী আইতাৰ অশ্ৰাব্য গালিত অতিষ্ঠ হৈ মাত মাতিবলৈ বাধ্য হয়। এবাৰ যদি ৰূপী আইতাই উভতাই গালি পাৰা আৰম্ভ হয় তেন্তে দুয়ো বুঢ়ীৰ অবাইচ মাতৰ কচৰৎত প্ৰথমে কেৱল হাঁহিৰ বাবে গোট খোৱা গাঁৱৰ ডেকা-বুঢ়া সকলো ফৰিং চিটিকা দিয়ে।

যিনহওক, জীৱনৰ প্ৰায় পঞ্চাছটাতকৈ অধিক বছৰ পাৰ কৰাৰ পিছত সহজ-সৰল হলধৰ ককাৰ মৃত্যু হ’ল। শ্ৰাৰ্দ্ধ আদি হৈ যোৱাৰ কিছুদিনলৈ মালতী আইতা কিছু পৰিমাণে শান্ত হৈ পৰিছিল। মানুহে বোলে “বুঢ়া নাইকিয়া হওঁতেহে বুঢ়ীয়ে বুঢ়াৰ মূল্য বুজিব পাৰিছে”। কিন্তু লাহে লাহে আইতাৰ আগৰ ৰূপ ঘূৰি আহিবলৈ ধৰিলে। হোৱাই-নোহোৱাই পুতেক-বোৱাৰীয়েক, মৃত গিৰিয়েক তথা জীয়েকহঁতলৈকে সকলোৰে নামত গালি পাৰি এটা সময়ত ৰূপীৰ নামতো এজাউৰি সদায়েই দিয়ে।

এদিন মালতী আইতাৰ ঘৰত হুলস্থূল শুনা গ’ল। গাঁৱৰ মানুহবোৰ গৈ দেখে আইতাই চোতালতে বহি কান্দি আছে। ইফালে ডাঙৰ পুতেক কানাই, ঘৈণীয়েক, ল’ৰা-ছোৱালী দুটাই নিজৰ বস্তুবোৰ বাকচে, মোনাই ভৰাইছে। সিহঁতে ঘৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰৈত থকা খেতিৰ পামত থাকিবলৈ একেবাৰে যাবগৈ! কিন্তু ঘৰত থকা সৰু বোৱাৰীয়েক, পুতেকে আইতাক ৰাখিব খোজা নাই। ইমান কাঁজিয়াখোৰ মানুহক মাক হ’লেও নাৰাখে। সৰু পুতেকে স্পষ্টকৈ কৈ দিছে। মানে একেখন ঘৰতে বেলেগে বেলেগে চৌকা কৰিও নেথাকে। সেয়ে সৰু পুতেকে আইতাক ঘৰৰ পৰা ওলাই যাবলৈ দিছে। নৈৰ পাৰৰ ফালে থকা মাটি অকনমানত সৰুকে ঘৰ এটা সাজি দিব, সাজি নোহোৱালৈকে আইতাক নিজৰ মাকৰ ঘৰ, মানে কানাইহঁতৰ মোমায়েকৰ ঘৰত থাকিবলৈ পঠিয়াব খুজিছে। নিজ পুত্ৰই লগত ৰাখিব নোখোঁজাৰ বাবেই আইতাই হিয়ালী-জিয়ালীকৈ কান্দি আছে। জীয়েকদুজনীয়েও বোলে “মাইক এদিনৰ কাৰণেও লগত নি ৰাখিব নোৱাৰোঁ” বুলি কৈ দিছে। ইফালে আইতাৰ ভায়েকৰ ল’ৰা-বোৱাৰীবোৰ আহি সকলোকে কৈ দিছে যে সিহঁতে জেঠায়েকৰ দায়িত্ব ল’ব নোৱাৰে! কথাবোৰ গাঁওবোৰত বিয়পি পৰিছিল।

ৰূপী আইতাইও কথাবোৰ শুনি দৌৰি দৌৰি সেইখিনি পালেহি! কাকো একো নকৈ প্ৰথমে মালতী আইতাক মাটিত বহি থকাৰ পৰা উঠাই লৈ চকুপানী মচি আইতাৰ দুয়ো পুতেক-বোৱাৰীয়েকক উদ্দেশ্যি ক’বলৈ ধৰিলে,-

“তহঁত ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পায়িছ? এনেকুৱা হোৱাতকৈ ল’ৱা নোহোৱাই ভাল। মোৰ ছোৱালীহঁতক বিয়া দি উলিয়াই দিলোঁ, চাকয়ি বাকয়ি কয়ি সিহঁতৰ সময় নাই, তথাপিতো আমাৰ বুঢ়া-বুঢ়ীৰ বেমাৰ-আজাৰ হ’লে সিহঁত দুইজনী দৌৰি আহে। আমাৰ শুশ্ৰষা কয়ে, আমাক লগত নি ৰাখে। আৰু তহঁতে এই বুঢ়া বয়সত মাৱক এনে ব্যৱহাৰ কয়িছ, ঘৱৰ পৰা উলিয়াই দিবলৈ ধয়িছ! তহঁত ৰৌ ৰৌ নৱকত পয়িবিহঁক!”

কানাই আইতাৰ সৰু পুতেক উত্তৰ দিলে,- “তইনো কেলেই ইমান দৱদ দেখুৱাইছ? মায়ে তোৰ কথাই যে বেয়াকৈ কৈ থাকে। এয়া আমাৰ ঘৱৰ কথা, বাহিয়া মানুহে মাত নমতাই ভাল!”

ৰূপী আইতাও এৰি দিয়া ভকত নহয়,- “মালতী আও মোৰ মাজত কিবা এটা লাগিল, সেইটো আমাৰ কথা, কিন্তু দেখ দেখকৈ মানুহজনীৰ লগত তহঁতে ইমান বেয়া কয়িছ সেইটোত মই মাত মাতিমেই! আৰু তহঁতে যে দম্ভালি মায়িছ, এই ঘৰ-মাটি-সম্পত্তি তোহঁতৰ বাপেয়ে কৱা নহয়, এই মালতীৰ বাপেকে দিয়া। ইয়াত মালতীৰ অধিকাৰ বেছি আছে বুইছ!”

এইবাৰ কানায়ে মাত দিলে,-“ৰূপী মাহী অই, তইনো কেলেই সোমাইছ এইবোৱত? এই বুঢ়ীজনীয়ে জীৱনটো তোৰ নামতে গালি পায়িয়েই কটালে। আমাক যি কৱ কৈ থাক, আমি কোনেও ৰাখিব নোৱাওঁ বুঢ়ীক!”

তেনেতে সৰুকনৰ ঘৈণীয়েকে কৈ উঠিল,-“মাইলৈ ইমান যদি মৰম আছে আপুনিয়েই লৈ যাওক। মায়ে কোৱা মনত আছে নহয়, আপুনি বোলে মাক আপোনাৰ সতিনী কয়িবলৈ খুজিছিল! মায়েহে নাযাওঁ বুলি কৈছিল। এতিয়া নিয়ক সতিনীয়েকক।“

“কটা নিধক চোঁৱৱৰ জীয়েক, পৈয়েৱক বশ কৰি আমাৰ গাঁৱত আহি আমাকে কথা শুনাৱ? “-ৰূপী আইতা গৰজি উঠিল,- “আৰু ভাৱিছ নেকি মই মালতীক এনেকৈ এয়ি যাম বুলি! লৈ যাম তাইক মোৰ ঘৱলৈকে, সতিনী বুলি নহয়, সউকালৰ বান্ধৱী বুলি! থুই কটা! মোৰ ল’ৱা পোৱালী এটা নোহোৱা কথাটোক লৈ এই মালতীৰ লগতে গাঁৱৰ বহুতেই ঠেট্টা কয়ি আহিছে। আজি মই সুধিছোঁ এনেকুৱা হ’বলৈকে ল’ৱা পোৱালী লাগে নেকি? এদিন মাক-বাপেকক নিজ ঘৱৰ পৱাই উলিয়াই দিবলৈকে ল’ৱা পোৱালী যদি লাগে বুলি ৰাইজে ভাৱে তেন্তে মোৰ ছোৱালীয়েই ভাল। অন্ততঃ সিহঁতে আমাক আলৈ-আথানি হ’বলৈ দিয়া নাই এতিয়ালৈকে!”

“মালতী অ’, ব’ল মোৰ ঘৱলৈ! এখেতক নোসোধাকৈ তোক লৈ যাম, জানোঁ বেয়া নেপায়। বাকী মোৰ ছোৱালীহঁতেও বেয়া নেপায় বুলি বিশ্বাস আছে। তই মোৰ সতিনী হ’লেও মোৰ কেতিয়াও আপত্তি নাছিল। আজিও নাই। যদি তোৰ মোৰ বান্ধৱী সম্বন্ধটো যথেষ্ট নহয়, তেন্তে তোক মোৰ সতিনীয়েই কয়িম দে। ব’ল এতিয়া ইয়াৰ পৱা।“– ৰূপী আইতাই মালতী আইতাক হাতত ধৰি টানি টানি লৈ গ’ল। গাঁৱৰ মানুহবোৰে দুয়ো বুঢ়ীক গৈ থকা চাই থাকিল।

সোনকন ককাই ইতিমধ্যে চকুৰে কম দেখাৰ লগতে কাণেৰেও কমকৈ শুনে তথা বয়স হৈ অহাৰ লগতে এনেয়েও জলকা লাগি থাকে। গতিকে মালতী আইতা আহি তেওঁলোকৰ ঘৰত থকা কথাটোৰো তেখেতে বৰ এটা ভু-ভা পাইছে বুলি মনে নধৰে। মাজতে ৰূপী আইতাৰ দুয়োজনী জীয়েক ঘৰলৈ আহিল। ইতিমধ্যে ৰূপী আইতাই জীয়েকহঁতক সকলো কথা জনাইছিল। সিহঁত দুয়োজনীয়ে মাকৰ সিদ্ধান্তক সমৰ্থন কৰাৰ লগতে সদায় ঘৰলৈ আহিলে মাক-দেউতাকলৈ মিঠাই তথা মাছ-পাঁচলিৰ লগতে অনা কাপোৰ-কানি এইবাৰ মালতী আইতালৈ বুলিও আনিলে। পাটৰ মেখেলা-গুণাৰ পাৰি দিয়া চাদৰ, ব্লাউজ, পেটিকোটলৈকে কাপোৰখিনি লৈ মালতী বুঢ়ীয়ে এসোঁতা কান্দিয়েই পেলালে।

কিন্তু এনেকুৱা নহয় যে মালতী আইতাৰ গালি-গালাজ বন্ধ হৈ গ’ল। দুয়ো বুঢ়ীয়ে একেলগে কাম-কাজ কৰি খায়। পথাৰলৈ, নৈত পলহেৰে মাছ মাৰিবলৈও দুয়ো একেলগে যায়। মাজে মাজে মালতী আইতাই নিজৰ পুতেক, জীয়েক, বোৱাৰীয়েকহঁতক মনত পেলাই গালি পাৰিবলৈ ধৰে। লাহে লাহে তেনে গালিত ৰূপী আইতায়ো যোগ দিয়ে। তাতেই কেনাটো লাগে। মালতী আইতা গৰজি উঠে,-

“মোৰ ল’ছলীহঁতক তই কেলেই গালি পায়িবি? থাকিলোৱেই যেনিবা তোৰ ঘৱত। সেইবুলি তই মোৰ ল’ছালীহঁতক গালি পায়িব নোৱাৰ। এনেয়ো তই এখেতক নিজৰ কৰি নোলোৱা হ’লে ময়েই এখেতৰ ঘৈণী হ’লোঁহেঁতেন! পূৰা কঁপাল মোৰ এইখন!“- আচৰতিকৈ ৰূপী আইতাৰ ঘৰত থকাৰ পৰা মালতী আইতাই সোনকন কাইদৌ বুলি নকৈ তেখেত, এখেত আদি ক’বলৈ ধৰিছিল।

কথাটো ৰূপী আইতাইও মন কৰিছিল। এদিন দুদিন একো নোকোৱাকৈ থাকিল যদিও এদিন ৰূপী আইতাই ধৰিলে,-“কি অ’ মালতী, তই এই বয়সতো এখেতৰ বাবে ভাৱিব পায়িছ! কি এখেত, তেখেত কয়ি কথা ক’বলৈ লৈছ!”

“আগতে দেখোন তয়েই মোক সতিনী কয়িম বুলি বৰ কথা কৈছিলি, এতিয়া বেয়া কেলেই পাইছ? হলধৱৰ লগত বিয়া সোমালো যদিও মই এখেতকে চামী বুলি ভাৱি আহিছিলোঁ!”- মালতী আইতাও এৰি দিয়া ভকতনী নহয়।

সেইদিনা ৰূপী আইতাই “এই বয়সত সতিনী দেখিলোঁ” বুলি বহুপৰ কান্দি থাকিল।

এনেদৰেই দুয়ো বুঢ়ীয়ে একেখন ঘৰতে থাকি ইজনীয়ে সিজনীৰ চৈধ্য পুৰুষ উজাৰি গালি পাৰাটো নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিল। কোনোবা দিনা পুৱাৰ চাহ-জলপান খাই উঠিয়েই মালতী আইতাই কাঁজিয়া কৰিবলৈ আৰম্ভ কৰে, ৰূপী আইতায়ো জাঙুৰ খাই উঠে, কাঁজিয়া চলি থাকে। সোনকন ককাই এইবোৰৰ ভু নেপায় যেন লাগে। অ’ত ত’ত বহি কটায়। দুপৰীয়াৰ ভাত ৰন্ধাৰ সময় হ’লে দুই বুঢ়ীৰ কোনোবা এজনীয়ে মাছ মাৰা পলহটো ওলোটা মুৱা কৰি চোতালত থৈ দিয়ে। তাৰমানে কাঁজিয়া স্থগিত কৰা হৈছে। লগে লগে সিজনীয়েও গালি পাৰা বন্ধ কৰি ৰান্ধিবৰ বাবে পাঁচলি আদি কাটি-বাছি দিয়ে। ভাত খাই বাছন ধুই, চৌকা চাফা কৰি মুহুতি কৰিবলৈ খুন্দনাত তামোল খুন্দে। ৰূপী আইতাই পানত চূণ, চাধা কমকৈ লয়। সেয়ে ৰূপী আইতাৰ বাবে মালতী আইতাই চূণ-চাধা কমকৈ দি তামোল খুন্দি আঁতৰাই থৈহে নিজৰ বাবে বেছিকৈ দি খুন্দে। ওচৰ-পাঁজৰৰ দুই এজনী বোৱাৰীয়েও দুই বুঢ়ীৰ তামোলৰ পাক ল’বলৈ আহে। সেইসময়ত সোনকন ককাই দুপৰীয়াৰ ভাত-ঘুমতি মাৰে। দুই বুঢ়ীয়ে সেই বোৱাৰীবোৰৰ লগত হাঁহি-ধেমালিও কৰে। তাৰ পিছতেই কোনোবাজনীয়ে ওলোটাই থোৱা পলহটো আঁতৰাই থৈ সিজনীক উদ্দেশ্যি গালি পাৰিবলৈ আৰম্ভ কৰে।

দুই বুঢ়ীৰ এই কাঁজিয়াক বঢ়াবলৈ গাঁৱৰে দুই একে উঁকিয়াই থৈ যাবলৈও নেপাহৰে,-“মালতী আইতা অই, তোৰ বুঢ়াটো মৱোঁতে ৰূপী আইতাই যে তোৰ ঘৰত গৈ কান্দিছিল, এতিয়া তই সোনকন ককা মৰিলে ইয়াতে বহিয়েই কান্দিব পাৰিবি দে!”

সোনকন ককাৰ মৰা কথাটো মালতী বুঢ়ীয়ে হজম কৰিব নোৱাৰে বোধহয়। “বালক, মাউৰেট যোৱা, জহনী যোৱা চোঁৱৰৰ পুতেক” বুলি বুঢ়ীৰ অবাইচ মাতৰ ভাণ্ডাৰটো খুলি যায়।

আনহাতে “মোৰ মতাটোৰ বাবে তোৰ এতিয়াও ইমান দৰদ” বুলি কৈ ৰূপী আইতাৰো আৰম্ভ হৈ যায়।

তাৰ পিছৰ পৰা দুই বুঢ়ীক একেলগে দেখিলেই পিলিঙাবোৰে “অই সতিনী” বুলি চিঞৰি দিয়ে। লগে লগেই দুই বুঢ়ীৰ অবাইচ মাতৰ দোকানখন খুলি যায়। গাঁৱৰ সকলোৱে দুই বুঢ়ীৰ এই যুঁজখন প্ৰায় সদায়েই চাবলৈ পায়। লাহে লাহে গাঁৱৰ মানুহবোৰে দুই বুঢ়ীৰ নামত এই গানটোও গাবলৈ ধৰিলে,- “স্বামীৰে লগতে আমি দুই সতিনীও যাং অই, এইখন সংসাৰত নেথাকং অই!”

☆★☆★☆

18 Comments

  • Gitarthi Goswami

    সুন্দৰ

    Reply
  • HEMANTA KAKATI

    দুই সতিনীৰ কাজিয়া, বৰ ভাল লাগিল গীতিকা৷ একেবাৰে লাইভ দেখি থাকিলো৷ এই গাৱলীয়া ছবিবোৰ বৰ ধুনীয়াকে আকিব পাৰাা তুমি৷

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ দাদা। গাঁৱৰ সমাজখনৰ সৰু-ডাঙৰ কথা, কাহিনীবোৰ লক্ষ্য কৰিছিলোঁ খুব সূক্ষ্মভাৱে। সেই স্মৃতিবোৰে এতিয়াও মন-মগজু আচ্ছন্ন কৰি ৰাখে। তাকেই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলোঁ।

      Reply
  • তৃষ্ণা সো

    বৰ ভাল লাগিল পঢ়ি

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ তৃষ্ণা।

      Reply
  • কাবেৰী মহন্ত

    গাঁৱৰ জীৱন ধাৰাৰ লগতে মানুহৰ নিজৰ ব্যৱহাৰৰ বাবেও যে আপোন আঁতৰ হ’ব পাৰে সুন্দৰকৈ প্ৰকাশ কৰিলা ৷
    ভাল লাগিল ৷

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ কাবেৰী। মোৰ গাঁৱৰ শৈশৱৰ কিছুমান কথা কাহিনীক সাৰথি কৰি লিখিছিলোঁ।

      Reply
  • কস্তুৰী বৰা

    ইমান ধুনীয়াকৈ লিখিলে বা, বৰ ভাল লাগিল ৷

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ কস্তুৰী

      Reply
  • ৰিণ্টু

    বঢ়িয়া। সাৱলীল প্ৰকাশভংগী

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ দেই!

      Reply
  • ৰূপাঞ্জলী হাজং

    বৰ ভাল লাগিল গীতিকা বা।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ ৰূপাঞ্জলী।

      Reply
  • পৰীস্মিতা

    ভাল লাগিল। হাঁ‌হিৰ লগতে দুখো লাগিল।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ পৰী।

      Reply
  • নীলাক্ষি দেৱী ডেকা

    বৰ ভাল লাগিল গীতিকা। গল্পটো কেইবাবাৰো পঢ়িলোঁ। চকুৰ আগত জীৱন্ত ছবি এখন দেখি থকাৰ দৰে লাগিল। তোমাৰ প্ৰকাশভংগী বৰ সুন্দৰ। ভাষা আৰু কথকতা অপূৰ্ব!

    Reply
    • গীতিকা শইকীয়া

      তোমাৰ মন্তব্যই সদায়েই অনুপ্ৰাণিত কৰে। অশেষ ধন্যবাদ।

      Reply

Leave a Reply

Your email address will not be published.